Tanupriya

6 Posts
১৫ অক্টোবৰত হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে মুকলি কৰিব আইপিঅ’

১৫ অক্টোবৰত হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে মুকলি কৰিব আইপিঅ’

হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে ২০২৪ৰ ১৫ অক্টোবৰত ইকুইটি শ্বেয়াৰৰ প্ৰাৰম্ভিক পাব্লিক অফাৰ (আই পি অ’) মুকলি কৰাৰ পৰিকল্পনা কৰিছে, এংকৰ ইনভেষ্টৰ(বিনিয়োগকাৰী)ৰ বাবে নিবিদা এদিন পূৰ্বে আৰম্ভ হ’ব। শ্বেয়াৰৰ মূল্যৰ পৰিসৰ ১৮৬৫ টকাৰ পৰা ১৯৬০ টকাৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে আৰু ৭টা শ্বেয়াৰৰ বহুগুণত নিবিদা দিব পাৰিব। এই আইপিঅ’ত প্ৰমোটাৰ হুণ্ডাই মটৰ কোম্পানীয়ে ১৪২,১৯৪,৭০০টা পৰ্যন্ত শ্বেয়াৰ বিক্ৰীৰ অফাৰ আগবঢ়াব। প্ৰতিষ্ঠানটোৱে এই অফাৰৰ পৰা কোনো লাভালাভ অৰ্জনৰ কথা ভবা নাই। এই আৱণ্টন যোগ্য প্ৰতিষ্ঠানৰ ক্ৰেতা, মিউচুৱেল ফাণ্ড, অনা-প্ৰতিষ্ঠানিক বিনিয়োগকাৰী আৰু খুচুৰা ব্যক্তিগত বিনিয়োগকাৰীসকলৰ মাজত বিভক্ত কৰা হ’ব, প্ৰতিটো শ্ৰেণীৰ বাবে নিৰ্দিষ্ট শতাংশ নিৰ্ধাৰণ কৰা হৈছে। এই শ্বেয়াৰসমূহ বিএছই আৰু এনএছইত তালিকাভুক্ত কৰা…
Read More
ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

ল’ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত অসমৰ অভিজ্ঞান ভট্টাচাৰ্যই ল’ৰাৰ ছাব-জুনিয়ৰৰ ৰিকাৰ্ভ শাখাত ব্ৰঞ্জ জয় কৰি আয়োজক ৰাজ্যখনক একমাত্ৰ সফলতা দিবলৈ সক্ষম হৈছে৷ সামৰণি পৰা প্ৰতিযোগিতাখনত ছাৱ-জুনিয়ৰৰ ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাৰ ল’ৰা-ছোৱালী উভয়ৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা আৰম্ভ কৰি পদক নিৰ্ণয় খেলো অনুষ্ঠিত হয়৷ উভয় শাখাতে অসমৰ পাঁচগৰাকী খেলুৱৈয়ে নকআউট অন্তিম ১৬ লৈ যোগ্যতা অৰ্জন কৰিছিল যদিও কেবল অভিজ্ঞানেহে সফলতা লাভ কৰে৷ ল’ৰাৰ ছাব-জুনিয়ৰৰ ৰিকাৰ্ভ শাখাত মহাৰাষ্ট্ৰৰ শোহম শৰদ কানাছে সোণ আৰু মেঘালয়ৰ দেৱৰাজ মহাপাত্ৰই ৰূপ জয় কৰে৷ ছোৱালীৰ ছাব-জুনিয়ৰৰ ৰিকাৰ্ভ শাখাত ৰাজস্থানৰ প্ৰাঞ্জলী থ’লিয়াই সোণ, উত্তৰ প্ৰদেশৰ খুশি কুমাৰীয়ে ৰূপ আৰু হাৰিয়ানাৰ জানাটে ব্ৰঞ্জ…
Read More
বিত্তীয় সংকট হ্ৰাস কৰিবলৈ সম্পত্তি বিক্ৰী কৰিবলৈ ওলাইছে জেএনইউ

বিত্তীয় সংকট হ্ৰাস কৰিবলৈ সম্পত্তি বিক্ৰী কৰিবলৈ ওলাইছে জেএনইউ

দেশৰ প্ৰতিষ্ঠিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ) এক ভয়ংকৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে। বিশ্ববিদ্যালয়খনে প্ৰতি মাহে এক স্থিৰ উপাৰ্জন সৃষ্টি কৰিবলৈ তেওঁ দুটা মুখ্য সম্পত্তি (গোমতী গেষ্ট হাউচ আৰু ৩৫ ফিৰোজ শ্বাহ ৰোড) বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে। বিশ্ববিদ্যালয়খনে এই দুয়োটা সম্পত্তিৰ পৰা ধন উপাৰ্জন কৰাৰ প্ৰস্তুতি চলাই আছে। ইয়াৰ উপৰিও, জেএনইউয়ে তেঁওলোকৰ সম্পত্তিত চলি থকা ১২ খন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ ভাড়া দাবী কৰি শিক্ষা মন্ত্ৰালয়লৈ চিঠি লিখাৰ পৰিকল্পনা কৰিছে। জেএনইউৰ উপাচাৰ্য (ভিচি) শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতে কয় যে কোনো উপাৰ্জন নোহোৱাৰ বাবে বিশ্ববিদ্যালয়খন বৰ্তমান তীব্ৰ বিত্তীয় চাপৰ মাজেৰে পাৰ হৈ আছে। আমি উৎকৃষ্ট প্ৰতিষ্ঠানৰ মৰ্যাদা দাবী কৰি আহিছো। ই আমাক ১,০০০ কোটি টকা…
Read More
কলকাতাৰ বলাৎকাৰ কাণ্ডৰ অপৰাধীৰ মৃত্যুদণ্ডৰ দাবী আপৰ

