Sonakshi Sarkar

1909 Posts
২০৩০ৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আহমেদাবাদক মনোনীত

২০৩০ৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আহমেদাবাদক মনোনীত

কমনৱেলথ গেমছৰ কাৰ্যবাহী ব’ৰ্ডে ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আহমেদাবাদক মনোনীত কৰিছে। ২৬ নৱেম্বৰত গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। এই গেমছ আয়োজনৰ বাবে ভাৰতে নাইজেৰিয়াৰ আবুজাৰ পৰা প্ৰতিযোগিতাৰ সন্মুখীন হৈছিল। অৱশ্যে ২০৩৪ চনৰ কমনৱেলথ গেমছ আয়োজন কৰাত নাইজেৰিয়াক সহায় কৰিব কমনৱেলথ এক্সিকিউটিভ ব’ৰ্ডে। কমনৱেলথ গেমছ স্প’ৰ্টছে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে কমনৱেলথ গেমছ এক্সিকিউটিভ ব’ৰ্ডে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজক চহৰ হিচাপে ভাৰতৰ আহমেদাবাদক পৰামৰ্শ দিয়াৰ সিদ্ধান্ত লৈছে। ভাৰতে ২০১০ চনত নতুন দিল্লীত প্ৰথমবাৰলৈ কমনৱেলথ গেমছ আয়োজন কৰিছে। ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে জনোৱা মতে, গ্লাছগো ২০২৬ কমনৱেলথ গেমছৰ পৰা আঁতৰোৱা সকলো খেল ২০৩০ চনত…
Read More
বাক্সাৰ কাৰাগাৰত থাকিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ ৫ অভিয়ুক্ত

বাক্সাৰ কাৰাগাৰত থাকিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ ৫ অভিয়ুক্ত

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৭অভিযুক্তৰ ভিতৰত ৫ অভিযুক্তক বুধবাৰে আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীৰ জিম্মা শেষ হোৱাৰ লগে লগে ৫ অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। কটকটীয়া নিৰাপত্তাৰ মাজেৰে অভিযুক্তসকল ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক আদালতত হাজিৰ কৰোৱা হয়। আটাইকেইজনকে আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। এতিয়া বাক্সাৰ কাৰাগাৰত থাকিব ৫ অভিয়ুক্ত।নিৰাপত্তাজনিত কাৰণত গুৱাহাটীৰ কাৰাগাৰত নাৰাখিলে অভিযুক্তকেইজনক। নৱনিৰ্মিত কাৰাগাৰখনত ৰখা হ’ব শ্যামকানু-সিদ্ধাৰ্থসহ ৫ অভিযুক্তক।
Read More
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ক্লিন ছুইপ ভাৰতৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ক্লিন ছুইপ ভাৰতৰ

ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত ২-০ ত ক্লিন ছুইপ কৰে। মঙলবাৰে দ্বিতীয়খন টেষ্টত ৱেষ্ট ইণ্ডিজক ৭ উইকেটত পৰাস্ত কৰে দলটোৱে। প্ৰথমখন টেষ্টত ভাৰতে এক ইনিংছ আৰু ১৪০ ৰানত জয়লাভ কৰিছিল। দিল্লী টেষ্টত ভাৰতক ১২১ ৰানৰ লক্ষ্য দিয়া হৈছিল, যিটো ভাৰতে তিনিটা উইকেটত অৰ্জন কৰিছিল। কে এল ৰাহুলে বাউণ্ডেৰী মাৰি জয় নিশ্চিত কৰে। ৫৮ ৰানত অপৰাজিত হৈ থাকে। অধিনায়ক হিচাপে প্ৰথমখন টেষ্ট শৃংখলাত জয়লাভ কৰিছে শুভমান গিলে। ইয়াৰ এদিন পূৰ্বে ফ’ল’ অন খেলি থকা ৱেষ্ট ইণ্ডিজে দ্বিতীয় ইনিংছত ৩৯০ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। প্ৰথম ইনিংছত ভাৰতে ৫১৮ ৰান আৰু ৱেষ্ট ইণ্ডিজে ২৪৮ ৰান সংগ্ৰহ কৰে।…
Read More
গুৱাহাটী প্ৰেছ ক্লাবত ‘মাটিৰ মানুহ’ৰ ১৫ অক্টোবৰৰ সংখ্যা উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ‘মাটিৰ মানুহ’ৰ ১৫ অক্টোবৰৰ সংখ্যা উন্মোচন

