Sonakshi Sarkar

1909 Posts
ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰি পাকিস্তানৰে চুক্তি সাক্ষৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰি পাকিস্তানৰে চুক্তি সাক্ষৰ আমেৰিকাৰ

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক ঘোষণা কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে পাকিস্তানৰ সৈতে তেঁওলোকৰ তেলৰ ভাণ্ডাৰ বিকাশৰ বাবে চুক্তি সম্পূৰ্ণ কৰে। ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে যে আমেৰিকাই  পাকিস্তানৰ সৈতে চুক্তি সম্পূৰ্ণ কৰিছে। ইয়াৰ অধীনত দুয়োখন দেশে মিলি পাকিস্তানৰ বৃহৎ তেলৰ মজুত প্ৰক্ৰিয়া গঢ়ি তুলিব। এই চুক্তিৰ সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ইনষ্টাগ্ৰামত লিখিছে-আমেৰিকা-পাকিস্তানৰ ঐতিহাসিক বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্ৰত নেতৃত্বৰ ভূমিকা লোৱাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক মই সম্পূৰ্ণ হৃদয়েৰে ধন্যবাদ জনাইছো। বুধবাৰে ভাৰতৰ সৈতে চলি থকা বাণিজ্যিক চুক্তিৰ আলোচনাৰ সময়ত ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক ঘোষণা কৰিছিল। তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক পেনাল্টি আৰোপ…
Read More
ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি ; কৰ্মফল নাট মঞ্চস্থ

ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি ; কৰ্মফল নাট মঞ্চস্থ

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অগ্ৰণী নাট্য গোষ্ঠী 'অঙ্গনা'ই বিগত বৰ্ষৰ দৰে এইবেলিও ১০ জুলাইৰ পৰা  ১৫ দিনীয়া  কাৰ্যসূচীৰে অনুষ্ঠিত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ ২৫ জুলাইত  সামৰণি পৰে। ১৫ দিনীয়া নাট কৰ্মশালাখন জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আজাৰা ৰাজহ চক্ৰ এলেকাৰ ধাৰাপুৰ চাৰিআলিস্থিত  ভৱেন ঠাকুৰীয়া কমপ্লেক্সত  ১০ জুলাইৰ দিনা  শুভ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে  কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত নৱজ্যোতি নাথ ,  বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি  তপন চন্দ্ৰ দাস ,  ১নং ৰাণী চাপৰি জিলা পৰিষদৰ সদস্য কুশল দাসে  ভাগ লৈ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। আনহাতে ৰাষ্ট্ৰীয় নাট্য…
Read More
এইবাৰ মেঘালয়ত ৫৬ শতাংশ কম বৰষুণ

এইবাৰ মেঘালয়ত ৫৬ শতাংশ কম বৰষুণ

উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য মেঘালয়, যাৰ অৰ্থ হৈছে ‘মেঘৰ বাসস্থান’। বিশ্বৰ সৰ্বাধিক বৰষুণৰ পৰা ঠাই মৌচিনৰাম আৰু চেৰাপুঞ্জিৰ বাবে ৰাজ্যখন বিখ্যাত। ইয়াৰ ৮৩ শতাংশ জনসংখ্যা বৰষুণেৰে খেতি কৰা কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু শেহতীয়া বাৰিষা আৰু দীৰ্ঘম্যাদী বৰষুণৰ ধাৰালৈ চাই এতিয়া ৰাজ্যখনৰ নাম পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন হৈছে। এই পৰিস্থিতি কেৱল জীৱিকাৰ প্ৰতি ভাবুকি নহয় বৰঞ্চ জল সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে। ২০২৫ চনৰ দক্ষিণ-পশ্চিম বাৰিষাৰ বাবে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত মেঘালয়ত সৰ্বাধিক বৰষুণৰ ঘাটি (৫৬ শতাংশ) হৈছে। আনকি তুলনামূলকভাৱে খৰাং ৰাজ্য ঝাৰখণ্ডতো এইবাৰ মেঘালয়তকৈ অধিক বৰষুণ হৈছে। দৰাচলতে ২০২৫ চনৰ বাৰিষাত মুঠ সাতখন ৰাজ্য…
Read More
গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ

গৌৰৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰে। কিন্তু মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈৰ নাম পোনপটীয়াকৈ নোলোৱাকৈ লোকসভা সমষ্টিৰ কথা উল্লেখ কৰি তেওঁক লক্ষ্য কৰি লয়৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই মঙলবাৰে ছ’চিয়েল মিডিয়া এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি গৌৰৱ গগৈক অসমৰ বাবে অপমানজনক বুলি আখ্যা দিয়ে। সোমবাৰে সংসদত আমাৰ ৰাজ্যৰ সাংসদগৰাকীয়ে দিয়া ভাষণে তেওঁ যে পাকিস্তানৰ হৈ কাম কৰে সেয়া নিঃসন্দেহে প্রমাণ কৰিছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে৷ তেওঁৰ গোপন ভ্ৰমণ আৰু পাকিস্তানী শাসকৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথাই কয়। যিহেতু তেওঁৰ পত্নী আৰু দুয়োটা সন্তানৰ বিদেশী নাগৰিকত্ব আছে, সেয়েহে তেওঁ…
Read More
হুণ্ডাই ক্ৰেতাৰ দহ বৰ্ষপূৰ্তিত পৰিবহণ বিভাগৰ তত্ত্বাৱধানত পথ-সুৰক্ষা সজাগতাৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান

হুণ্ডাই ক্ৰেতাৰ দহ বৰ্ষপূৰ্তিত পৰিবহণ বিভাগৰ তত্ত্বাৱধানত পথ-সুৰক্ষা সজাগতাৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান

পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে সমাজৰ সৰ্বস্তৰলৈ পথ-সুৰক্ষা সজাগতা আগবঢ়াই নিয়াৰ বাবে আজি মহানগৰীৰ ৰাজপথত এক বৃহৎ কাৰ ৰেলী উলিওৱা হয়। আজি দুপৰীয়াৰ ভাগত বশিষ্ঠ চাৰিআলিৰ ওজা হুণ্ডাই প্ৰাইভেট লিমিটেডৰ সন্মুখত পতাকা জোকাৰি এই কাৰ ৰেলী মুকলি কৰে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া  আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। কাৰ ৰেলী মুকলি কৰি তেওঁ পথেৰে চলাচল কৰা সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীৰ যোগেদি সমাজৰ সৰ্বস্তৰতে পথ-সুৰক্ষাৰ জনসচেতনতা সৃষ্টিৰ উদেশ্যৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে যানবাহন ব্যৱহাৰকাৰীয়ে সদায় বাহনখনৰ সুৰক্ষাৰ দিশটো সঠিক আৰু সম্পূৰ্ণ হৈ থকাটো বিচাৰে ৷ এইক্ষেত্ৰত হুণ্ডাই ক্ৰেতাই মানুহৰ…
Read More
ৰোৱনী-দাৱনীৰে ভৰি পৰিছে বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰ ; আন্ধেৰীজুলিত ভূঁই ৰোৱা উৎসৱ পালন

ৰোৱনী-দাৱনীৰে ভৰি পৰিছে বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰ ; আন্ধেৰীজুলিত ভূঁই ৰোৱা উৎসৱ পালন

প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে সেই লক্ষ্যৰে কৃষক, ৰোৱনী সকল কৃষি কৰ্মত নামি পৰিছে  । অৱশ্যে এইবেলি ৰাজ্যৰ বহু জিলাত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ প্ৰায় ৪০ শতাংশ ঘাটী হৈ থকাত ৰাজ্যৰ বেছিভাগ ঠাইতে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি পূৰ্বতে খৰাং জনিত আৰু বানৰ পৰা  তুলনামূলকভাৱে মুক্ত অঞ্চল হিচাপে সুনাম থকা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল পৰিগণিত হৈ অহা বিশেষকৈ শালি ধানৰ খেতিৰ বাবে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলটো খৰাংজনিত পৰিস্থিতিয়ে কৃষক ৰাইজক কিছু অসুবিধাত পেলাইছে। ইয়াৰ মাজতে বিগত চাৰি - পাঁচদিন ধৰি অলপ অচৰপ বৰষুণ হোৱাত তাৰ সুযোগ…
Read More
৫ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত ৩৬২ কোটি টকা ব্যয়

৫ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত ৩৬২ কোটি টকা ব্যয়

২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ বাবে চৰকাৰৰ মুঠ ব্যয় হৈছে ৩৬২ কোটি টকা। এই তথ্য ৰাজ্যসভাত প্ৰদান কৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ খৰচ অন্তৰ্ভুক্ত নহয়। এই সময়ছোৱাত মুঠ ৩৩ বাৰ বহিঃৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল মোদীয়ে। এই ৩৬২ কোটি টকাৰ পৰিসংখ্যাই চলিত মাহৰ আৰম্ভণিতে হোৱা পাঁচখন দেশ ভ্ৰমণলৈকে ব্যয় দেখুৱাইছে। কিন্তু ২০২৫ চনত নিৰ্ধাৰিত তিনিটা ভ্ৰমণৰ বিল — কানাডা (জি৭ শীৰ্ষ সন্মিলন), ব্ৰাজিল (ব্ৰিকছ শীৰ্ষ সন্মিলন) আৰু মৰিচাছলৈ — এতিয়াও সম্পূৰ্ণৰূপে গণনা কৰা হোৱা নাই আৰু সেয়েহে ইয়াক অন্তৰ্ভুক্ত কৰা হোৱা নাই। ২০২৫ চনত বাকী তিনিখন…
Read More
কেন্দ্ৰীয় বিদ্যালয়- নৱোদয় বিদ্যালয়ত ১২ হাজাৰ শিক্ষকৰ পদ খালী

