Sonakshi Sarkar

1785 Posts
ই-মেগাজিন সাৰদা উন্মোচন

ই-মেগাজিন সাৰদা উন্মোচন

বৰপেটা  জিলা শৈক্ষিক কোৰ গ্ৰুপৰ এক সভাত সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ দ্বাৰা প্ৰকাশিত ই-মেগাজিন "সাৰদা" উন্মোচন কৰা হয়। www.sharadaemagazine.online ত এই আলোচনীখন উপলদ্ধ কৰা হৈছে।  শিক্ষক তথা বৰপেটা শিক্ষা খণ্ডৰ সমল‌‌ ব্যক্তি চন্দন কুমাৰ দাসে সম্পাদনা কৰা ই-আলোচনীখন উন্মোচন কৰে ডায়েট বৰপেটাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নাছিৰুদ্দিনে। ভাষণ প্ৰসংগত তেওঁ সম্পাদক চন্দন কুমাৰ দাস আৰু সম্পাদনা সমিতিৰ সদস্য সদস্যাসকলৰ ওপৰিও শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচঁনি বিষয়া সীতাংগ ডেকাৰ ভূয়সী প্ৰশংসা কৰে। বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক জয়ন্ত বৰা, সমগ্ৰ শিক্ষা বৰপেটাৰ প্ৰাক্তন জিলা মিছন সমন্বয়ক লখিমী দত্ত আৰু সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা আচঁনি বিষয়া সীতাংগ…
Read More
পেৰিছ অলিম্পিকত ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ

পেৰিছ অলিম্পিকত ৰূপৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ

ডিফেণ্ডিং চেম্পিয়ন নীৰজ চোপ্ৰা পেৰিছ অলিম্পিকত জেভলিন থ্ৰো ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰি একেৰাহে অলিম্পিক পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে পৰিগণিত হৈছে। কিন্তু পাকিস্তানৰ আৰ্শাদ নাদিমে নতুন অভিলেখৰ সৈতে অলিম্পিকত বিজয়ী হয়।২৬ বছৰীয়া নীৰজৰ দ্বিতীয় টো থ্ৰো আছিল তেওঁৰ একমাত্ৰ বৈধ থ্ৰো, য'ত তেওঁ ৮৯.৪৫ মিটাৰ দলিয়াইছিল, যিটো তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ থ্ৰো আছিল। ইয়াৰ বাহিৰেও, তেওঁৰ পাঁচোটা প্ৰচেষ্টাই ফাউল হয়। তেওঁ টকিঅ'ত ৮৭.৫৮ মিটাৰ থ্ৰোৰে সোণৰ পদক জিকিছিল। একে সময়তে, নাদিমে পেৰিছ অলিম্পিকত অভিলেখ গঢ়িছে। তেওঁ দ্বিতীয় থ্ৰোত ৯২.৯৭ মিটাৰলৈ জেভলিন থ্ৰো কৰি বিশ্ব অভিলেখ গঢ়ে। তেওঁ ষষ্ঠ আৰু অন্তিম প্ৰচেষ্টাত ৯১.৭৯ মিটাৰ থ্ৰো কৰে।…
Read More
মানৱ-হাতী সংঘাত প্ৰশমনত সহায় কৰিব “হাতীএপ”, সৌৰ বেৰা হাতপুথিয়ে

