Sonakshi Sarkar

1908 Posts
বগুৰিগুৰিত কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদ

বগুৰিগুৰিত কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদ

সৰভোগ সমষ্টিৰ বগৰিগুৰী পঞ্চায়তত কংগ্ৰেছৰ একাংশ দলীয় কৰ্মীয়ে  বৰপেটা  জিলা কংগ্ৰেছৰ সভাপতি ৰাজিব হকৰ  বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে,নিৰ্বাচনৰ পূৰ্বে কোনো নেতাৰ পদ সলনি নহব বুলি নিৰ্দেশনা দিছিল ভুপেন বৰাই৷ তাৰ পিছতো পূৰ্বৰ সভাপতিৰ লগতে দলীয় কোনো সদস্যৰ লগত আলোচনা নকৰাকৈ নিজেই বগুৰিগুৰি পাথাৰ মণ্ডল সভাপতি নিয়োগ কৰা বুলি অভিযোগ আনিছে স্বয়ং দলীয় কৰ্মীসকলে৷ পূৰ্বৰ মণ্ডল সভাপতি আব্দুল লতিফ আহমেদে কাৰ্য্যনিৰ্বাহ কৰি থকাৰ পিছতো কোনো কাৰণ নোহোৱাকৈয়ে নেকিবুল ইছলামক মণ্ডল সভাপতি হিচাপে নিয়োগ দিয়া বুলি অভিযোগ আনিছে দলীয় সমৰ্থক সকলে। যাৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উৰ্ধতম বিষয়ববীয়াৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰে কংগ্ৰেছ সমৰ্থক সকলে  ।
Read More
ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে আনিছে পৰিবৰ্তনৰ ধাৰাঃ ৰমা বৰ্মন

ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে আনিছে পৰিবৰ্তনৰ ধাৰাঃ ৰমা বৰ্মন

সৰ্থেবাৰীৰ পশ্চিম প্ৰান্তত থকা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহত পুৱাৰে পৰা বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহত পুৱা মাঙ্গলিক কাৰ্যসূচী সমাপন কৰাৰ লগতে ভকতসকলৰ দ্বাৰা নাম-প্ৰসঙ্গ কৰা হয়। দুপৰীয়া ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ শিল্পী- কলা-কুশলীৰ অন্তৰঙ্গ আলাপ অনুষ্ঠিত কৰা হয়।সন্ধিয়া ছয় বজাত শুভ লগ্ন অনুসৰি ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ আৰু স্থায়ী মঞ্চ ফিটা কাটি মুকলি কৰে যশস্বী নাট্যকাৰ তথা পৰিচালক ৰমা বৰ্মনে। ভাষণ প্ৰসংগত ৰমা বৰ্মনে কয় যে- অসমৰ চৰ্চাৰ শীৰ্ষত থকা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে যাত্ৰা জগতত এক পৰিবৰ্তনৰ ধাৰা আৰম্ভ কৰিছে। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ পৰিকল্পনা অন্য নাট্যদলতকৈ পৃথক বুলি কোৱাৰ লগতে গুণগত আৰু ৰুচিশীলতাক ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে গুৰুত্ব…
Read More
আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদ

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদ

জনিয়া আঞ্চলিক কৃষক সভাৰ উদ্যোগত পশ্চিমবঙ্গৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ কৰি হত্যাৰ বিৰুদ্ধে জনিয়া শ্বহীদ ছুহেল ৰানা চ'কত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । জনিয়া আঞ্চলিক কৃষি সভা উদ্যোগত আৰু ৰাইজৰ সহযোগত পশ্চিমবঙ্গ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা জগন্য তথা বৰ্বৰ কাণ্ডৰ ৰাজকথৰ কৃষক সভাই ধ্বনিৰে উত্তল কৰি তোলে । অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰে অন্যথা গণতান্ত্ৰিক ভাবে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আন্দোলন কাৰী সকলে। উক্ত প্ৰতিবাদী দলটিৰ নেতৃত্ব দিয়ে জনিয়া আঞ্চলিক কৃষক সভাৰ সভাপতি জয়নাল আব্দীনে । প্ৰতিবাদকাৰীৰ লগত সহযোগ কৰে জনিয়া সালেকুৰা বজাৰ কমিটিৰ সম্পাদক ছাহজাহান আলী আৰু অন্যান্য…
Read More
আৰম্ভনিৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা দিব লাগিব – গীতিকা দত্ত শৰ্মা

