Sonakshi Sarkar

1801 Posts
ফিফা বিশ্বকাপলৈ যোগ্যতা ব্ৰাজিল, ইকুৱেডৰ- অষ্ট্ৰেলিয়াৰ

ফিফা বিশ্বকাপলৈ যোগ্যতা ব্ৰাজিল, ইকুৱেডৰ- অষ্ট্ৰেলিয়াৰ

ব্ৰাজিল, ইকুৱেডৰ আৰু অষ্ট্ৰেলিয়াই অহা বছৰৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তিনিওখন দেশে নিজ নিজ মেচত জয়ী হোৱাত সফল হয়। ইফালে লিয়নেল মেছিৰ আৰ্জেণ্টিনাই কলম্বিয়াৰ সৈতে ড্ৰ’ খেলিবলগীয়া হয়। ইতিমধ্যে আৰ্জেণ্টিনাৰ দলটোৱে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ উপৰিও চিলিয়ে বলিভিয়াৰ হাতত ২-০ গ’লত পৰাস্ত হয়, যাৰ বাবে একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ পৰা আঁতৰি থাকিব। এই পৰ্যন্ত মুঠ ১৩টা দলে যোগ্যতা অৰ্জন কৰিছে। ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপত ৪৮টা দলে খেলিব।২০২২ চনৰ ফিফা বিশ্বকাপলৈকে মূল ইভেণ্টত মাত্ৰ ৩২টা দলে খেলিছিল। ফিফা বিশ্বকাপ ২০২৬ ৰ আয়োজক হৈছে আমেৰিকা, মেক্সিকো আৰু কানাডা। ইতিমধ্যে এই তিনিখন দেশে আয়োজক হিচাপে যোগ্যতা অৰ্জন…
Read More
আৰণ্যকৰ উদ্যোগত ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ শক্তি চালিত বেৰা স্থাপন

আৰণ্যকৰ উদ্যোগত ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ শক্তি চালিত বেৰা স্থাপন

মনৱ-হাতী সংঘাত প্ৰশমন আৰু সহৱস্থানক উদগনিৰ অৰ্থে অব্যাহত ৰখা নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ অংশহিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে যোৰহাট জিলাৰ মুঠ আঠখন গাঁও সামৰি এতিয়ালৈকে প্ৰায় ৩০.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ শক্তি চালিত বেৰা স্থাপন কৰিছে । তিনিখন প্ৰকল্প গাঁও ক্ৰমে হাতীশাল চাপৰি, শগুনপাৰা, বেজৰছিগা আৰু ইয়াৰ গাতে লাগি থকা পাচঁখন গাঁও ক্ৰমে জপং গাঁও, তিনিঘৰীয়া, চুমনি চাপৰি, মাজৰ চাপৰি আৰু চোতাল বাঘ গাঁৱক সামৰি এই বেৰাখন স্থাপন কৰা হৈছে। আৰণ্যকে “ব্ৰিটিছ এছিয়ান ট্ৰাষ্ট” আৰু “এলিফেন্ট ফেমিলী”ৰ সহযোগ আৰু “ডাৰউইন ইনিছিয়েটিভ” সহায়ত স্থাপন কৰা এই সৌৰ শক্তি চালিত বেৰাখনৰ ফলত মানৱ-হাতী সংঘত প্ৰভাৱিত গাঁওসমূহৰ ১০৪৭ টা পৰিয়াল তথা ৫০০০ ৰো অধিক…
Read More
নেচনছ লীগৰ খিতাপ দখলৰে ইতিহাস সৃষ্টি পৰ্তুগালৰ

