Sonakshi Sarkar

1908 Posts
পাৰমাণৱিক শক্তি, তেলসহ ৫ খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ ভাৰত -আবু ধাবিৰ

পাৰমাণৱিক শক্তি, তেলসহ ৫ খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ ভাৰত -আবু ধাবিৰ

ভাৰত ভ্ৰমণলৈ অহা আবু ধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ এই সময়ছোৱাত দুয়োগৰাকী নেতাই পাৰমাণৱিক শক্তি, তেল আৰু ফুড পাৰ্কক লৈ চুক্তি স্বাক্ষৰ কৰে।এইটো প্ৰথমবাৰৰ বাবে ভাৰতে আনুষ্ঠানিকভাৱে ইউএইৰ শাসনাধিষ্ঠিত গৃহৰ এটা নতুন প্ৰজন্মৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে। ক্ৰাউন প্ৰিন্সে আজি মুম্বাই ভ্ৰমণ কৰে। য'ত তেওঁ দুয়োখন দেশৰ ব্যৱসায়িক নেতাসকলৰ বৈঠকত যোগদান কৰে। গুজৰাট চৰকাৰ আৰু আবু ধাবিৰ কোম্পানীৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ অধীনত ভাৰতত বহুতো ফুড পাৰ্ক নিৰ্মাণ কৰা হ'ব। একে সময়তে, বাৰাকাহত ইউ.এ.ই.-ৰ পাৰমাণৱিক শক্তি প্ৰকল্পৰ পৰিচালনা আৰু তত্বাৱধান সন্দৰ্ভত ভাৰতৰ সৈতে এক চুক্তিও স্বাক্ষৰিত…
Read More
ইউএছ অ’পেনৰ পুৰুষ এককৰ চেম্পি়য়ন জেনিক ছিনাৰ

ইউএছ অ’পেনৰ পুৰুষ এককৰ চেম্পি়য়ন জেনিক ছিনাৰ

ইটালীৰ জেনিক ছিনাৰে ইউএছ অ'পেনৰ পুৰুষ এককৰ চেম্পি়য়ন খিতাপ দখল কৰিছে। জেনিক ছিনাৰে দেওবাৰে ইউএছ অ'পেনৰ ফাইনেলত টেইলৰ ফ্ৰিটজক পৰাস্ত কৰি ২০২৪ চনৰ দ্বিতীয় গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰে। জানুৱাৰীত অষ্ট্ৰেলিয়ান অ'পেনত প্ৰথম শ্লেম জয় কৰা বিশ্বৰ এক নম্বৰ ছিনাৰে নিউয়ৰ্কত ৬-৩, ৬-৪, ৭-৫ ৰ বিজয়েৰে বিজয়ী হোৱা প্ৰথমজন ইটালী তাৰকা হিচাপে পৰিগণিত হয়। কেইদিনমান আগতে, জেনিক ছিনাৰ ড'পিংত অভিযুক্ত হৈছিল। অৱশ্যে, ড'পিং বিতৰ্কৰ বাবে যোৱা কেইসপ্তাহমানৰ অসুবিধাৰ পিছত, তেওঁ ২০২৪ ইউএছ অ'পেন খিতাপ জিকিছে। ছিনাৰে তেওঁৰ দলটোক তেওঁলোকৰ ধাৰাবাহিক সমৰ্থনৰ বাবে ধন্যবাদ জনাই আৰু কয় যে এই খিতাপ তেওঁৰ বাবে বহুত অৰ্থপূৰ্ণ। জানিক ছিনাৰে তেওঁৰ কেৰিয়াৰৰ দ্বিতীয়খন গ্ৰেণ্ড শ্লেম…
Read More
২০২৪ বিত্তীয় বৰ্ষত টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে লাভ কৰে ১৩৫ কোটি টকাৰ দৰমহা

২০২৪ বিত্তীয় বৰ্ষত টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে লাভ কৰে ১৩৫ কোটি টকাৰ দৰমহা

টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে বিত্তীয় বৰ্ষ ২৪-ত ১৩৫ কোটি টকাৰ দৰমহা লাভ কৰিছিল, যি পূৰ্বৰ বিত্তীয় বৰ্ষৰ দৰমহাতকৈ ২০% অধিক। এন চন্দ্ৰশেখৰণ হৈছে এটা ভাৰতীয় কোম্পানীৰ সৰ্বাধিক উপাৰ্জন কৰা পেছাদাৰী প্ৰমুখ। একে সময়তে, টাটা চন্সৰ সকলো পৰিচালকৰ মুঠ দৰমহা ১৬% বৃদ্ধি হৈছে। কোম্পানীটোৱে তেওঁলোকৰ শীৰ্ষ পৰিচালকসকলক ২০০ কোটি টকা পৰিশোধ কৰিছিল, যি ২০২২-২৩ বিত্তীয় বৰ্ষত ১৭২.৫ কোটি টকাআছিল। একে সময়তে, টাটা চন্সৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু পাৰিশ্ৰমিক ২.৫% বৃদ্ধি হৈ ৪৪১ কোটি টকা হয়। টাটা চন্সৰ চিএফঅ' সৌৰভ আগৰৱালে ২০২৪ বিত্তীয় বৰ্ষত ৩০ কোটি টকা লাভ কৰিছিল। তেওঁ টাটা গ্ৰুপৰ দ্বিতীয় সৰ্বাধিক বেতন প্ৰাপ্ত কাৰ্যবাহী আছিল। তেওঁৰ উপাৰ্জন টিচিএছ, টাটা…
Read More
আইএছএলৰ প্ৰতিটো ক্লাবে ভাৰতীয় সহকাৰী প্ৰশিক্ষক ৰখাটো বাধ্যতামূলক

আইএছএলৰ প্ৰতিটো ক্লাবে ভাৰতীয় সহকাৰী প্ৰশিক্ষক ৰখাটো বাধ্যতামূলক

ইণ্ডিয়ান চুপাৰ লীগে (আইএছএল) সকলো ক্লাবৰ বাবে কেইবাটাও নতুন নিয়ম প্ৰৱৰ্তন কৰে। যেনে বাধ্যতামূলক ভাৰতীয় সহকাৰী প্ৰশিক্ষক, কনকাচন (মূৰৰ আঘাতৰ বাবে মূৰ্চ্ছা যোৱা অৱস্থা) বিকল্প আৰু  ৰঙা কাৰ্ডৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীল। এই নিয়ম অনুসৰি সকলো দলতে এএফচি প্ৰ' লাইচেঞ্চ (বা সমতুল্য) থকা এজন ভাৰতীয় সহকাৰী প্ৰশিক্ষক থাকিব লাগিব। যদি মুখ্য প্ৰশিক্ষকক তেওঁৰ পদৰ পৰা অব্যাহতি দিয়া হয় বা কেইখনমান খেলৰ বাবে নিলম্বিত কৰা হয়, তেন্তে ভাৰতীয় সহকাৰী প্ৰশিক্ষকে অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে মুখ্য প্ৰশিক্ষকৰ সকলো দায়িত্ব গ্ৰহণ কৰিব। এফ চি গোৱা এই ক্ষেত্ৰত এক সঠিক উদাহৰণ হ'ব, য'ত গৌৰমাংগী সিঙে প্ৰশিক্ষণৰ ভূমিকা গ্ৰহণ কৰিব, ভাৰতৰ বৰ্তমানৰ প্ৰশিক্ষক মেনোলো মাৰ্কেজ উপলব্ধ…
Read More
এবছৰত ভাৰতৰ অনুৰোধত ইণ্টাৰপ’লৰ ১০০খন ৰেড নটিচ

এবছৰত ভাৰতৰ অনুৰোধত ইণ্টাৰপ’লৰ ১০০খন ৰেড নটিচ

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ সঞ্চালক প্ৰবীণ সুদে বৃহস্পতিবাৰে কয় যে ইণ্টাৰপ'লে ২০২৩ চনত ভাৰতৰ অনুৰোধত ১০০ খন ৰেড নটিচ জাৰি কৰিছিল, যি এবছৰত সৰ্বাধিক আছিল। লগতে কয় যে সমগ্ৰ বিশ্বৰ আৰক্ষী বাহিনীক তেওঁলোকৰ অধিকাৰ ক্ষেত্ৰত পলাতকসকলক আটক কৰিবলৈ কোৱা হৈছে, যিসকলক ভাৰতীয় আইন প্ৰৱৰ্তনকাৰী সংস্থাই বিচাৰি আছে আৰু যিসকলে সীমান্ত অতিক্ৰম কৰিছে। চিবিআইয়ে আয়োজিত দশম ইণ্টাৰপ'ল লিয়াজন অফিচাৰ (আইএলঅ') সন্মিলনত ভাষণ দি সুদে কয় যে ইণ্টাৰপ'ল আৰু আন্তঃৰাষ্ট্ৰীয় আইন প্ৰৱৰ্তনকাৰী অংশীদাৰৰ সহায়ত ২৯ জন বিচৰা অপৰাধীক ২০২৩ চনত আৰু ১৯ জন ২০২৪ চনত এতিয়ালৈকে ভাৰতলৈ উভতাই আন হৈছে। তেওঁ কয় যে চিবিআইৰ গোলকীয় অভিযান কেন্দ্ৰই ২০২৩ চনত আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ বাবে…
Read More
ৱেব ছিৰিজ “আইচি-814: দ্য কান্দাহাৰ হাইজেক”ত অপহৰণকাৰীৰ নাম অন্তৰ্ভুক্ত নেটফ্লিক্সৰ

