Sonakshi Sarkar

1785 Posts
মোহন বাগান-জামছেদপুৰ এফ চিৰ জয়

মোহন বাগান-জামছেদপুৰ এফ চিৰ জয়

মোহন বাগানে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত জয়ৰে অভিযান আৰম্ভ কৰিছে | ইফালে, বিগত বৰ্ষৰ চেম্পিয়ন মোহনে বাগানে যোৱানিশা প্ৰতিযোগিতাৰ উদ্বোধনী মেচত একমাত্ৰ গলত পৰাস্ত কৰে শ্ৰীনগৰৰ ক্লাব ডাউন টাউন হিৰোজ এফ চিক৷ গৃহভূমি বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হোৱা মেচত মোহন বাগানৰ হৈ ৭৩ মিনিটত গল কৰে ছুহাইল ভাটে৷ ইফালে, জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত আই এছ এলৰ দল জামছেদপুৰ এফ চিয়ে আছাম ৰাইফলৰ বিৰুদ্ধে ৩-০ গলত জয়লাভ কৰে৷ গ্ৰুপ ‘ডি’ৰ প্ৰথম মেচখনত জামছেদপুৰ দলৰ হৈ ছাননে দুটা আৰু ইমৰাণ খানে এটা গল কৰে৷ স্মৰ্তব্য যে ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ…
Read More
অসমত হাতীৰ আক্ৰমণত ৫ বছৰত ৩৮৩ জনৰ মৃত্যু

অসমত হাতীৰ আক্ৰমণত ৫ বছৰত ৩৮৩ জনৰ মৃত্যু

যোৱা পাঁচ বছৰত হাতী আৰু মানুহৰ মাজত সংঘাতৰ ফলস্বৰূপে, ২,৮৫৩ জন লোকৰ মৃত্যু হয়। ২০২৩ত হাতী আৰু মানুহৰ সংঘাতৰ ফলত সৰ্বাধিক ৬২৮ জন লোকৰ মৃত্যু হয়। এই কথা সংসদৰ মজিয়াত চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পৰিৱেশ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে বৃহস্পতিবাৰে ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কয় যে হাতীৰ আক্ৰমণত ২০১৯ চনত ৫৮৭ জন, ২০২০ চনত ৪৭১ জন, ২০২১ চনত ৫৫৭ জন, ২০২২ চনত ৬১০ জন আৰু হাতীৰ আক্ৰমণৰ ফলত ২০২৩ চনত ৬২৮ জন লোকৰ মৃত্যু হৈছিল।  তথ্য অনুসৰি এই সময়ছোৱাত উৰিষ্যাত সৰ্বাধিক ৬২৪ জন লোকৰ মৃত্যু হয়। তাৰ পিছত ঝাৰখণ্ড (৪৭৪), পশ্চিম বংগ (৪৩৬), অসম (৩৮৩), ছত্তীশগড় (৩০৩), তামিলনাডু (২৫৬), কৰ্ণাটক (১৬০)…
Read More
দিছপুৰ প্ৰেছ ক্লাবত স্বাস্থ্য পৰীক্ষা শিবিৰ

দিছপুৰ প্ৰেছ ক্লাবত স্বাস্থ্য পৰীক্ষা শিবিৰ

২৮ জুলাইত হায়দৰাবাদৰ যশোদা হাস্পতালৰ উদ্যোগত আৰু দিছপুৰ প্ৰেছ ক্লাবৰ সহযোগত প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত সাংবাদিক/ফটো সাংবাদিক/ ভিডিঅ' সাংবাদিকৰ বাবে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। এই চিকিৎসা শিবিৰত উপস্থিত থাকিব যশোদা হাস্পাতালৰ Gastroenterologist আৰু Hepatologist বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ কে, সোমাশেখৰ ৰাও।অনুষ্ঠানটোত সহযোগ কৰিছে আলট্ৰা কেয়াৰ ডাইগোনেষ্টিকে। দিনৰ দহ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত পঞ্চাছ জন সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব।এই স্বাস্থ্য পৰীক্ষা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰিব বিচৰা সাংবাদিক/ফটো সাংবাদিক/ভিডিঅ' সাংবাদিকক ৯৭০৬১-৪৩৮৮৯ নম্বৰত যোগাযোগ কৰি নিজৰ নাম পঞ্জীয়ন কৰাৰ বাবে আহ্বান জনাইছে প্ৰেছ ক্লাবৰ সভাপতি ড° নৰেন হাজৰিকা, কাৰ্যকৰী সভাপতি আৰ্জেদ হুচেইন চহৰীয়া আৰু সাধাৰণ…
Read More
দক্ষিণ শালমাৰা জিলা বিজেপিত খহনীয়া

