Sonakshi Sarkar

1908 Posts
আৰণ্যকৰ উদ্যোগত গোৱালপাৰা সংমণ্ডলৰ বনকৰ্মীক সৌৰ শক্তি চালিত বেৰা পৰিচালনাৰ প্ৰশিক্ষণ

আৰণ্যকৰ উদ্যোগত গোৱালপাৰা সংমণ্ডলৰ বনকৰ্মীক সৌৰ শক্তি চালিত বেৰা পৰিচালনাৰ প্ৰশিক্ষণ

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত গোৱালপাৰা জিলাত অনুষ্ঠিত এখন কৰ্মশালাত গোৱালপাৰা বন সংমণ্ডলৰ সকলো ৰেঞ্জৰ বন ক্ষেত্ৰ কৰ্মীসকলক মানৱ-হাতী সংঘাত প্ৰশমনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা সৌৰ শক্তি চালিত বেৰা স্থাপন পদ্ধতি, পৰিচালনা আৰু ইয়াৰ কাম-কাজৰ বিষয়ে হাতে কামে প্ৰশিক্ষণ দিয়া হয় । আৰণ্যকৰ এটা সমল গোটে পৰিচালনা কৰা এই দিনজোৰা প্ৰশিক্ষণ কৰ্মশালাখনত গোৱালপাৰা বন সংমণ্ডলৰ ছটা ৰেঞ্জ ক্ৰমে – গোৱালপাৰা সদৰ, ৰংজুলি, কৃষ্ণাই, লক্ষীপুৰ, প্ৰটেকশ্যন ৰেঞ্জ আৰু কনছলিডেশ্যন ৰেঞ্জৰ প্ৰায় ৫০ জন ফ্ৰন্টলাইন বনকৰ্মীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহনকাৰী সকলক শ্ৰেণী কোঠাত দিয়া সজাগতা প্ৰশিক্ষণৰ লগতে সৌৰ শক্তি চালিত বেৰা এখনৰ সকলো উপাদান, এইবোৰৰ কাম আৰু সৰ্বাধিক কাৰ্য্যকাৰিতাৰ…
Read More
ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ

ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ

প্ৰাণ ৰক্ষা কৰি বাংলাদেশৰ পৰা সু-কলমে স্বগৃহত উপস্থিত হ'লহি শিৱসাগৰ জেঙনিকটীয়াৰ চিকিৎসা বিজ্ঞানৰ এজন বিশেষ ছাত্ৰ। ভয়াবহ সংঘৰ্ষৰ সাক্ষী শিৱসাগৰ জেঙনীকটীয়াৰ ৰফিক আলি আৰু য়াছমিন বেগমৰ পুত্ৰ আব্বাছ আলি।বাংলাদেশৰ এখন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত চাব্বাছ আলিয়ে আন ১৩ গৰাকী ভাৰতীয়ৰ সৈতে কথমপি প্ৰাণ ৰক্ষা কৰি সুকলমে স্বদেশলৈ উভতি আহিবলৈ সক্ষম হৈছে। আব্বাছ থকা বাংলাদেশৰ হোষ্টেলটো হৈছিল আক্ৰমণ। বিমান বন্দৰলৈ গোপনে অহাৰ পথটো হৈছিল ভয়ানক আক্ৰমণ। ভাঙি দিয়া হৈছিল চাব্বাছ আলিহঁত উঠি অহা গাড়ী। চকুৰ সন্মুখতে বিদ্ৰোহীয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ। স্বগৃহলৈ আহি এই শিহৰনকাৰী বৰ্ণনা দিছে শিৱসাগৰৰ ছাত্ৰজনে
Read More
হোজাইত আপৰ কৰ্মকৰ্তা সন্মিলন

হোজাইত আপৰ কৰ্মকৰ্তা সন্মিলন

হোজাই চহৰৰ হোটেল অশোকত অনুষ্ঠিত হয় আপৰ হোজাই জিলা কৰ্মকৰ্তা সন্মিলন। দিনজোৰা বিস্তৃত কাৰ্যসূচীত দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই অসমত ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত আম আদমী পাৰ্টিৰ গণভিত্তি শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়। দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ বাবে আপৰ স্বেচ্ছাসেৱক সকলক ত্যাগৰ মনোভাৱেৰে কাম কৰিবলৈ আপৰ নেতাগৰাকীয়ে আহ্বান জনায় । কাৰ্যসূচীত আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী, জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়া, সমীক সেনগুপ্তা, ৰমেন বৰঠাকুৰ আৰু অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে। দলৰ নেতা সকলে আপৰ কৰ্মকৰ্তা সকলক ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হ'বলৈ আহ্বান জনায় ।সন্মিলনত হোজাই জিলাৰ…
Read More
ডিমৰীয়াত বান সাহায্য বিতৰণ আম আদমি পাৰ্টীৰ

