06
Jul
সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানটোত আধুনিক অসমীয়া সাহিত্যৰ স্বনামধন্য কবিগৰাকীৰ কাব্যকৃতি আৰু জীৱন-দৰ্শন সম্পৰ্কত আলোকপাত কৰি কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দৌলাশাল হাইস্কুলৰ নৱনিৰ্মিত পুথিভঁৰালত অনুষ্ঠিত অনুষ্ঠানটোত সভাপতিত্ব কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। বিৰিণা গোষ্ঠী, অসমৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোৰ আঁত ধৰে সহকাৰী সম্পাদক জয়ন্ত ডেকা আৰু সুৰজিৎ পাঠকে । নলবাৰী আৰু বৰপেটা জিলাৰ অৰ্ধ শতাধিক সদস্য উপস্থিত থকা অনুষ্ঠানটোত ভাষা আন্দোলনৰ প্ৰথমজন শ্বহীদ ৰঞ্জিৎ বৰপূজাৰীকো স্মৰণ কৰি দুয়োগৰাকী পুণ্যাত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। অনুষ্ঠানটোৰ বন্তি জ্বলাই দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক গুৰুচৰণ…