মানৱ-হাতী সংঘাত প্ৰশমনত সহায় কৰিব “হাতীএপ”, সৌৰ বেৰা হাতপুথিয়ে

অসম তথা উত্তৰ পূৰ্বাঞ্চলত বৰ্দ্ধিত মানৱ-হাতী সংঘাত প্ৰশমন আৰু মানৱ-হাতীৰ সহাৱস্থানক উদগনি যোগোৱাত সহায় কৰা উদ্দেশ্যে অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে তৃণমূলৰ লোকসকলকে ধৰি সকলো অংশীদাৰৰ বাবে উপযোগী হোৱাকৈ "হাতীএপ্" নামৰ এটা মোবাইল এপ্লিকেচন প্ৰস্তুত কৰিছে উলিয়াইছে । এই এপ'টোৱে মানৱ বসতিৰ ওচৰত বনৰীয়া হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়া সতৰ্কবাণী প্ৰেৰণৰ ব্যৱস্থা হিচাপে কাম কৰিব আৰু গাঁওবাসীক বনৰীয়া হাতীৰ সৈতে মুখামুখি হোৱাৰ অনাহুত পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব । আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী তথা হাতী গৱেষণা আৰু সংৰক্ষণ শাখাৰ মুৰব্বী ড: বিভূতি পি লহকৰৰ মতে এই এপটোত বনৰীয়া হাতীৰ আক্ৰমণৰ ভুক্তভোগীয়ে একাকালীন সাহায্য বিচৰা আবেদনৰ প-পত্ৰও থাকিব।  ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত…
Read More
পেৰিছ অলিম্পিকত পদক লাভৰ পৰা বঞ্চিত মীৰাবাঈ চানু

পেৰিছ অলিম্পিকত পদক লাভৰ পৰা বঞ্চিত মীৰাবাঈ চানু

টকিঅ' অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় ভাৰোত্তোলক মীৰাবাঈ চানুৱে এটা সময়ত দ্বিতীয় অলিম্পিক পদক জয় কৰাৰ কাষ চাপিছিল কিন্তু তেওঁৰ অন্তিম প্ৰচেষ্টাত বিফল হোৱাৰ পিছত মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত চতুৰ্থ স্থান লাভ কৰি দ্বিতীয়টো অলিম্পিক পদকৰ পৰা বঞ্চিত হয়। মীৰাবাঈয়ে মুঠ ১৯৯ কিলোগ্ৰামৰ বাবে স্নেচত ৮৮ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১১ কিলোগ্ৰাম উত্তোলন কৰে। ইয়াৰ সৈতে, তেওঁ মাত্ৰ এক কিলোগ্ৰামৰ বাবে পদকটো হেৰুৱায়। তেওঁ প্ৰতিযোগীতাৰ পিছত কয় - মই মোৰ প্ৰদৰ্শনত সুখী কিয়নো মোৰ আঘাতৰ পিছত প্ৰস্তুতি কৰিবলৈ মোৰ খুব কম সময় আছিল। মই অনুশীলনত ৮৫ কিলোগ্ৰাম উত্তোলন কৰি আছিলো আৰু মই এই অনুষ্ঠানতো সেইটো কৰিছিলো। মই ক্লিন…
Read More
মল্লযুদ্ধৰ পৰা অৱসৰৰ ঘোষণা বিনেশ ফোগাটৰ

মল্লযুদ্ধৰ পৰা অৱসৰৰ ঘোষণা বিনেশ ফোগাটৰ

পেৰিছ অলিম্পিকত সোণৰ পদকৰ খেলৰ পূৰ্বে অযোগ্য ঘোষণা হোৱাৰ পিছত মাকক সম্বোধন কৰা এক আৱেগিক বাৰ্তাত ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটে মল্লযুদ্ধৰ পৰা অৱসৰ ঘোষণা কৰে আৰু কয় যে তেওঁৰ আৰু খেলিবলৈ শক্তি নাই। বুধবাৰে মহিলাৰ ৫০ কিলোগ্ৰাম ফাইনেলৰ আগতে ১০০ গ্ৰাম  ওজন অধিক হোৱা বাবে বিনেশক অযোগ্য ঘোষণা কৰা হৈছিল। তেওঁ ছ'চিয়েল মিডিয়াত অৱসৰ ঘোষণা কৰিছে। মাক প্ৰেমলতাক সম্বোধন কৰি ২৯ বছৰীয়া তাৰকাগৰাকীয়ে লিখিছে, "মা, মোৰ ক্ষেত্ৰত মল্লযুদ্ধ জয়ী হৈছে , মই পৰাজিত হৈছোঁ। ক্ষমা কৰিব। আপোনাৰ সপোন, মোৰ সকলো সাহস ভংগ হৈছে। এতিয়া আৰু কোনো শক্তি নাই। গুডবাই ৰেষ্টলিং ২০০১-২০২৪। মই সদায় আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম।…
Read More
সমল ব্যক্তিৰ প্ৰশিক্ষণ সমাপ্তনিপুণ অসমৰ