আৰম্ভনিৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা দিব লাগিব – গীতিকা দত্ত শৰ্মা

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল হাইস্কুলত আজি উত্তৰ -পশ্চিম বৰক্ষেত্ৰী পৰীক্ষা পৰিষদৰ উদ্যোগত আৰু নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ ১০ নং গোটৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায় ।  কাৰ্যসূচী অনুসৰি পুৱা দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক জয়ন্ত কুমাৰ দাসৰ তত্বাৱধানত পৰিৱেশ নিকাৰণৰ পাছতেই পুৱা ৮ বজাত পতাকা উত্তোলন কৰে দৌলাশাল হাইস্কুলৰ বিদ্যালয়প্ৰধান চৰিফুদ্দিন আহমেদে। ইয়াৰ পাছতেই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক ক্ৰমে হৰগোবিন্দ নাথ আৰু ৰমণী নাথে । বন্তি প্ৰজ্বলন কৰে দৌলাশাল হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰহংস বৈশ্যই । দিনৰ ১১ বজাত উত্তৰ-পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত হয়…
Read More
বহৰিত শ্রী শ্রীশনি মহাৰাজৰ নবনির্মিত মন্দিৰৰ দ্বাৰ উদ্ঘাটন

বহৰিত শ্রী শ্রীশনি মহাৰাজৰ নবনির্মিত মন্দিৰৰ দ্বাৰ উদ্ঘাটন

বহৰি বজাৰত নতুনকৈ নির্মাণ কৰা শ্ৰীশ্ৰী শনি মহাৰাজৰ মন্দিৰটো বহৰি ৰিজাৰ্ভ গাৱৰ সমাজ সেৱক গোপাল সাহাই শুভ উদ্বোধন কৰে। সমাজ সেৱক গোপাল সাহাই মন্দিৰৰ দ্বাৰ উদ্ঘাটনৰ জৰিয়তে শ্ৰী শ্ৰী শনি মহাৰাজদেৱৰ মন্দিৰ উদ্বোধন আৰু গৃহ প্রবেশ অনুষ্ঠান মুকলি কৰে । এনে ধৰ্মীয় অনুষ্ঠান সমুহেই সমাজখনক একত্রিত কৰি ৰাখিছে । প্ৰায় চাৰি দশক পূৰ্বেই প্ৰতিষ্ঠা কৰা মন্দিৰটোৰ ঠাইত নতুনকৈ সুদৃশ্য ভাৱে নিৰ্মাণ কৰা নতুন মন্দিৰটো নিৰ্মাণ হৈ উঠাৰ ফলত ভক্তসকলে শনিদেৱৰ পূজা অৰ্চনা কৰাত সহায়ক হব। মন্দিৰটো সুদৃশ্য ভাৱে নিৰ্মাণ কৰি তোলাৰ বাবে মন্দিৰ পৰিচালনা সমিতিৰ লগতে অঞ্চলটোৰ ৰাইজকো তেওঁ ধন্যবাদ জনায়। আনহাতে মন্দিৰটোৰ যিকোনো সমস্যা সম্পৰ্কে তেওক অবগত কৰিবলৈকো তেওঁ…
Read More
চৌদি আৰৱে আয়োজন কৰিব প্ৰথম ই-স্পৰ্টছঅলিম্পিক গেমছ

