06
Sep
গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ১০ অক্টোবৰ, শুকুৰবাৰে। ১১ অক্টোবৰ, শনিবাৰে ভোটগণনা কৰা হ'ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ'ব। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰে গুৱাহাটী প্ৰেছ ক্লাব নির্বাচন সমিতিয়ে। উল্লেখ্য, 'আমাৰ অসম'ৰ কাৰ্যবাহী সম্পাদক গৌতম শর্মাক অধ্যক্ষ হিচাপে লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচন সমিতি গঠন কৰি দিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাই। নির্বাচন সমিতিৰ আন চাৰিগৰাকী সদস্য হৈছে ক্রমে 'দৈনিক অসম'ৰ জ্যেষ্ঠ সাংবাদিক অতুল্য মাধৱ গোস্বামী, 'প্রতিদিন টাইম'ৰ জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধি, 'এন ডি ২৪'ৰ জ্যেষ্ঠ সাংবাদিক অনিতা কলিতা গোস্বামী আৰু 'ডি বাই ৩৬৫'ৰ জ্যেষ্ঠ সাংবাদিক প্রশান্ত বল্লভ হাজৰিকা।…
