Sonakshi Sarkar

1909 Posts
মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’

মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’

মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ এখন সভা  গুগুল মীটৰ জৰিয়তে 'চিনাকি পৰ্ব' শীৰ্ষক  এখন সভা অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে অনুষ্ঠানটোত যিসকল শিল্পী, সাহিত্যিক, সমাজসেৱীয়ে  সমাজলৈ  স্বাৰ্থহীন ভাবে আগবঢ়াই আহিছে  সেই সকলৰ প্ৰতি জীৱিত অৱস্থাতে সন্মান প্ৰদৰ্শন কৰিবলৈ 'চিনাকি পৰ্ব' অনুষ্ঠানটো আৰম্ভ কৰা হৈছে। অনুষ্ঠানত প্ৰথমজন অতিথি আছিলে  প্ৰখ্যাত অভিনেতা, শিল্পী  বীৰেণ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। আনহাতে সভাপতি হিৰণ ভূঞাই সভাপত্বিত কৰা অনুষ্ঠানটোত ভাৰ্চুৱেলী ভাগ লয় অসম সাহিত্য সভাৰ মূখ্য সম্পাদক  দেৱজিৎ বৰাই । আহ্বায়ক উত্তম দাসৰ দায়িত্বত কথোপকথনৰ আঁত ধৰিছিল সহকাৰী সম্পাদক মৌচুমী দাসে। অনুষ্ঠানত কবিতা পাঠ কৰে সদানন্দ গগৈ,  দেৱীকা বৰপূজাৰী, গৌৰী চুবেদাৰ বৰা আৰু হিৰণ ভূঞাই। গুৱাহাটীৰ…
Read More
দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব সূৰ্য্যকান্ত

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব সূৰ্য্যকান্ত

জ্যেষ্ঠ ন্যায়াধীশ সূৰ্য্যকান্ত ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ ভূষণ আৰ গাভাইয়ে সোমবাৰে কেন্দ্ৰীয় চৰকাৰক তেওঁৰ নাম পৰামৰ্শ দিয়ে। ইয়াৰ সৈতে আৰম্ভ হৈছে চি জে আই নিযুক্তিৰ প্ৰক্ৰিয়া। পৰম্পৰাগতভাৱে বৰ্তমানৰ চিজেআইয়ে আইন মন্ত্ৰালয়ে কোৱাৰ পিছতহে তেওঁৰ উত্তৰাধিকাৰীক পৰামৰ্শ দিয়ে। বৰ্তমানৰ চিজেআই গাভাইৰ কাৰ্যকাল ২৩ নৱেম্বৰত শেষ হ’ব। তেওঁৰ উত্তৰাধিকাৰী ন্যায়াধীশ সূৰ্যকান্তই ২৪ নৱেম্বৰত চিজেআই হিচাপে শপত গ্ৰহণ কৰিব। ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিব।তেওঁৰ কাৰ্যকাল প্ৰায় ১৪ মাহ হ’ব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬৫ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে। হাৰিয়ানাৰ পৰা ভাৰতীয় ন্যায়পালিকাৰ শীৰ্ষ পদত উপনীত হোৱা প্ৰথমজন ব্যক্তি হ’ব ন্যায়াধীশ সূৰ্য্যকান্ত। নামৰ পৰামৰ্শ দি…
Read More
উত্তৰ পূব ভাৰতত কিডনীৰ সুচিকিৎসাৰ বাবে আয়োজন কৰা

