Sonakshi Sarkar

1909 Posts
ইজৰাইল- হামাছৰ মাজত গাজা শান্তি চুক্তিত স্বাক্ষৰ

ইজৰাইল- হামাছৰ মাজত গাজা শান্তি চুক্তিত স্বাক্ষৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ইজৰাইল আৰু হামাছ দুয়োয়ে আমেৰিকাৰ গাজা শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত স্বাক্ষৰ কৰিছে। ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি কয় যে ইয়াৰ অৰ্থ হ'ল সকলো পণবন্দীক অতি সোনকালে মুকলি কৰি দিয়া হ'ব আৰু ইজৰাইলে নিজৰ সৈন্যক চুক্তিবদ্ধ সীমালৈকে প্ৰত্যাহাৰ কৰিব। এইটো হ'ব এক শক্তিশালী, সুস্থিৰ আৰু স্থায়ী শান্তিৰ দিশত প্ৰথম পদক্ষেপ। সকলো পক্ষৰ সৈতে ন্যায্য ব্যৱহাৰ কৰা হ'ব। ট্ৰাম্পে লিখিছে আৰব আৰু মুছলমান বিশ্বৰ বাবে, ইজৰাইলৰ বাবে, ইয়াৰ সকলো চুবুৰীয়া দেশৰ বাবে আৰু আমেৰিকাৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দিন। এই বিষয়ত মধ্যস্থতা কৰা কাটাৰ, ইজিপ্ত আৰু তুৰস্কক ধন্যবাদ জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে।
Read More
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত নতুন মোৰ, গ্ৰেপ্তাৰ সন্দীপন গাৰ্গ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত নতুন মোৰ, গ্ৰেপ্তাৰ সন্দীপন গাৰ্গ

​জনপ্ৰিয় কণ্ঠশিল্পী তথা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত তদন্তত বুধবাৰে ​গ্ৰেপ্তাৰ হয় অসম আৰক্ষীৰ বিষয়া। চিআইডিয়ে জেৰা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা অসম আৰক্ষীৰ এজন উপ-আৰক্ষী অধীক্ষক (DSP) সন্দীপন গাৰ্গক। জুবিনৰ মৃত্যুৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁক জেৰা কৰি থকা হৈছে। এই গোচৰত এয়া পঞ্চমটো গ্ৰেপ্তাৰ। উল্লেখ্য যে জুবিনৰ মৃত্যুৰ সময়ত য়টত থকা আঠজন অসমীয়া ব্যক্তিৰ ভিতৰত এজন ব্যক্তিয়ে সোমবাৰে চিআইডিৰ আগত নিজৰ ভাষ্য দাখিল কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু মঙলবাৰে ৰূপকমল কলিতা SIT-ৰ ওচৰত হাজিৰ হয়। আন সাতজন লোকে এতিয়াও তদন্তকাৰী দলৰ ওচৰত হাজিৰ হোৱা…
Read More
২০৪৮ কোটি টকাৰে সৰ্বাধিক উপাৰ্জনকাৰী চেলিব্ৰিটিৰ শীৰ্ষত বিৰাট কোহলি

২০৪৮ কোটি টকাৰে সৰ্বাধিক উপাৰ্জনকাৰী চেলিব্ৰিটিৰ শীৰ্ষত বিৰাট কোহলি

টেষ্ট আৰু টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা টিম ইণ্ডিয়াৰ কিংবদন্তি বেটছমেন বিৰাট কোহলিৰ উপাৰ্জন হ্ৰাস পোৱা নাই। কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰ আৰু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক অতিক্ৰম কৰি তেওঁ সৰ্বাধিক উপাৰ্জনকাৰী বেটছমেন হৈয়ে আছে। এই তালিকাত পঞ্চম স্থানত আছে শচীন তেণ্ডুলকাৰ। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ সময়ত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱা বিৰাট কোহলীয়ে এতিয়া কেৱল এদিনীয়া খেলহে খেলিব। ইয়াৰ পিছতো তেওঁ বিজ্ঞাপন জগতত বিশিষ্ট হৈয়েই আছে। দ্য ক্ৰ’ল চেলিব্ৰিটি ব্ৰেণ্ড ভেলুৱেশ্যন ২০২৪ৰ প্ৰতিবেদন অনুসৰি, ছ’চিয়েল মিডিয়াত তেওঁৰ উপস্থিতিৰ বাবেই ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলী ২৩১.১ মিলিয়ন ডলাৰ (প্ৰায় ২০৪৮ কোটি টকা) ব্ৰেণ্ড মূল্যৰ সৈতে ভাৰতৰ আটাইতকৈ…
Read More
এছিয়া কাপৰ ফাইনেলত টিম ইণ্ডিয়া

