26
Jul
২০২৩-২৪ বিত্তীয় বৰ্ষত ৰাজহুৱা খণ্ডৰ কোম্পানী বিএছএনএলৰ মুঠ উপাৰ্জন প্ৰায় তিনি শতাংশ বৃদ্ধি হৈ ২১,৩০২ কোটি টকা হৈছে। তথ্য সম্প্ৰচাৰৰ ৰাজ্যিক মন্ত্ৰী পি চন্দ্ৰশেখৰে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে। তেওঁ জনায় যে ২০২২-২৩ বৰ্ষত বিএছএনএলৰ মুঠ উপাৰ্জন আছিল ২০,৬৯৯ কোটি টকা। তেওঁ জনায় যে ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত চৰকাৰে অনুমোদন জনোৱা পুনৰুজ্জীৱিত পেকেজৰ পৰা বিএছএনএলে ১.১৬ লাখ কোটি টকা লাভ কৰিছে। কোম্পানীটোৱে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৬০,২০৩ কোটি টকা লাভ কৰিছিল। চৰকাৰে বিএছএনএল আৰু এমটিএনএলৰ বাবে তিনিটা পুনৰুজ্জীৱিত পেকেজ অনুমোদন কৰিছে। আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ২০২২-২৩ বৰ্ষত ২৮,০৯২ কোটি টকা…
