Sonakshi Sarkar

1909 Posts
গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱাত উৎফুল্লিত মুখ্যমন্ত্ৰী

গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱাত উৎফুল্লিত মুখ্যমন্ত্ৰী

গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱাত সুখ প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে ই যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত  দুখন মেচৰ শৃংখলাৰ দ্বিতীয় আৰু অন্তিমখন টেষ্ট গুৱাহাটীত অনুষ্ঠিত হয়। ইনষ্টাগ্ৰামত এটা পোষ্টত শৰ্মাই কয়-গুৱাহাটীয়ে ইতিহাস সৃষ্টি কৰিছে! অসমৰ ক্ৰিকেটক নতুন উচ্চতালৈ লৈ যোৱা এচিএ ষ্টেডিয়াম ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱা দেখি গৌৰৱ অনুভৱ কৰিছো। তেওঁ লগতে কয়-এই মুহূৰ্তটোৱে অগণন যুৱ প্ৰতিভাক অনুপ্ৰাণিত কৰিব আৰু আমাৰ ক্ৰীড়া উচ্চাকাংক্ষাক আৰু অধিক উন্নীত কৰিব। অসমৰ বাবে এক নতুন ইনিংছ।
Read More
২০২০ চনৰ পিছত পুনৰ চীনৰ নাগৰিকক ভাৰতীয় পৰ্যটন ভিছা প্ৰদানৰ কাম আৰম্ভ

২০২০ চনৰ পিছত পুনৰ চীনৰ নাগৰিকক ভাৰতীয় পৰ্যটন ভিছা প্ৰদানৰ কাম আৰম্ভ

দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতে বিশ্বজুৰি চীনৰ নাগৰিকক পৰ্যটন ভিছা প্ৰদানৰ কাম পুনৰ আৰম্ভ কৰিছে। ২০২০ চনৰ গালৱান সংঘৰ্ষৰ পিছত জাৰি কৰা পাঁচ বছৰৰ নিলম্বনৰ অন্ত পেলাইছে। এই শেহতীয়া পদক্ষেপ চলিত বৰ্ষৰ আৰম্ভণিতে গ্ৰহণ কৰা ধাৰাবাহিক পদক্ষেপৰ পিছত লোৱা হৈছে, য’ত ২০২৫ চনৰ জানুৱাৰী মাহত ভাৰত আৰু চীনৰ মাজত হোৱা চুক্তি, য’ত দুয়োখন দেশে প্ৰত্যক্ষ যাত্ৰীবাহী বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ সন্মত হৈছিল। এই পৰিস্থিতিৰ সৈতে পৰিচিত বিষয়াসকলে কয় যে চলিত বৰ্ষৰ জুলাই মাহত চীনৰ নাগৰিকৰ বাবে পৰ্যটন ভিছা পুনৰ আৰম্ভ কৰাৰ পৰামৰ্শ দিয়া আদেশৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। এমাহ পূৰ্বে পাঁচ বছৰ ধৰি…
Read More
মেক্সিকোৰ ফাতিমা বছকে পিন্ধিলে ২০২৫ৰ মিছ ইউনিভাৰ্ছৰ মুকুট