চৌদি আৰৱে আয়োজন কৰিব প্ৰথম ই-স্পৰ্টছঅলিম্পিক গেমছ

আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে বিশ্বব্যাপী ই-ক্ৰীড়াৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰথম ই-স্পৰ্টছ অলিম্পিক গেমছ আয়োজন কৰিবলৈ চৌদি আৰৱৰ ৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সৈতে অংশীদাৰীত্ব কৰিছে। ইয়াৰ পূৰ্বে, অলিম্পিক কাৰ্যবাহী পৰিষদে ই-স্পৰ্টছ অলিম্পিক গেমছ প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ দিছিল, যাৰ পিছত আইঅচিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছিল।  ইউএনআইভি স্পোৰ্টটেকৰ প্ৰতিষ্ঠাপক আৰু এফইএআই (ফেডাৰেচন অফ ইস্পোৰ্টছ এছ'চিয়েচনইণ্ডিয়া)ৰ প্ৰতিষ্ঠাপক সদস্য অভিষেক ইছাৰে কয়-এতিয়া প্ৰতিখন দেশে ই-স্পৰ্টছক অলিম্পিক পদক জিকাৰ সুযোগ হিচাপে চাব। এই উদ্যোগটোৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। ভাৰত এই ক্ষেত্ৰত দ্ৰুত বিকাশত সক্ষম। ই-স্পৰ্টছ শ্ৰেণীৰ খেলুৱৈসকল ২০২১ ৰ পৰা ২০২২ চনৰ ভিতৰত চাৰিগুণ বৃদ্ধি পাইছে (১,৫০,০০০ ৰ পৰা ৬,০০,০০০ লৈ) আৰু ভৱিষ্যতৰ অনুমান অনুসৰি ২০২৭ চনৰ…
Read More
কৰিমগঞ্জত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

কৰিমগঞ্জত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

কৰিমগঞ্জত উপস্থিত হৈ বিভিন্ন কামৰ পৰ্যালোচনা কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ৷ এই পৰ্যালোচনাত ৰাতাবাৰী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া গৰাকীৰ লগতে বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷ ইয়াৰ পিছত ৰাতাবাৰী সমষ্টিৰ হৰি নগৰ গাঁও পঞ্চায়তৰ ৰাজনগৰত এটা প্লেভাৰ ব্লক দিয়া ৰাস্তা পৰিদৰ্শন কৰি মনতে সন্তুোষ লাভ কৰে মন্ত্ৰী দাসে ৷ প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে যদি প্ৰকৃতাৰ্থত এনেদৰে কাম কৰে তেতিয়াহ'লে নিশ্চিত ৰূপত গ্ৰাম্য জনজীৱন আৰু অধিক সূচল হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়বিশ্বাস কৰে৷ এই পৰিদৰ্শন কালত মন্ত্ৰী দাসৰ লগত স্থানীয় বিধায়ক বিজয় মালাকাৰ আৰু জিলা বিজেপিৰ সভাপতি  সুব্ৰত ভট্টাচাৰ্য উপস্থিত থাকে…
Read More
বৰপেটাত প্ৰথম বাৰ্ষিক উমেশ বৰুৱা সোঁৱৰণী ফুটবল

বৰপেটাত প্ৰথম বাৰ্ষিক উমেশ বৰুৱা সোঁৱৰণী ফুটবল

প্ৰয়াত উমেশ বৰুৱা ( বিজু )'ৰ পৱিত্ৰ স্মৃতিত ষ্টাৰ ফুটবল ক'চিং চেন্টাৰৰ উদ্যোগত স্থানীয় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ডিচিডি এফ চি,ৰাঙাপানী একাদশে প্ৰাৰম্ভিক মেচত অৱতীৰ্ণ হৈ প্ৰথমেই ছেমি ফাইনেলত স্থান নিৰ্ণয় কৰিছে । দলটোৱে মেচখনত হাউলীৰ ২৮-এপিবিএন বেটেলিয়ন একাদশক ২-০ পৰিস্কাৰ গলত পৰাস্ত কৰে। প্ৰথমৰে পৰা ৰাঙাপানীয়ে প্ৰভাৱ বিস্তাৰ কৰি খেলৰ ৭ মিনিটতে প্ৰতিপক্ষ এপিবিএন বেটেলিয়নৰ গলবাৰৰ সামান্য আঁতৰত পোৱা বল সুযোগ সন্ধানী ষ্ট্ৰাইকাৰ ধনঞ্জয় ব্ৰহ্মই লেহেকৈ ঠেলি প্ৰথমটো আঘাত হানে। বিৰতিলৈ ১-০ গলত আগবাঢ়ি থকা ৰাঙাপানীৰ ডিচিডি এফ চিয়ে দ্বিতীয়াৰ্ধটো প্ৰভাৱ খটুৱাই গল কৰাৰ চেষ্টা চলায় আৰু সফল হয় খেলৰ ৫৭ মিনিটত। কৰ্ণাৰ কিকৰ বল আহি এপিবিএনৰ গলবক্সৰ…
Read More
এছিয়ান কাৰাটে চেম্পিয়নশ্বিপ

