19
Aug
ৰাজ্যৰ এগৰাকী প্ৰসিদ্ধ আয়ুৰ্বেদিক চিকিৎসক , গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্য্যৰ প্ৰথম মৃত্যু তিথিৰ লগত সংগতি ৰাখি ১৪ আগষ্টত তেওঁৰ লংকেশ্বৰস্থিৰ বাসগৃহত আয়োজিত এক স্মৃতিচাৰণ অনুষ্ঠানত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে ২০২৪ চনৰ ২৬ জুলাইত বাৰ্ধক্যজনিত কাৰণত ডাঃ ভট্টাচাৰ্য্যৰ মৃত্যু হৈছিল । তেওঁৰ প্ৰথম মৃত্যু তিথিৰ লগত সংগতি ৰাখি পৰিয়ালৰ উদ্যোগত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখন সিদিনা উন্মোচন কৰা হয় । আনহাতে এই উপলক্ষে স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক ডাঃ অনিল কুমাৰ শৰ্মাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে সম্পাদনা সমিতিৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মাই। ইফালে গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তৰুণ…
