Sonakshi Sarkar

1909 Posts
পৰুপল্লী কাশ্যপৰে পৃথক হোৱাৰ ঘোষণা ছাইনা নেহৱালৰ

পৰুপল্লী কাশ্যপৰে পৃথক হোৱাৰ ঘোষণা ছাইনা নেহৱালৰ

ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱাল আৰু তেওঁৰ স্বামী পৰুপল্লী কাশ্যপে পাৰস্পৰিক সন্মতি সাপেক্ষে পৃথক হোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে।দেওবাৰে ছাইনাই ইনষ্টাগ্ৰামত এটা ব্যক্তিগত আপডেট শ্বেয়াৰ কৰিছিল, যিয়ে ক্ৰীড়া জগতখনত বৃহৎ চৰ্চা লাভ কৰিছে। দুবাৰৰ কমনৱেলথ গেমছ চেম্পিয়ন ছাইনাই লিখিছে, জীৱনে কেতিয়াবা আমাক বিভিন্ন দিশলৈ লৈ যায়। বহু বিবেচনাৰ অন্তত কাশ্যপ পাৰুপল্লী আৰু মই বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লৈছো। আমি নিজৰ আৰু ইজনে আনজনৰ বাবে শান্তি, বৃদ্ধি আৰু নিৰাময় বাছি লৈছো। স্মৃতিবোৰৰ বাবে মই কৃতজ্ঞ আৰু ভৱিষ্যতলৈ শুভকামনা জনাইছো।  ২০১৮ চনৰ ডিচেম্বৰ মাহত ছাইনা আৰু প্ৰাক্তন শ্বাটলাৰ কাশ্যপৰ বিবাহ হয়।
Read More
দ্বিতীয়বাৰলৈ ফিফা ক্লাব বিশ্বকাপৰ চেম্পিয়ন চেলছী

দ্বিতীয়বাৰলৈ ফিফা ক্লাব বিশ্বকাপৰ চেম্পিয়ন চেলছী

ফিফা ক্লাব বিশ্বকাপ ২০২৫ৰ ফাইনেলত ইংলিছ ক্লাব চেলছীয়ে পেৰিছ চেণ্ট জাৰ্মেইন (পিএছজি)ৰ বিৰুদ্ধে ৩-০ গ’লত ঐতিহাসিক জয় পঞ্জীয়ন কৰে। কোল পামৰৰ দুটা সুন্দৰ গ’ল আৰু জোৱাও পেড্ৰ’ৰ নিৰ্ণায়ক ষ্ট্ৰাইকৰ বাবে চেলছীয়ে দ্বিতীয়বাৰৰ বাবে এই সন্মানীয় খিতাপ দখল কৰে। নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই বহু প্ৰত্যাশিত চূড়ান্ত মেচখনত চেলছীয়ে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছিল। ২২ মিনিটত মালো গুষ্টোৰ এছিষ্টেৰে প্ৰথমটো গ’ল দিয়ে কোল পামৰে। ইয়াৰ পাছতে ৩০ মিনিটত পামৰে আন এক গ’ল দি দলৰ অগ্ৰগতি ২-০লৈ বৃদ্ধি কৰে। ৪৩ মিনিটত জোয়াও পেড্ৰ’ই তৃতীয়টো গ’ল দি কাৰ্যতঃ চেলছীৰ জয় নিশ্চিত কৰে। সমগ্ৰ খেলখনত পি এছ জি দলটোৱে কোনো গ’ল…
Read More
দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰ শীৰ্ষত মেঘালয়ৰ বৰ্নিহাট, দ্বিতীয়ত ৰাজধানী দিল্লী

দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰ শীৰ্ষত মেঘালয়ৰ বৰ্নিহাট, দ্বিতীয়ত ৰাজধানী দিল্লী

