28
Aug
বৰপেটা সত্ৰত নন্দোৎসৱ উপলক্ষে পুৱাৰ নাম-প্ৰসঙ্গত চৰণ,যুগল পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয় ৷ তাৰ পিছত 'ভাগৱত' আৰু 'পাঠ'পঢ়া হয় ৷ প্ৰসঙ্গৰ অন্ত হোৱাৰ পিছত গায়ন-বায়নে গুৰু আসনৰ সন্মুখত 'গুৰুঘাত' বজাই পৰিতাল,ৰূপক,মানজ্যোতি আদি তালত শ্যাম আৰু ললিত ৰাগত দুটাকৈ পুৱাৰ গীত গাই গোপাল আতা বিৰচিত 'জন্মযাত্ৰা' নাটখন ৰূপায়ন কৰে ৷ সত্ৰৰ পাঠকে গুৰু আসনৰ সন্মুখত পুণৰ নাম-প্ৰসঙ্গ আৰাম্ভ কৰে ৷ শিশুলীলাৰ ঘোষা গাই প্ৰথমে গুৰু আসনৰ চাৰিওফালে তিনি বাৰ প্ৰদক্ষিণ কৰি পশ্চিম দুৱাৰেদি পাঠক সমন্বিতে ভকত সকল ওলাই আহি শিশুলীলাৰ " কেশৱ কৃষ্ণ কৰুণা সিন্ধু", "হে কৰুণাময়,ৰামকৃষ্ণ ও হৰি ৰামকৃষ্ণ"আদি ঘোষা গাই কীৰ্ত্তন ঘৰৰ চাৰিওফালে সাতবাৰ প্ৰদক্ষিণ কৰি মঠৰ চোতালত…