ৱেব ছিৰিজ “আইচি-814: দ্য কান্দাহাৰ হাইজেক”ত অপহৰণকাৰীৰ নাম অন্তৰ্ভুক্ত নেটফ্লিক্সৰ

চৰকাৰৰ ভৎসনাৰ পিছত নেটফ্লিক্স ইণ্ডিয়াই  কয় যে তেওঁলোকে ৱেব ছিৰিজ "আইচি-814: দ্য কান্দাহাৰ হাইজেক"ত প্ৰদৰ্শিত ইণ্ডিয়ান এয়াৰলাইনছৰ বিমানখনৰ অপহৰণকাৰীসকলৰ মূল আৰু কোড নাম অন্তৰ্ভুক্ত কৰিছে। দৰ্শকৰ এটা অংশই সন্ত্ৰাসবাদীৰ মানৱীয় চিত্ৰায়ন আৰু ৱেব ছিৰিজত তেওঁলোকৰ হিন্দু সংহিতাৰ নামৰ প্ৰসংগত আপত্তি জনোৱাৰ পিছত বিতৰ্কৰ সূত্ৰপাত হয় আৰু যুক্তি দিয়ে যে অপহৰণকাৰীসকলৰ প্ৰকৃত পৰিচয় বিকৃত কৰাটো ঐতিহাসিক ঘটনাবোৰক ভুলকৈ উপস্থাপন কৰাৰ সমান। তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজুৱে নেটফ্লিক্স ইণ্ডিয়াৰ কণ্টেন্ত মুৰব্বী মনিকা শ্বেৰগিলক মাতি পঠিয়াইছিল আৰু ৱেব ছিৰিজৰ কিছু উপাদানৰ চিত্ৰায়নক লৈ চৰকাৰৰ তীব্ৰ মতভেদ প্ৰকাশ কৰিছিল। নেটফ্লিক্স ইণ্ডিয়াই এতিয়া কয় যে ১৯৯৯ চনত ইণ্ডিয়ান এয়াৰলাইনছ ফ্লাইট ৮১৪ অপহৰণৰ বিষয়ে অজ্ঞাত…
Read More
মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি দুবছৰে হায়ৰাণ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্ব

মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি দুবছৰে হায়ৰাণ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্ব

“ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰেম প্ৰকৃততে এখন নাটকহে ৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰন, ৰাজনৈতিক অধিকাৰকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন প্ৰাপ্য অধিকাৰৰ বাবে কেইবা দশক ধৰি সংগ্ৰাম অব্যাহত ৰখা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় বীৰ চিলাৰায় ভৱনটো ২০২২ চনৰ ১ মাৰ্চ তাৰিখে শিল সাঁকো বিলৰ উচ্চেদৰ অংশ হিচাপে বিনা বাধাই ভাঙি পেলোৱাৰ পিছত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি যোৱা দুবছৰে চিলাৰায় ভৱন নিৰ্মাণৰ বাবে আবন্টন নিদিলে প্ৰয়োজনীয় ভূমি ৷ কেৱল এইয়াই নহয়, সন্মিলনীৰ নেতৃত্বই যোৱা দুবছৰে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি বিচাৰি ভাগৰি পৰিল। সত্তৰ লক্ষাধিক জনসংখ্যাৰ এটা সৰ্ববৃহৎ জনগোষ্ঠীৰ আবেগ অনুভূতিক…
Read More
আইএএছ বিষয়া সুহাস এল যথিৰাজৰ পেৰালিম্পিকত ৰূপৰ পদক