অসম-মেঘালয় সীমান্তত অৱস্থিত বৰ্নিহাট ২০২৫ চনৰ প্ৰথমাৰ্ধত ভাৰতৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে দিল্লী দ্বিতীয় স্থানত আছে বুলি শেহতীয়া বিশ্লেষণত প্ৰকাশ পাইছে। স্বতন্ত্ৰ গৱেষণা সংস্থা চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰ (CREA)ৰ এক বিশ্লেষণ অনুসৰি বৰ্নিহাটত পি এম ২.৫ (বতাহত ডেৰ মাইক্ৰ’মিটাৰ বা তাতকৈ কম ব্যাসৰ কণা)ৰ গড় ঘনত্ব প্ৰতি ঘনমিটাৰত ১৩৩ মাইক্ৰ’গ্ৰাম হোৱাৰ বিপৰীতে দিল্লীৰ পি এম ২.৫ৰ মাত্ৰা প্ৰতি ঘনমিটাৰত ৮৭ মাইক্ৰ’গ্ৰাম পোৱা গৈছে, যিটো ৰাষ্ট্ৰীয় পৰিৱেশ বায়ুৰ গুণাগুণৰ দুগুণ। হাজীপুৰ (বিহাৰ), গাজিয়াবাদ (উত্তৰ প্ৰদেশ), গুৰুগ্ৰাম (হাৰিয়ানা), পাটনা, সাছাৰাম (বিহাৰ), তালচেৰ (ওড়িশা), ৰৌৰকেলা (ওড়িশা) আৰু ৰাজগীৰ (বিহাৰ) প্ৰদূষিত ১০খন চহৰৰ ভিতৰত অন্যতম। বছৰৰ…
Read More
অসমত অভাৱনীয় হাৰত চাহৰ উৎপাদন বৃদ্ধি

অসমত অভাৱনীয় হাৰত চাহৰ উৎপাদন বৃদ্ধি

২০২৪ চনৰ মে' মাহৰ তুলনাত ২০২৫ চনৰ মে' মাহত অসমকে ধৰি ভাৰতত চাহৰ উৎপাদন  যথেষ্ট বৃদ্ধি পাইছে। ভাৰতীয় চাহ পৰিষদৰ ২০২৫ চনৰ মে' মাহৰ আনুমানিক চাহৰ উৎপাদন সন্দর্ভত এক প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। তেওঁলোকৰ প্ৰতিবেদন অনুসৰি এই সময়ছোৱাত মুঠ চাহৰ উৎপাদন ৩৭.৪৪ নিযুত কিলোগ্রাম বৃদ্ধি পাইছে। অসমতো ২০২৪ চনৰ মে' মাহত চাহৰ উৎপাদনৰ তুলনাত ২০২৫ চনৰ মে' মাহত ১২.০২ নিযুত কিলোগ্রাম উৎপাদন বৃদ্ধি পাইছে।  প্রতিবেদনত উল্লেখ কৰা হৈছে যে সামগ্রিকভাৱে ভাৰতত মে' মাহটোত ১৩০.৬০ নিযুত কিলোগ্রাম চাহ উৎপাদন কৰে। ইয়াৰ তুলনাত ২০২৪ চনৰ মে' মাহত দেশত চাহৰ উৎপাদনৰ পৰিমাণ আছিল ৯৩.১৬ নিযুত কিলোগ্রাম। এনেদৰে বছৰটোৰ ভিতৰত এই বৃদ্ধিৰ পৰিমাণ…
Read More
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সীমা নিৰ্ধাৰণ নোহোৱাকৈ চলি আছে ধাৰাপুৰ চাৰিআলি আৰু বিমান বন্দৰ সংযোগী পথ ; ভূমি অধিগ্ৰহণ কাৰ্যত বৈষম্যৰ অভিযোগ ভুক্তভোগীৰ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সীমা নিৰ্ধাৰণ নোহোৱাকৈ চলি আছে ধাৰাপুৰ চাৰিআলি আৰু বিমান বন্দৰ সংযোগী পথ ; ভূমি অধিগ্ৰহণ কাৰ্যত বৈষম্যৰ অভিযোগ ভুক্তভোগীৰ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ গুৱাহাটীৰ পৰা অহা - যোৱা কৰা যাত্ৰীৰ বৰ্দ্ধিত সংখ্যা আৰু বিমানবন্দৰটোৰ নতুন টাৰ্মিনেল বিল্ডিংটো ধাৰাপুৰ চাৰিআলিৰ পৰা কিছু নিলগৰ গড়ল - আজাৰা সংযোগী এছ অ এছ পথত নিৰ্মাণ  কৰা হৈছে। সকলো ঠিকে থাকে থাকিলে চলিত বৰ্ষৰ শেষৰ ফালে  নতুন টাৰ্মিনেল বিল্ডিংটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ফলত ধাৰাপুৰ চাৰিআলিৰ পৰা গড়ল হৈ বৰঝাৰ বিমানবন্দৰ সংযোগী পথত অধিক যান - বাহন চলাচল কৰাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত লোক নিৰ্মাণ পথ বিভাগে ধাৰাপুৰ চাৰিআলিৰ পৰা গড়ল হৈ আজাৰা ভি আই পি চকলৈ প্ৰায় আঠ…
Read More
২০০০-২০২৩ বৰ্ষৰ ভিতৰত অসমত ১২০৯টা হাতীৰ মৃ*ত্যু

