Sonakshi Sarkar

1785 Posts
পূৱ মণ্ডল ছাব-জুনিয়ৰ হকীৰ সামৰণি

পূৱ মণ্ডল ছাব-জুনিয়ৰ হকীৰ সামৰণি

গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতাৰ সোণৰ পদক লাভ কৰিছে ওড়িছাৰ ল’ৰাৰ দল তথা ঝাৰখণ্ডৰ ছোৱালী দলে ৷ হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা ল’ৰা আৰু ছোৱালীৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ দূয়োখন ফাইনেল তথা ব্ৰঞ্জ পদকৰ উভয় শাখাৰ মেচ অনুষ্ঠিত হয়৷ ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ল’ৰাৰ ফাইনেলত ওড়িছাই শ্বুটআউটত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে ঝাৰখণ্ডক৷ নিৰ্ধাৰিত সময়ত খেলখন গলশূন্য হৈছিল৷ ঝাৰখণ্ডে ৰূপ লাভ কৰাৰ বিপৰীতে মনিপুৰৰ ল’ৰাৰ দলে বিহাৰক ১৩-১ গলত পৰাস্ত কৰি ব্ৰঞ্জ অৰ্জন কৰে৷ ইফালে, ছোৱালীৰ শাখাৰ ফাইনেল মেচখনো শ্বুটআউটৰ জড়িয়তে ফলাফল নিৰ্ণয় কৰা হয়৷ ঝাৰখণ্ডে ৩-০ ত ওড়িছাক পৰাস্ত কৰি সোণ লাভ…
Read More
বৰপেটা বিজেপিৰ কার্য্যালয়ত পর্যালোচনা সভা

বৰপেটা বিজেপিৰ কার্য্যালয়ত পর্যালোচনা সভা

বৰপেটা জিলাৰ অন্তৰ্গত প্রতিটো বুথত দলৰ স্থিতি আৰু দলৰ বিভিন্ন দিশ সন্দৰ্ভত এখন পৰ্যালোচনা সভা বিজেপি বৰপেটা জিলা কার্য্যালয়ত অনুষ্ঠিত হয়। উক্ত পর্যালোচনা সভাত পর্যবেক্ষক হিচাপে উপস্থিত থাকে বিজেপিৰ  অসম প্রদেশৰ উপ-সভাপতি তথা বৰপেটা জিলা বিজেপি ৰ প্রভাৰী  জয়ন্ত কুমাৰ দাস আৰু বিজেপি অসম প্রদেশৰ  সম্পাদক জগদীশ দত্তই। ইয়াৰ উপৰি ক্ৰমে  সৰভোগ-ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ,বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস, সাধাৰণ সম্পাদক  হেমন্ত কুমাৰ দেউৰী, সাধাৰণ সম্পাদিকা নিপা মণি কলিতা,ৰাজ্যিক বিজেপিৰ প্রশিক্ষণ বিভাগৰ আহ্বায়ক ব্রজ কুমাৰ দাস, বৰপেটা জিলা বিজেপিৰ মহিলা মর্চাৰ সভানেত্রী জয়া দাস,দলৰ জ্যেষ্ঠ কাৰ্য্যকতা মহেন দাস  আদিকে কৰি দলৰ সকলো স্তৰৰ কাৰ্য্যকতাসকলে উপস্থিত থাকি সভাখন…
Read More
বৰপেটাৰ বৰ্ণিল কুমাৰ দাসৰ সাফল্য

