Sonakshi Sarkar

1909 Posts
শিলিগুৰিত ৰিচা ঘোষৰ নামৰে নিৰ্মাণ হ’ব ষ্টেডিয়াম

শিলিগুৰিত ৰিচা ঘোষৰ নামৰে নিৰ্মাণ হ’ব ষ্টেডিয়াম

ভাৰতীয় মহিলা দলক বিশ্ব চেম্পিয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰিচা ঘোষক ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলে সন্মানিত কৰে। অনুষ্ঠানৰ সময়ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শিলিগুৰিত বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰগৰাকীৰ নামেৰে এখন ষ্টেডিয়াম নামাকৰণ কৰা হ'ব বুলি ঘোষণা কৰে। ২২ বছৰীয়া উইকেটকীপাৰ বেটছমেন ৰিচা ঘোষৰ গৃহ চহৰ উত্তৰ বংগত অৱস্থিত শিলিগুৰি। শিলিগুৰিত সাংবাদিকৰ আগত মমতা বেনাৰ্জীয়ে কয়-চান্দমণি চাহ বাগিচাৰ ২৭ একৰ মাটিত নিৰ্মাণ কৰা হ'ব 'ৰিচা ক্ৰিকেট ষ্টেডিয়াম'। বংগৰ এগৰাকী উজ্জ্বল ক্ৰীড়া প্ৰতিভা ৰিচাক সন্মান জনোৱাৰ লগতে উত্তৰ বংগৰ যুৱ ক্ৰিকেটাৰসকলক উৎসাহিত কৰাৰ এক উপায়। শীঘ্ৰে এই প্ৰকল্পটো ৰাজ্য চৰকাৰে আৰম্ভ কৰিব বুলিও তেওঁ কয়। শনিবাৰে ৰিচা ঘোষক পশ্চিমবংগ চৰকাৰৰ…
Read More
আবতৰীয়া বৰষুণত বৃহত্তৰ ৰাণী অঞ্চলত শালি ধানৰ বিস্তৰ ক্ষতিসাধন

আবতৰীয়া বৰষুণত বৃহত্তৰ ৰাণী অঞ্চলত শালি ধানৰ বিস্তৰ ক্ষতিসাধন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত ৫ নৱেম্বৰৰ দিনা মাজনিশাৰ পাছত অহা মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণৰ বাবে পকা ধানসমূহ বাগৰি পৰাৰ ফলত চিন্তিত হৈ পৰিছে  অঞ্চলটোৰ কৃষক ৰাইজ। আহাৰ আৰু শাওন মাহত কপালৰ ঘাম মাটিত পেলাই কৰা শালি ধান সমুহ পকিবলৈ আৰম্ভ কৰাত কৃষক ৰাইজে ধান কটাৰ বাবে সাজু হৈছিল।  আনকি বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ ফলত ধানৰ বহু ক্ষতিসাধন হোৱা স্বত্বেও কৃষক ৰাইজ হতাশ হোৱা নাছিল। কিন্তু  শেহতীয়াভাৱে ৫ নৱেম্বৰৰ দিনা অহা বৰষুণে  শালি ধানৰ বিস্তৰ ক্ষতিসাধন কৰে। এই সন্দৰ্ভত ৰাণী অঞ্চলৰ আদৰ্শ কৃষক দীনেশ নাথ, ৰমেশ দাস, যুৱ কৃষক জোন ৰাভাকে ধৰি শালি ধানৰ…
Read More
বহুবিবাহ কৰিলে হ’ব ৭ বছৰৰ কাৰাদণ্ড

বহুবিবাহ কৰিলে হ’ব ৭ বছৰৰ কাৰাদণ্ড

আগন্তুক শীতকালীন বিধানসভা অধিৱেশনত ৰাজ্য চৰকাৰে উত্থাপন কৰিব বহুচৰ্চিত বহুবিবাহ বিধেয়ক। এই বিধেয়কখন বিধানসভাত উত্থাপনৰ বাবে দেওবাৰে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। সেই অনুসৰি ২৫ নৱেম্বৰৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া বিধানসভা অধিৱেশনত এই বিধেয়কখন উত্থাপন কৰিবলৈ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সংবাদমেলযোগে কয় যে বহুবিবাহ বন্ধ কৰাৰ বাবে বহুবিবাহ বিধেয়ক বিধানসভাত উত্থাপনৰ বাবে কেবিনেটে অনুমোদন জনাইছে। এই বিধেয়কখনৰ নাম হ'ব 'দ্য আছাম প্রভিজন অব পলিগামী বিল-২০২৫'। এই বিধেয়কখন গৃহীত হৈ আইনত পৰিণত হোৱাৰ পাছত কোনো ব্যক্তিয়ে দ্বিতীয় তৃতীয় বিবাহ কৰিব নোৱাৰিব। দ্বিতীয়-তৃতীয় বিবাহ কৰিলে সেই ব্যক্তিজনৰ ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড হ'ব। ইয়াৰ উপৰি…
Read More
অসমত গৌতম আদানীয়ে স্থাপন কৰিব ৩২০০ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প