দক্ষিণ শালমাৰা জিলা বিজেপিত খহনীয়া

গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্টুপীয়াকৈ আয়োজিত এক যোগদান কাৰ্যসূচীত দলত যোগদান কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ পৰা পদত্যাগ কৰা নাছিৰ উদ্দিন, হাছেম আলী, হাছিবুৰ ৰহমান, শ্বাজিদুৰ ইছলাম আৰু ছোহেল আলম মোল্লাই। আম আদমী পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে বিজেপি এৰি আপৰ সদস্যপদ গ্ৰহণ কৰে। আপৰ সংখ্যালঘু বিভাগৰ নেতা এডভোকেট আৰিফ শিকদাৰৰ নেতৃত্বত যোগদান কৰা আটাইকেইজনকে ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে দললৈ আদৰণি জনায়।
Read More
বেতবাৰী পঞ্চায়তত বিশেষ গাঁও সভা

বেতবাৰী পঞ্চায়তত বিশেষ গাঁও সভা

পাকাবেতবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ পাকাবেতবাৰীস্থিত ৪২ নং দক্ষিণ বেতবাৰী গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত কালি আবেলি  এখন বিশেষ গাঁও সভা অনুষ্ঠিত হৈ যায়। সমাজকৰ্মী বাছেৰ উদ্দিনৰ পৌৰোহিত্যত  আৰু ক্ৰমে হৰ ঘৰ জল অ'ডি এফ প্লাচ ভিলেজ,বালক পঞ্চায়ত, বাল্য বিবাহ আৰু টিনেজ প্ৰেগনেঞ্চি সন্দৰ্ভত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে পঞ্চায়তখনৰ সচিব মইনুল হক প্ৰধানীয়ে। উক্ত সভাত  সুজিৎ বৰ্মন, পঞ্চায়তখনৰ কৰ সংগ্ৰাহক লালচান উদ্দিন আহমেদ, জি আৰ এছ  দিলবৰ খান, জিপিছি মহিবুল হক ,সাংবাদিক প্ৰদীপ কুমাৰ সৰকাৰ, দুৰ্জুন খান, জীৱিকা সখী জহুৰা খাতুন,ভানুমতি ৰায় আদিকে কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বিষয়বস্তৰ ওপৰত বিস্তাৰিতভাৱে তথ্য সমৃদ্ধ গঠণমুলক ভাষন প্ৰদান কৰি দহটা ওৱাৰ্ড বিশিষ্ট…
Read More
শিৱসাগৰত নৰপিশাছৰ কামনাৰ বলি মুকবধিৰ যুৱতী

শিৱসাগৰত নৰপিশাছৰ কামনাৰ বলি মুকবধিৰ যুৱতী

অমানৱীয় এক ঘটনাই জোকাৰিছে শিৱসাগৰ | এটা ঘৰত অকলশৰীয়াকৈ বাস কৰা মুকবধিৰ যুৱতী গৰাকীৰ ওপৰত দীৰ্ঘ সময় ধৰি চলিছিল যৌন উৎপীড়ন | শেহতীয়াকৈ মুকবধিৰ যুৱতী গৰাকীৰ শাৰিৰীক সম্পৰ্ক গঠনৰ ওপৰত সন্দেহ হোৱাত জেষ্ঠ ভগ্নীয়ে যুৱতী গৰাকীক লৈ যায় চিকিৎসকৰ কাষলৈ | চিকিৎসকৰ পৰীক্ষাত পোহৰলৈ আহে যুৱতী গৰাকী অন্তঃসত্বা হোৱাৰ তথ্য | ঘটনাৰ সন্দৰ্ভদ সদৰ আৰক্ষী থানাত মুকবধিৰ যুৱতী গৰাকীৰ পৰিয়ালে দাখিল কৰে এজাহাৰ | আৰক্ষীয়ে নিশাই যুৱতী গৰাকীয়ে দিয়া ইংগিত অনুসৰি ৰৌছন কুমাৰ ( ৩০) নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে |
Read More
৩৬ বছৰত অসমত বানপানীৰ ফলত ২৪.৮ লাখ হেক্টৰ ভূমি প্ৰভাৱিত

৩৬ বছৰত অসমত বানপানীৰ ফলত ২৪.৮ লাখ হেক্টৰ ভূমি প্ৰভাৱিত

১৯৮৬ ৰ পৰা ২০২২ চনৰ ভিতৰত দেশত বানপানীৰ ফলত ৭১২ খন জিলাৰ ২.১০ কোটি হেক্টৰ ভূমি প্ৰভাৱিত হয়। বৃহস্পতিবাৰে চৰকাৰে প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্য দিয়া হৈছে।কেন্দ্ৰীয় জল আয়োগে (চিডব্লিউচি) প্ৰকাশ কৰা 'ভাৰতত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ মূল্যাঙ্কন' শীৰ্ষক প্ৰতিবেদনখনত ৩৬ বছৰৰ ভিতৰত দেশত বানপানীৰ ফলত হোৱা ক্ষতিৰ ওপৰত আলোকপাত কৰা হৈছে।প্ৰতিবেদন অনুসৰি, বিভিন্ন গাঁথনিমূলক ব্যৱস্থা গ্ৰহণ কৰি ২.৫ কোটি হেক্টৰ এলেকা বানপানীৰ পৰা সুৰক্ষিত কৰা হৈছিল। অধ্যয়ন অনুসৰি, যোৱা ৩৬ বছৰৰ সময়ছোৱাত ভাৰতত বানপানীৰ দ্বাৰা প্ৰভাৱিত মুঠ এলেকা আছিল ২.১২১৩ হেক্টৰ। বানপানীৰ ফলত ডুব যোৱাৰ সম্ভাৱনা থকা এলেকাবোৰ বাছনিৰ বাবে বছৰি সংগ্ৰহ কৰা উপগ্ৰহ ছবি আৰু তথ্য ব্যৱহাৰ কৰা…
Read More
২০২৩-২৪ বিত্তীয় বৰ্ষত বিএছএনএলৰ উপাৰ্জন ২১,৩০২ কোটি টকাকৈ বৃদ্ধি

