Sonakshi Sarkar

425 Posts
হাজোৰ খেলুৱৈৰ ব্লেক বেল্ট অৰ্জন

হাজোৰ খেলুৱৈৰ ব্লেক বেল্ট অৰ্জন

ইউনিৰ্ভাচেল কাৰাটে ড' ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ অসম শাখাৰ অধীনত ব্লেক বেল্টৰ পৰীক্ষা হাজো পাখামেলাস্থিত বহ্নিমান কাৰাটে একাডেমীত অনুষ্ঠিত হৈ যায়। এই পৰীক্ষাত কৃষ্ণজিনা মালাকৰ, উষাহ বিশ্বাসী, পৰিস্মিতা কলিতা, যুগল কুমাৰ, কৃষাঙ্গ কাশ্যপ দাস, কৃপাল কুমাৰ দাস, চিন্ময় কলিতা, নিবিড় মালাকৰ আৰু জ্যোতিৰ্ময় কলিতাই ব্লেক বেল্ট প্ৰথম ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। প্ৰশিক্ষক দিপাংকৰ মজুমদাৰৰ তত্বাৱধানত অনুষ্ঠিত ব্লেক বেল্টৰ পৰীক্ষাত পৰীক্ষক হিচাপে উপস্থিতি থাকে সদৌ অসম কাৰাটে সন্থাৰ ৰেফাৰী কমিছনৰ সম্পাদক চিহান দিপক জৈন।
Read More
কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে

কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে

নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পেলেষ্টাইনৰ হামাছ গোটৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবে কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে। এই সন্দৰ্ভত, ইজৰাইলী সংসদে ২০২৪ ৰ এপ্ৰিলত এখন আইন গৃহীত কৰে। ইয়াৰ পিছত, প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কেবিনেটে দেওবাৰে এই সিদ্ধান্তৰ ওপৰত ভোটদান কৰে। নেতানিয়াহুৱে সামাজিক মাধ্যমতো এই কথা প্ৰকাশ কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ছ'চিয়েল মিডিয়া ছাইট এক্সত এই সিদ্ধান্ত ঘোষণা কৰি কয় - মোৰ নেতৃত্বত চৰকাৰে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈ ইজৰাইলত উচুতনিমূলক চেনেল আল জাজিৰা বন্ধ কৰা হৈছে। উল্লেখ্য যে আল জাজিৰাৰ সৈতে ইজৰাইলৰ দীৰ্ঘদিন ধৰি তিক্ততা সম্পৰ্ক আছিল। ইজৰাইলে আল জাজিৰাক হামাছৰ সৈতে পক্ষপাতপুষ্ট আৰু সহযোগিতা কৰাৰ…
Read More
ইডিয়ে কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত সোৰেন

ইডিয়ে কৰা গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল হেমন্ত সোৰেন

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) এ তেওঁ গ্ৰেপ্তাৰ কৰাক লৈ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ হোৱাৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। সোৰেনৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৱেদনখনৰ ওপৰত আগতীয়া শুনানি বিচাৰিছে। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে এই বিষয়টো ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত গঠিত বিচাৰপীঠত আছে। এইটো সোনকালেই শুনানি হ'ব। ৩ মে'ত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে হেমন্ত সোৰেনৰ ৰিট আৱেদন খাৰিজ কৰে, য'ত তেওঁ ইডিক গ্ৰেপ্তাৰ কৰাৰ প্ৰত্যাহ্বান জনাইছিল। আদালতে প্ৰাক্তন মুখ্যমন্ত্ৰীক জামিন প্ৰদান কৰিবলৈও অস্বীকাৰ কৰিছিল। হেমন্ত সোৰেনক জানুৱাৰীত ইডিয়ে ভূমি কেলেংকাৰীৰ গোচৰত…
Read More
২০ মে’ৰ পিছত ঘোষণা হ’ব চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

২০ মে’ৰ পিছত ঘোষণা হ’ব চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ২০ মে'ৰ পিছত দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। পৰিষদৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰিছে। পৰীক্ষাৰ ফলাফল ঘোষণাৰ জল্পনা-কল্পনাৰ মাজতে পৰিষদৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে। পৰিষদে কয় - চিবিএছই দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ২০ মে'ৰ পিছত ঘোষণা কৰাৰ সম্ভাৱনা আছে। দুয়োটা শ্ৰেণীৰ বাবে ব'ৰ্ড পৰীক্ষা ফেব্ৰুৱাৰী-এপ্ৰিলৰ মাজত অনুষ্ঠিত হৈছিল।
Read More
ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা  হৈছে হুইটলে গ’ল্ড এৱাৰ্ড

ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা  হৈছে হুইটলে গ’ল্ড এৱাৰ্ড

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টাৰ গুৰি ধৰা এগৰাকী নিষ্ঠাবান মহিলাৰ শক্তিক পুনৰ উজলাই আৰণ্যকৰ সংৰক্ষণ জীৱবিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনক “সেউজ অস্কাৰ” খ্যাত “ হুইটলে গ’ল্ড এৱাৰ্ড ২০২৪” প্ৰদান কৰা হৈছে। অসমত স্থানীয়ভাবে হাড়গিলা হিচপে পৰিচিত বিশ্বৰ অন্যতম বিৰলতম বৰটোকোলা বিধৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অক্লান্ত কৰ্মৰ স্বীকৃতি স্বৰুপে বৰ্মনলৈ এই বটাঁ আগবঢ়োৱা হৈছে । জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিক বিশ্ব পৰ্যায়ত উজলাই তোলা এই স্বীকৃতি কেৱল ড° বৰ্মনৰ বাবেই নহয়, অসম তথা দেশৰ বাকী অংশৰ বাবেও এক উল্লেখযোগ্য কৃতিত্ব। এই স্বীকৃতিত আপ্লুত  ড° পূৰ্ণিমা দেৱী বৰ্মনে কয় যে এই বঁটাই স্থানীয় সমুদায়ৰ সমৰ্থনেৰে হাড়গিলাক সুৰক্ষা দিয়াৰ তেওঁৰ সংকল্পক…
Read More
ৰাজ্যত পুনৰ উন্মোচিত হৈছে যাতায়ত ও স্বাস্হ্য বিভাগৰ ফোপলাস্বৰূপ

ৰাজ্যত পুনৰ উন্মোচিত হৈছে যাতায়ত ও স্বাস্হ্য বিভাগৰ ফোপলাস্বৰূপ

কিন্তু নিৰ্বাচন যায় আহে৷চৰকাৰ পৰিবৰ্তন হয়৷যদিও ৰাইজৰ সমস্যা আজিলৈকে সমস্যা হৈয়েই থাকি গল৷কিয়নো বৰপেটা জিলাৰ চেঙা সমিষ্টিৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চল বাসীৰ দীৰ্ঘদিনীয়া এটা জ্বলন্ত সমস্যা হৈছে জলজলী নদীৰ ওপৰত এটা পকী দলঙৰ। কিন্তু প্ৰতিটো নিৰ্বাচনতে প্ৰতিটো দলৰ লগতে প্ৰাৰ্থী সকলে ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ লগতে বাঘমাৰা-শিমলীতোলা,নগৰবেৰা-আলোপতি মাজৰচৰ আৰু দলগোমা-কদমতোলা সংযোগী জলজলী নদীৰ ওপৰত তিনিটা দলং নিৰ্মান কৰি চৰাঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি দিয়াৰ আশ্বাস দিয়ে৷ জলজলী নদীৰ ওপৰত পকী দলং নথকাৰ বাবেই নচলে গাড়ী মটৰ কিম্বা এম্বুলেন্স৷যাৰ বাবেই ৰোগী বা গৰ্ভৱতী মহিলাক লৈ প্ৰায়েই বিপদৰ সন্মুখীন হয় বৰপেটা জিলাৰ আলোপতি মাজৰচৰ,বাঘমাৰাচৰ,ধৰ্মপুৰ ভাতনাপাইতি,খোলাবান্ধা,মৈৰাদিয়া আৰু কাৰাইখাইতিকে ধৰি বৃহত্তৰ চৰাঞ্চলৰ লোক। বুধবাৰৰ দিনাও…
Read More
প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা পৰাগজ্যোতি প্ৰকাশনৰ