আইএএছ বিষয়া সুহাস এল যথিৰাজৰ পেৰালিম্পিকত ৰূপৰ পদক

এজন আইএএছ বিষয়াই পেৰিছ পেৰালিম্পিক ২০২৪ ত পদক জিকিবলৈ সফল হৈছে। এই আইএএছ বিষয়াজন হৈছে ভাৰতীয় বেডমিণ্টন খেলুৱৈ সুহাস এল যথিৰাজ, যি পেৰিছ পেৰালিম্পিকত ৰূপৰ পদক জিকিছে। অৱশ্যে, পেৰিছ পেৰালিম্পিকত সুহাস এল যথিৰাজৰ সোণৰ পদক জয়ৰ সপোন ভংগ হয়। সোমবাৰে বেডমিণ্টনৰ পুৰুষৰ একক এছ এল ৪ ফাইনেলত তেওঁ ফ্ৰান্সৰ অভিজ্ঞ লুকাস মাজুৰৰ হাতত ৯-২১, ১৩-২১ ব্যৱধানত পৰাজিত হয়। সুহাস এল যথিৰাজে একেৰাহে দ্বিতীয় পেৰালিম্পিকত সোণৰ পদকত জিকাৰ পৰা ব্যৰ্থ হয়। ইয়াৰ পূৰ্বে টকিঅ' পেৰালিম্পিকত মাজুৰৰ বিৰুদ্ধে স্বৰ্ণ পদকৰ খেলখনত ৪১ বছৰীয়া সুহাসে পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল। ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ সুহাস এল যথিৰাজ উত্তৰ প্ৰদেশ কেডাৰৰ এজন আইএএছ বিষয়া। উত্তৰ…
Read More
পেৰিছ পেৰালিম্পিকত প্ৰীতি পালৰ দ্বিতীয়টো ব্ৰঞ্জ পদক অৰ্জন

পেৰিছ পেৰালিম্পিকত প্ৰীতি পালৰ দ্বিতীয়টো ব্ৰঞ্জ পদক অৰ্জন

ভাৰতীয় পেৰা-এথলীট প্ৰীতি পালে মহিলাৰ ২০০ মিটাৰ টি-৩৫ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন  কৰে। প্ৰীতিয়ে ফাইনেলত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন প্ৰস্তুত কৰি ৩০.০১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে আৰু পোডিয়াম স্থান লাভ কৰাত সফল হয়।পেৰিছ পেৰালিম্পিকত প্ৰীতিৰ এইটো দ্বিতীয় পদক। ইয়াৰ পূৰ্বে, তেওঁ মহিলাৰ ১০০ মিটাৰ টি৩৫ শ্ৰেণীত ব্ৰঞ্জৰ পদক জিকিছিল। ২৩ বছৰীয়া এথলীটগৰাকীৰ ব্ৰঞ্জৰ পদক পেৰিছত ভাৰতৰ দ্বিতীয়টো পেৰা-এথলেটিকছ পদকো আছিল। ইয়াৰ পূৰ্বে, প্ৰীতিয়ে ১০০ মিটাৰ ইভেণ্টতো পদক জিকিছিল। টি৩৫-ত হাইপাৰটোনিয়া, এটেক্সিয়া আৰু এথেটোচিছৰ দৰে সমন্বয়মূলক বিকাৰ থকা এথলীটসকল আছে। প্ৰীতি পালে মহিলাৰ টি৩৫ ১০০ মিটাৰ ইভেণ্টত ১৪.২১ ছেকেণ্ডৰ ব্যক্তিগত শ্ৰেষ্ঠ সময়ৰ সৈতে ব্ৰঞ্জৰ পদক জিকিছিল। ১৯৮৪ সংস্কৰণৰ পৰা ভাৰতে এথলেটিকছত যি…
Read More
বানৰ কবলত তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ

বানৰ কবলত তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ

তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত চলি থকা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্য দুখনৰ বহুতো অঞ্চলত বানৰ কলবত পৰিছে। ৰেল আৰু বাছ সেৱা প্ৰভাৱিত হৈছে। দুয়োখন ৰাজ্যতে, বান প্ৰভাৱিত অঞ্চলৰ পৰা স্থানীয় লোকসকলক স্থানান্তৰ কৰা হৈছে আৰু সাহায্য শিবিৰলৈ লৈ যোৱা হৈছে। এনডিআৰএফৰ ২৬ টা দল মোতায়েন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ সৈতে কথা পাতি কেন্দ্ৰৰ পৰা সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে। তেলেংগানাৰ ৰাজহ মন্ত্ৰী পংগুলেটি শ্ৰীনিবাস ৰেড্ডীয়ে কয় যে কেইবাটাও সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা স্বত্বেও তেলেংগানাত ৯ জন লোকৰ মৃত্যু হৈছে। তেলেংগানাৰ মহাবুবাবাদ আৰু খাম্মাম জিলাত বানপানীৰ ফলত…
Read More