মেক্সিকোৰ ফাতিমা বছকে পিন্ধিলে ২০২৫ৰ মিছ ইউনিভাৰ্ছৰ মুকুট

মেক্সিকোৰ ফাতিমা বছক ২০২৫ চনৰ মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধোৱা হৈছে। শুকুৰবাৰে বেংককত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত তেওঁক মুকুট পিন্ধোৱা হয়। ২৫ বছৰীয়া ফাতিমাক নৱেম্বৰ মাহত আন কেইবাগৰাকীও প্ৰতিযোগীৰ সন্মুখত ধমক দি কোঠাৰ পৰা ওলাই অহাৰ পিছত তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল। ইয়াৰ পিছতে দুগৰাকী বিচাৰকে প্ৰতিযোগিতাৰ পৰা পদত্যাগ কৰে। ১৯৫২ চনৰ পৰা আৰম্ভ হোৱা মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাখন এইবাৰ ৭৪ সংখ্যক সংস্কৰণ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ হোৱা মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা আৰু ব্ৰিটেইনৰ পৰা আৰম্ভ হোৱা মিছ ৱৰ্ল্ড প্ৰতিযোগিতা বিশ্বৰ দীৰ্ঘদিনীয়া সৌন্দৰ্য্য প্ৰতিযোগিতাৰ ভিতৰত অন্যতম। ইয়াৰ উদ্দেশ্য হৈছে মহিলাসকলক বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে এক মঞ্চ প্ৰদান কৰা। এই উপাধিটোৱে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয়…
Read More
১০০ সংখ্যক টেষ্টত শতক অৰ্জনৰে ইতিহাস সৃষ্টি মুছফিকুৰ ৰহিমৰ

১০০ সংখ্যক টেষ্টত শতক অৰ্জনৰে ইতিহাস সৃষ্টি মুছফিকুৰ ৰহিমৰ

বাংলাদেশৰ অভিজ্ঞ উইকেটকীপাৰ-বেটছমেন মুছফিকুৰ ৰহিমে বৃহস্পতিবাৰে মিৰপুৰত অনুষ্ঠিত  দুখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা এক বিশেষ কৃতিত্ব অৰ্জন কৰে। ৩৮ বছৰীয়া ৰহিমে নিজৰ ১০০ সংখ্যক টেষ্ট মেচত শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। তেওঁ বাংলাদেশৰ পৰা অহা প্ৰথমজন খেলুৱৈ, আৰু বিশ্বৰ ১১ সংখ্যক খেলুৱৈ হিচাপে এই কৃতিত্ব অৰ্জন কৰে। বাংলাদেশৰ সৰ্বাধিক টেষ্ট খেলা খেলুৱৈ ৰহিমে কেইবাটাও আকৰ্ষণীয় বাউণ্ডেৰীৰে ১৯৫টা বলত শতক অৰ্জন কৰে। তেওঁৰ শতকটোৱে তেওঁক ১০০ সংখ্যক টেষ্টত শতক অৰ্জন কৰা টেষ্ট ক্ৰিকেট কিংবদন্তিৰ নিৰ্বাচিত গোটত যোগ দিয়ায়। ইয়াৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল কলিন কাউড্ৰি (ইংলেণ্ড), জাভেদ মিয়ান্দদ (পাকিস্তান), গৰ্ডন গ্ৰীনিজ (ৱেষ্ট ইণ্ডিজ), এলেক ষ্টুৱেৰ্ট (ইংলেণ্ড),…
Read More
মিজোৰামত ম্যানমাৰী শৰণাৰ্থীৰ ৫৮.১৫ শতাংশ বায়’মেট্ৰিক পঞ্জীয়ন সম্পূৰ্ণ

