Sonakshi Sarkar

1909 Posts
৪৪ বছৰৰ বাওঁপন্থী শাসনৰ অন্ত পেলাই উৰিল গেৰুৱা ধ্বজা! তিৰুৱনন্তপুৰম পৌৰ নিগম দখল বিজেপিৰ

৪৪ বছৰৰ বাওঁপন্থী শাসনৰ অন্ত পেলাই উৰিল গেৰুৱা ধ্বজা! তিৰুৱনন্তপুৰম পৌৰ নিগম দখল বিজেপিৰ

নিউজ ডেস্কঃ সুদীৰ্ঘ ৪৪ বছৰীয়া বাওঁপন্থী শাসনৰ অন্ত পেলাই অৱশেষত জয় লাভ কৰিবলৈ সক্ষম হ’ল বিজেপিয়ে। দক্ষিণৰ ৰাজ্য কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰম পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে চিপি আই (এম) নেতৃত্বাধীন এল ডি এফৰ পৰা ক্ষমতা কাঢ়ি আনি এক বৃহৎ বিজয় সাব্যস্ত কৰিছে। তিৰুৱনন্তপুৰম পৌৰ নিগমৰ মুঠ ১০১টা ৱাৰ্ডৰ ভিতৰত বিজেপিয়ে ৫০টা, এল ডি এফে ২৯টা, ইউ ডি এফে ১৯টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দুটা ৱাৰ্ডত জয় লাভ কৰে। বিজেপি পৌৰ নিগমখনত একক সংখ্যাগৰিষ্ঠতাৰ পৰা মাত্ৰ এখন আসন আঁতৰত আছে। এই বিজয়ৰ ফলত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত, বিশেষকৈ ৰাজ্যৰ ৰাজধানীত বিজেপিৰ বাবে এক উৎসাহজনক পৰিৱেশ সৃষ্টি হ’ব। ইয়াৰ উপৰিও,…
Read More
উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্ৰতিনিধিৰ অংশগ্ৰহণৰে ডাউন টাউন হস্পিতালৰ উদ‍্যোগত সফলৰূপত সম্পন্ন হ’ল “অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫”

উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্ৰতিনিধিৰ অংশগ্ৰহণৰে ডাউন টাউন হস্পিতালৰ উদ‍্যোগত সফলৰূপত সম্পন্ন হ’ল “অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫”

গুৱাহাটী স্থিত ডাউন টাউন হস্পিতালে আয়োজন কৰা "অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫" আজি সফলভাৱে অনুষ্ঠিত হৈ যায়। উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্রতিনিধিয়ে এই কনক্লেভত অংশগ্ৰহণ কৰে। ৰোগীৰ সুৰক্ষা সুদৃঢ় কৰা আৰু গুণগত স্বাস্থ্য সেৱা উন্নীত কৰিবলৈ উৎসৰ্গিত অঞ্চলৰ অন্যতম দীৰ্ঘম্যাদী প্লেটফৰ্ম হিচাপে এই কনক্লেভে পুনৰ নিজৰ স্থান সুদৃঢ় কৰিলে।  উক্ত কাৰ্য্যসূচী ডাউন টাউন হস্পিতেলৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰীমতী ময়ুৰাক্ষী দত্তৰ আদৰণি ভাষণৰ সৈতে আৰম্ভ হয়। ইয়াৰ পাছতেই অসমৰ চিকিৎসা শিক্ষা পৰিচালক ডাঃ মনোজ কুমাৰ চৌধুৰীয়ে এই কনক্লেভৰ উদ্বোধন কৰি উদ্বোধনী ভাষণ আগবঢ়ায়। তেওঁ স্বাস্থ্য সেৱা প্ৰতিষ্ঠানসমূহত ৰোগী সুৰক্ষাৰ ক্ষেত্ৰত সংগঠিত আৰু  প্ৰণালীবদ্ধ প্ৰক্ৰিয়া কেন্দ্ৰীক পদ্ধতি…
Read More
অষ্ট্ৰেলিয়ান অ’পেন উদ্বোধন কৰিব ৰজাৰ ফেডাৰেৰে

