Sonakshi Sarkar

1909 Posts
অসমতো এছ আই আৰৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

অসমতো এছ আই আৰৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

নিৰ্বাচন আয়োগে অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ( এছ আই আৰ)ৰ কথা ঘোষণা কৰিছে। অহা বছৰ অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। অধিসূচনা অনুসৰি অহা ১০ ফেব্ৰুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। ইয়াৰ পূৰ্বে বুথ পৰ্যায়ত বিষয়াসকলে ২২ নৱেম্বৰৰ পৰা ঘৰে ঘৰে পৰীক্ষণ কৰিব আৰু ২৭ ডিচেম্বৰত খচৰা তালিকা প্ৰকাশ কৰা হ’ব।অসমৰ বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণ আন ১২খন ৰাজ্যত চলি থকা এছ এছ আৰৰ পৰা পৃথক হ’ব৷ ছপা গণনা প্ৰ-পত্ৰৰ প্ৰয়োজন নহ’ব। বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ পূৰ্বৰ বিশেষ সাৰাংশ পুনৰীক্ষণ (এছ এছ আৰ)ৰ সময়ত প্ৰস্তুত কৰা ভোটাৰ তালিকাৰ ভিত্তিত পঞ্জীয়ন ৰক্ষণাবেক্ষণ কৰিব।…
Read More
ৰাৱালপিণ্ডিত জয়ৰে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল পাকিস্তানৰ

ৰাৱালপিণ্ডিত জয়ৰে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল পাকিস্তানৰ

ৰাৱালপিণ্ডিত অনুষ্ঠিত তৃতীয় এদিনীয়া খেলখনত পাকিস্তানে শ্ৰীলংকাক ৬ উইকেটত পৰাস্ত কৰি ৩-০ত শৃংখলা দখল কৰে। প্ৰথমখন মেচত ৬ ৰান আৰু দ্বিতীয়খন খেলত ৮ উইকেটত জয়লাভ কৰিছিল পাকিস্তানে। তৃতীয়খন মেচত শ্ৰীলংকাই ২১২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল, যিটো পাকিস্তানে ৫.২ অভাৰ বাকী থকা অৱস্থাত ফাখৰ জামান আৰু মহম্মদ ৰিজৱানৰ অৰ্ধশতকৰ সহায়ত অৰ্জন কৰে। টছত জয়ী হোৱাৰ পাছত পাকিস্তানে বলিং কৰিবলৈ বাছি লয়। শ্ৰীলংকাই ভাল আৰম্ভণি কৰে। প্ৰথম আঠ অভাৰত পাথুম নিছাংকা আৰু কামিল মিছাৰাই ৫০ ৰান অৰ্জন কৰে। নিছাংকা আউট হোৱাৰ পিছত ৰান ৰেট লেহেমীয়া হয়। কুছাল মেণ্ডিছ আৰু ছাদিৰা সমৰাৱিক্ৰামাই ৰান অৰ্জনত চেষ্টা কৰে যদিও বিফল হয়। বাওঁহাতৰ স্পিনাৰ ফৈছাল আক্ৰমে…
Read More
ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন

ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন

সমগ্ৰ দেশৰ লগতে দেওবাৰে অসমতো ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। লোকনিৰ্মাণ বিভাগৰ দিছপুৰস্থিত সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এই অনুষ্ঠানত এইবাৰৰ বিষয় 'বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান' সম্পৰ্কত বক্তৃতা প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° ধ্ৰুৱজ্যোতি বৰাই।  ভাষণ প্ৰসংগত ড° বৰাই কয় যে সাংবাদিকতাৰ বৃত্তিটো পৃথিৱীৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিচাৰধাৰাৰ প্ৰৱাহৰ ওপৰত বেছি প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল। বৰ্তমানৰ যুগটো ফাইনেন্স কেপিটেলৰ যুগ বুলি উল্লেখ কৰি তেওঁ কয় যে এই যুগৰ উদ্দেশ্য বিশ্বায়ন বা গোলকীকৰণ। অৰ্থাৎ ভাষা, ধৰ্ম, সংস্কৃতিৰ বৈচিত্ৰ্যবোৰ নাইকীয়া কৰি আমি সমগ্ৰ পৃথিৱী…
Read More
“৭০ শতাংশতকৈও অধিক মৃগীৰোগক নিয়ন্ত্ৰণত ৰাখিব পৰা যায়”- জি এন আৰ চি হাস্পতাল

