05
Jul
পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তবর্তী বৃহত্তৰ ৰাণী অঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণে ভীষণ সমস্যাৰ সৃষ্টি কৰি আহিছে। বিগত এটা দশকত হাতী - মানুহৰ সংঘাটৰ ফলত পুৰুষ - মহিলা নিৰ্বিশেষে কেবাজনো নিৰীহ লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ - দুৱাৰসহ সা- সম্পত্তি , খেতি - বাতিৰো বিস্তৰ ক্ষতিসাধন হৈছে। বছৰ বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত সীমান্তবাসী ৰাইজে সুঁৱৰিছে ত্রাহি মধুসূধন। এই সমস্যাৰ পৰা ৰাইজক কিছু সকাহ দিয়াৰ লক্ষ্যৰে আগবাঢ়ি আহিছে "উই ফাউণ্ডেশ্যন ইণ্ডিয়া" , "লাছা শ্বেয়াৰ এণ্ড কেয়াৰ ফাউণ্ডেশ্যন" নামৰ দুটা অগ্ৰণী অনা চৰকাৰী সংগঠন। দুই জুলাইৰ দিনা দুয়োটা সংগঠনৰ সহযোগত আৰু বন বিভাগৰ ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তত্বাৱধানত হাতী মানুহৰ…