অষ্ট্ৰেলিয়ান অ’পেন উদ্বোধন কৰিব ৰজাৰ ফেডাৰেৰে

২০২৬ চনৰ জানুৱাৰী মাহত পুনৰবাৰ নিজৰ মন পচন্দৰ গ্ৰেণ্ড শ্লেমলৈ উভতি আহিব চুইজাৰলেণ্ডৰ টেনিছ কিংবদন্তি ৰজাৰ ফেডাৰেৰে। অষ্ট্ৰেলিয়ান অ’পেনৰ আয়োজকসকলে ঘোষণা কৰে যে ফেডাৰেৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰিব। ২০২২ চনত অৱসৰ লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰড লেভাৰ এৰিনাত অংশগ্ৰহণ কৰিব।প্ৰথমবাৰৰ বাবে মেলবৰ্ণ পাৰ্কত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ মুকলি অনুষ্ঠানটো ১৮ জানুৱাৰীত প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ এদিন পূৰ্বে অনুষ্ঠিত হ’ব। ফেডাৰেৰকো বিশেষ সন্মান প্ৰদান কৰা হ’ব। ছয়বাৰ নৰ্মান ব্ৰুকছ ট্ৰফী জয় কৰা ফেডাৰেৰে মুঠ ২০টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰিছে। এই বিশেষ প্ৰতিযোগিতাত ফেডাৰেৰৰ সৈতে চাৰিবাৰৰ অষ্ট্ৰেলিয়ান অ’পেন চেম্পিয়ন আন্দ্ৰে আগাছি, অষ্ট্ৰেলিয়াৰ পেট ৰাফটাৰ আৰু লেইটন হেউইটেও ক’ৰ্টত উপস্থিত থাকিব। ফেডাৰেৰে কয়-বহুদিন…
Read More
ভাৰতলৈ আহি আছে লিয়নেল মেছি

ভাৰতলৈ আহি আছে লিয়নেল মেছি

১৩ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া বহু প্ৰত্যাশিত 'গ'ট ট্যুৰ ২০২৫'ৰ বাবে কাইলৈ ভাৰতত উপস্থিত হ'ব ফুটবল কিংবদন্তি লিয়নেল মেছি। তিনিদিনীয়া এই অনুষ্ঠানটো দেশৰ চাৰিখন ডাঙৰ চহৰ—কলকাতা, হায়দৰাবাদ, মুম্বাই, আৰু নতুন দিল্লীত অনুষ্ঠিত হ’ব। মিয়ামিৰ পৰা যাত্ৰা কৰা মেছিয়ে ১৩ ডিচেম্বৰৰ নিশা ১:৩০ বজাত কলকাতাত উপস্থিত হোৱাৰ কথা। কলকাতাত তেওঁৰ দিনটো ব্যস্ততাপূৰ্ণ হ’ব। তেওঁ কেইবাটাও অনুষ্ঠান আৰু পাৰস্পৰিক ক্ৰিয়া-কলাপত অংশগ্ৰহণ কৰিব। দুপৰীয়া ২ বজাত হায়দৰাবাদলৈ ৰাওনা হ’ব। কলকাতা ভ্ৰমণৰ সময়ত মেছিয়ে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰাৰ কথা। হায়দৰাবাদত মেছিৰ মূল ইভেণ্ট হ’ব। ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰদৰ্শনীমূলক ফুটবল…
Read More
৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতৰ ব্ৰঞ্জৰ পদক

৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতৰ ব্ৰঞ্জৰ পদক

৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। জুনিয়ৰ দলটোৱে অন্তিম ১১ মিনিটত চাৰিটা গ’ল দি ২০২১ চনৰ চেম্পিয়ন আৰ্জেণ্টিনাক ৪-২ গ’লত পৰাস্ত কৰে।দুবাৰৰ বিশ্ব চেম্পিয়ন ভাৰতীয় দলটোৱে (হোবাৰ্ট ২০০১ আৰু লক্ষ্ণৌ ২০১৬) শেষবাৰৰ বাবে ২০১৬ চনত পদক লাভ কৰিছিল।বিগত দুবাৰকৈ ব্ৰঞ্জৰ পদক মেচত পৰাস্ত হৈ চতুৰ্থ স্থান দখল কৰিছিল দলটোৱে। তৃতীয় কোৱাৰ্টাৰলৈ দুটা গ’ল পিছ পৰি থকা ভাৰতে এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰে। অন্তিম ১১ মিনিটত টিম ইণ্ডিয়াই দ্ৰুতগতিত একেৰাহে চাৰিটা গ’ল দিয়ে। ভাৰতৰ হৈ অংকিত পাল (৪৯ নম্বৰ), মনমীত সিং (৫২ নং), শাৰদানন্দ তিৱাৰী (৫৭ নং), আৰু অনমোল এক্কাই (৫৮ নং) গ’ল দিয়ে। আৰ্জেণ্টিনাৰ হৈ নিকোলাছ…
Read More
খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বত প্রভাৱ পেলোৱা যিকোনো শক্তিক কঠোৰভাৱে প্রতিহত কৰিব চৰকাৰে: ড০ হিমন্ত বিশ্ব শর্মা

খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বত প্রভাৱ পেলোৱা যিকোনো শক্তিক কঠোৰভাৱে প্রতিহত কৰিব চৰকাৰে: ড০ হিমন্ত বিশ্ব শর্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে স্পষ্টভাৱে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে কোনো কাৰণতে চৰকাৰী ভূমিৰ অবৈধ দখল সহ্য নকৰে আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বত প্রভাৱ পেলোৱা যিকোনো শক্তিক কঠোৰভাৱে প্রতিহত কৰিব৷ তেওঁ কয় যে  ৰাজনীতিৰ স্বাৰ্থত পূৰ্বৰ চৰকাৰসমূহে চৰকাৰী ভূমিত বৃহৎ পৰিসৰৰ বেদখলৰ অনুমতি দিছিল যদিও বৰ্তমানৰ চৰকাৰখনে এই মানসিকতা সলনি কৰি অসমৰ ভূমি আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বহু বেদখলকাৰীয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব বুলি বিশ্বাসৰে বেদখল অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্রীয়ে৷ কিন্তু প্ৰশাসন এতিয়া এনে সকলো কাৰ্যকলাপ নাইকিয়া কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। সকলোৱে আইন মানি চলিব লাগিব আৰু অবৈধ বেদখল খালী কৰিব লাগিব। উল্লেখযোগ্য যে বিগত…
Read More
জুবিন গাৰ্গক মৰণোত্তৰভাৱে সন্মানীয় ডি.লিট সন্মান সন্মানিত

জুবিন গাৰ্গক মৰণোত্তৰভাৱে সন্মানীয় ডি.লিট সন্মান সন্মানিত

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত সাহিত্য আৰু সাংস্কৃতিক অধ্যয়নত অমূল্য অৱদান আগবঢ়োৱাৰ বাবে বিখ্যাত অসমীয়া সাহিত্যিক তথা পণ্ডিত ড° ৰঞ্জিত কুমাৰ দেৱ গোস্বামীক মঙলবাৰে সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰে। সাংস্কৃতিক আইকন জুবিন গাৰ্গক মৰণোত্তৰভাৱে সন্মানীয় ডি.লিট সন্মান সন্মানিত কৰা হয়। এই উপলক্ষে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ চ্যান্সেলৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই বঁটা প্ৰদান কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প যুৱক-যুৱতীসকলৰ কান্ধত নিহিত হৈ আছে আৰু স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলে দৃঢ়তাৰে জাতিটোৰ উন্নতিত অৰিহণা যোগাব লাগে। শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৮০৪…
Read More
বনভোজকাৰী দলৰে উখল – মাখল দীপৰ বিল

