31
Aug
কংগনা ৰাণাৱটৰ ছবি ইমাৰজেন্সি বৰ্তমান যথেষ্ট চৰ্চাত আছে। ছবিখন মুক্তিৰ পূৰ্বেই বহু বিতৰ্কত সাঙোৰ খাই পৰিছে। ইমাৰজেন্সি ছবিখন ২০২৪ৰ ৬ ছেপ্টেম্বৰত মুক্তি পাবলৈ সাজু হৈছে। ইফালে, কংগনা ৰাণাৱটে অভিযোগ কৰিছে যে তেওঁৰ ছবি 'ইমাৰজেন্সি' এতিয়াও কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ (চিবিএফচি) পৰা প্ৰমাণপত্ৰৰ বাবে অপেক্ষা কৰি আছে। উল্লেখ্য যে কংগনা ৰাণাৱটে তেওঁৰ শেহতীয়া সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে তেওঁ তেওঁৰ চলচ্চিত্ৰৰ বাবে যুঁজ দিব আৰু ইয়াৰ বিৰুদ্ধে তেওঁ আদালতলৈও যাবলৈ সংকল্পবদ্ধ। ছবিখনত অনুপম খেৰ, শ্ৰেয়াছ তালপাডে, বিষক নায়াৰ, মহিমা চৌধুৰী, মিলিন্দ সোমন আৰু সতীশ কৌশিকেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত কংগনাই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখন ৬ ছেপ্টেম্বৰত…
