কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ২০ মে’ৰ পিছত দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। পৰিষদৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰিছে।

পৰীক্ষাৰ ফলাফল ঘোষণাৰ জল্পনা-কল্পনাৰ মাজতে পৰিষদৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে। পৰিষদে কয় – চিবিএছই দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ২০ মে’ৰ পিছত ঘোষণা কৰাৰ সম্ভাৱনা আছে।

দুয়োটা শ্ৰেণীৰ বাবে ব’ৰ্ড পৰীক্ষা ফেব্ৰুৱাৰী-এপ্ৰিলৰ মাজত অনুষ্ঠিত হৈছিল।