Sonakshi Sarkar

1909 Posts
পাকিস্তান-চৌদি আৰবৰ মাজত প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ

পাকিস্তান-চৌদি আৰবৰ মাজত প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ

বুধবাৰে চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এক চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিক কৌশলগত পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তি বুলি কোৱা হৈছে। এই চুক্তিৰ অধীনত যিকোনো এখন দেশৰ ওপৰত যিকোনো আক্ৰমণক দুয়োখন দেশৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ’ব। এই চুক্তি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চৌদি আৰৱ ভ্ৰমণৰ সময়ত কৰা হয়। ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে ৰিয়াধৰ আল-য়ামামা পেলেচত শ্বাহবাজ শ্বৰীফক আদৰণি জনায়। বৈঠকত দুয়োগৰাকী নেতাই তেওঁলোকৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী মহম্মদ ইছহাক দাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে-দুয়োখন দেশৰ মাজত প্ৰায় ৮০ বছৰীয়া সম্পৰ্ক আছে,…
Read More
একেৰাহে দ্বিতীয়বাৰলৈ মহিলা গ্ৰেণ্ড চুইছ চেম্পিয়ন বৈশালী ৰমেশবাবু

একেৰাহে দ্বিতীয়বাৰলৈ মহিলা গ্ৰেণ্ড চুইছ চেম্পিয়ন বৈশালী ৰমেশবাবু

ভাৰতৰ বৈশালী ৰমেশবাবুৱে ফিডে ৱ'মেনছ গ্ৰেণ্ড চুইচ ২০২৫ৰ খিতাপ জয়লাভ কৰিছে।একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে। আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ তথ্য অনুসৰি এই জয়েৰে বৈশালীয়ে ৱমেন কেণ্ডিডেটচ ২০২৬ত নিজৰ স্থান নিশ্চিত কৰিছে। বৈশালীৰ বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত লিখিছে- এয়া এক বৃহৎ কৃতিত্ব। বৈশালী ৰমেশবাবুক অভিনন্দন। তেওঁৰ আবেগ আৰু নিষ্ঠা এক উদাহৰণ। ভৱিষ্যতৰ বাবে শুভেচ্ছা। একে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৈশালীক অভিনন্দন জনাই কয় যে এই বিজয় বিশ্ব পৰ্যায়ত দবাত ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰমাণ।
Read More
স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি ভাৰতৰ

স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি ভাৰতৰ

স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপ ২০২৫ত একেলগে দুটা স্বৰ্ণ পদক লাভ কৰি ভাৰতে ইতিহাসৰ সৃষ্টি কৰিছে। আনন্দ কুমাৰ ভেলকুমাৰে ছিনিয়ৰ পুৰুষৰ ১০০০ মিটাৰ ইভেণ্টত সোণৰ পদক লাভ কৰাৰ বিপৰীতে কৃষ্ণ শৰ্মাই জুনিয়ৰ পুৰুষৰ ১০০০ মিটাৰ ইভেণ্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত কোনো ভাৰতীয়ই স্বৰ্ণ পদক লাভ কৰা নাছিল। স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে আনন্দ কুমাৰ ভেলকুমাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু মন্ত্ৰী আৰু নেতাই তেওঁৰ এই কৃতিত্বৰ প্ৰশংসা কৰিছে। নৰেন্দ্ৰ মোদীয়ে ইনষ্টাগ্ৰামত লিখিছে-স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপ ২০২৫ৰ ছিনিয়ৰ পুৰুষৰ ১০০০ মিটাৰ ইভেণ্টত সোণৰ পদক লাভ কৰাৰ…
Read More
Soul” তথ্য চলচ্চিত্র মহোৎসর

