নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে(এনএমআইপিএল) ২০২৪ৰ এপ্ৰিল মাহত সামগ্ৰিকভাৱে ৩০৪৩ ইউনিট পাইকাৰী বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ঘৰুৱা পাইকাৰী বিক্ৰী ২৪০৪ ইউনিটৰ বিপৰীতে ৰপ্তানি পাইকাৰী বিক্ৰী ৬৩৯ ইউনিট। শেহতীয়াকৈ নিছান মটৰ ইণ্ডিয়াই নিছান মেগনাইটৰ সৈতে ৩০,০০০+ বিক্ৰী কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে একেৰাহে তৃতীয় বছৰ উদযাপন কৰি ভাৰতৰ অটোমোটিভ বজাৰত গেম-চেঞ্জাৰ হিচাপে নিজৰ স্থান পুনৰ দৃঢ় কৰি তুলিছে।

২০২০ৰ ডিচেম্বৰ মাহত মুকলি কৰা মেগনাইট ভাৰতীয় গ্ৰাহকৰ বাবে সৰ্বাধিক পছন্দ হৈ পৰিছে, ঘৰুৱাভাৱে ১০০,০০০ৰো অধিক গাড়ী বিক্ৰী কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৩০,০০০ৰো অধিক ইউনিট ৰপ্তানি কৰিছে। ইয়াত জাপানীজ ডিজাইনৰ উৎকৰ্ষতাৰে ভাৰতৰ দক্ষ উৎপাদনৰ সংমিশ্ৰণ ঘটিছে, নিছান মটৰ ইণ্ডিয়াৰ ‘মেক-ইন-ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ উৎপাদন দৰ্শনক সন্নিৱিষ্ট কৰা হৈছে।

কোম্পানীটোৱে নতুন দিল্লী আৰু দুৰ্গাপুৰত নতুন ডিলাৰশ্বিপৰ সৈতে নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি সুলভ আৰু ব্যতিক্ৰমী অটোমোটিভ অভিজ্ঞতা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই বিষয়ে উচাহেৰে নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বাট্সাই কয় যে, “শেহতীয়া পৰিসংখ্যাই আমাৰ ডিলাৰ আৰু আমাৰ দলসমূহৰ প্ৰচেষ্টা আৰু নিষ্ঠাক প্ৰতিফলিত কৰিছে আৰু আমি নিছান পৰিয়াললৈ অধিক গ্ৰাহকক আকৰ্ষণ আৰু স্বাগতম জনাবলৈ অতিশয় আগ্ৰহী, যিয়ে আমাক বি এছইউভি ছেগমেণ্টত আমাৰ অংশীদাৰিত্ব বৃদ্ধি কৰিবলৈ সক্ষম কৰিব ।”