কেন্দ্ৰীয় বিদ্যালয়- নৱোদয় বিদ্যালয়ত ১২ হাজাৰ শিক্ষকৰ পদ খালী

শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়ত ১২ হাজাৰৰো অধিক শিক্ষকৰ পদ খালী হৈ আছে। বুধবাৰে ৰাজ্যসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় বিদ্যালয়ত মুঠ ৭,৭৬৫টা শিক্ষক পদ আৰু নৱোদয় বিদ্যালয়ত ৪,৩২৩টা শিক্ষক পদ আজিলৈকে সমগ্ৰ দেশতে খালী হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই খালী পদসমূহ পূৰণ কৰাটো এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু সংশ্লিষ্ট নিযুক্তি বিধি অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।চৌধুৰীয়ে কয়-অস্থায়ী সময়ৰ বাবে ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা আছে, যাতে নিৰৱচ্ছিন্ন শৈক্ষিক কাম-কাজ নিশ্চিত হয়। নেচনেল কাউন্সিল অৱ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (এনচিইআৰটি)ত…
Read More
উল্লুকে ধৰি ২৫টা এপক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

উল্লুকে ধৰি ২৫টা এপক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

আপত্তিজনক বিষয়বস্তু সম্প্ৰচাৰ কৰা এপসমূহৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে উল্লুকে ধৰি ২৫টা এপ নিষিদ্ধ কৰিছে। পৰ্ণগ্ৰাফিক বিষয়বস্তু আৰু আপত্তিজনক বিজ্ঞাপন দেখুওৱা এপ চিনাক্ত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।চৰকাৰে জাৰি কৰা এক অধিসূচনা অনুসৰি সকলো ইন্টাৰনেট সেৱা প্ৰদানকাৰী (আই এছ পি)ক এই ২৫টা এপক নিজৰ চাৰ্ভাৰৰ পৰা ব্লক কৰি তৎক্ষণাত প্ৰৱেশ কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰিপৰ্ট অনুসৰি অশ্লীল আৰু আপত্তিজনক বিষয়বস্তুৰ প্ৰসাৰ ৰোধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তথ্য অনুসৰি নিষিদ্ধ সকলো এপ আৰু ৱেবছাইটত পৰ্ণগ্ৰাফিক কন্টেন্টকে ধৰি আপত্তিজনক বিজ্ঞাপন প্ৰদৰ্শিত হয়।এনে…
Read More
অসম ডনবস্ক’ বিশ্ববিদ্যালয়ত নাকৰ নতুন বৈশিষ্ট্য সন্দৰ্ভত পাঁচদিনীয়া কৰ্মশালা সম্পন্ন

অসম ডনবস্ক’ বিশ্ববিদ্যালয়ত নাকৰ নতুন বৈশিষ্ট্য সন্দৰ্ভত পাঁচদিনীয়া কৰ্মশালা সম্পন্ন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষৰ উদ্যোগত (আই কিউ এ চি) পাঁচদিনীয়াকৈ 'ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ' চমুকৈ 'নাকৰ নতুন বৈশিষ্ট্যসমূহ আৰু ইয়াৰ কাৰ্য্যকৰীতা'  শীৰ্ষক কৰ্মশালা অনুষ্ঠিত হয়।  অসম ডনবস্কবিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ প্ৰায় ২০০ জন  অধ্যাপকে অংশগ্ৰহণ কৰা কৰ্মশালাখনত ফাদাৰ ডঃ অনিল জৰ্জ কনকোথ ,  এম আই টি এল ইৰ সঞ্চালক আৰু কেৰেলাৰ মেৰিয়ান কলেজ কুট্টিক্কানামৰ অধ্যাপক ডঃ বিনু থমাছ আৰু  সহকাৰী অধ্যাপক ড০ আজেশ পৰকল জোচেফ  সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। কৰ্মশালাৰ লগত সংগতি ৰাখি অনুষ্ঠিত আলোচনা সত্ৰত  সমল ব্যক্তিসকলে মূলতঃ কৌশলগত পৰিকল্পনা, পাঠ্যক্ৰম বিকাশ, শাসন, আৰু ছাত্ৰকেন্দ্ৰীক গুণগত নিশ্চয়তা পদ্ধতিৰ…
Read More