Soul” তথ্য চলচ্চিত্র মহোৎসর

ভূমিৰ লগত জন্মৰ পৰ্য মৃত্যুলৈকে প্রত্যেকজন মানুষৰ এক এৰাব নোৱাৰা সম্পর্ক থাকে। প্রত্যেক ধর্ম বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক জীৱনৰ বিশেষ মুহূর্তত আমি ভূমিক স্মৰণ কৰোঁ। গৃহ নির্মাণ, কৃষি কর্ম, নতুন বারানায়, আদি শুভ কামৰ আৰৱণিত ভূমিক স্মৰণ কৰা হয়। নর জাতকৰ আগমন, বিবাহৰ শুভক্ষণ আদি মাংগলিক অনুষ্ঠানত ভূমিৰ প্রতি সম্মান প্রদর্শন কৰা হয়। এইদৰে বিভিন্ন জাতি-জনকান্তি সম্প্রদায়ৰ সমাজ ব্যৱস্থাত তিন তিন পদ্ধতি, পৰম্পৰাগত ৰীতি-নীতিৰে ভূমিৰ প্রতি সম্মান প্রদর্শন বা কৃতজ্ঞতা প্রকাশ কথা হয়। প্রচলিত জনবিশ্বাস বা ধর্মীয় বীতি-নীতিৰে ঋতু পৰিবৰ্তনৰ লগে লগে প্রকৃতিৰ বিভিন্ন ৰূপত আমি উপাসনা কৰোঁ। প্ৰকৃতিৰ এক অলৌকিক শক্তিয়ে সময় জীবকূলক পৰিচালিত কৰে। এই প্রকৃতিৰ শক্তিষ আধাৰস্বৰূপ সূৰ্য্য,…
Read More
পুনৰ ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি হোৱাৰ পথত সৌৰভ গাংগুলী

পুনৰ ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি হোৱাৰ পথত সৌৰভ গাংগুলী

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে পুনৰবাৰ ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি হ’ব পাৰে। তেওঁ কেবৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছে। তেওঁৰ বিৰুদ্ধে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাই। এনে পৰিস্থিতিত ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া  নিৰ্বাচনত তেওঁ নিজৰ জ্যেষ্ঠ ভাতৃ স্নেহাশিশ গাংগুলীৰ ঠাইত সভাপতি হ'ব বুলি আশা কৰা হৈছে। দেওবাৰে এক বিবৃতিত গাংগুলীয়ে কয়, সকলোকে সহায়ৰ বাবে ধন্যবাদ জনাইছো। ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলত কোনো বিৰোধিতা নাই। সকলোৱে এই সংঘৰ অংশ। আমি একেলগে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগল আৰু বংগ ক্ৰিকেটক আগুৱাই লৈ যাম। আগন্তুক ছিজনত ইডেন গাৰ্ডেনছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচ,…
Read More
দেওবাৰে এছিয়া কাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ

দেওবাৰে এছিয়া কাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ

কাইলৈ এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব গ্ৰুপ ষ্টেজৰ হাইভল্টেজ মেচখন।ইউ এ ইৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ কৰি টিম ইণ্ডিয়াই অভিযান আৰম্ভ কৰিছে। আনহাতে, পাকিস্তানে প্ৰতিযোগিতাখনত প্ৰথমখন মেচ ওমানৰ বিৰুদ্ধে জয় লাভ কৰে। এই টুৰ্ণামেণ্ট ইতিহাসত দুয়োখন দেশে ইজনে আনজনৰ বিৰুদ্ধে ১৮খন মেচ খেলিছে। ভাৰতে ১০ আৰু পাকিস্তানে ৬ খনত জয়লাভ কৰে।কিন্তু যোৱা ১০ বছৰত এই প্ৰতিদ্বন্দ্বিতা একপক্ষীয় হৈ পৰিছে, য’ত পাকিস্তানে ৭খন মেচত মাত্ৰ এবাৰহে জয়লাভ কৰিছে। ১৯৮৪ চনৰ পৰা এছিয়া কাপ অনুষ্ঠিত হৈ আছে।ভাৰত ৮ টা খিতাপ আৰু পাকিস্তানে ২ টা খিতাপ জয় কৰিছে যদিও দুয়োটা দলে কেতিয়াও ফাইনেলত মুখামুখি হ’ব পৰা নাই। ১৯৮৪ চনত প্ৰথম…
Read More
মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ মৃত্যু ঘটিছে। চিকিৎসালয়ত তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।লাপাঙে (৯৩) ইহ সংসাৰত পত্নী এমেথিষ্ট লিণ্ডা জ’নছ ব্লাহ আৰু দুটা সন্তানক এৰি থৈ যায়। খবৰ অনুসৰি সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী লাপাঙক সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে দাহ কৰা হ’ব। দীৰ্ঘদিন ধৰি বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ থকা লাপাঙে শুকুৰবাৰে সন্ধিয়া চিকিৎসালয়ত মৃত্যুক সাৱটি লয় বুলি পৰিয়ালে জানিবলৈ দিয়ে। লাপাঙৰ মৃত্যুৰ সময়ত চিকিৎসালত উপস্থিত আছিল প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা ভিনচেণ্ট এইচ পালা। বিভিন্ন নেতা-সাধাৰণ লোককে ধৰি সকলো শ্ৰেণীৰ লোকে লাপাঙক চিকিৎসালয়ত আৰু পিছলৈ নংপোহৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয়। ১৯৩২ চনৰ ১০ এপ্ৰিলত জন্মগ্ৰহণ কৰা…
Read More
কাঁহিকুছিত তিনিদিনীয়া কাঠফুলা প্ৰশিক্ষণ শিবিৰৰ সামৰণি