পষেকীয়া বৰ্তালোচনী "মাটিৰ মানুহ' ৰ ১৫ অক্টোবৰৰ সংখ্যা আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। এই উন্মোচনী সভাত সভাপতিত্ব কৰে বিন্দু ডেকা চৌধুৰীয়ে। সভাত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড০ দয়ানন্দ পাঠক, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়া, জাতিয়তাবাদী নেতা হাচিবোৰ ৰহমান আৰু জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথ। উন্মোচনী সভাৰ আৰম্ভণিতে হাৰ্ট'থ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তাৰ পিছত সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়ায় মাটিৰ মানুহৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই। তেওঁ কয় এই আলোচনীৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে পথাৰ আৰু বজাৰ নিজৰ লগত ৰখা। অসমৰ মানুহক কৰ্মমুখি কৰি তোলা। আমাৰ খাদ্য সকলো স্তৰত বিষাক্ত হৈ পৰিছে। হাইব্ৰীড বীজ আৰু ৰাসায়নিক সাৰৰ গ্ৰাসৰ পৰা…
Read More
১২,৩৫২ কোটি টকাৰ সম্পত্তি গৰাকী ক্রিষ্টিয়ানো ৰোনাল্ডো

১২,৩৫২ কোটি টকাৰ সম্পত্তি গৰাকী ক্রিষ্টিয়ানো ৰোনাল্ডো

৪০ বছৰ বয়সত কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ইতিহাসৰ সৃষ্টি কৰিছে৷ ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি ক্রিষ্টিয়ানো ৰোনাল্ডো কোটিপতিৰ মৰ্যাদা লাভ কৰা প্রথমজন ফুটবলাৰ হিচাপে পৰিগণিত হৈছে৷ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পৰ্তুগীজ ফুটবলাৰগৰাকীৰ সম্পত্তি এতিয়া ১.৪ বিলিয়ন ডলাৰ, যাৰ অৰ্থ হ’ল ভাৰতীয় মুদ্ৰাত ১২,৩৫২ কোটি টকা। জুন মাহত ছৌদি আৰৱৰ দল আল-নাছৰৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কৰাৰ পিছতে ৪০ বছৰীয়া ষ্ট্ৰাইকাৰগৰাকীৰ আৰ্থিক বিকাশ ঘটিছে, যাৰ মূল্য ৪০ কোটি ডলাৰৰ ওপৰত বুলি জানিব পৰা গৈছে। ব্লুমবাৰ্গে প্ৰকাশ কৰা অনুসৰি ২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৰোনাল্ডোৱে ৫৫ কোটি ডলাৰৰ ওপৰত দৰমহা লাভ কৰিছিল, নাইকৰ সৈতে বছৰি প্ৰায় ১৮ মিলিয়ন ডলাৰৰ দশকজোৰা চুক্তি…
Read More
বিশিষ্ট আযুৰ্বেদিক চিকিৎসক, অধ্যাপক ডাঃ ওম প্ৰকাশ গুপ্তাক অসম আয়ুর্বেদ ৰত্ন বঁটা প্ৰদান

বিশিষ্ট আযুৰ্বেদিক চিকিৎসক, অধ্যাপক ডাঃ ওম প্ৰকাশ গুপ্তাক অসম আয়ুর্বেদ ৰত্ন বঁটা প্ৰদান