নেচনছ লীগৰ খিতাপ দখলৰে ইতিহাস সৃষ্টি পৰ্তুগালৰ

ক্রিষ্টিয়ানো ৰোনাল্ডোৰ নেতৃত্বত পর্তুগালে ইউএফএ নেচনছ লীগৰ খিতাপ দখল কৰি পুনৰবাৰ ইতিহাসৰ সৃষ্টি কৰিলে৷ সোমবাৰে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত পৰ্তুগালে পেনাল্টি শ্বুটআউটত স্পেইনক ৫-৩ গ’লত পৰাস্ত কৰে। নিৰ্দিষ্ট সময়লৈকে দুয়োটা দল ২-২ গ’লত সমতাত আছিল। খেলখন স্পেইনৰ সপক্ষে আৰম্ভ হৈছিল যেতিয়া ২১ মিনিটত মাৰ্টিন জুবিমেণ্ডীয়ে দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় গ’ল দি দলটোক ১-০ গ’লত আগুৱাই লৈ যায়। কিন্তু পৰ্তুগালে অতি সোনকালেই উভতি আহি নুনো মেণ্ডেছে ৰোনাল্ডোৰ সহায়ত এক সুন্দৰ গ’ল দি স্ক’ৰ ১-১ কৰে। প্ৰথমাৰ্ধৰ শেষৰ ফালে স্পেইনে পুনৰ অগ্ৰগতি লাভ কৰে। মিডফিল্ডাৰ পেড্ৰিৰ এক সুন্দৰ পাছত মাইকেল অয়াৰজাবালে গ’ল দি দলটোক ২-১ গ’লত অগ্ৰগতি প্ৰদান কৰে। অৱশ্যে দ্বিতীয়ার্ধত পুনৰবাৰ সুযোগৰ সুযোগ…
Read More
ফ্ৰেন্স অ’পেনৰ ছেমিত পৰাস্ত ন’ভাক জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ছেমিত পৰাস্ত ন’ভাক জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ৰোমাঞ্চিত ছেমি ফাইনেলত বিশ্বৰ এক নম্বৰ জানিক ছিনাৰৰ হাতত পৰাস্ত হয় ন’ভাক জ’কভিচ। এই পৰাজয়ৰ পিছত জ’কভিচ আৱেগিক হৈ পৰে। কিয়নো তেওঁ অহাবাৰ ফ্ৰেন্স অ'পেন খেলিব পাৰিব নে নোৱাৰে তাক লৈ জ’কভিচ অনিশ্চয়তাত আছে। মেচৰ পিছৰ সংবাদমেলত ৩৮ বছৰীয়া ন’ভাক জ’কভিচে পৰাজয়ৰ পিছত নিজৰ ভৱিষ্যতৰ অনিশ্চয়তাৰ কথা প্ৰকাশ কৰে। জ'কভিচে কয়-এইখন সম্ভৱতঃ মোৰ ইয়াত খেলা শেষ মেচ হ'ব পাৰে। গতিকে শেষত মই অলপ আৱেগিক হৈ পৰিছিলো। যদি এইখন ৰ'লেণ্ড গাৰোছত মোৰ কেৰিয়াৰৰ বিদায়ী মেচ আছিল, তেন্তে পৰিৱেশ আৰু ভিৰৰ পৰা মই যি পাইছিলো তাৰ ক্ষেত্ৰত ই কল্পনাতীত আছিল। মই আৰু বেছি খেলিব বিচাৰো নেকি? হয়, মই বিচাৰো। কিন্তু…
Read More
আজাৰা অঞ্চলত সদৌ অসম যুৱ সংঘৰ উদ্যোগত গছপুলি ৰোপণ, বিতৰণ আৰু সজাগতা সমদল