“৭০ শতাংশতকৈও অধিক মৃগীৰোগক নিয়ন্ত্ৰণত ৰাখিব পৰা যায়”- জি এন আৰ চি হাস্পতাল

আজি ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস উপলক্ষে জিএনআৰচি দিছপুৰৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল আয়োজন কৰা হয়। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত দিনকদিনে বাঢ়ি অহা মৃগীৰোগীৰ সংখ্য়া আৰু ৰাইজক প্ৰাৰম্ভিক অৱস্থাত ৰোগ চিনাক্ত কৰি উপযুক্ত চিকিৎসা আৰম্ভ কৰিবলৈ আহ্বান জনোৱাৰ ওপৰত আজিৰ এই সংবাদমেলত প্ৰাধান্য় আৰোপ কৰা হয়। বিশেষজ্ঞসকলৰ মতে, বিশ্বজুৰি ৫ কোটিৰো অধিক লোক, ভাৰতত এক কোটিতকৈ অধিক লোক, আৰু অসমৰ আনুমানিক তিনি লাখ লোক মৃগীৰোগত আক্ৰান্ত হৈ থকা সত্ত্বেও এতিয়াও এই ৰোগ এক দুৰ্বোধ্য় স্নায়ুৰোগ হিচাপেই চিহ্নিত হৈ আছে। উত্তৰ-পূবত সাত লাখৰো অধিক ব্যক্তি এই ৰোগত আক্ৰান্ত হৈ আছে বুলি অনুমান কৰা হৈছে। চিকিৎসকে জনোৱা মতে, সজাগতাৰ অভাৱ, কলংক, লক্ষণৰ ভুল ব্যাখ্যাৰ বাবে এনে…
Read More
উত্তৰ-পূৱৰ চাহ খেতিয়কক এফআৰপি প্ৰৱৰ্তনৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক

উত্তৰ-পূৱৰ চাহ খেতিয়কক এফআৰপি প্ৰৱৰ্তনৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক

ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ অনুৰোধ জনাই দেশৰ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ক্ষুদ্র চাহ খেতিয়ক সন্থাই। নর্থ ইষ্ট কনফেডাৰেচন ফৰ স্মল টী গ্র'ৱাৰ্ছৰ সভাপতি দিগন্ত ফুকন, সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক পৰিষদৰ সভাপতি নাৰায়ণ লাহন, সদৌ নাগালেণ্ড ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি এন পল কিকন, সদৌ ত্ৰিপুৰা ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি ৰাচিক দেৱবাৰ্মা, সদৌ অৰুণাচল প্রদেশ ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি টাডাক গেব আৰু মেঘালয় ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি থমাছ মালায়ে যুটীয়া স্মাৰক পত্ৰ যোগে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰিছে৷ এক বিবৃতি যোগে চাহ উদ্যোগৰ সৈতে জড়িত সংস্থাকেইটাই কয় যে…
Read More
২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্র: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্র: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৰুজনাৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰৰে। বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ পদক্ষেপৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  শনিবাৰে লণ্ডন অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিছে। দিল্লী বিমান বন্দৰৰ পৰা ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে কয় যে পোন্ধৰশ শতিকাৰ শেষৰফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৰনাৰায়ণৰ অনুৰোধত বৃন্দাবনী বস্ত্র সাজি উলিয়াইছিল। এই বৃন্দাবনী বস্ত্ৰখন আমাৰ অসমৰ ইতিহাসৰ সভত্যাৰ এক অমূল্য অংগ। আমি বহুতে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে শুনিছো আৰু পঢ়িছো। ইয়াৰ ছবিও দেখিবলৈ পাইছো। কিন্তু বিগত পাঁচশ বছৰ কালত আমাৰ কোনো এটা প্রজন্মই এই বৃন্দাবনী বস্ত্রখন সন্মুখৰ পৰা দেখা নাই। অৱশ্যে যিসকলে কেতিয়াবা লণ্ডন…
Read More
উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে হেলথ চিটি হস্পিটেলত DELTA সংলগ্ন uCT 780 চিটি স্কেন মেচিন ৰ উদ্বোধন

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে হেলথ চিটি হস্পিটেলত DELTA সংলগ্ন uCT 780 চিটি স্কেন মেচিন ৰ উদ্বোধন

উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে গুৱাহাটী ৰ হেলথ চিটি হস্পিটেল ত uCT 780 চিটি স্কেন মেচিন, যিটো কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত প্ৰিমিয়াম কাৰ্ডিয়াক চিটি স্কেন স্থাপন  কৰা হৈছে।  এয়া সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি। এইটো হৈছে নিখুঁত ইমেজিং, ৰোগীৰ সুৰক্ষা, আৰু সঠিক নিদানৰ ক্ষেত্ৰত এক বিশ্বব্যাপী উদ্ভাৱন। ইউচিটি ৭৮০ত Al-ভিত্তিক DELTA পুনৰ্গঠন আৰু Al-DOM ড’জ মডুলেচন ব্যৱহাৰ কৰি বিকিৰণ ৮০% পৰ্যন্ত হ্ৰাস কৰাৰ লগতে বিৱৰণৰ স্পষ্টতা উন্নত কৰা হৈছে-যাৰ ফলত ই উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে এতিয়া উপলব্ধ আটাইতকৈ নিৰাপদ উন্নত চিটি সমাধান। কাৰ্ডিঅ’লজীৰ ক্ষেত্ৰত এই ব্যৱস্থাটোৰ কাৰ্ডিঅ’এক্সফেজ এল, ডাইনামিক পিচ প্ৰযুক্তি, আৰু উন্নত ক’ৰ’নাৰী বিশ্লেষণ সঁজুলিয়ে আমাক উচ্চমানৰ…
Read More
লছ এঞ্জেলছ ২০২৮ অলিম্পিকৰ সম্পূৰ্ণ সূচী প্ৰকাশ