দেশৰ আন ৰাজ্যৰ লগতে অসমতো আয়ুর্বেদিক চিকিৎসা সন্থা (AMO) অসমৰ উদ্যোগত  ৰাষ্ট্ৰীয় আয়ুস অভিযান, অসম আৰু নীপকোৰ যৌথ সহযোগত অসমৰ প্ৰত্যেক খন জিলাত ২৫ ছেপ্টেম্বৰত  আয়ুর্বেদ দিৱস পালন কৰা হয়। আয়ুর্বেদ দিৱস উপলক্ষে সমগ্র অসমতে ৩৮ টা স্থানত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা ও চিকিৎসা আৰু স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়।  আয়ুর্বেদিক চিকিৎসা সন্থাই আয়ুর্বেদ দিৱস - ২৫ ৰ কেন্দ্ৰীয় কাৰ্য্যসূচী গুৱাহাটীৰ বৰবাৰীস্থিত "সুদর্শনালয়"ত  সজাগতা সভা, অসম ৰত্ন বঁটা প্ৰদান আৰু চিকিৎসা শিবিৰ আদিৰে বৃহৎ আকাৰত উদযাপন কৰা হয়। এই বছৰৰ পৰা আৰম্ভ কৰা "অসম আয়ুর্বেদ ৰত্ন -২৫" বঁটা  বিশিষ্ট আয়ুর্বেদিক চিকিৎসক , গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত  অধ্যাপক ডাঃ…
Read More
শিৱসাগৰত ‘শগুন মিত্ৰ’ শীৰ্ষক অনুষ্ঠান সফলভাৱে অনুষ্ঠিত

শিৱসাগৰত ‘শগুন মিত্ৰ’ শীৰ্ষক অনুষ্ঠান সফলভাৱে অনুষ্ঠিত

উত্তৰ পুৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ সংৰক্ষণকাৰী সংস্থা আৰণ্যকৰ শগুন সংৰক্ষণ উদ্যমৰ উদ্যোগত অসমৰ বিভিন্ন ঠাইত এলানি শগুন সংৰক্ষণ সম্পৰ্কীয় সজাগতা বিগত বৰ্ষৰ পৰা চলি আহিছে। "শগুন মিত্ৰ" নামেৰে অনুষ্ঠিত কৰা সজাগতা অনুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰী, কৃষক,গাওঁ বুঢ়া, প্ৰশাসনিক বিষয়া, কৃষি বিষয়া আদিক শগুন সংৰক্ষণৰ লগত জড়িত কৰাৰ লক্ষ্য কৰি  লোৱা দেখা পোৱা গৈছে। সাম্প্ৰতিকভাৱে তাৰে এক অনুষ্ঠান অনুষ্ঠিত হয় শিৱসাগৰৰ খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত। দৃশ্য-শ্ৰাব্য মাধ্যমেৰে অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণি কৰে খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, সুবক্তা আনন্দ কুমাৰ বড়াৱে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভাগ্যলক্ষ্মী শইকীয়াই আঁত ধৰা আৰণ্যকৰ শগুন সম্পৰ্কীয় এক শপত গ্ৰহণেৰে আৰম্ভ কৰা অনুষ্ঠানত শগুন সম্পৰ্কীয় বিস্তৃত বাখ্যা দৃশ্য-শ্ৰাব্য মাধ্যমেৰে…
Read More
মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত চকুলো টুকি গীত গাই জয় জুবিন দা ধ্বনি দি শ্ৰদ্ধাৰে মহান শিল্পী গৰাকীক সোঁৱৰণ

মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত চকুলো টুকি গীত গাই জয় জুবিন দা ধ্বনি দি শ্ৰদ্ধাৰে মহান শিল্পী গৰাকীক সোঁৱৰণ