সমল ব্যক্তিৰ প্ৰশিক্ষণ সমাপ্তনিপুণ অসমৰ

বৰপেটা জিলাৰ ডায়েট আৰু পূৰ্বাঞ্চল বিবাহ ভৱনত আৰম্ভ হোৱা সমল ব্যক্তিসকলৰ ৫ দিনীয়া মণ্ডল ভিত্তিক আবাসিক প্ৰশিক্ষণ সোমবাৰে সফলতাৰে‌‌ সমাপ্ত হয়। বৰপেটা আৰু নলবাৰী জিলাৰ মুঠ ২২৮ জন‌ সমল ব্যক্তি এই প্ৰশিক্ষণত অংশ গ্ৰহণ কৰে। শেষত প্ৰশিক্ষণস্থলীত এক শিকন শিক্ষণ সামগ্ৰীৰ মেলাও অনুষ্ঠিত কৰা হয়। মেলাত অংশগ্ৰহণকাৰী সকলৰ ভিতৰৰ শ্ৰেষ্ঠ তিনিজন TLM প্ৰস্তুতকৰ্তাক পুৰস্কৃত কৰা হয়। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে বৰপেটা শিক্ষাখণ্ডৰ শিক্ষা বিষয়া সমীন বৈশ্যই । সভাত সমগ্ৰ শিক্ষাৰ বৰপেটা জিলাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচঁনি বিষয়া চিতাংগ ডেকা, নলবাৰী জিলাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচনি বিষয়া আবেদুৰ ৰহমান, বৰপেটা জিলাৰ এফ এল এন জিলা প্ৰালোচক মিনাক্ষী দাস,…
Read More
ভূপেন বৰাক প্ৰত্যাহ্বান আপ নেতাৰ

ভূপেন বৰাক প্ৰত্যাহ্বান আপ নেতাৰ

বিৰোধী ঐক্য মঞ্চৰ বৈঠকত আম আদমী পাৰ্টিৰ অনুপস্থিতি সন্দৰ্ভত সংবাদমেল যোগে দলৰ স্থিতি স্পষ্ট কৰিলে আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য মামুন ইমদাদুল হক চৌধুৰীয়ে । গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ নেতাগৰাকীয়ে কয়, " লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্ডিয়া জোঁট বন্ধনৰ সমান্তৰাল ভাৱে অসমত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰিবৰ বাবে ১৬ টা কৈ বিৰোধী ৰাজনৈতিক দলৰ এক শক্তিশালী মঞ্চ গঠন কৰা হৈছিল। সুদীৰ্ঘ ৮ মাহ ধৰি বিৰোধী ঐক্যৰ স্বাৰ্থত আমি কথা পাতিছিলোঁ। কিন্তু মঞ্চৰ সভাপতি পদত অধিষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সম্পাদক অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাজত সংকীৰ্ণ বুজাবুজিৰ ভিত্তিত কংগ্ৰেছে ডিব্ৰুগড় লোকসভা সমষ্টি লুৰিণজ্যোতি…
Read More
ভাৰত – বাংলাদেশৰ সীমান্তত হাই এলাৰ্ট জাৰি

