23
Jun
বিজেপি দলৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিমানকোঠ মণ্ডল সমিতিৰ উদ্যোগত আজি আজাৰা ৰাজহুৱা সভাঘৰ প্ৰাংগণত মণ্ডলৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিমানকোঠ মণ্ডলৰ সভাপতি তীৰ্থ মেধিয়ে আৰু বন্তি প্ৰজ্বলন কৰে মণ্ডল প্ৰভাৰী তথা গুৱাহাটী জিলা সমিতিৰ উপ সভাপতি দেৱজিৎ ৰাজবংশীয়ে। আনহাতে বিমানকোঠ মণ্ডলৰ অন্তৰ্গত পাঁচখন গাওঁ পঞ্চায়তৰ দলীয় কৰ্মকৰ্তা, অৰ্দ্ধ শতাধিক বুথ কমিটীৰ সভাপতি, প্ৰভাৰী, বিগত পঞ্চায়ত নিৰ্বাচনত দলীয় বিজয়ী প্ৰাৰ্থীসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত শোক প্ৰস্তাৱ পাঠ কৰে মণ্ডল কমিটীৰ উপ সভাপতি হিতেশ কলিতাই। আনহাতে মণ্ডল সমিতিৰ সভাপতি তীৰ্থ মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মাৰ্গদৰ্শন মূলক ভাষণ প্ৰদান কৰে গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ…