অসমীয়া ৰাইজৰ হিয়াৰ আমঠু , মহান শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত কেৱল অসমতে নহয় দেশ - বিদেশত থকা অসমীয়া লোক সকলৰ মাজতো গভীৰ শোকৰ ছাঁ পৰিছে। আনহাতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বুধবাৰে বিয়লি  চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰিভয় জিলাৰ সদৰ নংপোৰ পৰা প্ৰায় ছয় কিলোমিটাৰ নিলগৰ অসমীয়া মূলৰ তিৱা আৰু কাৰ্বি জনগোষ্ঠীৰ লোকৰ বসতি প্ৰধান মাৰঙাত গীতে - মাতে অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰণ কৰা হয়। উল্লেখ্য যে মানৰ আক্ৰমণৰ সময়তে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তালৈ যোৱা কাৰ্বি আৰু তিৱা জনগোষ্ঠী লোকৰ বসতি প্ৰধান বৃহত্তৰ অঞ্চলটোৰ বৰগাং, নালাপাৰা, নঙাগাওঁ, পুৰাণ গাওঁ, লালুম পাম, জয়গাওঁ, বৰকুছি, বৰখাত চাই,…
Read More
ভেনিজুৱেলাৰ মাৰিয়া মাচাডোক শান্তিৰ ন’বেল বঁটা

ভেনিজুৱেলাৰ মাৰিয়া মাচাডোক শান্তিৰ ন’বেল বঁটা

স্বপ্ন ভংগ হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। দীৰ্ঘদিন ধৰি তেওঁ শান্তি ন'বেল বঁটা লাভৰ প্ৰবল প্ৰতিদ্বন্দ্বী আছিল বুলি দাবী কৰি আছিল। তেওঁক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰিব লাগে বুলি ইজৰাইল আৰু পাকিস্তানে ন'বলে কমিটিলৈ পত্ৰও প্ৰেৰণ কৰিছিল। অৱশ্যে তেওঁৰ সপোন এতিয়া ভংগ হৈ পৰিছে। ইয়াৰ পৰিৱৰ্তে ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ লগতে একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ বাবে অক্লান্ত প্ৰচেষ্টাৰ বাবে ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া মাচাডোক শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হৈছে। ন'বেল বঁটা সমিতিৰ মতে ভেনিজুৱেলাত একনায়কত্ববাদী শাসন ব্যৱস্থাৰ বাবে ৰাজনৈতিক কাম অত্যন্ত কঠিন। মাচাডোৱে গণতন্ত্ৰৰ উন্নতিৰ বাবে কাম কৰা সংস্থা সুমাটে প্ৰতিষ্ঠা কৰিছিল। তেওঁ দেশত মুক্ত আৰু নিকা…
Read More
৯ অক্টোবৰত গুৱাহাটীত মহিলা এদিনীয়া বিশ্বকাপত নিউজিলেণ্ডৰে মুখামুখি বাংলাদেশৰ

৯ অক্টোবৰত গুৱাহাটীত মহিলা এদিনীয়া বিশ্বকাপত নিউজিলেণ্ডৰে মুখামুখি বাংলাদেশৰ

শুকুৰবাৰে আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ গ্ৰুপ মেচত ফৰ্মৰ বাহিৰত থকা প্ৰাক্তন চেম্পিয়ন নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আত্মবিশ্বাসৰে ভৰা বাংলাদেশ। নিউজিলেণ্ডে একেৰাহে দুবাৰকৈ পৰাজয়ৰ সন্মুখীন হৈছে আৰু এতিয়াও একাউণ্ট খুলিব পৰা নাই। আনহাতে বাংলাদেশে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰি শীৰ্ষ চাৰিটা স্থান দখল কৰিবলৈ চেষ্টা কৰিব। ২০০০ চনত নিউজিলেণ্ডে খিতাপ দখল কৰিছিল আৰু এতিয়া একেৰাহে তৃতীয়বাৰৰ বাবে পৰাজয়ৰ বাবে আগতীয়াকৈ বাহিৰ হোৱাৰ সন্মুখীন হ’ব পাৰে। বাংলাদেশৰ শক্তি হৈছে স্পিন  আৰু গুৱাহাটীৰ ড্ৰাই পিটছে তেঁওলোকৰ স্পিনাৰসকলক সহায় কৰিব। ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ পিছত তেওঁলোকে জয়ৰ পথলৈ ঘূৰি আহিবলৈ বিচাৰিব। উপ অধিনায়ক নাহিদা আখতাৰৰ নেতৃত্বত বাংলাদেশৰ স্পিন বলাৰে এতিয়ালৈকে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। সকলো ফৰ্মেটতে বাংলাদেশৰ…
Read More