২০২৩-২৪ বিত্তীয় বৰ্ষত বিএছএনএলৰ উপাৰ্জন ২১,৩০২ কোটি টকাকৈ বৃদ্ধি

২০২৩-২৪ বিত্তীয় বৰ্ষত ৰাজহুৱা খণ্ডৰ কোম্পানী বিএছএনএলৰ মুঠ উপাৰ্জন প্ৰায় তিনি শতাংশ বৃদ্ধি হৈ ২১,৩০২ কোটি টকা হৈছে। তথ্য সম্প্ৰচাৰৰ ৰাজ্যিক মন্ত্ৰী পি চন্দ্ৰশেখৰে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে। তেওঁ জনায় যে ২০২২-২৩ বৰ্ষত বিএছএনএলৰ মুঠ উপাৰ্জন আছিল ২০,৬৯৯ কোটি টকা। তেওঁ জনায় যে ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত চৰকাৰে অনুমোদন জনোৱা পুনৰুজ্জীৱিত পেকেজৰ পৰা বিএছএনএলে ১.১৬ লাখ কোটি টকা লাভ কৰিছে। কোম্পানীটোৱে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৬০,২০৩ কোটি টকা লাভ কৰিছিল। চৰকাৰে বিএছএনএল আৰু এমটিএনএলৰ বাবে তিনিটা পুনৰুজ্জীৱিত পেকেজ অনুমোদন কৰিছে। আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ২০২২-২৩ বৰ্ষত ২৮,০৯২ কোটি টকা…
Read More
দিল্লী বিশ্ববিদ্যালয়ে বৃদ্ধি কৰিলে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ মাচুল

দিল্লী বিশ্ববিদ্যালয়ে বৃদ্ধি কৰিলে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ মাচুল

দিল্লী বিশ্ববিদ্যালয়ে ২০২৪-২০২৫ শৈক্ষিক বৰ্ষত ভৰ্তি হোৱা বিদেশী শিক্ষাৰ্থীৰ লগতে স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি কাৰ্যসূচীৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে মাচুল বৃদ্ধি কৰিছে। উপাচাৰ্য যোগেশ সিঙে জুনত আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া শৈক্ষিক অধিৱেশনৰ বাবে নতুন মাচুল বৃদ্ধিত অনুমোদন জনাইছিল। নতুন মাচুল বৃদ্ধি অনুসৰি, প্ৰথম বৰ্ষৰ B.Tech শিক্ষাৰ্থীৰ বাবে পাঠ্যক্ৰমৰ মাচুল ৩.৭০ শতাংশ বৃদ্ধি কৰা হৈছে। শিক্ষাৰ্থীসকলে এতিয়া ২.১৬ লাখ টকাৰ পৰিৱৰ্তে মাচুল হিচাপে ২.২৪ লাখ টকা পৰিশোধ কৰিব লাগিব। প্ৰযুক্তি বিদ্যা অনুষদৰ এজন জ্যেষ্ঠ বিষয়াই কৈছিল যে বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি, এই বৃদ্ধি কেৱল প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰা হৈছে। বিশ্ববিদ্যালয়খনে মাচুল গাঁথনিৰ কেইবাটাও উপাদান বৃদ্ধি কৰিছে, যাৰ ভিতৰত…
Read More
২০২৪ৰ হজ যাত্ৰাত ২০১ ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যু

২০২৪ৰ হজ যাত্ৰাত ২০১ ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যু

২০২৪ চনত হজৰ সময়ত ২০০ তকৈও অধিক ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে, যাৰ বেছিভাগেই হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে মৃত্যু হয় বুলি চৰকাৰে বুধবাৰে লোকসভাত জনায়।লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে ভাৰত চৰকাৰে হজ যাত্ৰাৰ সফল পৰিচালনা আৰু ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে হজৰ সময়ত মুঠ ২০১ জন ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যু হৈছল, যাৰ ভিতৰত বেছিভাগৰ হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে মৃত্যু হৈছিল। মৃতসকলৰ ৭০ শতাংশৰ বয়স ৬০ বছৰ বা তাতকৈ অধিক আছিল। তেওঁ কয় যে হজ ২০২৪ চনত তীৰ্থযাত্ৰীসকলক সহায় কৰিবলৈ ভাৰতৰ হজ কমিটিয়ে…
Read More