বৰপেটাৰ বৰ্ণিল কুমাৰ দাসৰ সাফল্য

তেজপুৰত অনুষ্ঠিত হোৱা ৭বছৰ অনুৰ্ধ্ব, ১১ বছৰ অনুৰ্ধ্ব, ১৫ বছৰ অনুৰ্ধ্ব শাখাৰ সদৌ অসম আন্তজিলা দবা প্ৰতিযোগিতাত বৰপেটাৰ বৰ্ণিল কুমাৰ দাস ১৫ বছৰ অনুৰ্ধ্ব ল'ৰাৰ শাখাত চেম্পিয়ন হবলৈ সক্ষম হয়। বৰ্ণিল কুমাৰ দাস বৰপেটা চেণ্ট পল বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। উল্লেখ্য যে,ময়ুৰী-দুৱৰী দবা অনুশীলন কেন্দ্ৰ(চন্দন কুমাৰ দাসৰ ঘৰ)ত বৰ্ণিলে ৰাতি নিয়মীয়াকৈ দবা অনুশীলন কৰিছিল। বৰ্ণিলৰ সফলতাৰ বাবে পিতৃ-মাতৃ, খুড়া , ককা-আইতাৰ অৰিহণা আছে। বৰ্ণিলৰ কৃতিত্বত বিভিন্নজনে শুভেচ্ছা জনাইছে চেণ্ট পল বিদ্যালয়ৰ অধ্যক্ষক।
Read More
পিলিক চৌধুৰী স্মৃতি আন্তঃজিলা স্কুল ফুটবল

পিলিক চৌধুৰী স্মৃতি আন্তঃজিলা স্কুল ফুটবল

পিলিক চৌধুৰী স্মৃতি আন্তঃজিলা স্কুল ফুটবলৰ উদ্ধোধনী খেলত কামৰূপ গ্ৰাম্য জিলাৰ ডামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিৰুদ্ধে ২-০ গ’লত জয়েৰে অভিযান আৰম্ভ কৰিছে লক্ষীমপুৰৰ ঘিলামৰা টাউন হাইস্কুলে৷ মহানগৰীৰ পাশ্বৱৰ্তী টেপেচিয়াস্হিত এল.এন.আই.পি.ই.ৰ ফুটবল গ্ৰাউণ্ডত অনুষ্ঠিত খেলখনত ঘিলামৰাৰ হৈ গলৰ পাতনি মেলে প্ৰতিশ্ৰুতিসম্পন্ন লেফট উইংগাৰ টেক বাহাদুৰ চেত্ৰীয়ে (১-০)৷ খেলখনত বিজয়ী ঘিলামৰাৰ হৈ ৫৬মিনিটত দ্বিতীয় গলটো দিয়ে (২-০) পৰিৱৰ্ত খেলুৱৈ প্ৰান্তিক শইকীয়াই৷ মুঠ ৩৫টা দলে অংশগ্ৰহণ কৰা ল’ৰা ১৫বছৰ অনুৰ্দ্ধ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে এল.এন.আই.পি.ই.ৰ ডীন ড° শংকৰজ্যোতি বসুমতাৰীয়ে৷ অনুষ্ঠানত সন্মানীয় ব্যক্তিৰূপে উপস্থিত থাকে এল.এন.আই.পি.ই.ৰ সহকাৰী পঞ্জীয়ক ড° ভাস্কৰজ্যোতি শৰ্মা, সহকাৰী অধ্যাপক ড° সুৰেন্দৰ সিং, জেষ্ঠ ক্ৰীড়া সাংবাদিক হিলদুল গগৈ, চিৰঞ্জীৱ শৰ্মা, অনিৰূদ্ধ…
Read More
মুখ্যমন্ত্ৰী কেজৰিৱালক বিনাচৰ্তে মুক্তিৰ দাবী আম আদমি পাৰ্টীৰ

মুখ্যমন্ত্ৰী কেজৰিৱালক বিনাচৰ্তে মুক্তিৰ দাবী আম আদমি পাৰ্টীৰ

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদ আৰু কাৰাগাৰত তেওঁৰ অসুস্থতাৰ পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত কৰাৰ অভিযোগত  চচলত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আপৰ উপৰি ইণ্ডিয়া জোঁটৰ অংশীদাৰ দলসমূহে।আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচীত ইণ্ডিয়া জোঁটৰ অংশীদাৰ হিচাপে কংগ্ৰেছ, চিপিআই( এম), এনচিপি, তৃণমূল কংগ্ৰেছ, ফৰৱাৰ্ড ব্লক আৰু আৰ জে ডি দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত আপৰ উপৰি ইণ্ডিয়া জোঁটৰ এগৰাকী শীৰ্ষ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰৱ হয় ডাঃ ভবেন চৌধুৰী। তেওঁ কয়, " কেন্দ্ৰৰ শাসনাধিষ্ঠিত নৰেন্দ্ৰ মোদী চৰকাৰে ষড়যন্ত্ৰমূলক ভাৱে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিনা বিচাৰে গ্ৰেপ্তাৰ কৰি ৰাখিছে। হাস্পতালত…
Read More
পুনৰ দেশত ৰেল দুৰ্ঘটনা: ঝাৰখণ্ডত দুজন যাত্ৰীৰ মৃত্যু