উত্তৰ পূব ভাৰতত কিডনীৰ সুচিকিৎসাৰ বাবে আয়োজন কৰা

আজি নেডফি কন্ভেনচন চেন্টাৰত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা জিএনআৰচি নেফ্ৰ’কন ২০২৫ অনুষ্ঠান সুকলমে সম্প্ন্ন হয়। এই সন্মিলনখনত বহু অভিজ্ঞ কিডনী বিশেষজ্ঞই নবীন কিডনী চিকিৎসক সকলে কৰা উন্নতি আৰু প্ৰত্যাহ্বানৰ বিষয়ে বিশদ ভাবে আলোচনা কৰে। এই অনুষ্ঠানত উত্তৰ পূব আৰু ভাৰতৰ অন্য স্থানৰ পৰা ১০০ৰো অধিক কিডনী বিশেষজ্ঞ, ইউৰ’ল’জিষ্ট আৰু ইন্টাৰনেল মেডিচিন বিশেষজ্ঞ একত্রিত হৈ কিডনী চিকিৎসাৰ উন্নত মানৰ চিকিৎসা আৰু সহযোগী চিকিৎসা সমূহৰ বিষয়ে মত বিনিময় কৰে।  জিএনআৰচি নেফ্ৰ’কন ২০২৫ত অংশগ্ৰহণ কৰা অভিজ্ঞ বক্তাসকল হ’ল- ডাঃ সঞ্জীৱ ছাক্সেনা (চেয়াৰমেন আৰু মুৰব্বী, PSRI Institute of Renal Sciences, নিউ দিল্লী), প্ৰফেচৰ ডাঃ দিলীপ কুমাৰ পাহাৰী (চিনিয়ৰ কনচাল্টেন্ট নেফ্ৰ’ল’জিষ্ট, মনিপাল হাস্পতাল…
Read More
অহা মাহত ভাৰতলৈ নাহে লিয়নেল মেছি

অহা মাহত ভাৰতলৈ নাহে লিয়নেল মেছি

আৰ্জেণ্টিনাৰ ফুটবল দল তথা তাৰকা খেলুৱৈ লিয়নেল মেছিয়ে অহা মাহত কেৰালা ভ্ৰমণ নকৰে বুলি শনিবাৰে এই ভ্ৰমণৰ পৃষ্ঠপোষকে ঘোষণা কৰে। ইয়াৰ পূৰ্বে প্ৰস্তাৱিত ফুটবল খেলখনৰ পৃষ্ঠপোষক এণ্টনিঅ’ অগাষ্টিনে কেৰালাৰ ক্ৰীড়া বিভাগৰ সহযোগত ঘোষণা কৰিছিল যে মেছিৰ নেতৃত্বত আৰ্জেণ্টিনা দলটোৱে ১৭ নৱেম্বৰত কোচিত প্ৰীতি মেচ খেলিব। এতিয়া অগাষ্টিনে নিজৰ ফেচবুক পেজত ঘোষণা কৰিছে যে অহা মাহত খেলখন অনুষ্ঠিত নহ’ব। অগাষ্টিনে লিখিছে-ফিফাৰ অনুমতি লাভ কৰাত পলম হোৱাৰ পৰিপ্ৰেক্ষিতত আৰ্জেণ্টিনাৰ ফুটবল এছ’চিয়েশ্যনৰ সৈতে আলোচনাৰ অন্তত নৱেম্বৰৰ খেলখন পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। আগন্তুক আন্তঃৰাষ্ট্ৰীয় ছিজনত কেৰালাত অনুষ্ঠিত হ’ব বুলিও কয় আৰু শীঘ্ৰে নতুন তাৰিখ ঘোষণা কৰা হ’ব। কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰ ৰহমানৰ…
Read More
কৰ্কট ৰোগক পৰাভূত কৰা জালুকবাৰীৰ ৰুণা লাইলাক দিছপুৰ প্ৰেছ ক্লাবত সম্বৰ্ধনা