কলকাতাৰ বলাৎকাৰ কাণ্ডৰ অপৰাধীৰ মৃত্যুদণ্ডৰ দাবী আপৰ

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত সংঘটিত বলাৎকাৰ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল হয় গুৱাহাটীৰ ৰাজপথ। দেওবাৰে গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখৰ পৰা আপৰ নেতা- কৰ্মী সকলে হাতে হাতে মমবাতি আৰু প্লেকাৰ্ড লৈ সমদলত অংশগ্ৰহণ কৰে।' সমদলকাৰী সকলে 'বলাৎকাৰীক ফাঁচি দিয়ক', 'কৰ্মক্ষেত্ৰত মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰক', 'ধৰ্ষণৰ অপৰাধত জড়িতৰ কঠোৰ শাস্তি লাগে ' আদি শ্লোগান দিয়ে। আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাৰ নেতৃত্বত বহুসংখ্যক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে। কলকাতাৰ কনিষ্ঠ চিকিৎসকৰ বলাৎকাৰীক শীঘ্ৰেই চৰম শাস্তিৰ দাবী জনায় আপৰ নেত্ৰী গৰাকীয়ে । প্ৰতিবাদী কাৰ্যসূচীত আপৰ জ্যেষ্ঠ নেতা ভিক্টৰ গগৈ, ৰুদ্ৰাংকুৰ হাজৰিকা, দিতুল বৰুৱা, আশ্ৰাফুল আৰিফ শিকদাৰ, প্ৰবীন শৰ্মায়ো অংশগ্ৰহণ…
Read More
দ্বীপশিখা ফাউণ্ডেচনৰ কৰ্কট ৰোগীসকলৰ লগত বন্ধুত্বৰ হাত আগবঢ়ালে গুৱাহাটীৰ “বন্ধু-91″এ

দ্বীপশিখা ফাউণ্ডেচনৰ কৰ্কট ৰোগীসকলৰ লগত বন্ধুত্বৰ হাত আগবঢ়ালে গুৱাহাটীৰ “বন্ধু-91″এ

গুৱাহাটীৰ বেচৰকাৰী সামাজিক অনুষ্ঠান "বন্ধু-91"ৰ কেইগৰাকীমান উৎসাহী যুৱ সদস্যৰ উদ্যোগত মিৰ্জা অঞ্চলৰ সোণতলা গাঁৱত অৱস্থিত "দ্বীপশিখা ফাউণ্ডেচন"ত থকা কেবাগৰাকীও কৰ্কত ৰোগীৰ লগত বন্ধুত্বৰ হাত আগবঢ়াই আৰু তেখেতসকলৰ লগত মত বিনিময় কৰাৰ অন্তত সকলোলৈ নানা বিধ ফলাহাৰ আগবঢ়াই। বন্ধু-91ৰ সম্পাদক বিপুল মজুমদাৰে প্ৰেৰণ কৰা এটি সংবাদত জানিবলৈ দিয়ে যে "বন্ধু-91"ৰ তৰফাৰ পৰা বিগত দিনত সমাজৰ উন্নয়নমূলক এনে বহু কাম কৰি অহা হৈছে যদিও আজিৰ এই কাৰ্যসূচী আছিল অন্যতম। এই কাৰ্যসূচীৰ মূলতঃ উদ্যোগক্তা বন্ধু-91ৰ অন্যতম সদস্য নয়ন কলিতা আৰু তেখেতৰ পুত্ৰ। আনহাতে,  এই কাৰ্যসূচীত অতি উৎসাহেৰে বন্ধু-91ৰ লগত সহযোগ কৰি সোণতলাৰ দ্বীপশিখা ফাউণ্ডেচনত উপস্থিত থাকে দ্বীপশিখা ফাউণ্ডেচনৰ অবৈতনিক সম্পাদক ডঃ মৃন্ময়ী বৰুৱাই।
Read More
দৌলাশালৰ ৩০০ বছৰীয়া কালী পূজাত পাঁচ সহস্ৰাধিক ভক্তই গ্ৰহণ কৰিলে সিদ্ধ প্ৰসাদ

দৌলাশালৰ ৩০০ বছৰীয়া কালী পূজাত পাঁচ সহস্ৰাধিক ভক্তই গ্ৰহণ কৰিলে সিদ্ধ প্ৰসাদ

ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মা কালী পূজা মহোৎসৱ কালিৰে পৰা আৰম্ভ হয়। পূজা মহোৎসৱৰ আজি দ্বিতীয় দিনা হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়৷ পাঁচ সহস্ৰাধিক ভক্তই গ্ৰহণ কৰে সিদ্ধ প্ৰসাদ। তিনিদিনীয়াকৈ ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতি আৰু আধ্যাত্মিক কাৰ্যসূচীৰে অনুষ্ঠিত পূজা মহোৎসৱৰ কালি সন্ধিয়া বেদীত প্ৰতিমা স্থাপন, আৰতি প্ৰদান আৰু হোম-যজ্ঞ পৰ্ব অনুষ্ঠিত হয়। নিশা ১১ বজাত ৰাজহুৱা বলিপ্ৰদানৰ পিছতে লোকশিল্পী মদন ৰাজবংশীৰ ওজাপালি পৰিৱেশন কৰা হয় বুলি জানিবলৈ দিয়ে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গুৰুচৰণ পাঠকে৷ নিশা অগণন ভক্তৰ সমাবেশ ঘটে। উল্লেখ্য যে তিনি শতিকা পুৰণি ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মা-কালী পূজা মহোৎসৱ বিগত বছৰবোৰৰ দৰে এইবেলিও দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ…
Read More