Sonakshi Sarkar

1908 Posts
অলিম্পিকৰ টেনিছ প্ৰতিযোগিতাত ভাৰতৰ অভিযান অন্ত

অলিম্পিকৰ টেনিছ প্ৰতিযোগিতাত ভাৰতৰ অভিযান অন্ত

সুমিত নাগালৰ একক তথা ৰোহন বোপান্না আৰু এন শ্ৰীৰাম বালাজীৰ পুৰুষৰ দ্বৈত যুটিয়ে প্ৰথম ৰাউণ্ডত পৰাজয়ৰ সৈতে পেৰিছ অলিম্পিকৰ টেনিছ প্ৰতিযোগিতাত ভাৰতৰ অভিযান অন্ত পৰিছে। বোপান্না আৰু বালাজীয়ে ফ্ৰান্সৰ এডুয়াৰ্ড ৰজাৰ ভাচেলিন আৰু গেল মনফিলছৰ হাতত ৫-৭, ২-৬ ব্যৱধানত পৰাজিত হয়। মনফিলে শেষ মুহূৰ্তত ঘৰুৱা দলত আঘাতপ্ৰাপ্ত ফেবিয়ান ৰেবাউলৰ স্থান লয়। এইটো সম্ভৱতঃ বোপান্নাৰ অন্তিম অলিম্পিক আছিল।  ৪৪ বছৰীয়া তাৰকাগৰাকীয়ে ইতিমধ্যে ডেভিছ কাপৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে দেওবাৰে নাগাল প্ৰথমজন খেলুৱৈ আছিল যিয়ে টেনিছ ক'ৰ্টলৈ গৈছিল, কিন্তু তেওঁৰ শক্তিশালী বেচলাইন খেলখন ফ্ৰান্সৰ কোৰেণ্টিন মৌটেটৰ বিৰুদ্ধে পৰ্যাপ্ত হোৱা যেন নালাগিছিল, যিয়ে তিনিটা ছেটত এক সুন্দৰ বিজয় লাভ কৰিছিল।  অলিম্পিক…
Read More
পঞ্চায়ত আৰু উপ – নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব আপে

পঞ্চায়ত আৰু উপ – নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব আপে

ৰাজ্যৰ বিধান সভাৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে আন কোনো দলৰ সৈতে বুজাবুজি নকৰে। উপ - নিৰ্বাচনত কোন কোন সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত শীঘ্ৰেই দলৰ সিদ্ধান্ত প্ৰকাশ কৰিব।' গোলাঘাটত আপৰ কৰ্মকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে কৰি দলটোৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই মত ব্যক্ত কৰে। আপৰ নেতাগৰাকীয়ে দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আম আদমী পাৰ্টিৰ কল্যাণকামী আদৰ্শ তথা কৰ্মৰ ৰাজনীতিৰ সপক্ষে অসমবাসীক ওলাই আহিবলৈ আহ্বান জনায়।তেওঁ কয়, " দুৰ্নীতিৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপিৰ কোনো নীতিগত পাৰ্থক্য নাই। এইক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি স্বৰূপ।"  গোলাঘাট চহৰৰ প্ৰগতি চ'ৰাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক…
Read More
বনশ্ৰী দাস কলিতাৰ মোৰ আই শীৰ্ষক গ্ৰন্থ উন্মোচন

বনশ্ৰী দাস কলিতাৰ মোৰ আই শীৰ্ষক গ্ৰন্থ উন্মোচন

বৰপেটা প্ৰেছ ক্লাবত বনশ্ৰী দাস কলিতাৰ মোৰ আই শীৰ্ষক এখনি গ্ৰন্থ  উন্মোচন কৰা হয় ৷ কৃতী শিক্ষক বিবেকাৰঞ্জন ৰায় চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্জলন কৰি উন্মোচনী সভা উদ্বোধন কৰে বিশিষ্ট লেখক অক্ষয় কুমাৰ মিশ্ৰই৷ বৰগীতেৰে শুভাৰম্ভ হোৱা উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক তথা বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড: বিৰিঞ্চি কুমাৰ দাসে ৷ বিৰিঞ্চি কুমাৰ দাসে উন্মোচন কৰি প্ৰদান কৰা ভাষণ প্ৰসংগত কয় যে , সাহিত্য কেৱল গল্প , কবিতা , উপন্যাসৰ মাজতেই আবদ্ধ হৈ নাথাকিব পাৰে ৷ গল্প , কবিতা , প্ৰবন্ধ , উপন্যাসৰ চাৰিসীমাৰ বাহিৰত থাকি কিছুমান লেখকে সাহিত্য চৰ্চা কৰে বুলি উল্লেখ কৰি বিৰিঞ্চি…
Read More
মোহন বাগান-জামছেদপুৰ এফ চিৰ জয়