আজাৰা অঞ্চলত সদৌ অসম যুৱ সংঘৰ উদ্যোগত গছপুলি ৰোপণ, বিতৰণ আৰু সজাগতা সমদল

সদৌ অসম যুৱ সংঘ‌ৰ জালুকবাৰী সমজিলা সমিতিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে পাঁচ জুনত বৃহত্তৰ আজাৰা অঞ্চলৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান - প্ৰতিষ্ঠানৰ চৌহদ আৰু পথৰ দাঁতিত গছপুলি ৰোপণ কৰা হয়। পুৱা এটি গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ অসম যুৱ সংঘ‌ৰ কেন্দ্ৰীয় সভাপতি বিজয় দাসে। আনহাতে কাৰ্যসূচীত সংঘৰ উপদেষ্টা তিলক নাথ আৰু ব্ৰজেন দাস। জালুকবাৰী  সমজিলা সমিতিৰ সভাপতি যুগল কলিতা,  বিজিত ভৰদ্বাজকে ধৰি কেবাজনো  সদস্য সদস্যা উপস্থিত থাকে। সকল, ইয়াৰ উপৰিও বৰঝাৰস্থিত  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চৌহদতো  সমিতিৰ উদ্যোগত আৰু বিমানবন্দৰ টেক্সী চালক সন্থাৰ সহযোগত  গছপুলি ৰোপণ কৰা হয়। ইয়াৰ উপৰিও কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজাৰা অঞ্চলত  ৰাইজৰ…
Read More
গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বুজাবুজি চুক্তি স্বাক্ষৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বুজাবুজি চুক্তি স্বাক্ষৰ

বিশ্ব পৰিৱেশ দিৱসত ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ শৈক্ষিক তথা পাৰিৱেশিক বাতাবৰণ সৃষ্টিৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । উক্ত চুক্তি অনুসৰি দুয়োটা প্ৰতিষ্ঠানে পৰিৱেশৰ লগত জড়িত আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ গৱেষণামূলক আৰু সজাগতামূলক প্ৰচাৰ তথা বিভিন্ন পৰিৱেশ হিতৈষী কাৰ্যসূচী হাতত ল'ব। উক্ত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত অনুষ্ঠানত মুখ্য বক্তা ৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক দুলাল চন্দ্ৰ গোস্বামী, মুখ্য অতিথি হিচাপে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, সন্মানীয় অতিথিৰূপে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ অধ্যক্ষ ড⁰ অৰূপ কুমাৰ মিশ্ৰ আৰু বিশিষ্ট অতিথিৰূপে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ সদস্য…
Read More
চৌদি আৰৱৰ মক্কাত উপস্থিত ১৪ লাখ হজ তীৰ্থযাত্ৰী

চৌদি আৰৱৰ মক্কাত উপস্থিত ১৪ লাখ হজ তীৰ্থযাত্ৰী

এইবছৰৰ হজ তীৰ্থযাত্ৰা আৰম্ভ হৈছে, য’ত ১৪ লাখৰো অধিক তীৰ্থযাত্ৰী চৌদি আৰৱৰ পবিত্ৰ চহৰ মক্কাত উপস্থিত হৈছে।গৰমৰ বাবে যোৱা বছৰ হাজ তীৰ্থযাত্ৰালৈ যোৱা ১৩০০ লোকৰ মৃত্যু হৈছিল। ছৌদি আৰৱে এইবাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে বাৰ্ষিক অনুষ্ঠানটোৰ বাবে এইবাৰ নিৰাপত্তা বৃদ্ধি কৰিছে। তাপমাত্ৰা ৪৪ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হোৱাৰ সম্ভাৱনা থকাৰ বাবে তেওঁলোকে হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰাৰ লগতে শ শ শীতল ইউনিট স্থাপন কৰি গৰমৰ পৰা সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ১২ বছৰৰ তলৰ শিশুকো নিষেধাজ্ঞা আৰোপ কৰিছে।লগতে চৰকাৰী অনুমতি অবিহনে হজ কৰা হজযাত্ৰীসকলক পাঁচ হাজাৰ ডলাৰৰ জৰিমনা আৰু ১০ বছৰৰ বাবে প্ৰৱেশ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে বুলি সকীয়াই দিয়া…
Read More
ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টিৰে ছেমিফাইনেলত ন’ভাক জ’কভিচ

ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টিৰে ছেমিফাইনেলত ন’ভাক জ’কভিচ

ছাৰ্বিয়াৰ টেনিছ কিংবদন্তি ন’ভাক জ’কভিচে ২০২৫ ৰ ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টি কৰিছে।বুধবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল মেচখনত তেওঁ জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভক ৪-৬, ৬-৩, ৬-২, ৬-৪ ছেটত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ৩৮ বছৰ বয়সত জ’কভিচে ৰ’লেণ্ড গাৰোছ (ফ্ৰেঞ্চ অ’পেন)ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ সৈতে তেওঁ গ্ৰেণ্ড শ্লেমৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন পুৰুষ খেলুৱৈও হিচাপে পৰিগণিত হয়, ৩৮ বছৰতকৈও অধিক বয়সত এই কৃতিত্ব অৰ্জন কৰে। এই জয়েৰে জ’কভিচে নিজৰ নামত বহু অভিলেখ গঢ়িবলৈ সক্ষম হয়। ১৯৬৮ চনৰ পিছত ৰ’লেণ্ড গাৰোছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ বয়সীয়াল পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে ১৯৬৮…
Read More
২০২৬ৰ ১ অক্টোবৰৰ পৰা দেশত জাতিগত লোকপিয়ল

২০২৬ৰ ১ অক্টোবৰৰ পৰা দেশত জাতিগত লোকপিয়ল

জাতিগত লোকপিয়ল দিন ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰতত জাতিগত লোকপিয়ল দুটা পৰ্যায়ত কৰা হ’ব। ইয়াৰ প্ৰথম পৰ্যায় ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায় ২০২৭ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ত চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত জাতিগত লোকপিয়ল কৰা হ’ব। এই ৰাজ্যসমূহৰ ভিতৰত উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, লাডাখ আৰু জম্মু-কাশ্মীৰ অন্যতম। স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল কৰা হ’ব। এইবাৰ লোকপিয়লৰ লগতে জাতিগত গণনা কৰা হ’ব। যোৱা মাহত মোদী চৰকাৰে জাতিগত লোকপিয়লত অনুমোদন জনাইছিল। ১৯৩১ চনৰ পৰা ভাৰতত জাতিভিত্তিক লোকপিয়ল হোৱা নাই। দেশত প্ৰতি ১০ বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয়। যোৱা লোকপিয়ল ২০১১ চনত…
Read More
৫৫ মেগাৱাটৰ কুলসী শক্তি প্ৰকল্প নিৰ্মাণৰ সিন্ধান্ত অসম-মেঘালয়ৰ

৫৫ মেগাৱাটৰ কুলসী শক্তি প্ৰকল্প নিৰ্মাণৰ সিন্ধান্ত অসম-মেঘালয়ৰ

অসম- মেঘালয় আন্ত:ৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ পুনৰ এবাৰ বৈঠকত মিলিত হ'ল দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী। সোমবাৰে মহানগৰীৰ কইনাধৰাৰ অতিথি শালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বহু বিষয়ৰ ওপৰত আলোচনা কৰে। মহানগৰীৰ কৃত্ৰিম বান, সীমা বিবাদকে ধৰি বহু বিষয়ৰ ওপৰত আজিৰ বৈঠকত আলোচনা হয়। পূৰ্বে দুই পক্ষৰ মাজত হোৱা বৈঠকত এক সিদ্ধান্তত মিলিত হৈ ৬ টা স্পৰ্শকাতৰ অঞ্চলক লৈ চুক্তি স্বাক্ষৰ হৈছিল। সেই চুক্তি এতিয়া সাৰ্থক কৰাৰ দিশে আগবাঢ়িছে। এই সন্দৰ্ভত বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয় যে বিবাদ মান ৬ টা অঞ্চলক লৈ স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি পিলিংকাতাক বাদ দি বাকী ৫ টা…
Read More