30
Jun
২১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ বাবে প্ৰায় এবছৰৰ অপেক্ষা অন্ত পৰাৰ সম্ভাৱনা আছে।ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে জুলাই মাহৰ প্ৰথম সপ্তাহত উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, কৰ্ণাটককে ধৰি প্ৰায় এক ডজন ৰাজ্যত নতুন ৰাজ্যিক সভাপতি নিৰ্বাচন কৰাৰ পৰিকল্পনা কৰিছে দলটোৱে। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় নিৰ্বাচন বিষয়া ড০ কে লক্ষ্মণে শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰা, কিৰেন ৰিজিজু আৰু সাংসদ ৰবি শংকৰ প্ৰসাদক ক্ৰমে উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়ে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে ৩৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কমেও ১৯ খন ৰাজ্যৰ সভাপতি নিৰ্বাচন কৰাটো বাধ্যতামূলক। এই…