এছিয়ান কাৰাটে চেম্পিয়নশ্বিপ

এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় কাৰাটে দলত অসমৰ চাৰি গৰাকী খেলুৱৈৰ ভিতৰত বৰপেটাৰ দুগৰাকী খেলুৱৈ অন্তৰ্ভুক্ত হৈছে। ভাৰতীয় দলটোত স্থান প্ৰাপ্ত কাৰাটে খেলুৱৈ চাৰি গৰাকী হৈছে - হেম্ফু বংজাং (গুৱাহাটী), জিয়ান চৌধুৰী (বৰপেটা), আৰু মহিলাৰ স্থান প্ৰাপ্ত খেলুৱৈ দুগৰাকী হৈছে হানী আলী(বৰপেটা) তথা কস্তুৰী কলিতা (যোৰহাট) । বৰপেটাৰ হানী আলী আৰু জিয়ান চৌধুৰীয়ে কাৰাটে প্ৰশিক্ষক হাছমৎ আলীৰ তত্বাবধানত বৰপেটাৰ উকা কাৰাটে একাডেমীত প্ৰশিক্ষণ প্ৰাপ্ত খেলুৱৈ । উল্লেখযোগ্য যে হেম্ফু বংজাঙে ল'ৰাৰ ৬১ কেজি কুমিটে আৰু জুনিয়ৰ শাখাত কাটা ইভেন্ট'ত খেলিব । বিপৰীতে মহিলাৰ হানী আলীয়ে ২১ বছৰ অনুৰ্ধ্ব বয়সৰ ৬১ কেজি কুমিটেত অংশগ্ৰহণ কৰিব । তেনেদৰে জিয়ান চৌধুৰীয়ে ল'ৰাৰ…
Read More
জে কে বৰুৱা স্মৃতি আন্তঃ জিলা ক্ৰিকেট

জে কে বৰুৱা স্মৃতি আন্তঃ জিলা ক্ৰিকেট

জে কে বৰুৱা স্মৃতি আন্তঃ জিলা ১৯ বছৰ অনুৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ মেচ বৰপেটা আৰু গোৱালপাৰাত অনুষ্ঠিত হ'ব । লক্ষ্যনীয়ভাৱে অসম ক্ৰিকেট সন্থাৰ দ্বাৰা ইতিমধ্যে 'জনেল' মেচ সমুহ সমাপ্ত হোৱাৰ পাছত তাৰ পৰা চেম্পিয়ন হোৱা সূত্ৰে ফাইনেল ৰাউণ্ডত পদাৰ্পন কৰা মুঠ ৬ টা দলৰ মাজত দুটা গ্ৰুপ কৰি লীগ মেচ খেলোৱাৰ দিহা কৰা হৈছে । গ্ৰুপ 'এ'ত খেলিব লগীয়া দল তিনিটা হৈছে বিশ্বনাথ, শিলচৰ আৰু বৰপেটা, বিপৰীতে 'বি' গ্ৰুপত খেলিব লগীয়া দল তিনিটা হৈছে, নাজিৰা, গোলাঘাট আৰু সভাপতি একাদশ। বৰপেটা ভ্যেনুত কাইলৈ প্ৰথম খন লীগ মেচত শিলচৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব বিশ্বনাথ। বিপৰীতে গোৱালপাৰাত হ'ব লগীয়া 'বি' গ্ৰুপৰ প্ৰথম খন…
Read More