এছিয়া কাপৰ ফাইনেলত টিম ইণ্ডিয়া

এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়া। বুধবাৰে ছুপাৰ-৪ মেচত ভাৰতে বাংলাদেশক ৪১ ৰানত পৰাস্ত কৰে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ১৬৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশী দলটোৱে ১৯.২ অভাৰত অল আউট হয়। অ’পেনাৰ ছাইফ হাছানে ৬৯ ৰান সংগ্ৰহ কৰে। ৯ জন বেটছমেনে দুটা সংখ্যাত উপনীত হ’ব নোৱাৰিলে। কুলদীপ যাদৱে তিনিটা উইকেট দখল কৰে। যশপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুটাকৈ উইকেট দখল কৰে। অক্ষৰ পেটেলে এটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতে ২০ অভাৰত ৬ উইকেটত ১৬৮ ৰান সংগ্ৰহ কৰে। অভিষেক শৰ্মাই ৩৭টা বলত ৭৫ ৰান সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াই ৩৮ ৰান, আৰু শুভমান গিলে ২৯…
Read More
অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান

অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান

হাৰ্ট'থ্ৰব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতেই কঠোৰ হৈছে অসম চৰকাৰ। অসম চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা বিতর্কিত শ্যামকানু মহন্ত আৰু তেওঁৰ প্ৰতিষ্ঠানৰ সকলো অনুষ্ঠান। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱা সামাজিক মাধ্যমযোগে ঘোষণা কৰে এইদৰে ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পর্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি, ৰাজ্য চৰকাৰেও তেওঁৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে।
Read More
১৬ বছৰ আগতে দীপৰ বিলৰ পাৰত জুবিন গাৰ্গৰ ৰুমাল নামৰ গীতৰ শ্বুটিঙৰ স্মৃতি ৰোমন্ঠন কৰিলে চকৰ্দো কলিতা পাৰাবাসীয়ে

১৬ বছৰ আগতে দীপৰ বিলৰ পাৰত জুবিন গাৰ্গৰ ৰুমাল নামৰ গীতৰ শ্বুটিঙৰ স্মৃতি ৰোমন্ঠন কৰিলে চকৰ্দো কলিতা পাৰাবাসীয়ে

ভাৰত ৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গেও প্ৰাকৃতিক ভাল পাইছিল। ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গৰ গীতত গুৱাহাটীৰ দীপৰ বিলৰ কথা উল্লেখ আছে। আনকি জুবিন গাৰ্গৰ অন্যতম জনপ্ৰিয় আৰু কালজয়ী গীত হিচাপে পৰিগণিত হোৱা ৰুমাল নামেৰ গীতটোৰ ভিডিঅ শ্বুটিং ২০০৯ চনৰ জানুৱাৰী মাহত দীপৰ বিলৰ পাৰত কৰা হৈছিল। জানুৱাৰী মাহৰ কোনো এটা দিনত পুৱাৰে পৰা সন্ধিয়া আন্ধাৰ হোৱাৰ আগলৈকে গীতটোৰ শ্বুটিং কৰা হৈছিল বৰ্তমানৰ পক্ষী নিৰীক্ষণ স্তম্ভ তথা ৱাচিং টাৱাৰৰ পৰা ৰেলৱে দলং হৈ চকৰ্দো কলিতাপাৰাৰ সমীপলৈকে । সেই কথাৰ স্মৃতি ৰোমন্ঠন  কৰি শিল্পী গৰাকীৰ অকাল মৃত্যুত আবেগিক হৈ পৰিছে চকৰ্দো কলিতাপাৰাৰ একাংশ বাসিন্দা। এই সন্দৰ্ভত চকৰ্দো কলিতাপাৰাৰ বাসিন্দা…
Read More
বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত মল্লযুঁজাৰু অন্তিম পাংগালৰ ব্ৰঞ্জৰ পদক

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত মল্লযুঁজাৰু অন্তিম পাংগালৰ ব্ৰঞ্জৰ পদক

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত বৃহস্পতিবাৰে ভাৰতীয় মহিলা মল্লযুঁজাৰু অন্তিম পাংগালে মহিলাৰ ৫৩ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।ছুইডেনৰ ২৩ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়ন এমা জ’না ডেনিছ মালমগ্ৰেনক ৯-১ ত পৰাস্ত কৰি এই প্ৰতিযোগিতাত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ পদক লাভ কৰে। এইটো অন্তিমৰ দ্বিতীয়টো বিশ্ব চেম্পিয়নশ্বিপ পদক। ইয়াৰ পূৰ্বে ২০২৩ চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল যদিও ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ প্ৰথম ৰাউণ্ডত বাহিৰ হৈছিল। এইবাৰৰ এই পদকটোৱে কেৱল উল্লেখযোগ্য প্ৰত্যাৱৰ্তনৰ সূচনা কৰাই নহয় ভাৰতীয় মল্লযুঁজত তেওঁৰ শক্তিশালী স্থিতিও প্ৰমাণ কৰে। অন্তিম পাংঘলে বিনেশ ফ’গাটৰ পিছত দ্বিতীয়গৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয়, যিয়ে বিশ্ব চেম্পিয়নশ্বিপত এটাতকৈ অধিক পদক লাভ কৰে। আন ভাৰতীয়…
Read More
এছিয়া কাপৰ ছুপাৰ ৪ত ভাৰত,পাকিস্তান, শ্ৰীলংকা-বাংলাদেশ