কাঁহিকুছিত তিনিদিনীয়া কাঠফুলা প্ৰশিক্ষণ শিবিৰৰ সামৰণি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ চৌহদত এছ এ এম ই টি আয়ে কাঠফুলা বা মাশ্বৰুম খেতি  উৎপাদন কৰি আৰ্থিকভাবে স্বাবলম্বী হব পাৰে তাৰ বাবে  বছৰযোৰা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। ইয়াৰ অংশ হিচাপে এছ এ এম ই টি আই   সঞ্চালকালয়ৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ তত্বাৱধানত কাঠফুলা খেতিৰ এক  তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। শিবিৰত বৈজ্ঞানিক পদ্ধতিৰে  কাঠফুলা বা  মাশ্বৰুমৰ খেতি  কৰি  উৎপাদন বৃদ্ধিৰে কিদৰে আৰ্থিকভাবে লাভবান হব পাৰি তাৰ প্ৰশিক্ষণ  দিয়া হয়। ৪ ছেপ্টেম্বৰত  প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত মুখ্য  অতিথি হিচাপে ভাগ লৈ এছ এ এম ই টি আই ( SAMETI )  ৰ সঞ্চালক  ৰাজীৱ কুমাৰ…
Read More
নগাঁওত ১৭ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ‘মানুহে মানুহৰ বাবে’ গীত গাই ৰচিলে অভিলেখ

নগাঁওত ১৭ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ‘মানুহে মানুহৰ বাবে’ গীত গাই ৰচিলে অভিলেখ

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে নগাঁও জিলাত ১৭ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ বিখ্যাত গীত ‘মানুহে মানুহৰ বাবে’ গীতটি সামূহিকভাৱে গাই ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নিজৰ নাম অন্তৰ্ভূক্ত কৰে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে সন্ধিয়া নুৰুল আমিন ষ্টেডিয়ামত জিলাখনৰ ৬৩খন শিক্ষানুষ্ঠান (বিদ্যালয় আৰু মহাবিদ্যালয়)ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে সুনীতা কেদিয়াৰ নেতৃত্বত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ (আই বি আৰ)ৰ দলটোৱে এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰেকৰ্ডিং কৰে। পিছত নগাঁৱৰ উপ আয়ুক্ত দেৱাশীষ শৰ্মাক এখন প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে নগাঁৱ আৰু ৰহাৰ বিজেপি বিধায়ক ৰূপক শৰ্মা আৰু শশীকান্ত দাস, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিতেশ ডেকা, জ্যেষ্ঠ বিষয়া, বিশিষ্ট শিল্পী আৰু…
Read More
গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত মুখ্যমন্ত্ৰীক এছ আই টিৰ প্ৰতিবেদন দাখিল

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত মুখ্যমন্ত্ৰীক এছ আই টিৰ প্ৰতিবেদন দাখিল

লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ পাকিস্তানৰে সংযোগ সন্দর্ভত তদন্তৰ বাবে মুখ্যমন্ত্রীয়ে যি এছ আই টি গঠন কৰিছিল, সেই এছ আই টিয়ে তদন্ত সম্পূর্ণ কৰি নির্ধাৰিত সময়ত অর্থাৎ ১০ ছেপ্টেম্বৰত প্রতিবেদন দাখিল কৰে। এই এছ আই টিত আছিল আৰক্ষী বিষয়া ৰ'জী কলিতা, মুন্নাপ্রসাদ গুপ্তা, মৈত্রেয়ী ডেকা আৰু প্রণৱজ্যোতি গোস্বামী। তেওঁলোকে যোৱা কে'বামাহ ধৰি তদন্ত চলাই ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্রীক সাক্ষাৎ কৰি এছ আই টিৰ প্রতিবেদন দাখিল কৰে। এই প্রতিবেদনত কি আছে সেয়া পোহৰলৈ অহা নাই যদিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে যে প্রতিবেদনখন অধ্যয়ন কৰি এই সন্দর্ভত তথ্য ৰাজহুৱা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে যে ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম…
Read More