পুনৰ দেশত ৰেল দুৰ্ঘটনা: ঝাৰখণ্ডত দুজন যাত্ৰীৰ মৃত্যু

ঝাৰখণ্ডৰ চেৰাইকেলা-খাৰচাৱান জিলাত মঙলবাৰে পুৱা মুম্বাই-হাওৰা মেইল ৰেলখন দুৰ্ঘটনাত পতিত হয়। যাৰ ফলত দুজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে পাঁচজন আহত হয়।ৰেলৱেৰ এজন জ্যেষ্ঠ বিষয়াই মৃত্যুৰ কথা নিশ্চিত কৰিছে। আহতসকলৰ এজনৰ অৱস্থা সংকটজনক। প্ৰাৰম্ভিক প্ৰতিবেদনত কোৱা হৈছিল যে ছয়জন লোক আহত হৈছিল। পুৱা ৪.৪৫ বজাত বাদাবাম্বুৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়। ঠাইখন জামছেদপুৰৰ পৰা ৮০ কিলোমিটাৰ দূৰত আৰু দক্ষিণ পূব ৰেল'ৱেৰ চক্ৰধৰপুৰ বিভাগৰ অন্তৰ্গত। হাওৰা-মুম্বাই মেইল এক্সপ্ৰেছৰ ডবা লাইনচ্যুত হোৱাৰ পিছত ইয়াৰ কাষত ৰখাই থোৱা এখন মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ হয়। যিখন ৰেলৰ ডবা লাইনচ্যুত হয় তাৰ নাম হাওৰা-চিএছএমটি এক্সপ্ৰেছ।ৰেলৰ সংখ্যা ১২৮১০। দুৰ্ঘটনাটোৰ বাবে, কিছু ৰেল আন পথলৈও পৰিৱৰ্তন কৰা হৈছে।
Read More
কেৰালাৰ ৱায়ানাডত ভূমিস্খলনত ৪৩ জনৰ মৃত্যু

কেৰালাৰ ৱায়ানাডত ভূমিস্খলনত ৪৩ জনৰ মৃত্যু

কেৰালাৰ ৱায়ানাডৰ মেপ্পাডিৰ ওচৰত মঙলবাৰে হোৱা ভূমিস্খলনৰ ফলত ৪৩ জন লোকৰ মৃত্যু হয়। কেৰালা চৰকাৰৰ এজন মন্ত্ৰী এম বি ৰাজেশে কৈছে যে এতিয়ালৈকে ৪৩ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে আৰু এই সংখ্যা ইয়াতকৈ অধিক হ'ব পাৰে। উদ্ধাৰ অভিযানৰ সময়ত, ২৫০ জন লোকক উদ্ধাৰ কৰা হৈছে। ভূমিস্খলনত বহু সংখ্যক লোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। বন মন্ত্ৰী এ কে সচিন্দ্ৰনে কয় যে এই মুহূৰ্তত ভূমিস্খলনত আৱদ্ধ হোৱা লোকৰ সংখ্যা কোৱা কঠিন। এনডিআৰএফ, কান্নুৰ প্ৰতিৰক্ষা সুৰক্ষা বাহিনী আৰু বায়ু সেনাৰ হেলিকপ্টাৰে উদ্ধাৰ অভিযান চলাই আছে। কিন্তু বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত অসুবিধা আহি পৰিছে। কেৰালাত যোৱা কিছু…
Read More
অলিম্পিকৰ টেনিছ প্ৰতিযোগিতাত ভাৰতৰ অভিযান অন্ত