লছ এঞ্জেলছ ২০২৮ অলিম্পিকৰ সম্পূৰ্ণ সূচী প্ৰকাশ

লছ এঞ্জেলছ ২০২৮ অলিম্পিকৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হৈছে। ১৪ জুলাইৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। ১০০ বছৰৰ পাছত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্ৰিকেট। খেলখনৰ বাবে সকলো ইভেণ্ট ১২ জুলাইৰ পৰা আৰম্ভ হ’ব। ২৯ জুলাইত অনুষ্ঠিত হ’ব ফাইনেল। লছ এঞ্জেলছ ২০২৮ ৰ চিইঅ’ ৰেইনল্ড হুভাৰে কয় যে ২০২৬ চনৰ জানুৱাৰী মাহত টিকট পঞ্জীয়ন মুকলি হ’ব। লছ এঞ্জেলছ ২০২৮ হ’ব এতিয়ালৈকে হোৱা সৰ্ববৃহৎ অলিম্পিক। ৩৬টা ভিন্ন ক্ৰীড়া অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ বাবে ৪৯টা স্থান আৰু ১৮টা জ’ন (লছ এঞ্জেলছ আৰু ওকলাহোমা চহৰত) নিৰ্ধাৰণ কৰা হৈছে। ১৪ জুলাইত মুকলি অনুষ্ঠান, আৰু ৩০ জুলাইত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো সোণৰ পদক…
Read More
ধাৰাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কৃতী ছাত্ৰী আয়েশা ৰহমানে

ধাৰাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কৃতী ছাত্ৰী আয়েশা ৰহমানে

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ  আজাৰা থানাৰ অন্তৰ্গত  ধাৰাপুৰ মজলী নিবাসী অহব আলী আৰু জুনেতা বেগমৰ সুযোগ্যা সন্তান আয়েশা ৰহমানে  সদ্য ঘোষিত স্নাতকোত্তৰ পৰীক্ষাত স্বৰ্ণপদক লাভ কৰি বৃহত্তৰ ধাৰাপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে আয়েশা ৰহমানে অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সমাজতত্ত্ব বিভাগত ৯.৯৭ এছ জি পি এ নম্বৰ লাভ কৰাৰ লগতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে। আয়েশা ৰহমানৰ এনে কৃতিত্বত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ বিভিন্ন দল-সংগঠন সন্তোষ প্ৰকাশ কৰিছে। আনহাতে অলপতে অনুষ্ঠিত হোৱা অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ পঞ্চম দিক্ষান্ত সমাৰোহত কৃতী ছাত্ৰী আয়েশা ৰহমানক অসমৰ ৰাজ্যপা
Read More
অলিম্পিক গেমছৰ মহিলা শাখাত তৃতীয় লিংগৰ অংশগ্ৰহণত নিষেধাজ্ঞা

অলিম্পিক গেমছৰ মহিলা শাখাত তৃতীয় লিংগৰ অংশগ্ৰহণত নিষেধাজ্ঞা

অহা অলিম্পিক গেমছৰ মহিলা শাখাত এক বৃহৎ পৰিৱৰ্তন দেখা যাব পাৰে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে তৃতীয় লিংগ মহিলাক সকলো খেলৰ পৰা সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে। পেৰিছ ২০২৪ অলিম্পিকৰ বাবে লিংগ যোগ্যতাক লৈ গুৰুতৰ বিতৰ্কৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আই অ’ চিৰ নতুন সভানেত্ৰী কিৰ্ষ্টি কভেণ্ট্ৰিয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে মহিলা শাখাৰ সুৰক্ষা আৰু ন্যায়পৰায়ণতা তেওঁৰ শীৰ্ষ অগ্ৰাধিকাৰ। যোৱা বছৰ পেৰিছ অলিম্পিকৰ মহিলা বক্সিং ফাইনেলত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছিল। আলজেৰিয়াৰ ইমান খলিফ আৰু চীনা টাইপেইৰ লিন ইউ-টিঙে দুয়োগৰাকীয়ে সোণৰ পদক লাভ কৰিছিল যদিও ইয়াৰ পূৰ্বে লিংগ যোগ্যতা পৰীক্ষাত ব্যৰ্থ হোৱাৰ বাবে ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ…
Read More