মিজোৰামত ম্যানমাৰী শৰণাৰ্থীৰ ৫৮.১৫ শতাংশ বায়’মেট্ৰিক পঞ্জীয়ন সম্পূৰ্ণ

মিজোৰামত ৰাজ্যখনৰ ১১খন জিলাতে বসবাস কৰা ৩১ হাজাৰৰো অধিক ম্যানমাৰী শৰণাৰ্থীৰ ৫৮.১৫ শতাংশ বায়’মেট্ৰিক পঞ্জীয়ন সম্পূৰ্ণ কৰা হৈছে বুলি গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনায়। বিষয়াগৰাকীয়ে কয় যে বাংলাদেশৰ চিটাগং হিল ট্ৰেক্ট (চি এইচ টি)ৰ পৰা ১০.৮৪ শতাংশ শৰণাৰ্থীৰ বায়’মেট্ৰিক আৰু বায়’গ্ৰাফিক তথ্যও সংগ্ৰহ কৰা হৈছে। ম্যানমাৰ আৰু বাংলাদেশৰ পৰা অহা শৰণাৰ্থীৰ পঞ্জীয়ন গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পিছত জুলাই মাহৰ পৰা আৰম্ভ হোৱা বুলিও তেওঁ কয় আৰু বিদেশী চিনাক্তকৰণ পৰ্টেল আৰু বায়’মেট্ৰিক পঞ্জীয়ন ব্যৱস্থাৰ জৰিয়তে কৰা হৈছে। বিষয়াগৰাকীৰ মতে, বৰ্তমান মিজোৰামৰ বিভিন্ন প্ৰান্তত ৩১,২১৪ জন ম্যানমাৰ নাগৰিকে বসবাস কৰি আছে, চুবুৰীয়া দেশৰ সীমান্তৱৰ্তী চম্পাই জিলাত সৰ্বাধিক কেন্দ্ৰীভূত হৈছে। তেওঁ কয় যে…
Read More
পাঁচ বাংলাদেশীক ২৪ ঘন্টাৰ ভিতৰত অসম ত্যাগৰ নিৰ্দেশ

পাঁচ বাংলাদেশীক ২৪ ঘন্টাৰ ভিতৰত অসম ত্যাগৰ নিৰ্দেশ

শোণিতপুৰ জিলা প্ৰশাসনে কেইবাবছৰ ধৰি তেজপুৰত বসবাস কৰি বিদেশী বুলি ঘোষণা কৰা চাৰিগৰাকী মহিলাকে ধৰি পাঁচজন লোকক ২৪ ঘন্টাৰ ভিতৰত ৰাজ্য ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলা প্ৰশাসনে জনোৱা অনুসৰি হানুফা, মৰিয়াম নেছা, ফাতিমা, মনোৱাৰা আৰু আমজাদ আলীক বিদেশী ঘোষণা কৰা হৈছে, আটাইকেইজনেই বাংলাদেশী নাগৰিক। জামুগুৰিহাট থানা এলেকাৰ অন্তৰ্গত ধোবোকাটা গাঁৱত বাস কৰিছিল। ২ নং শোণিতপুৰ বিদেশী ন্যায়াধিকৰণে জিলাখনৰ আৰক্ষী অধীক্ষকে (সীমা) দাখিল কৰা পৃথক পৃথক গোচৰত ২০০৬ চনত এই পাঁচজনক বিদেশী নাগৰিক (ডি এফ এন) বুলি ঘোষণা কৰিছিল। জিলা উপায়ুক্ত এ.কে. দাসে জাননীখনত উল্লেখ কৰিছে যে তেওঁলোকে জনস্বাৰ্থ আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ খাতিৰত ৰাজ্য এৰি যাব লাগে। ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী (অসমৰ…
Read More
দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ নীতিশ কুমাৰৰ

দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ নীতিশ কুমাৰৰ

বৃহস্পতিবাৰে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। তেওঁৰ লগতে বিজেপিৰ সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাইও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দুয়োজনেই পূৰ্বৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী আছিল। পাটনাৰ গান্ধী মৈদানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাৰ উপৰিও বিজয় কুমাৰ চৌধুৰী, মংগল পাণ্ডে, শ্ৰৱণ কুমাৰ, লেশী সিংকে ধৰি আন ২৬ গৰাকীয়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২৬গৰাকী মন্ত্ৰীৰ ভিতৰত তিনিগৰাকী মহিলা আৰু এগৰাকী মুছলমান বিধায়ক। মহিলা বিধায়িকাসকলৰ ভিতৰত লেশী সিং জনতা দল (ইউনাইটেড)ৰ। ৰামা নিছাদ আৰু শ্ৰেয়াসী সিং বিজেপিৰ। একমাত্ৰ মুছলমান মন্ত্ৰী…
Read More
পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত লব নীতিশ কুমাৰে

পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত লব নীতিশ কুমাৰে

বিহাৰ বিধানসভা নিৰ্বাচনত এক ঐতিহাসিক জয়ৰ পিছতে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ নাম পোহৰলৈ আহিছে। জেডিইউৰ বিধায়িনী দলৰ দলপতি হিচাপে নীতিশ কুমাৰক নিৰ্বাচিত কৰাৰ বিপৰীতে বিজেপিয়ে সম্ৰাট চৌধুৰীক দলপতি আৰু বিজয় সিনহাক উপ দলপতি হিচাপে নিৰ্বাচিত কৰিছে। সেই হিচাপে নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ’ব, আনহাতে সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা উপ মুখ্যমন্ত্ৰী হ’ব। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আজি সন্ধিয়া আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে  বিহাৰৰ ৰাজধানী পাটনাত বুধবাৰে নৱনিৰ্বাচিত বিধায়কৰ বৈঠকত জেডিইউৰ প্ৰমুখ নীতিশ কুমাৰক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা বুলি বিহাৰৰ মন্ত্ৰী শ্ৰৱণ কুমাৰে কয়। খবৰ অনুসৰি বৃহস্পতিবাৰে ঐতিহাসিক গান্ধী মৈদানত নীতিশ কুমাৰে অভিলেখ দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে…
Read More
নতুন সময়সূচীৰে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট

নতুন সময়সূচীৰে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনৰ সময়ত চলি অহা নিয়মত পৰিবৰ্তন দেখিবলৈ পোৱা যাব। কিয়নো মেচখনত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহৰ বিৰতি থাকিব। টেষ্ট ক্ৰিকেটত এইটো সাধাৰণ কথা নহয়। ২২ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখন বহু দিশত বেলেগ হ’ব। নতুন সময়ত আৰম্ভ হ’ব টেষ্ট মেচখনো। গুৱাহাটীৰ বতৰৰ পৰিস্থিতিৰ বাবেই এই পৰিৱৰ্তন হৈছে। সাধাৰণ টেষ্ট মেচৰ সময়সূচীৰ সৈতে এইটো একেবাৰে বিপৰীত, য’ত খেল সাধাৰণতে পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হয়, তাৰ পিছত পুৱা ১১:৩০ বজাত দুপৰীয়াৰ আহাৰ আৰু দুপৰীয়া ২:০০ বজাত চাহৰ সময়। দৰাচলতে উত্তৰ পূৰ্বাঞ্চল গুৱাহাটীত সূৰ্য্য উদয় আৰু সূৰ্যাস্ত আগতীয়াকৈ হয়। সন্ধিয়াৰ…
Read More
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিনত প্ৰাণৰ শিল্পীক স্মৰণ

ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিনত প্ৰাণৰ শিল্পীক স্মৰণ

অসমৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিন উপলক্ষে মঙলবাৰে ৰাজ্যজুৰি উদযাপন কৰা হৈছে, তেওঁৰ সন্মানত ৰাজনৈতিক দলকে ধৰি কেইবাটাও সংগঠনে তেওঁৰ জন্ম দিন অনুষ্ঠানৰ আয়োজন কৰিছে। মাজনিশা জুবিন গাৰ্গৰ অনুৰাগীসকলে তেওঁৰ কাহিলীপাৰা বাসগৃহৰ বাহিৰত কেক কাটি তেওঁৰ জন্ম দিন উদযাপন কৰে। য'ত পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পালমী বৰঠাকুৰেও উপস্থিত থাকে। লগতে কাহিলীপাৰা বাসগৃহত গীতে-মাতে পুৱা তেওঁক স্মৰণ কৰা হয়। অনুৰাগীসকলে তেওঁৰ জনপ্ৰিয় গীত পৰিবেশন কৰি তেওঁৰ মৃত্যুৰ পিছত প্ৰথমবাৰৰ বাবে জন্ম দিন উদযাপন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীসকলে তেওঁৰ সমাধিতো গামোছা আৰু ফুলৰ থোপা আগবঢ়াই, বন্তি প্ৰজ্বলন কৰি তেওঁৰ গীত গাই শ্ৰদ্ধাঞ্জলি জনায়। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই…
Read More