অলিম্পিকৰ টেনিছ প্ৰতিযোগিতাত ভাৰতৰ অভিযান অন্ত

সুমিত নাগালৰ একক তথা ৰোহন বোপান্না আৰু এন শ্ৰীৰাম বালাজীৰ পুৰুষৰ দ্বৈত যুটিয়ে প্ৰথম ৰাউণ্ডত পৰাজয়ৰ সৈতে পেৰিছ অলিম্পিকৰ টেনিছ প্ৰতিযোগিতাত ভাৰতৰ অভিযান অন্ত পৰিছে। বোপান্না আৰু বালাজীয়ে ফ্ৰান্সৰ এডুয়াৰ্ড ৰজাৰ ভাচেলিন আৰু গেল মনফিলছৰ হাতত ৫-৭, ২-৬ ব্যৱধানত পৰাজিত হয়। মনফিলে শেষ মুহূৰ্তত ঘৰুৱা দলত আঘাতপ্ৰাপ্ত ফেবিয়ান ৰেবাউলৰ স্থান লয়। এইটো সম্ভৱতঃ বোপান্নাৰ অন্তিম অলিম্পিক আছিল।  ৪৪ বছৰীয়া তাৰকাগৰাকীয়ে ইতিমধ্যে ডেভিছ কাপৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে দেওবাৰে নাগাল প্ৰথমজন খেলুৱৈ আছিল যিয়ে টেনিছ ক'ৰ্টলৈ গৈছিল, কিন্তু তেওঁৰ শক্তিশালী বেচলাইন খেলখন ফ্ৰান্সৰ কোৰেণ্টিন মৌটেটৰ বিৰুদ্ধে পৰ্যাপ্ত হোৱা যেন নালাগিছিল, যিয়ে তিনিটা ছেটত এক সুন্দৰ বিজয় লাভ কৰিছিল।  অলিম্পিক…
Read More
পঞ্চায়ত আৰু উপ – নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব আপে

পঞ্চায়ত আৰু উপ – নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব আপে

ৰাজ্যৰ বিধান সভাৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে আন কোনো দলৰ সৈতে বুজাবুজি নকৰে। উপ - নিৰ্বাচনত কোন কোন সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত শীঘ্ৰেই দলৰ সিদ্ধান্ত প্ৰকাশ কৰিব।' গোলাঘাটত আপৰ কৰ্মকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে কৰি দলটোৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই মত ব্যক্ত কৰে। আপৰ নেতাগৰাকীয়ে দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আম আদমী পাৰ্টিৰ কল্যাণকামী আদৰ্শ তথা কৰ্মৰ ৰাজনীতিৰ সপক্ষে অসমবাসীক ওলাই আহিবলৈ আহ্বান জনায়।তেওঁ কয়, " দুৰ্নীতিৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপিৰ কোনো নীতিগত পাৰ্থক্য নাই। এইক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি স্বৰূপ।"  গোলাঘাট চহৰৰ প্ৰগতি চ'ৰাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক…
Read More
বনশ্ৰী দাস কলিতাৰ মোৰ আই শীৰ্ষক গ্ৰন্থ উন্মোচন

বনশ্ৰী দাস কলিতাৰ মোৰ আই শীৰ্ষক গ্ৰন্থ উন্মোচন

বৰপেটা প্ৰেছ ক্লাবত বনশ্ৰী দাস কলিতাৰ মোৰ আই শীৰ্ষক এখনি গ্ৰন্থ  উন্মোচন কৰা হয় ৷ কৃতী শিক্ষক বিবেকাৰঞ্জন ৰায় চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্জলন কৰি উন্মোচনী সভা উদ্বোধন কৰে বিশিষ্ট লেখক অক্ষয় কুমাৰ মিশ্ৰই৷ বৰগীতেৰে শুভাৰম্ভ হোৱা উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক তথা বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড: বিৰিঞ্চি কুমাৰ দাসে ৷ বিৰিঞ্চি কুমাৰ দাসে উন্মোচন কৰি প্ৰদান কৰা ভাষণ প্ৰসংগত কয় যে , সাহিত্য কেৱল গল্প , কবিতা , উপন্যাসৰ মাজতেই আবদ্ধ হৈ নাথাকিব পাৰে ৷ গল্প , কবিতা , প্ৰবন্ধ , উপন্যাসৰ চাৰিসীমাৰ বাহিৰত থাকি কিছুমান লেখকে সাহিত্য চৰ্চা কৰে বুলি উল্লেখ কৰি বিৰিঞ্চি…
Read More