09
Dec
অগ্ৰণী প্ৰকাশন গোষ্ঠী বনফুল প্ৰকাশনৰ উদ্যোগত দেওবাৰে শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত এখনি গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়৷ উক্ত সভাত বিশিষ্ট সাহিত্যিক লীনা শৰ্মাই লেখক গৌৰী নন্দন শইকীয়াৰ 'পুনে ডায়েৰী' শীৰ্ষক উপন্যাসখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ গ্ৰন্থখন প্ৰকাশ কৰিছে বনফুল প্ৰকাশনৰ হৈ বিনু দেউৰী বৰুৱাই৷ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত গৌৰী নন্দন শইকীয়াই ৰচনা কৰা ৰহস্যঘন উপন্যাসখনৰ বিষয়ে স্বনামপ্ৰসিদ্ধ ঔপন্যাসিক লীনা শৰ্মাই তেখেতৰ উন্মোচকৰ ভাষণত বিস্তাৰিতভাৱে বৰ্ণনা কৰাৰ লগতে উপন্যাস আৰু সাহিত্য বিষয়ক এক মননশীল বক্তব্য আগবঢ়ায়৷ এই গ্ৰন্থ উন্মোচনী সভাত সাহিত্য অকাডেমী অনুবাদ বঁটা প্ৰাপক যশস্বী অনুবাদক- সাহিত্যিক বিপুল দেউৰী,বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰ, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত…