কৰ্কট ৰোগক পৰাভূত কৰা জালুকবাৰীৰ ৰুণা লাইলাক দিছপুৰ প্ৰেছ ক্লাবত সম্বৰ্ধনা

গুৱাহাটী মহানগৰীৰৰ  ৰিহাবাৰীস্থিত অগ্ৰণী অনা চৰকাৰী সংগঠন অভয় শংকৰ ফাউণ্ডেছনৰ উদ্যোগত আজি দিছপুৰ প্ৰেছ ক্লাবত 'কৰ্কট ৰোগ মানে মৃত্যু নহয়' শীৰ্ষক এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কৰ্কট ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰি জীৱন যুদ্ধত জয়ী হোৱা সমাজকৰ্মী , ছবি নিৰ্মাতা , আৰু গুৱাহাটীৰ জালুকবাৰীৰ সুন্দৰবড়ী নিবাসী লেখিকা ৰুণা লাইলাক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰুণা লাইলাই ভাষণ প্ৰসংগত কৰ্কট ৰোগ সন্দৰ্ভত নিজৰ অনুভব আৰু অভিজ্ঞতা ব্যক্ত কৰি কয় যে নিজৰ মনোবল অটুত থাকিলে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি জয়ী হব পাৰি। লাগিব কেবল মনৰ দৃঢ়তা আৰু জীয়াই থকাৰ দুৰ্বাৰ হেপাহ। আনহাতে ফাউণ্ডেছনৰ সভাপতি মৃগাংক পাটোৱাৰীয়ে…
Read More
ৰাজ্যৰ যুৱক-যুৱতীসকলক বিশ্বব্যাপী কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে CM-FLIGHT কাৰ্যসূচী আৰম্ভ

ৰাজ্যৰ যুৱক-যুৱতীসকলক বিশ্বব্যাপী কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে CM-FLIGHT কাৰ্যসূচী আৰম্ভ

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যুৱক-যুৱতীসকলক বিশ্বব্যাপী কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে CM-FLIGHT কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এই পদক্ষেপৰ অধীনত যুৱক-যুৱতীসকলক বিশ্বজুৰি কৰ্মসংস্থাপনৰ সুযোগৰ বাবে প্ৰস্তুত কৰিবলৈ বিভিন্ন বিদেশী ভাষা আৰু দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ’ব। বৰ্তমান এই কাৰ্যসূচীৰ অধীনত জাপানী ভাষাত এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দি বহিঃৰাজ্যত কৰ্মসংস্থাপন প্ৰদানৰ বাবে এক ব্যাপক সহায় ব্যৱস্থা গঢ়ি তোলা হৈছে, যাৰ ফলত অসমৰ যুৱক-যুৱতীসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাই তুলিব পাৰিব।
Read More
গুৱাহাটীত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক চিৰ ছইদ আহমদ খানৰ ২০৮ সংখ্যক জন্মজয়ন্তী উদযাপন

গুৱাহাটীত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক চিৰ ছইদ আহমদ খানৰ ২০৮ সংখ্যক জন্মজয়ন্তী উদযাপন

আলিগড় মুছলিম বিশ্ববিদ্যালয় পুৰণি ছাত্ৰ সংঘ (AMUOBA) ৰ এলামনাই এছ’চিয়েছন, অসমৰ উদ্যোগত গুৱাহাটীৰ টাউন ক্লাবৰ সভাগৃহত  ছইদ দিৱসৰ লগতে ছইদ আহমদ খানৰ ২০৮ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে সংঘৰ সভাপতি আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা  জিয়াউল কামাৰৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত  সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে  সংঘৰ সাধাৰণ সম্পাদক খালিদ উমৰে।  আনহাতে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লৈ  গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি অনুষদৰ ডীন তথা ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক  অধ্যাপক শিখৰ কুমাৰ শৰ্মাই ভাষণ প্ৰসংগত  ছইদ আহমদ খানে ভাৰতীয় আধুনিক শিক্ষা আন্দোলনত আগবঢ়োৱা ভূমিকা আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ দ্বাৰা গঢ়ি উঠা প্ৰগতিশীল চিন্তাধাৰাৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত সংঘৰ…
Read More
বনাঞ্চলৰ ক্ষেত্ৰত বিশ্বজুৰি নৱম স্থান লাভ ভাৰতৰ