প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা পৰাগজ্যোতি প্ৰকাশনৰ

"পৰাগজ্যোতি প্ৰকাশন" ৰ উদ্যোগত  অসমৰ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ  ৮২ বৰ্ষীয়া ড০ নাৰায়ণ দাসক তেওঁৰ নিজৰ বাসগৃহ আজাৰা ৰাজহ চক্ৰৰ ডেকাপাৰাত  কালি উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে । আজাৰা সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্টা কবি বুলু কুমাৰী বড়াই অংশ লৈ কয়--- "ড০ নাৰায়ণ দাসৰ ৰচনা, নিবন্ধসমূহ সূক্ষ্মৰো সূক্ষ্ম উপলব্ধিযুক্ত । প্ৰতিটো নিবন্ধই গৱেষনালব্ধ ।" সম্বৰ্দ্ধনা গ্ৰহণ কৰি ড০ নাৰায়ণ দাসে কয়- "পৰাগজ্যোতি প্ৰকাশন আগুৱাই থাকক । অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে অহৰহ কাম কৰক । অসমীয়া ভাষাৰ কোনোকালে মৃত্যু নহয় । অসম সাহিত্য সভাই পূৰ্বৰ সন্মান আজুৰি আনিবলৈ আৰু  অনেক কাম কৰিব কৰিব লাগিব ।" প্ৰকাশনৰ…
Read More
ক’ভিড-১৯ ভেকছিন কভাক্সিন সুৰক্ষিত আৰু যিকোনো পাৰ্শ্বক্ৰিয়াৰ পৰা মুক্ত: ভাৰত বায়োটেক

ক’ভিড-১৯ ভেকছিন কভাক্সিন সুৰক্ষিত আৰু যিকোনো পাৰ্শ্বক্ৰিয়াৰ পৰা মুক্ত: ভাৰত বায়োটেক

ভাৰত বায়োটেকে দাবী কৰে যে তেওঁলোকৰ ক'ভিড-১৯ ভেকছিন কভাক্সিন সুৰক্ষিত আৰু যিকোনো পাৰ্শ্বক্ৰিয়াৰ পৰা মুক্ত। ভাৰত বায়োটেকৰ এই বিবৃতিটো ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰজেনেকাৰ ইউকে আদালতত পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰৰ সময়তে আহিছে। এষ্ট্ৰজেনেকাই ইউকে আদালতত স্বীকাৰ কৰিছিল যে তেওঁলোকৰ ক'ভিড-১৯ ভেকছিনৰ ফলত পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। তেজ গোট মৰা পাৰ্শ্বক্ৰিয়াৰ কাৰণ হ'ব পাৰে বুলি স্বীকাৰ কৰিছিল। ভাৰতত, ভাৰতীয় চিৰাম ইনষ্টিটিউট (এছ.আই.আই.)ৰ দ্বাৰা নিৰ্মিত ভেকছিনটোক কভিশ্বিল্ড বুলি কোৱা হয়। ভাৰত বায়োটেকে এক বিবৃতিত কয়-সুৰক্ষা আৰু কাৰ্যকৰীতাৰ ওপৰত গুৰুত্ব দি কভাক্সিন বিকশিত কৰা হৈছে।
Read More
ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে

ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে

কংগ্ৰেছে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু আমেঠি লোকসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। ৰাহুল গান্ধী ৰায়বৰেলী আসনৰ পৰা নিৰ্বাচনীত অৱতীৰ্ণ হ'ব। ৰায়বৰেলী আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আজি অৰ্থাৎ ৩ মে'। এইটো প্ৰথমবাৰৰ বাবে যে ৰাহুল গান্ধীয়ে ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। বিজেপিয়ে ৰায়বৰেলী আসনৰ পৰা দিনেশ প্ৰতাপ সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ছোনিয়া গান্ধী ২০০৪ চনৰ পৰা ২০২৪ চনলৈ ৰায়বৰেলী আসনৰ পৰা সাংসদ হৈ আছে। এইবাৰ ছোনিয়া গান্ধীয়ে ৰায়বৰেলীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছিল। ছোনিয়া গান্ধী এতিয়া ৰাজ্যসভাৰ সাংসদ। আমেঠিত, কংগ্ৰেছে কিশোৰী লাল শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিজেপিৰ স্মৃতি ইৰাণীয়ে আমেঠি আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। যোৱাবাৰ, স্মৃতি…
Read More
ধুবুৰীত আৰু আজমলৰ জৰাফুকাৰ ৰাজনীতি নচলে

ধুবুৰীত আৰু আজমলৰ জৰাফুকাৰ ৰাজনীতি নচলে

ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে,সিমানেই শাসক বিৰোধীকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক জিকাবলৈ ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ধুবুৰী লোক সভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।গোৱালপাৰা পূৱ সমষ্টিৰ বৰপথাৰত বুধবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে৷ ভৱেশ কলিতাই নিজৰ আক্ৰমণাত্মক ভাষনত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ দলে কেৱল ঠগবাজি,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বাবেই আজি অচল টকাত পৰিণত হৈছে৷কংগ্ৰেছ আজি টায়াৰ পাম্পছাৰ আৰু টিউব পাম্পছাৰ দলত পৰিণত হৈছে।গতিকে কংগ্ৰেছৰ পাম্পছাৰ হোৱা গাড়ীত…
Read More