ডিমৰীয়াত বান সাহায্য বিতৰণ আম আদমি পাৰ্টীৰ

ডিমৰীয়া বিধান সভা সমষ্টিত আম আদমী পাৰ্টিৰ একাংশ সক্ৰিয় কৰ্মীয়ে বান সাহায্য বিতৰণ কৰে। ডিমৰীয়াৰ অতিকৈ পিছপৰা জনজাতীয় গাওঁ তপাতলী, কুৰকুৰীয়া আৰু জাৰীকুছিৰ বানপীড়িত চাৰি শতাধিক পৰিয়ালৰ মাজত আপৰ নেতা - কৰ্মী সকলে প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। দলৰ জ্যেষ্ঠ নেতা প্ৰবীন শৰ্মা আৰু নৃপেন খাখলাৰীৰ নেতৃত্বত বানপীড়িত তথা দৰিদ্ৰ লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয় । আপৰ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ বাবে অঞ্চলটোৰ ৰাইজে উদ্যোক্তা সকলৰ শলাগ লয়।
Read More
ৱৰ্ল্ড পেয়াৰ্ছ ল’নবল ভাৰতীয় দল ছিংগাপুৰলৈ ৰাওনা

ৱৰ্ল্ড পেয়াৰ্ছ ল’নবল ভাৰতীয় দল ছিংগাপুৰলৈ ৰাওনা

ছিংগাপুৰৰ লায়ন চিটি ক্লাবত ২১-২৭ জুলাইত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড পেয়াৰ্ছ ল'নবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলটো আজি ছিংগাপুৰ অভিমুখে ৰাওনা হয়। দলটোৰ খেলুৱৈসকল হ'ল- নয়নমণি শইকীয়া, বংগিতা হাজৰিকা, পুতুল সোণোৱাল, দীপাংকৰ শৰ্মা, স্কিয়ন শিৱ মহন্ত, ছানজিঅ পাণ্ডে, কৰীণা পাটোৱাৰী আৰু শ্বেইষ্টা শৰ্মা। দলটোৰ মেনেজাৰৰ দায়িত্বত আছে অংশুমান দত্ত।
Read More
ভাৰতীয় শিক্ষণ মণ্ডলৰ স্মাৰক বক্তৃতা সম্পন্ন

ভাৰতীয় শিক্ষণ মণ্ডলৰ স্মাৰক বক্তৃতা সম্পন্ন

উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত এই মহতী অনুষ্ঠান দীপ প্ৰজ্জ্বলন আৰু  দীপমন্ত্ৰেৰে আৰম্ভ কৰা হয়৷  সভাত মুখ্য অতিথিৰূপে বিনায়কজীৰ স্মৃতিচাৰণ কৰে ৰাঃস্বঃসংঘৰ অসমক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰান্তমন্ত্ৰী দীপক কুমাৰ শৰ্মাই আৰু নিৰ্দিষ্ট বক্তাৰ চমু পৰিচয় আগবঢ়ায় ড° সমীৰ সৰকাৰে৷ 'ভাৰতবোধ: এক প্ৰত্যাহ্বান'-শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাংবাদিক ,লেখক প্ৰফুল্ল কেতকাৰে৷ প্ৰায় আঢ়ৈশ শ্ৰোতাই তেওঁৰ বক্তৃতা শুনি মন্ত্ৰমুগ্ধ হৈ পৰে৷ সভাত বৈদিক সূক্ত পৰিবেশন কৰে নাৰায়ণী ৰায় আৰু বেলা ধৰে৷ সংগঠনৰ ধ্যেয়মন্ত্ৰ আৰু ধ্যেয়বাক্য পাঠ কৰে ক্ৰমে মীনা কুমাৰী মণ্ডল আৰু দুৰ্লভ চন্দ্ৰ পালে৷ ড° সুদেষ্ণা ভট্টাচাৰ্যই গায় কল্যাণমন্ত্ৰ ৷…
Read More
বাংলাদেশত সংৰক্ষণৰ ব্যৱস্থাৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদত ৩৯ জনৰ মৃত্যু

বাংলাদেশত সংৰক্ষণৰ ব্যৱস্থাৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদত ৩৯ জনৰ মৃত্যু

বাংলাদেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনাত কমেও ৩৯ জন লোক নিহত হৈছে। এতিয়ালৈকে আসন সংৰক্ষণৰ বিৰুদ্ধে চুবুৰীয়া দেশখনত আন্দোলন অব্যাহত আছে। ইয়াৰ উপৰিও শ শ লোক আহত হৈছে। আন্দোলন আৰু হিংসা নিৰন্তৰভাৱে বাঢ়িছে। প্ৰতিবাদকাৰীসকলে বহু ঠাইত আৰক্ষী বাহিনীৰ সৈতে হোৱা হিংসাত্মক সংঘৰ্ষত মুখামুখি হৈছে। দেশৰ বহু ঠাইত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে।প্ৰতিবাদকাৰীসকলে দাবী কৰে যে চৰকাৰী চাকৰিত চলি অহা আসন সংৰক্ষণৰ ব্যৱস্থা বাতিল হ'ব লাগে। বাংলাদেশত যিসকলে ১৯৭১ চনত পাকিস্তানৰ পৰা স্বাধীনতাযুদ্ধত জপিয়াই পৰিছিল তেওঁলোকক দেশখনত স্বাধীনতা যোদ্ধা বুলি কোৱা হয়। দেশৰ এক-তৃতীয়াংশ চৰকাৰী চাকৰি তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষিত। এই ব্যৱস্থা বাতিলৰ দাবীৰে শিক্ষাৰ্থীসকলে আন্দোলন অব্যাহত ৰাখিছে। শিক্ষাৰ্থীসকলে কয় যে…
Read More
আপৰ সাংগঠনিক তৎপৰতা বৃদ্ধি

আপৰ সাংগঠনিক তৎপৰতা বৃদ্ধি

আপৰ শীৰ্ষ নেতৃত্বই চলিত জুলাই মাহৰ ভিতৰতে দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটি গঠন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাজ্যখনত আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ইতিমধ্যে ৰাজ্যৰ সকলো জিলাতে আপৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। সদস্য ভৰ্তি অভিযানৰ লগে লগে অনুষ্ঠিত কৰা হৈছে আপৰ কৰ্মকৰ্তা সন্মিলন। সেই অনুসৰি ২০ জুলাইত পশ্চিম কাৰ্বি আংলং আৰু দৰং জিলাত আপৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব। দৰঙৰ মঙলদৈ সাহিত্য সভা ভৱনত অনুষ্ঠিত হ'ব আপৰ জিলা সন্মিলন । মঙলদৈত অনুষ্ঠিত হ'বলগীয়া কৰ্মকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰিব দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী…
Read More
চৰাইদেউ মৈদামক্ষেত্ৰ বিতৰ্ক ৯ সংগঠনৰ সংবাদমেল

চৰাইদেউ মৈদামক্ষেত্ৰ বিতৰ্ক ৯ সংগঠনৰ সংবাদমেল

চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণক লৈ সৃষ্টি হৈছে এই বিতৰ্ক | ২০১৪ চনত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল | কিন্তু ২০১৬ চনত চৰাইদেউ জিলা গঠন হয় |  ছশ বছৰীয়া আহোম ৰাজত্বকালৰ সোণোৱালী ইতিহাস বহন কৰি থকা ঐতিহাসিক চৰাইদেউ মৈদাম অঞ্চল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত সন্নিবিষ্ট হোৱাৰ সময়তে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে | গতিকে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যদা লাভ নকৰা পৰ্যন্ত এই বিষয়টো বিতৰ্কলৈ অনাৰ পৰিৱৰ্তে চৰাইদেউ মৈদাম ক্ষেত্ৰ শিৱসাগৰ জিলাতে ৰখাৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান মিডিয়া মেনেজমেন্ট আৰু ৰিচাৰ্চ এচচিয়েচনৰ সভাপতি জাকিৰুল আলমৰ |চৰাইদেউ মৈদাম ক্ষেত্ৰ শিৱসাগৰ জিলাত থাকিব নে চৰাইদেউ জিলাত অন্তৰ্ভুক্ত…
Read More
হাৰ্দিক পাণ্ডিয়াই পত্নী নাতাশা ষ্টানকোভিকৰ পৰা পৃথক হোৱাৰ ঘোষণা

হাৰ্দিক পাণ্ডিয়াই পত্নী নাতাশা ষ্টানকোভিকৰ পৰা পৃথক হোৱাৰ ঘোষণা

ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই বৃহস্পতিবাৰে চাৰি বছৰৰ সম্পৰ্কৰ পিছত পত্নী নাতাশা ষ্টানকোভিকৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰে। দুয়োজনে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এক যুটীয়া বিবৃতিত সিদ্ধান্তটো প্ৰকাশ কৰে। দুয়োজনে ২০২০ চনৰ ৩১ মে'ত বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ পুত্ৰ আগাষ্টিয়াৰ জন্ম এই বছৰৰ ৩০ জুলাইত হয়। তেওঁলোকে ২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীত উদয়পুৰত ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ উপস্থিতিত এক বিশাল অনুষ্ঠানত পুনৰ বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকে ইনষ্টাগ্ৰামত লিখিছে, "৪ বছৰ একেলগে থকাৰ পিছত, নাতাশা আৰু মই একেলগে পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি একেলগে যথাসাধ্য চেষ্টা কৰিছিলো আৰু আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছিলো। এতিয়া আমি অনুভৱ কৰোঁ যে আমাৰ…
Read More