২০০০-২০২৩ বৰ্ষৰ ভিতৰত অসমত ১২০৯টা হাতীৰ মৃ*ত্যু

২০০০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসমত হাতী-মানুহৰ সংঘাতত ১,৪০০ৰো অধিক লোকৰ মৃত্যু হয়। এই সময়ছোৱাত ৰাজ্যত ১,২০৯টা হাতীৰো মৃত্যু হয়, ইয়াৰে সৰ্বাধিক ৬২৬টা হাতীৰ মৃত্যু মানুহৰ কাৰ্যকলাপৰ বাবে হয়। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (WII)ৰ প্ৰতিবেদনৰ পৰা এই কথা পোহৰলৈ আহিছে। শেহতীয়াকৈ প্ৰকাশ পোৱা প্ৰতিবেদনত বিদ্যুৎস্পৃষ্টক মানুহৰ ফলত হোৱা মৃত্যুৰ প্ৰধান কাৰণ হিচাপে উল্লেখ কৰা হৈছে, য’ত ২৩ বছৰৰ ভিতৰত ২০৯টা হাতীৰ মৃত্যু হৈছে। প্ৰতিবেদন অনুসৰি এই সময়ছোৱাত হাতীৰ অস্বাভাৱিক মৃত্যুৰ আন প্ৰধান কাৰণসমূহ হ’ল আকস্মিক মৃত্যু (১২৭), মানুহৰ কাৰ্যকলাপৰ অন্যান্য প্ৰভাৱ (৯৭), ৰে’লৰ খুন্দা (৬৭), চোৰাং চিকাৰী (৫৫), বিষক্ৰিয়া (৬২), প্ৰতিশোধমূলক হত্যা (৫) আৰু বাহনৰ সংঘৰ্ষ (৪)।  ইয়াত কোৱা হৈছে…
Read More
দু্ৰ্ঘটনামুক্ত যাতায়াতৰ স্বাৰ্থত নথিপত্ৰ সঠিক কৰি ৰখাৰ আহ্বায়ক গৌতম দাসৰ

দু্ৰ্ঘটনামুক্ত যাতায়াতৰ স্বাৰ্থত নথিপত্ৰ সঠিক কৰি ৰখাৰ আহ্বায়ক গৌতম দাসৰ

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচীলৈ যান-বাহন ব্যৱহাৰকাৰী সকলে ব্যাপক সহযোগিতা আগবঢ়াইছে। পহিলা জুলাইত আৰম্ভ হোৱা “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচীত যোৱা সপ্তাহটোত মহানগৰ জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত হৈ হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেচন চেন্টাৰৰ সহযোগত চিমুলেটৰৰ দ্বাৰা বিশেষভাৱে আগবঢ়োৱা বাহন চালনাৰ বিনামূলীয়া শিক্ষা আৰু প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণৰ সময়ত প্ৰশিক্ষাৰ্থীসকলে বাহন চালনাৰ অনুজ্ঞাপত্ৰ এখন উলিয়াই ল’ব পৰাকৈ নিজকে সক্ষম, পাৰদৰ্শী কৰি তুলিব পৰাকৈয়ো সম্যক জ্ঞান লাভ কৰে। একেদৰে শিক্ষক, চিকিৎসক, অধিবক্তা, সাংবাদিক, সেনা-জোৱানৰ পৰিয়াল আৰু বয়োজ্যেষ্ঠ লোকৰ বাবেও আগবঢ়োৱা সম্পূৰ্ণ সেৱা মাহৰ কাৰ্যসূচীলৈ বিশিষ্ট ব্যক্তিকলৰ উৎসাহজনক সহযোগিতা মনকৰিবলগীয়া। “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচীত প্ৰায় প্ৰতিদিনেই…
Read More
৫জুলাজানুৱাৰীৰ পৰা মহানগৰীৰ জিএছ ৰোডত চলিব কেবল বিদ্যুত-চিএনজি চালিত বাছ