ভাৰত – বাংলাদেশৰ সীমান্তত হাই এলাৰ্ট জাৰি

বাংলাদেশত সোমবাৰে ৰাজনৈতিক পৰিবৰ্তনৰ পৰিপ্ৰেক্ষিতত সীমান্ত সুৰক্ষা বাহিনীয়ে ৪,০৯৬ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি কৰিছে। বিএছএফৰ কাৰ্যকৰী সঞ্চালক প্ৰধান (ডিজি) দলজিৎ সিং চৌধুৰী আৰু অন্যান্য জ্যেষ্ঠ কমাণ্ডাৰসকলে নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ পশ্চিম বংগৰ ফৰৱাৰ্ড ভ্ৰমণ কৰে। ডিজি দিল্লীৰ পৰা উৰা মাৰি সোমবাৰে পুৱা প্ৰায় ১০.৩০ বজাত কলকাতাত উপস্থিত হয়। ডিজিয়ে উত্তৰ ২৪ পৰগণা জিলা আৰু সুন্দৰবন অঞ্চলৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি বিএছএফে তেঁওলোকৰ সকলো ফিল্ড কমাণ্ডাৰক সীমান্তত কৰ্তব্যৰত সকলো কৰ্মচাৰীক তৎক্ষণাৎ নিয়োজিত কৰিবলৈ নিৰ্দেশ দিছে। বাংলাদেশৰ পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, বিএছএফে সমগ্ৰ ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কবাণী জাৰি কৰিছে আৰু সীমান্তত নিয়োজিত সৈন্যৰ শক্তি বৃদ্ধি কৰা কৰিছে।…
Read More
অনিৰ্দিষ্ট কাললৈ স্থগিত ভাৰত – বাংলাদেশৰ ৰেল সেৱা

অনিৰ্দিষ্ট কাললৈ স্থগিত ভাৰত – বাংলাদেশৰ ৰেল সেৱা

ভাৰত আৰু বাংলাদেশৰ মাজত সকলো ৰে'ল সেৱা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। ৰেল বিভাগে এই কথা প্ৰকাশ কৰিছে। বাংলাদেশৰ অস্থিৰতাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছে। ৰে'ল মন্ত্ৰালয়ৰ মতে, মৈত্ৰী এক্সপ্ৰেছ, বন্ধন এক্সপ্ৰেছ আৰু মিতালী এক্সপ্ৰেছে এই বছৰৰ জুলাইৰ মাজভাগত ৰে'লকেইখনে অন্তিম ভ্ৰমণ কৰিছিল আৰু তেতিয়াৰ পৰা বাংলাদেশত হোৱা হিংসাত্মক প্ৰতিবাদৰ বাবে বাতিল কৰা হৈছে। মৈত্ৰী এক্সপ্ৰেছ আৰু বন্ধন এক্সপ্ৰেছ দুয়োখন প্ৰথমতে ১৯ জুলাইৰ পৰা ৬ আগষ্ট লৈ বাতিল কৰা হৈছিল, মন্ত্ৰালয়ে কয়। অৱশ্যে, ৰে'লৱে কয় যে বাংলাদেশৰ বিদ্যমান পৰিস্থিতিৰ বাবে বাতিলকৰণ অনিৰ্দিষ্ট কাললৈ বৃদ্ধি কৰা হৈছে। মিতালী এক্সপ্ৰেছৰ সেৱাও অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। যাত্ৰীবাহী ৰে'ল সেৱাৰ উপৰিও…
Read More
৭ আগষ্টত অলিম্পিকত প্ৰতিদ্বন্দিতা কৰিব মীৰাবাঈ চানুৱে

৭ আগষ্টত অলিম্পিকত প্ৰতিদ্বন্দিতা কৰিব মীৰাবাঈ চানুৱে

টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানু অৱশেষত পেৰিছত উপস্থিত হৈছে। যোৱা কেইসপ্তাহমান ধৰি ফ্ৰান্সত প্ৰশিক্ষণ লৈ থকা চানুৱে এতিয়া অলিম্পিক ভিলেজত উপস্থিত হৈছে। পেৰিছ অলিম্পিকত চানু ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ পদকৰ দাবীদাৰ। তেওঁ ৭ আগষ্টত মহিলাৰ ৪৯ কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। মীৰাবাঈ চানুৱে ২০১৬ৰ ৰিঅ' অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল, য'ত তেওঁ ক্লিন এণ্ড জাৰ্ক শ্ৰেণীৰ তিনিওটা প্ৰচেষ্টাত বিফলতাৰ বাবে ইভেণ্টটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। অৱশ্যে, তেওঁ টকিঅ' অলিম্পিক ২০২০ ত ৰূপৰ পদক জিকি এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছিল। যোৱা কেইবছৰমান মীৰাবাঈ চানু আঘাতৰ সৈতে যুঁজি আছিল, যাৰ বাবে তেওঁ বহুতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে। ইয়াৰ স্বত্ত্বেও, তেওঁ কমনৱেলথ গেমছত তিনিটা পদক…
Read More