অসমত গৌতম আদানীয়ে স্থাপন কৰিব ৩২০০ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প

অসমত গৌতম আদানীয়ে ৩২০০ মেগাৱাটৰ এটা তাপবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব। কিন্তু প্ৰকল্প স্থাপনৰ সমগ্ৰ অনুমোদন প্ৰক্ৰিয়া চৰকাৰ বা মুখ্যমন্ত্ৰীয়ে গোপনে ৰাখিছে বুলি অভিযোগ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে। তেওঁ অভিযোগ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতি প্ৰচাৰমুখী মানুহ আৰু সাধাৰণ কথা এটাও ঢাক-ঢোল বজাই প্ৰচাৰ কৰে। অথচ অসমৰ সৰ্ববৃহৎ এই বিদ্যুৎ উৎপাদন প্ৰকল্প স্থাপনৰ বিষয়ত মুখ্যমন্ত্ৰী ইমান মৌন কিয়? মুখ্যমন্ত্ৰীৰ এই মৌনতা কেৱল আশ্চৰ্যজনকেই নহয়, ৰহস্যজনকো। কিয়নো মুখ্যমন্ত্ৰীয়ে যোৱা ২ নৱেম্বৰৰ দিনা নতুন দিল্লী আদানীৰ ঘৰলৈ গৈ উদ্যোগপতিগৰাকীক সাক্ষাৎ কৰিছিল। সেইদিনা তেওঁ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু পিছদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল। গতিকে কথাটো এনেকুৱা…
Read More
নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলে

নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলে

মহিলা এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলটোৱে শীঘ্ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি এই বৈঠক ৫ নৱেম্বৰত দিল্লীত হোৱাৰ সম্ভাৱনা আছে। আজি সন্ধিয়া মুম্বাইৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় টিম ইণ্ডিয়া। নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত চূড়ান্ত খেলখনত দেওবাৰে (২ নৱেম্বৰ) দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় দলটোৱে। হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতে প্ৰথমবাৰৰ বাবে মহিলা এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰে। ইফালে দলটোৰ অল-ৰাউণ্ডাৰ দীপ্তী শৰ্মাই জনাইছে যে তেওঁলোকে দল হিচাপে প্ৰধানমন্ত্ৰী মোদীক কি উপহাৰ দিব সেয়া অতি সোনকালে সিদ্ধান্ত ল’ব। দীপ্তিয়ে কয়-আমি নিশ্চিতভাৱে তেওঁক কিবা এটা উপহাৰ দিম, সেয়া…
Read More
মাৰ্চত কেৰালালৈ আহিব লিয়নেল মেছিসহ আৰ্জেণ্টিনা ফুটবল দল

মাৰ্চত কেৰালালৈ আহিব লিয়নেল মেছিসহ আৰ্জেণ্টিনা ফুটবল দল

কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰাহিমানে সোমবাৰে কয় যে তাৰকা খেলুৱৈ লিয়নেল মেছিৰ সৈতে আৰ্জেণ্টিনাৰ ফুটবল দলটোৱে অহা বছৰৰ মাৰ্চ মাহত ৰাজ্যখনত এখন মেচ খেলিব। কেৰালা চৰকাৰৰ স্প’ৰ্টছ ভিজন ২০৩১ৰ সৈতে জড়িত এক অনুষ্ঠানত তেওঁ এইদৰে কয়। তেওঁ কয়-দুদিন পূৰ্বে আৰ্জেণ্টিনাৰ দলৰ পৰা মাৰ্চ মাহত তেওঁলোকৰ আগমন নিশ্চিত কৰা ইমেইল পাইছিলোঁ। তেওঁলোকেও আমাক জনাইছিল যে অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে আৰ্জেণ্টিনা দলৰ এই ভ্ৰমণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে।
Read More
দিল্লীত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