মোহন বাগান-জামছেদপুৰ এফ চিৰ জয়

মোহন বাগানে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত জয়ৰে অভিযান আৰম্ভ কৰিছে | ইফালে, বিগত বৰ্ষৰ চেম্পিয়ন মোহনে বাগানে যোৱানিশা প্ৰতিযোগিতাৰ উদ্বোধনী মেচত একমাত্ৰ গলত পৰাস্ত কৰে শ্ৰীনগৰৰ ক্লাব ডাউন টাউন হিৰোজ এফ চিক৷ গৃহভূমি বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হোৱা মেচত মোহন বাগানৰ হৈ ৭৩ মিনিটত গল কৰে ছুহাইল ভাটে৷ ইফালে, জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত আই এছ এলৰ দল জামছেদপুৰ এফ চিয়ে আছাম ৰাইফলৰ বিৰুদ্ধে ৩-০ গলত জয়লাভ কৰে৷ গ্ৰুপ ‘ডি’ৰ প্ৰথম মেচখনত জামছেদপুৰ দলৰ হৈ ছাননে দুটা আৰু ইমৰাণ খানে এটা গল কৰে৷ স্মৰ্তব্য যে ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ…
Read More
অসমত হাতীৰ আক্ৰমণত ৫ বছৰত ৩৮৩ জনৰ মৃত্যু

অসমত হাতীৰ আক্ৰমণত ৫ বছৰত ৩৮৩ জনৰ মৃত্যু

যোৱা পাঁচ বছৰত হাতী আৰু মানুহৰ মাজত সংঘাতৰ ফলস্বৰূপে, ২,৮৫৩ জন লোকৰ মৃত্যু হয়। ২০২৩ত হাতী আৰু মানুহৰ সংঘাতৰ ফলত সৰ্বাধিক ৬২৮ জন লোকৰ মৃত্যু হয়। এই কথা সংসদৰ মজিয়াত চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পৰিৱেশ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে বৃহস্পতিবাৰে ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কয় যে হাতীৰ আক্ৰমণত ২০১৯ চনত ৫৮৭ জন, ২০২০ চনত ৪৭১ জন, ২০২১ চনত ৫৫৭ জন, ২০২২ চনত ৬১০ জন আৰু হাতীৰ আক্ৰমণৰ ফলত ২০২৩ চনত ৬২৮ জন লোকৰ মৃত্যু হৈছিল।  তথ্য অনুসৰি এই সময়ছোৱাত উৰিষ্যাত সৰ্বাধিক ৬২৪ জন লোকৰ মৃত্যু হয়। তাৰ পিছত ঝাৰখণ্ড (৪৭৪), পশ্চিম বংগ (৪৩৬), অসম (৩৮৩), ছত্তীশগড় (৩০৩), তামিলনাডু (২৫৬), কৰ্ণাটক (১৬০)…
Read More
দিছপুৰ প্ৰেছ ক্লাবত স্বাস্থ্য পৰীক্ষা শিবিৰ

দিছপুৰ প্ৰেছ ক্লাবত স্বাস্থ্য পৰীক্ষা শিবিৰ

২৮ জুলাইত হায়দৰাবাদৰ যশোদা হাস্পতালৰ উদ্যোগত আৰু দিছপুৰ প্ৰেছ ক্লাবৰ সহযোগত প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত সাংবাদিক/ফটো সাংবাদিক/ ভিডিঅ' সাংবাদিকৰ বাবে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। এই চিকিৎসা শিবিৰত উপস্থিত থাকিব যশোদা হাস্পাতালৰ Gastroenterologist আৰু Hepatologist বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ কে, সোমাশেখৰ ৰাও।অনুষ্ঠানটোত সহযোগ কৰিছে আলট্ৰা কেয়াৰ ডাইগোনেষ্টিকে। দিনৰ দহ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত পঞ্চাছ জন সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব।এই স্বাস্থ্য পৰীক্ষা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰিব বিচৰা সাংবাদিক/ফটো সাংবাদিক/ভিডিঅ' সাংবাদিকক ৯৭০৬১-৪৩৮৮৯ নম্বৰত যোগাযোগ কৰি নিজৰ নাম পঞ্জীয়ন কৰাৰ বাবে আহ্বান জনাইছে প্ৰেছ ক্লাবৰ সভাপতি ড° নৰেন হাজৰিকা, কাৰ্যকৰী সভাপতি আৰ্জেদ হুচেইন চহৰীয়া আৰু সাধাৰণ…
Read More
দক্ষিণ শালমাৰা জিলা বিজেপিত খহনীয়া

দক্ষিণ শালমাৰা জিলা বিজেপিত খহনীয়া

গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্টুপীয়াকৈ আয়োজিত এক যোগদান কাৰ্যসূচীত দলত যোগদান কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ পৰা পদত্যাগ কৰা নাছিৰ উদ্দিন, হাছেম আলী, হাছিবুৰ ৰহমান, শ্বাজিদুৰ ইছলাম আৰু ছোহেল আলম মোল্লাই। আম আদমী পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে বিজেপি এৰি আপৰ সদস্যপদ গ্ৰহণ কৰে। আপৰ সংখ্যালঘু বিভাগৰ নেতা এডভোকেট আৰিফ শিকদাৰৰ নেতৃত্বত যোগদান কৰা আটাইকেইজনকে ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে দললৈ আদৰণি জনায়।
Read More
বেতবাৰী পঞ্চায়তত বিশেষ গাঁও সভা

