06
Sep
ইণ্ডিয়ান চুপাৰ লীগে (আইএছএল) সকলো ক্লাবৰ বাবে কেইবাটাও নতুন নিয়ম প্ৰৱৰ্তন কৰে। যেনে বাধ্যতামূলক ভাৰতীয় সহকাৰী প্ৰশিক্ষক, কনকাচন (মূৰৰ আঘাতৰ বাবে মূৰ্চ্ছা যোৱা অৱস্থা) বিকল্প আৰু ৰঙা কাৰ্ডৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীল। এই নিয়ম অনুসৰি সকলো দলতে এএফচি প্ৰ' লাইচেঞ্চ (বা সমতুল্য) থকা এজন ভাৰতীয় সহকাৰী প্ৰশিক্ষক থাকিব লাগিব। যদি মুখ্য প্ৰশিক্ষকক তেওঁৰ পদৰ পৰা অব্যাহতি দিয়া হয় বা কেইখনমান খেলৰ বাবে নিলম্বিত কৰা হয়, তেন্তে ভাৰতীয় সহকাৰী প্ৰশিক্ষকে অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে মুখ্য প্ৰশিক্ষকৰ সকলো দায়িত্ব গ্ৰহণ কৰিব। এফ চি গোৱা এই ক্ষেত্ৰত এক সঠিক উদাহৰণ হ'ব, য'ত গৌৰমাংগী সিঙে প্ৰশিক্ষণৰ ভূমিকা গ্ৰহণ কৰিব, ভাৰতৰ বৰ্তমানৰ প্ৰশিক্ষক মেনোলো মাৰ্কেজ উপলব্ধ…
