20
May
গুৱাহাটীৰ ভৰলুমুখস্থিত ঐতিহ্যমণ্ডিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন ক্ৰমান্বয়ে খেলৰ অনুপযোগী হৈ পৰা কাৰ্যত গুৱাহাটীৰ ক্ৰীড়াপ্ৰেমী সকলৰ লগতে বিদ্যালয়খনৰ লগত জড়িত সকলোকে চিন্তিত কৰি তুলিছে। যাৰ বাবে ১৭ মে'ৰ দিনা বিয়লি বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বিদ্যালয়ৰ খেলপথাৰখনৰ উন্নয়ন সম্পৰ্কত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। আনহাতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মালবিকা চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দ্যেশ্য বাখ্যা কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি আৰু অসামৰিক খাদ্য যোগান বিভাগৰ উপাধ্যক্ষ দেৱান ধ্ৰুৱজ্যোতি মৰলে। সভাত মূখ্য অতিথি হিচাপে ভাগ লৈ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সকলো পক্ষৰ সহযোগত যিকোনো প্ৰকাৰে খেলপথাৰখন পুনৰ খেলৰ উপযোগী কৰি তোলা হব বুলি ব্যক্ত কৰি…