বেতবাৰী পঞ্চায়তত বিশেষ গাঁও সভা

পাকাবেতবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ পাকাবেতবাৰীস্থিত ৪২ নং দক্ষিণ বেতবাৰী গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত কালি আবেলি  এখন বিশেষ গাঁও সভা অনুষ্ঠিত হৈ যায়। সমাজকৰ্মী বাছেৰ উদ্দিনৰ পৌৰোহিত্যত  আৰু ক্ৰমে হৰ ঘৰ জল অ'ডি এফ প্লাচ ভিলেজ,বালক পঞ্চায়ত, বাল্য বিবাহ আৰু টিনেজ প্ৰেগনেঞ্চি সন্দৰ্ভত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে পঞ্চায়তখনৰ সচিব মইনুল হক প্ৰধানীয়ে। উক্ত সভাত  সুজিৎ বৰ্মন, পঞ্চায়তখনৰ কৰ সংগ্ৰাহক লালচান উদ্দিন আহমেদ, জি আৰ এছ  দিলবৰ খান, জিপিছি মহিবুল হক ,সাংবাদিক প্ৰদীপ কুমাৰ সৰকাৰ, দুৰ্জুন খান, জীৱিকা সখী জহুৰা খাতুন,ভানুমতি ৰায় আদিকে কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বিষয়বস্তৰ ওপৰত বিস্তাৰিতভাৱে তথ্য সমৃদ্ধ গঠণমুলক ভাষন প্ৰদান কৰি দহটা ওৱাৰ্ড বিশিষ্ট…
Read More
শিৱসাগৰত নৰপিশাছৰ কামনাৰ বলি মুকবধিৰ যুৱতী

শিৱসাগৰত নৰপিশাছৰ কামনাৰ বলি মুকবধিৰ যুৱতী

অমানৱীয় এক ঘটনাই জোকাৰিছে শিৱসাগৰ | এটা ঘৰত অকলশৰীয়াকৈ বাস কৰা মুকবধিৰ যুৱতী গৰাকীৰ ওপৰত দীৰ্ঘ সময় ধৰি চলিছিল যৌন উৎপীড়ন | শেহতীয়াকৈ মুকবধিৰ যুৱতী গৰাকীৰ শাৰিৰীক সম্পৰ্ক গঠনৰ ওপৰত সন্দেহ হোৱাত জেষ্ঠ ভগ্নীয়ে যুৱতী গৰাকীক লৈ যায় চিকিৎসকৰ কাষলৈ | চিকিৎসকৰ পৰীক্ষাত পোহৰলৈ আহে যুৱতী গৰাকী অন্তঃসত্বা হোৱাৰ তথ্য | ঘটনাৰ সন্দৰ্ভদ সদৰ আৰক্ষী থানাত মুকবধিৰ যুৱতী গৰাকীৰ পৰিয়ালে দাখিল কৰে এজাহাৰ | আৰক্ষীয়ে নিশাই যুৱতী গৰাকীয়ে দিয়া ইংগিত অনুসৰি ৰৌছন কুমাৰ ( ৩০) নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে |
Read More
৩৬ বছৰত অসমত বানপানীৰ ফলত ২৪.৮ লাখ হেক্টৰ ভূমি প্ৰভাৱিত

৩৬ বছৰত অসমত বানপানীৰ ফলত ২৪.৮ লাখ হেক্টৰ ভূমি প্ৰভাৱিত

১৯৮৬ ৰ পৰা ২০২২ চনৰ ভিতৰত দেশত বানপানীৰ ফলত ৭১২ খন জিলাৰ ২.১০ কোটি হেক্টৰ ভূমি প্ৰভাৱিত হয়। বৃহস্পতিবাৰে চৰকাৰে প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্য দিয়া হৈছে।কেন্দ্ৰীয় জল আয়োগে (চিডব্লিউচি) প্ৰকাশ কৰা 'ভাৰতত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ মূল্যাঙ্কন' শীৰ্ষক প্ৰতিবেদনখনত ৩৬ বছৰৰ ভিতৰত দেশত বানপানীৰ ফলত হোৱা ক্ষতিৰ ওপৰত আলোকপাত কৰা হৈছে।প্ৰতিবেদন অনুসৰি, বিভিন্ন গাঁথনিমূলক ব্যৱস্থা গ্ৰহণ কৰি ২.৫ কোটি হেক্টৰ এলেকা বানপানীৰ পৰা সুৰক্ষিত কৰা হৈছিল। অধ্যয়ন অনুসৰি, যোৱা ৩৬ বছৰৰ সময়ছোৱাত ভাৰতত বানপানীৰ দ্বাৰা প্ৰভাৱিত মুঠ এলেকা আছিল ২.১২১৩ হেক্টৰ। বানপানীৰ ফলত ডুব যোৱাৰ সম্ভাৱনা থকা এলেকাবোৰ বাছনিৰ বাবে বছৰি সংগ্ৰহ কৰা উপগ্ৰহ ছবি আৰু তথ্য ব্যৱহাৰ কৰা…
Read More