দিল্লীত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে দিল্লীত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি পৰ্যটনস্থলী উমৰাংছ’লৈ নতুন ৰে’লপথ নিৰ্মাণকে ধৰি ৰাজ্যৰ ৰে’ল সংযোগ সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় যে কোকৰাঝাৰ জিলাৰ মাজেৰে ভূটানৰ সৈতেও প্ৰস্তাৱিত আন্তঃৰাষ্ট্ৰীয় লাইনৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ কয় মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱৰ সৈতে মোৰ এক অতি উপযোগী বৈঠক হয়। আমি অসমৰ ৰে'লপথ সম্প্ৰসাৰণ আৰু জনসাধাৰণৰ বাবে সামগ্ৰিক সংযোগ বৃদ্ধিৰ সৈতে জড়িত মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰিলোঁ। উমৰাংছ’ চহৰৰ পৰা লংকালৈ নতুন ৰে’লপথ নিৰ্মাণ, কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নতুন ৰে’লপথৰ কাম ক্ষিপ্ৰ কৰা, অসমৰ বাবে তিনিখন নতুন অমৃত ভাৰত ৰে’ল,…
Read More
দক্ষিণ কোৰিয়াত ড’নাল্ড ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক

দক্ষিণ কোৰিয়াত ড’নাল্ড ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক

দক্ষিণ কোৰিয়াৰ বুছানত অনুষ্ঠিত হোৱা ৩২ সংখ্যক এপেক অৰ্থনৈতিক বৈঠকৰ পূৰ্বে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ট্ৰাম্পে দ্বিতীয়বাৰলৈ হোয়াইট হাউছলৈ উভতি অহাৰ পিছত এইটোৱেই আছিল তেওঁলোকৰ প্ৰথম ব্যক্তিগত কথা-বতৰা। আমেৰিকা আৰু চীনৰ পতাকাৰে সজোৱা ৰেড কাৰ্পেটত দুয়োগৰাকী নেতাই ইজনে আনজনক হাত মিলাই সম্ভাষণ জনায় আৰু তাৰ পিছত বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্কক কেন্দ্ৰ কৰি আলোচনা আৰম্ভ কৰে। ৩১ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ গিয়ংজুত অনুষ্ঠিত হ’বলগীয়া ২০২৫ চনৰ এপেক শীৰ্ষ সন্মিলনৰ এদিন পূৰ্বে এই বৈঠক অনুষ্ঠিত হয়।যোৱা কেইমাহমানত তীব্ৰতৰ হৈ পৰা দ্বিপাক্ষিক সম্পৰ্কত ৱাশ্বিংটন আৰু বেইজিঙে উত্তেজনা লাঘৱ কৰিব পাৰিবনে নাই সেই…
Read More
মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিন গাৰ্গৰ চিতাভস্ম

মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিন গাৰ্গৰ চিতাভস্ম

মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল হাৰ্ট'থ্ৰব জুবিন গাৰ্গৰ চিতাভস্ম। ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে এই কার্য সম্পন্ন কৰা হয়। ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসর্জন দি উচুপি উঠে পত্নী গৰিমা শইকীয়া গাৰ্গ। গুৱাহাটীৰ লাচিত ঘাটত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বক্ষত চিতাভস্ম বিসর্জন দিয়া হয়। পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ লগতে জুবলী বৰুৱা, পাৰ্থসাৰথি মহন্ত, জুবিনৰ বাদ্যযন্ত্ৰীৰ লগতে আত্মীয়সকল উপস্থিত থাকে। সমান্তৰালকৈ যোৰহাটতো ব্ৰহ্মপুত্ৰৰ বুকুত বিসর্জন দিয়া হয় জুবিনৰ চিতাভস্ম। অৰুণ গাৰ্গৰ উপস্থিতিত যোৰহাটত বিসর্জন দিয়া হয় চিতাভস্ম।
Read More
মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’

মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’

হার্টথ্র'ব জুবিন গাৰ্গৰ ছবি 'ৰৈ ৰৈ বিনালে' এতিয়া অসমত মুক্তিৰ পূৰ্বেই এক ইতিহাস ৰচনা কৰিছে। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ছবিখনে। মুক্তিৰ পূর্বেই সকলো টিকট এসপ্তাহৰ বাবে সম্পূণরূপে বিক্ৰী হৈছে। এটা টিকটৰ বাবে দর্শকসকলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি শাৰী পাতিবলগীয়া হৈছে। আনহাতে অনলাইনতো টিকট এসপ্তাহৰ বাবে প্রায় উপলব্ধ নোহোৱা হৈ পৰিছে। যিটোৱে জুবিন গার্গে অসমৰ চলচ্চিত্র জগতৰ বাবে যি এক সপোন ৰচিছিল, সেই সপোন এতিয়া সার্থক হোৱাৰ দিশে আগবাঢ়িছে। অসমৰ চলচ্চিত্র জগতত এক নতুনত্ব আহি পৰিছে। পূর্বে অভিযোগ আছিল যে অসমীয়া ছবি অসমৰ দৰ্শকে নাচায়, যাৰ বাবে অসমীয়া ছবি নির্মাণৰ ক্ষেত্ৰত প্রযোজকসকলৰ অনীহা আহি পৰিছে আৰু বহু উন্নত মানৰ ছবি…
Read More