বনভোজকাৰী দলৰে উখল – মাখল দীপৰ বিল

দেশী -  বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণথলী হিচাপে পৰিগণিত হৈ অহা গুৱাহাটীৰ অন্যতম পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ঐতিহাসিক  দীপৰ বিলৰ পাৰত শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই মন্দিৰৰ দাঁতিত থকা বনভোজথলীটো আজি পুৱাৰ ভাগত উদ্ধোধন কৰা হয়। উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবেলিও শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ বহু লোক আহে। প্ৰতি বছৰে নৱেম্বৰ মাহৰ শেষৰটো দেওবাৰ বা ডিচেম্বৰ মাহৰ প্ৰথমটো দেওবাৰত বনভোজথলীটো উদ্ধোধন কৰা হয়। বনভোজথলীটো তদাৰক কৰি আহিছে অঞ্চলটোৰ  অগ্ৰণী সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন দেউছটাল নবজ্যোতি সংঘই। আনহাতে আজি  সংঘৰ কৰ্মকর্তা আৰু স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত বনভোজথলীটো উদ্ধোধন  কৰে…
Read More
আই পি এলত ১১০ জন বিদেশী খেলুৱৈসহ ৩৫০ ক্ৰিকেটাৰৰ হ’ব নিলাম

আই পি এলত ১১০ জন বিদেশী খেলুৱৈসহ ৩৫০ ক্ৰিকেটাৰৰ হ’ব নিলাম

অহা ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ নিলামত ২৪০ জন ভাৰতীয় আৰু ১১০ জন বিদেশী খেলুৱৈকে ধৰি মুঠ ৩৫০ গৰাকী ক্ৰিকেটাৰৰ নিলাম হ'ব। শেহতীয়াকৈ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত সলনি কৰা দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ-বেটছমেন কুইণ্টন ডি কককো চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁৰ ভিত্তি মূল্য ১ কোটি। অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিত্তি মূল্য ২ কোটি। স্মিথে শেষবাৰৰ বাবে ২০২১ চনত আই পি এলত খেলিছিল। আই পি এলৰ এক বিবৃতি অনুসৰি খেলুৱৈ নিলামৰ বাবে মুঠ ১৩৯০ গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰে। পিছত এই সংখ্যা ১০০৫ লৈ হ্ৰাস পায়। এই খেলুৱৈসকলৰ পৰা…
Read More
৫ বছৰত বিভিন্ন প্ৰতিষ্ঠানক ৬.১৫ লাখ কোটি টকাৰ ঋণ ৰেহাই

৫ বছৰত বিভিন্ন প্ৰতিষ্ঠানক ৬.১৫ লাখ কোটি টকাৰ ঋণ ৰেহাই

বিভিন্ন প্ৰতিষ্ঠানক যোৱা পাঁচটা বিত্তীয় বৰ্ষ আৰু চলিত বিত্তীয় বৰ্ষত (২০২৫ চনৰ ছেপ্টেম্বৰ মাহলৈকে) মুঠ ৬.১৫ লাখ কোটি টকাৰ ঋণ ৰেহাই কৰি দিছে দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহে। এই কথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰকাশ পাইছে। ২০২০-২১ বিত্তীয় বৰ্ষত সৰ্বাধিক ঋণ ৰেহাই কৰা হৈছিল, যাৰ পৰিমাণ ১.৩৩ লাখ কোটি টকা। বিগত পাঁচ বছৰত বেংকসমূহে প্ৰদান কৰা ঋণৰ মাত্ৰ ১.৬৫ লাখ কোটি টকাহে আদায় কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ বিত্তমন্ত্ৰী পংকজ চৌধৰীয়ে সংসদত কয় যে যেতিয়া ঋণ এটা নন-পাৰফৰ্মিং এচেট (এনপিএ) হৈ পৰে আৰু আদায়ৰ সম্ভাৱনা কমি যায়, তেতিয়া বেংকে আৰ বি আইৰ নিয়ম অনুসৰি চাৰি বছৰৰ পাছত বেলেন্স শ্বীটৰ পৰা আঁতৰাই পেলায়।…
Read More