এছিয়া কাপৰ ছুপাৰ ৪ত ভাৰত,পাকিস্তান, শ্ৰীলংকা-বাংলাদেশ

এছিয়া কাপত গ্ৰুপ পৰ্যায়ৰ ১১খন খেল সম্পূৰ্ণ হোৱাৰ পিছত ছুপাৰ ৪ পৰ্যায়ৰ বাবে চাৰিটা দলৰ সিদ্ধান্ত লোৱা হৈছে। বৃহস্পতিবাৰে শ্ৰীলংকাই গ্ৰুপ বি-ত আফগানিস্তানক পৰাস্ত কৰি বাহিৰ কৰি দিয়ে। এই ফলাফলে শ্ৰীলংকাৰ লগতে বাংলাদেশক পৰৱৰ্তী ৰাউণ্ডলৈ আগুৱাই লৈ যায়। ভাৰত আৰু পাকিস্তানে গ্ৰুপ এ-ৰ পৰা যোগ্যতা অৰ্জন কৰে।বৃহস্পতিবাৰে আবুধাবিত শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত এখন খেল অনুষ্ঠিত হয়। প্ৰথমে বেটিং কৰি আফগানিস্তানে ১৬৯ ৰান সংগ্ৰহ কৰে। যোগ্যতা অৰ্জন কৰিবলৈ শ্ৰীলংকাক প্ৰয়োজন হৈছিল ১০১ ৰানৰ। দলটোৱে এই স্ক’ৰ অতিক্ৰম কৰাই নহয় ১৯ অভাৰত মেচখনো জয়ী হয়। গ্ৰুপ বি-ত শ্ৰীলংকাই একেৰাহে তৃতীয়খন খেলত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত ৬ পইণ্টেৰে স্থান দখল কৰে। যদিহে শ্ৰীলংকাই…
Read More
নামঘৰৰ পুনৰ নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ অসম চৰকাৰক আহ্বান ; সাংস্কৃতিক বিনিময় কাৰ্যসূচী

নামঘৰৰ পুনৰ নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ অসম চৰকাৰক আহ্বান ; সাংস্কৃতিক বিনিময় কাৰ্যসূচী

অসমৰ জনজীৱনত  গুৰুত্বপূৰ্ণ মাহ হিচাপে পৰিগণিত হৈ অহা ভাদ মাহত হৰি নামেৰে মুখৰিত হৈ থাকে অসমৰ  সত্ৰ আৰু নামঘৰ সমূহ । আনকি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমানবন্দৰৰ পৰা প্ৰায় ৪০ কিঃমিঃ নিলগৰ  চুবুৰীয়া মেঘালয়ৰ ৰি-ভয় জিলাৰ মহকুমা সদৰ পাথাৰখামা চহৰৰ পৰা মাত্ৰ ২ কিঃমিঃ নিলগত থকা তথা জিৰাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰেগাওঁ আৰু উমচাও নামৰ গাওঁ দুখনত ২৫০ ঘৰ ৰাভা জনগোষ্ঠীৰ লোক বসবাস কৰি আহিছে।  পৰিস্থিতিৰ তাগিদাত পৰি বহিঃ ৰাজ্যত থাকিলেও তাৰ বাসিন্দা সকলে এতিয়াও শিপা এৰি দিয়া নাই ।  অবিভক্ত অসমত থকাৰ সময়তে  তাত স্থাপন কৰা হৈছিল শ্ৰী শ্ৰী কলীয়া ঠাকুৰ নামঘৰ আৰু মন্দিৰ।  নামঘৰ পৰিচালনা কমিটীৰ  সভাপতি সুৰেন…
Read More
২১ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানে পুনৰ মুখামুখি

২১ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানে পুনৰ মুখামুখি

এছিয়া কাপত বুধবাৰে ইউ এ ইক পৰাস্ত কৰে পাকিস্তানে। ইয়াৰ দ্বাৰা নিশ্চিত হ’ল যে ২১ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানে পুনৰ প্ৰতিযোগিতাত মুখামুখি হ’ব। গ্ৰুপ পৰ্যায়ত পাকিস্তানক ৭ উইকেটত সহজে পৰাস্ত কৰে ভাৰতে। পাকিস্তানে ইউ এ ইক পৰাস্ত কৰি ভাৰতৰ সৈতে গ্ৰুপ এ-ৰ পৰা ছুপাৰ ৪ পৰ্যায়লৈ আগবাঢ়ি যায়। ছুপাৰ ৪ৰ বাকী দুটা দল এতিয়া গ্ৰুপ বি-ৰ হ’ব।এই ৰাউণ্ডত প্ৰতিটো দলে এখন এখন মেচ আনটোৰ বিৰুদ্ধে খেলিব। ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত আন এখন মেচ অনুষ্ঠিত হ'ব। এছিয়ান ক্ৰিকেট কাউন্সিলে ইতিমধ্যে প্ৰতিযোগিতাখনৰ পূৰ্বে ছুপাৰ ৪ পৰ্যায়ৰ সূচী চূড়ান্ত কৰিছিল। গ্ৰুপ এ-ৰ পৰা যোগ্যতা অৰ্জন কৰা দল দুটাক এ১ আৰু এ২,…
Read More