08
Apr
অসম চৰকাৰে নিজাববীয়াকৈ কৃত্ৰিম উপগ্রহ উৎক্ষেপণৰ প্ৰস্তুতি চলাই আছে। ২০২৫-২৬ বৰ্ষৰ বাজেটত অসম চৰকাৰে ঘোষণা কৰাৰ দৰেই অসমৰ এটা নিজা কৃত্রিম উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেই অনুসৰি ইছৰোৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত সোমবাৰে নতুন দিল্লীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ইছৰোৰ অধ্যক্ষ ভি. নাৰায়ণনৰ সৈতে এক বৈঠকত মিলিত হয়। ইছৰোৰ অধ্যক্ষগৰাকীৰ সৈতে হোৱা বৈঠকত অসমৰ নিজা কৃত্ৰিম উপগ্ৰহৰ বিষয়টোৱেও স্থান লাভ কৰে বুলি মুখ্যমন্ত্ৰীৰ কার্যালয়ে সদৰী কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ভি নাৰায়ণনৰ সৈতে এক সমৃদ্ধ বার্তালাপত মিলিত হৈ অসমৰ অভিলাষী মহাকাশ কাৰ্যসূচীৰ প্রসংগত বিশদভাৱে আলোচনা কৰাৰ সৌভাগ্য হয়। অসমৰ…
