21
Jul
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শনিবাৰে ইংলেণ্ডক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰৱৰ্তী তিনিটা সংস্কৰণৰ আয়োজকৰ অধিকাৰ প্ৰদান কৰে।দেওবাৰে ইয়াত অনুষ্ঠিত হোৱা বাৰ্ষিক সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰে বিশ্বব্যাপী সংস্থাটোৱে। দুবছৰীয়া চক্ৰ সম্পূৰ্ণ হোৱাৰ পিছত ২০২৭, ২০২৯ আৰু ২০৩১ চনত অনুষ্ঠিত হ’বলগীয়া ডব্লিউ টি চি ফাইনেল তিনিখন জুন মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, যিটো ইংলেণ্ডৰ ক্ৰিকেট ছিজনৰ সময়। ইতিমধ্যে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে ২০২১ চনৰ ফাইনেল (ভাৰত বনাম নিউজিলেণ্ড) চাউথমপটনত, ২০২৩ চনৰ ফাইনেল (ভাৰত বনাম অষ্ট্ৰেলিয়া) লণ্ডনৰ অ’ভেলত আৰু ২০২৫ চনৰ ফাইনেল (দক্ষিণ আফ্ৰিকা বনাম অষ্ট্ৰেলিয়া) লৰ্ডছত অনুষ্ঠিত কৰিছে। আইচিচিয়ে এক বিবৃতিত কয় যে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডক পৰৱৰ্তী তিনিখন বিশ্ব…
