11
Mar
ওদালগুৰি জিলাৰ বহুকেইখন গাৱঁৰ বাসিন্দাই সন্মুখীন হোৱা পানীৰ নাটনি, মনৱ-হাতী সংঘাত আৰু জলবায়ু পৰিৱৰ্তন সৃষ্ট সমস্যাৰ উদ্ভাৱনী আৰু বহনক্ষম সমাধানৰ অৰ্থে কাম কৰাৰ বাবে দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকলৈ এল আই চি হাউছিং ফাইনেন্স লিমিটেডে (এল আই চি এইচ এফ এল) আৰ্থিক সাহায্য আগবঢ়াইছে । এই পুঁজিৰে ৰুপায়ণ কৰিবলগীয়া প্ৰকল্পটোৰ অধীনত অসমৰ আকাংক্ষী জিলা হিচাপে স্বীকৃতি লাভ কৰা ওদালগুৰি জিলাৰ ভেৰগাঁও, ওদালগুৰি আৰু মাজবাট উন্নয়ন খণ্ডৰ মুঠ ২৯ খন গাঁৱক সামৰি লোৱা হ’ব । ওদালগুৰি জিলাৰ বৃহৎ এলেকা ভূটান হিমালয়ৰ পাদদেশত বা পাদদেশৰ গাতে লাগি থকা আৰু ভাৱৰ মণ্ডলৰ অন্তৰ্গত আৰু এই এলেকাৰ জটিল ভূ-জলবৈজ্ঞানিক বৈশিষ্টৰ কাৰণে ভূ-গৰ্ভৰ…
