Sonakshi Sarkar

1785 Posts
ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ তাৎক্ষণিক মেৰামতিৰ আহ্বানৰে নীতিন গাডকাৰীক সাক্ষাৎ গৌৰৱ গগৈৰ

ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ তাৎক্ষণিক মেৰামতিৰ আহ্বানৰে নীতিন গাডকাৰীক সাক্ষাৎ গৌৰৱ গগৈৰ

কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে বুধবাৰে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ ৰ তাৎক্ষণিক মেৰামতিৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি সাক্ষাৎ কৰে। তেওঁ সাক্ষাৎ কালত কয় যে ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ ৰ বেয়া পৰিস্থিতিৰ বাবে ৰাজ্যবাসীয়ে বহুতো সমস্যাৰ সন্মুখীন হৈছে। তেওঁ সাক্ষাৎকালত গাডকাৰীক এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ দিয়ে। তেওঁ কয় যে মই গাডকাৰীক অসমত ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ৰ অৱনতি হোৱা অৱস্থাৰ বিষয়ে অৱগত কৰিছো। মই তেওঁক এইটোও কৈছিলো যে ডিব্ৰুগড়ৰ ফালৰ যোৰহাটৰ পৰা জাজীৰ অংশটোৰ বাবে এতিয়ালৈকে তিনিবাৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু বাতিল কৰা হৈছে। মই সন্দেহ কৰোঁ যে প্ৰক্ৰিয়াটোৰ চতুৰ্থ পৰ্যায়টোৱে এক ইতিবাচক ফলাফল লাভ কৰিব।
Read More
শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ গ্ৰীষ্মকালীন কৰ্মশালা

শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ গ্ৰীষ্মকালীন কৰ্মশালা

মহানগৰীৰ কুমাৰপাৰাস্থিত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ (নামঘৰ)ত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত সত্ৰীয়া নৃত্য, বৰগীত, ঘোষানাম, দিহানাম, থিয়নাম হোলীগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই কৰ্মশালা ৩০ জুলাই, ২০২৪লৈকে অনুষ্ঠিত হ'ব। শুভাৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰীনা ভৌমিক। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাৰতীয় ইতিহাস সংকলনৰ ৰাষ্ট্ৰীয় সচিব হেমন্ত ধিং মজুমদাৰ, শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ মুখ্য সেৱক সনাতন দাস বাপ, লক্ষ্মী এডুকেশ্বন ফাউণ্ডেশ্যনৰ সঞ্চালক স্বপ্না দাসৰ লগতে কৰ্মশালাখনিৰ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক সত্ৰীয়া গুৰু হৰিপ্ৰসাদ শইকীয়া বৰবায়ন আৰু বৰগীত, ঘোষানাম, দিহানামৰ প্ৰশিক্ষক নলিনী মহন্ত উপস্থিত থাকে। প্ৰায় ৩ শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা গ্ৰীষ্মকালীন বিনামূলীয়া এই কৰ্মশালাখনিৰ…
Read More
পূৱ মণ্ডল ছাব-জুনিয়ৰ হকীত নিৰাশা জনক আৰম্ভণি অসমৰ

পূৱ মণ্ডল ছাব-জুনিয়ৰ হকীত নিৰাশা জনক আৰম্ভণি অসমৰ

গুৱাহাটীত চলি থকা দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত আয়োজক অসমে নিৰাশাজনক আৰম্ভণি কৰিছে৷ অসমৰ ল’ৰাৰ দলে ঝাৰখণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন গ্ৰুপ মেচত ১৯-০ গ’লৰ ব্যৱধানত পৰাস্ত হোৱাৰ বিপৰীতে অসমৰ ছোৱালী দলটোক ঝাৰখণ্ডে ১৭-০ গলত পৰাস্ত কৰে ৷ হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰিছে৷ আবেলি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছাই৷ অনুষ্ঠানত ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাসসহ অন্য ছয় ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকে৷
Read More
মদন চন্দ্ৰ দাসৰ দেহাৱসানত শোক

মদন চন্দ্ৰ দাসৰ দেহাৱসানত শোক

কামৰূপ(ম)জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মদন চন্দ্ৰ দাসে ১৯৮৬ চনত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত ডাফটৰী পদত যোগদান কৰি পৰবৰ্তী সময়ত বিভিন্ন জিলাত কাৰ্যনিৰ্বাহ কৰিছিল । একেদৰে ২০১৫ চনত কামৰূপ মহানগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত যোগদান কৰি ২০২২ চনত অৱসৰ গ্ৰহণ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী সহিতে দুজনী কন্যা আৰু এজন পুত্ৰ সন্তানসহ অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় । কামৰূপ মহানগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত অনুস্থিত এক শোকসভাত মদন চন্দ্ৰ দাসৰ বিদেহ আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনোৱা হয়।
Read More
গুৱাহাটীত পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী

গুৱাহাটীত পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী

হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰিব৷ ইতিমধ্যে ঝাৰখণ্ড, মিজোৰাম আৰু বিহাৰৰ দল আজি আহি গুৱাহাটীত উপস্থিত হৈছে৷ অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাসে জনোৱা অনুসৰি প্ৰতিযোগিতাৰ সকলো খেল ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ অসম হকী সন্থাই প্ৰতিযোগিতাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ সন্থাৰ সম্পাদক তপন কুমাৰ দাসে জনোৱা অনুসৰি প্ৰতিযোগিতাত অংশ ল’বলগা অসমৰ ল’ৰা-ছোৱালী দলৰ অনুশীলন শিবিৰটো সম্প্ৰতি ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত চলি আছে৷ ঘৰত খেলাৰ সুযোগ লাভ কৰি অসমৰ উভয় দলে প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী অসম হকী সন্থাৰ সম্পাদকজন৷ মণিপুৰ,…
Read More
অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা চাৰি সাংবাদিকক

অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা চাৰি সাংবাদিকক

অলিম্পিক গেমছ ক’ভাৰ কৰা ৰাজ্যৰ চাৰিগৰাকী ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা জনায় অসম অলিম্পিক সন্থাই ৷ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰৰ সঞ্চালনাত এ অ’ এৰ সভাকক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানত আসন্ন পেৰিছ অলিম্পিকলৈ যাবলগা সাংবাদিক সুবোধ মল্ল বৰুৱা আৰু দুই ফটো সাংবাদিক ৰিতুৰাজ কোৱৰ তথা গিতিকা তালুকদাৰৰ লগতে ২০১২ চনৰ লণ্ডন অলিম্পিক ক’ভাৰ কৰা কুল প্ৰদীপ ভাগৱতী আৰু ২০১৬ চনৰ ৰিঅ’ অলিম্পিকলৈ যোৱা পবিত্ৰ গগৈক সম্বৰ্ধনা জনায়৷ অৱশ্যে অসুস্থতাৰ বাবে গগৈ আজিৰ অনুষ্ঠানত উপস্থিত নাছিল৷ সভাত অসম অলিম্পিক সন্থাৰ অনূপ চৌধুৰী, ভৱজ্যোতি গোস্বামী, ৰাজীৱ প্ৰকাশ বৰুৱা, অলক ত্ৰিপাঠী, ৰনজিত বড়ো, মুৰুলীধৰ চৌধুৰী, অৰূপ ঠাকুৰীয়া, দেৱজিত গগৈ, ইমটিয়াজ…
Read More
অন্ধ্ৰ প্ৰদেশক ১৫,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা নিৰ্মলা সীতাৰমণৰ

অন্ধ্ৰ প্ৰদেশক ১৫,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা নিৰ্মলা সীতাৰমণৰ

নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ পূৰ্ণাংগ বাজেটখন মঙলবাৰে পুৱা সংসদ ভৱনত উত্থাপন কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেট ভাষণৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে অন্ধ্ৰ প্ৰদেশক ১৫,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। নিৰ্মলা সীতাৰমণে কয় যে বিহাৰে পথ প্ৰকল্পৰ বাবে ২৬ হাজাৰ কোটি টকাৰ পেকেজ লাভ কৰিব, আনহাতে ২১ হাজাৰ কোটি টকাৰ এটা বিদ্যুৎ প্ৰকল্পও তেঁওলোকৰ বাবে ঘোষণা কৰা হৈছে। উল্লেখ্য যে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে সাধাৰণ নিৰ্বাচনত ১৬ খন আসন লাভ কৰিছিল। আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডি(ইউ) ১২ খন আসন লাভ কৰিছিল। এই দুয়োটা দল এনডিএৰ অংশীদাৰ। এই দুটা দলৰ সমৰ্থনত নৰেন্দ্ৰ…
Read More
আৰণ্যকৰ উদ্যোগত গোৱালপাৰা সংমণ্ডলৰ বনকৰ্মীক সৌৰ শক্তি চালিত বেৰা পৰিচালনাৰ প্ৰশিক্ষণ