বনাঞ্চলৰ ক্ষেত্ৰত বিশ্বজুৰি নৱম স্থান লাভ ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ এক নতুন প্ৰতিবেদন অনুসৰি ভাৰতে মুঠ বনাঞ্চলৰ ক্ষেত্ৰত বিশ্বজুৰি নৱম স্থান দখল কৰাৰ লগতে বাৰ্ষিক বনাঞ্চল বৃদ্ধিৰ ক্ষেত্ৰতো তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে। পৰিৱেশ মন্ত্ৰালয়ে কয় যে ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতৰ বৃহৎ পৰিসৰৰ বনানীকৰণ আৰু জন-নেতৃত্বাধীন বন সংৰক্ষণৰ প্ৰচেষ্টাৰ সফলতা প্ৰতিফলিত হৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে ভাৰতৰ দশম স্থানৰ পৰা নৱম স্থানলৈ উন্নীত হোৱাটো বহনক্ষম বন ব্যৱস্থাপনা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক বৃহৎ সফলতা। বিশেষকৈ "এক পেড় মা কে নাম" পদক্ষেপৰ অধীনত বৃক্ষৰোপণৰ অভিযানত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি আৰু ৰাজ্য চৰকাৰৰ বৃহৎ পৰিসৰৰ অভিযানে এই অগ্ৰগতিত অৰিহণা যোগাইছে বুলি মন্ত্ৰীগৰাকীয়ে…
Read More
২০২৬ৰ ফিফা বিশ্বকাপলৈ ২২ দলৰ যোগ্যতা অৰ্জন

২০২৬ৰ ফিফা বিশ্বকাপলৈ ২২ দলৰ যোগ্যতা অৰ্জন

২০২৬ চনৰ ফিফা বিশ্বকাপ এক ঐতিহাসিক হ'ব। কিয়নো এই প্ৰতিযোগিতাত ৪৮ টা দলে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। এইবাৰ ফুটবল বিশ্বকাপ আমেৰিকা, মেক্সিকো, কানাডাই যৌথভাৱে আয়োজন কৰিব। ফলত এই তিনিখন আয়োজক দেশে স্বয়ংক্ৰিয়ভাৱে প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে আফ্ৰিকা মহাদেশৰ ছখন দেশে ফিফা বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰিছে। কেপ ভাৰ্ডে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰে। আফ্ৰিকাৰ পৰা এতিয়ালৈকে যোগ্যতা অৰ্জন কৰা দলসমূহৰ ভিতৰত আছে আলজেৰিয়া, ইজিপ্ত, ঘানা, মৰক্কো, টিউনিছিয়া, কেপ ভাৰ্ডে। কেপ ভাৰ্ডে প্ৰথমবাৰৰ বাবে বিশ্বকাপত খেলিব। তদুপৰি আফ্ৰিকান ফুটবলৰ বাবে এয়া এক ডাঙৰ কৃতিত্ব। তদুপৰি এছিয়া মহাদেশৰ ছটা দলে ইতিমধ্যে ২০২৬ চনৰ ফিফা…
Read More
২০১০ৰ পিছত ফিফা বিশ্বকাপলৈ যোগ্যতা দক্ষিণ আফ্ৰিকাৰ

২০১০ৰ পিছত ফিফা বিশ্বকাপলৈ যোগ্যতা দক্ষিণ আফ্ৰিকাৰ

ৰুৱাণ্ডাক ৩-০ গ’লত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই ২০২৬ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। ২০১০ চনৰ পিছত এইটোৱেই হ’ব তেওঁলোকৰ প্ৰথমখন বিশ্বকাপ খেল। গ্ৰুপ চি-ৰ শীৰ্ষস্থান দখল কৰি তেওঁলোকে আকৰ্ষণীয়ভাৱে চূড়ান্ত ৰাউণ্ডলৈ আগবাঢ়ি যায়।এই জয়ত নাইজেৰিয়াইও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, বেনিনক ৪-০ গ’লত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাক আগবাঢ়ি যোৱাত সহায় কৰিছিল। অন্তিম ৰাউণ্ডৰ পূৰ্বে বেনিনে দুই পইণ্টৰ অগ্ৰগতি লাভ কৰিছিল যদিও নাইজেৰিয়াৰ বিৰুদ্ধে পৰাজযত তৃতীয় স্থানলৈ নামি আহিছিল। নাইজেৰিয়া আৰু বেনিনে দুয়োখনেই ১৭ পইণ্টকৈ লাভ কৰিছিল যদিও গ’লৰ পাৰ্থক্য ভাল হোৱাৰ বাবে নাইজেৰিয়াই ৰানাৰ্ছ আপৰ স্থান দখল কৰে। ১৮ পইণ্টেৰে গ্ৰুপত প্ৰথম স্থান দখল কৰে দক্ষিণ আফ্ৰিকাই। খেলখনৰ পঞ্চম মিনিটত…
Read More