03
Apr
ৰাজ্যখনৰ এগৰাকী বিশিষ্ট শিল্পী নগাঁও জিলাৰ পুৰণিগুডাম কাষৰি গাৱৰ মহেন্দ্ৰ বৰালৈ সাংস্কৃতিক মঞ্চ, অসমএ চলিত বৰ্ষৰ “বৰ্হমথুৰি শিল্পী বঁটা ২০২৬” আগবঢ়াইছে ৷ ষাঠিৰ দশকৰ মাজভাগৰ পৰা ঢোল, খোল, ভাওনাকে ধৰি চিত্ৰশিল্পৰ সাধনাত নিবিড়ভাৱে ব্ৰতি হৈ অহা বিশিষ্ট শিল্পীগৰাকীক “সাংস্কৃতিক মঞ্চ অসম”ৰ উদ্যোগত অনুষ্ঠিত সপ্তদশ লোকনৃত্য কৰ্মশালাৰ সামৰণিত দেওবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান আগবঢ়োৱা হয়৷ এই উপলক্ষে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত “পদ্মশ্ৰী” সন্মান প্ৰাপক কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, ডাঃ হীতেশ বৰুৱা, সাংস্কৃতিক সংগঠক গোপাল জালান, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ,সেৱা ভাৰতী পূৰ্বাঞ্চল পালক সুৰেন্দ্ৰ তালখেড়কৰ জী, সেৱা ভাৰতী পূৰ্বাঞ্চল ক্ষেত্ৰৰ সম্পাদক বিজু…