আৰণ্যকৰ উদ্যোগত গোৱালপাৰা সংমণ্ডলৰ বনকৰ্মীক সৌৰ শক্তি চালিত বেৰা পৰিচালনাৰ প্ৰশিক্ষণ

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত গোৱালপাৰা জিলাত অনুষ্ঠিত এখন কৰ্মশালাত গোৱালপাৰা বন সংমণ্ডলৰ সকলো ৰেঞ্জৰ বন ক্ষেত্ৰ কৰ্মীসকলক মানৱ-হাতী সংঘাত প্ৰশমনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা সৌৰ শক্তি চালিত বেৰা স্থাপন পদ্ধতি, পৰিচালনা আৰু ইয়াৰ কাম-কাজৰ বিষয়ে হাতে কামে প্ৰশিক্ষণ দিয়া হয় । আৰণ্যকৰ এটা সমল গোটে পৰিচালনা কৰা এই দিনজোৰা প্ৰশিক্ষণ কৰ্মশালাখনত গোৱালপাৰা বন সংমণ্ডলৰ ছটা ৰেঞ্জ ক্ৰমে – গোৱালপাৰা সদৰ, ৰংজুলি, কৃষ্ণাই, লক্ষীপুৰ, প্ৰটেকশ্যন ৰেঞ্জ আৰু কনছলিডেশ্যন ৰেঞ্জৰ প্ৰায় ৫০ জন ফ্ৰন্টলাইন বনকৰ্মীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহনকাৰী সকলক শ্ৰেণী কোঠাত দিয়া সজাগতা প্ৰশিক্ষণৰ লগতে সৌৰ শক্তি চালিত বেৰা এখনৰ সকলো উপাদান, এইবোৰৰ কাম আৰু সৰ্বাধিক কাৰ্য্যকাৰিতাৰ…
Read More
ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ

ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ

প্ৰাণ ৰক্ষা কৰি বাংলাদেশৰ পৰা সু-কলমে স্বগৃহত উপস্থিত হ'লহি শিৱসাগৰ জেঙনিকটীয়াৰ চিকিৎসা বিজ্ঞানৰ এজন বিশেষ ছাত্ৰ। ভয়াবহ সংঘৰ্ষৰ সাক্ষী শিৱসাগৰ জেঙনীকটীয়াৰ ৰফিক আলি আৰু য়াছমিন বেগমৰ পুত্ৰ আব্বাছ আলি।বাংলাদেশৰ এখন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত চাব্বাছ আলিয়ে আন ১৩ গৰাকী ভাৰতীয়ৰ সৈতে কথমপি প্ৰাণ ৰক্ষা কৰি সুকলমে স্বদেশলৈ উভতি আহিবলৈ সক্ষম হৈছে। আব্বাছ থকা বাংলাদেশৰ হোষ্টেলটো হৈছিল আক্ৰমণ। বিমান বন্দৰলৈ গোপনে অহাৰ পথটো হৈছিল ভয়ানক আক্ৰমণ। ভাঙি দিয়া হৈছিল চাব্বাছ আলিহঁত উঠি অহা গাড়ী। চকুৰ সন্মুখতে বিদ্ৰোহীয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ। স্বগৃহলৈ আহি এই শিহৰনকাৰী বৰ্ণনা দিছে শিৱসাগৰৰ ছাত্ৰজনে
Read More
হোজাইত আপৰ কৰ্মকৰ্তা সন্মিলন

হোজাইত আপৰ কৰ্মকৰ্তা সন্মিলন

হোজাই চহৰৰ হোটেল অশোকত অনুষ্ঠিত হয় আপৰ হোজাই জিলা কৰ্মকৰ্তা সন্মিলন। দিনজোৰা বিস্তৃত কাৰ্যসূচীত দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই অসমত ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত আম আদমী পাৰ্টিৰ গণভিত্তি শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়। দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ বাবে আপৰ স্বেচ্ছাসেৱক সকলক ত্যাগৰ মনোভাৱেৰে কাম কৰিবলৈ আপৰ নেতাগৰাকীয়ে আহ্বান জনায় । কাৰ্যসূচীত আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী, জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়া, সমীক সেনগুপ্তা, ৰমেন বৰঠাকুৰ আৰু অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে। দলৰ নেতা সকলে আপৰ কৰ্মকৰ্তা সকলক ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হ'বলৈ আহ্বান জনায় ।সন্মিলনত হোজাই জিলাৰ…
Read More