৫জুলাজানুৱাৰীৰ পৰা মহানগৰীৰ জিএছ ৰোডত চলিব কেবল বিদ্যুত-চিএনজি চালিত বাছ

আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মহানগৰীৰ জিএছ ৰোডৰ ২৩আৰু ৩৬নং পথত কেবল বিদ্যু আৰু চিএনজি চালিব বাছহে চলিব। এই সন্দৰ্ভত সকলো ব্যৱস্থা গ্ৰহণৰ বাবে আজি আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব আৰু সহকাৰী পৰিবহণ আয়ুক্ত তামচিন আফটাবৰ তত্ত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সভাগৃহত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত অতিৰিক্ত আয়ুক্ত (পৰিবহণ) অজিত কুমাৰ শৰ্মা, পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস, অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য প্ৰৱন্ধক বিজু ডেকা, এচিপি ট্ৰেফিক(২) দীপজ্যোতি দাধৰা, এচিপি ট্ৰেফিক(৩) প্ৰিয়া বড়ো, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ আৰু গুৱাহাটী মহানগৰ পৰিবহণ সংস্থাৰ বিভিন্ন সদস্যসকলৰ লগতে সংস্থাৰ অধীনৰ…
Read More
উইম্বলডনৰ কোৱাৰ্টাৰ ফাইনেলত ন’ভাক জ’কভিচ

উইম্বলডনৰ কোৱাৰ্টাৰ ফাইনেলত ন’ভাক জ’কভিচ

উইম্বলডনত প্ৰথম ছেটত পৰাস্ত হৈ শক্তিশালী প্ৰত্যাৱৰ্তন কৰি সোমবাৰে চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰে ন’ভাক জ’কভিচে। ১১ নং ছিড এলেক্স ডি মিনাউৰক চাৰিটা ছেটত পৰাস্ত কৰি তেওঁ ১৬ সংখ্যক বাৰৰ বাবে পুৰুষৰ একক টেনিছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ষষ্ঠ স্থানৰ জ’কভিচে ২০১৬ চনৰ পিছত উইম্বলডনৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰস্থানৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও তেওঁ দুৰ্বল আৰম্ভণিৰ পৰা সুস্থ হৈ ডি মিনাউৰক ১-৬, ৬-৪, ৬-৪, ৬-৪ ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৩৮ বছৰীয়া জ’কভিচে দুৰ্বল আৰম্ভণি কৰিছিল আৰু অতি একপক্ষীয় প্ৰথম ছেটত পৰাস্ত হৈছিল। ইয়াৰ পাছত জ’কভিচে পুনৰ উভতি আহি পৰৱৰ্তী দুটা ছেটত জয়লাভ কৰি ২-১ ছেটত অগ্ৰগতি লাভ…
Read More
গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন

গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ উদ্যোগত  আৰু বন বিভাগৰ বশিষ্ঠস্থিত পূব কামৰূপ বন সংমণ্ডলৰ  সহযোগত পাঞ্জাবাৰীৰ বতাহঘুলি পাহাৰত  "পাহাৰবোৰ সেউজ কৰো আহক" অভিযান কাৰ্যসূচীৰ অংশ হিচাপে আজি বন মহোৎসৱ - ২০২৫ পালন কৰা  হয়।  উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষে বিগত পাঁচ বছৰ ধৰি "পাহাৰবোৰ সেউজ কৰো আহক" এক  পদক্ষেপ গ্ৰহণ কৰি বৃহত্তৰ গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজ দি  সেউজ পৰিৱেশৰ বাবে গছপুলি ৰোপণ কৰি আহিছে। আনহাতে গছপুলি ৰোপণৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ  কাকতি আৰু গুৱাহাটীৰ আঞ্চলিক বন বিষয়া হেমন্ত অধিকাৰীয়ে…
Read More