08
Dec
শালি ধানৰ খেতিৰ সফলতাৰ পাছত বিগত বৰ্ষৰ দৰে এইবেলিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জালুকবাৰীত অন্তৰ্ভুক্ত হোৱা আজাৰা ৰাজহ চক্ৰ এলেকাৰ বিভিন্ন প্ৰান্তত একাংশ কৃষকে বৰো ধানৰ খেতিত মনোনিবেশ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ ভিতৰত বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি আৰু উদ্যমী কৃষক , দীপৰ বিলৰ কাষৰীয়া দেউছতালৰ বাসিন্দা বলেশ্বৰ ৰংপীয়ে শালি ধানৰ পাছত বৰো ধানৰ খেতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ২০২৩ চনত প্ৰথমবাৰৰ বাবে দীপৰ বিলৰ কাষৰীয়া দেউছতাল অঞ্চলত পতিত আৰু বহুদিন খেতি বাতি তথা কৃষিকৰ্ম নকৰা মাটিত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ আৰম্ভ কৰিছিল বলেশ্বৰ ৰংপীয়ে। বিগত দুটা বৰ্ষৰ সফলতাৰ পাছত এইবেলি তৃতীয়বাৰৰ বাবে …
