Sonakshi Sarkar

1402 Posts
কেদাৰনাথৰ পৰা চুৰি ২২৮ কিলোগ্ৰাম সোণ

কেদাৰনাথৰ পৰা চুৰি ২২৮ কিলোগ্ৰাম সোণ

দিল্লীৰ বুৰাৰীত কেদাৰনাথ মন্দিৰ নিৰ্মাণ সন্দৰ্ভত দেশৰ বহু ঠাইত প্ৰতিবাদ আৰম্ভ হৈছে। এতিয়া জ্যোতিৰ্মঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দে এই সন্দৰ্ভত এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ তুলি সংবাদ মাধ্যমৰ আগত কয়, 'কেদাৰনাথত সোণৰ কেলেংকাৰী হৈছে, সেই বিষয়টো কিয় উত্থাপন কৰা হোৱা নাই?" তেওঁ কয়- এতিয়া সেই কেলেংকাৰী সংঘটিত কৰি দিল্লীত কেদাৰনাথ নিৰ্মাণ কৰিবলৈ ওলাইছে, পুনৰ অনা এটা কেলেংকাৰী হ'ব। কেদাৰনাথৰ পৰা ২২৮ কিলোগ্ৰাম সোণ চুৰি হৈছে। আজিলৈকে, ইয়াৰ ওপৰত কোনো অনুসন্ধান কৰা হোৱা নাই। ইয়াৰ বাবে কোন দায়ী? এতিয়া কোৱা হৈছে যে কেদাৰনাথ দিল্লীত নিৰ্মাণ কৰা হ'ব, এয়া হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত তেওঁ কয়-তেওঁ মোৰ ওচৰলৈ…
Read More
অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

গুৱাহাটীত চলি থকা অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ মুল ৰাউণ্ডৰ মেচসমুহ আজিৰে পৰা আৰম্ভ হৈছে৷ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত হোৱা আজিৰ মেচত ১২ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ একক শাখাত জয়ৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ঃ ধনশিকা মহন্ত, দেৱাংশী তামুলী, আয়ুশ্ৰী নাথ, স্বৰা পাৱাৰ আৰু কৃষ্টি হালৈ৷ ১২ বছৰ অনূধ্বৰ্ ল’ৰাৰ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰে ঃ আয়ান ৰহমান, নিব্ৰাছ হুছেইন, একলব্য ৰায়, আহন জৈন, থানুছ শেখৰ, বিহান মুলুকুটলা, উদিত প্ৰধান, শলোক আলণ্ড, জেগান আৰ ছেণ্টিকুমাৰ, আৰিয়ান ভৰালী, প্ৰতীচি বসু, তাকচেল নগৰ, ঈশানদীপ বড়ো, ৰিয়ান দত্ত, সৌৱিত বৰঠাকুৰ আৰু নিহাল এছ ৰেড্ডী৷ ইফালে, ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ…
Read More
ষষ্ঠ উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট চেম্পিয়নশ্বিপ

ষষ্ঠ উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট চেম্পিয়নশ্বিপ

গুৱাহাটী সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত ১২ জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ১৪ জুলাই, দেওবাৰে সফল সামৰণি পৰে । মিজোৰামৰ বাহিৰে ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমে ১১৮ টা সোণ, ১২১ টা ৰূপ, ১৬৫ টা ব্ৰঞ্জেৰে মুঠ ৪০৪ টা পদক অৰ্জন কৰি শ্ৰেষ্ঠ বিজেতাৰ দলত পৰিণত হয়। নাগালেণ্ড দলে ২৮ টা সোণ, ১৬ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জসহ ৬০ টা পদকেৰে দ্বিতীয় স্থানত ৰয় । মণিপুৰে ৩৫ টা, অৰুণাচল প্ৰদেশে ২৬ টা, মেঘালয়ে ১০, ত্ৰিপুৰাই ৮ আৰু ছিকিমে ৩ টা পদক জয় কৰে ।‌অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত প্ৰতিযোগিতাখনিৰ সামৰণি অনুষ্ঠানত আই আই টি…
Read More
১২বছৰৰ পিছত ইউৰো কাপ ২০২৪ৰ খিতাপ দখল স্পেইনৰ

১২বছৰৰ পিছত ইউৰো কাপ ২০২৪ৰ খিতাপ দখল স্পেইনৰ

ইউৰো কাপ ২০২৪ৰ অন্তিমখন খেল মাজ নিশা অনুষ্ঠিত হয়।  ভাৰতীয় সময় অনুসৰি সোমবাৰে নিশা ১২.৩০ বজাত জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত খিতাপ মেচখনত স্পেইনে ইংলেণ্ডক পৰাস্ত কৰি খিতাপ জয় কৰে। এই বিজয়ৰ সৈতে, স্পেইন ইউৰো কাপৰ ইতিহাসৰ আটাইতকৈ সফল দল হৈ পৰে। ২০২৪ চনৰ ফাইনেলত স্পেইনে ইংলেণ্ডক ২-১ গ'লত পৰাস্ত কৰি ট্ৰফী জয় কৰে। খেলখনৰ একেবাৰে শেষত বিজয়ী গ'লটো কৰা হৈছিল, অন্যথা মেচখন পেনাল্টি শ্বুটআউটৰ ফালে আগবাঢ়ি আছিল।  এই বিজয়ৰ সৈতে, স্পেইনে চতুৰ্থবাৰৰ বাবে ইউৰো কাপ খিতাপ দখল কৰে, যিটো প্ৰতিযোগিতাখনৰ যিকোনো দলৰ সৰ্বাধিক খিতাপ। এনেদৰে স্পেইন প্ৰতিযোগিতাখনৰ আটাইতকৈ সফল দল হৈ পৰিছে। অৱশ্যে, স্পেইনে ১২বছৰৰ পিছত ইউৰো কাপ দখল কৰিছে। আনহাতে,…
Read More
গেলেকীত বোৱাৰী নিৰুদ্দেশৰ

গেলেকীত বোৱাৰী নিৰুদ্দেশৰ

গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা নামৰ এগৰাকী ২৩ বছৰীয়া মহিলা যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে | এটি দুবছৰীয়া সন্তানৰ মাতৃ বোৱাৰীগৰাকীৰ কোনো সম্ভেদ নোপাৱাত ইতিমধ্যে পৰিয়ালৰ লোক গেলেকী আৰক্ষীৰ কাষ চাপিছে | মহিলাগৰাকীৰ খবৰ লাভ কৰিলে 7896522707 নাম্বাৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে |
Read More
ছিপাঝাৰত আপত যোগদান শতাধিকৰ

ছিপাঝাৰত আপত যোগদান শতাধিকৰ

দৰং জিলাৰ ছিপাঝাৰ সাহিত্য সভা ভৱনত  আপৰ এক যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়। আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ আপৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগম, দলৰ নেতা ৰমেন বৰঠাকুৰ আৰু নীলমণি শইকীয়াৰ উপস্থিতিত দৰং জিলাৰ আহ্বায়ক আখতাৰুল ইছলাম হাজৰিকাৰ পৌৰোহিত্যত  অনুষ্ঠিত যোগদান সভাত ভিন্ন দল ত্যাগ কৰি অহা শতাধিক নেতা - কৰ্মীয়ে আপত যোগদান কৰে। দলত নতুনকৈ যোগদান কৰা নেতা - কৰ্মী সকলক উদ্দেশ্যি উত্তৰ পূৰ্বাঞ্চলৰ আপৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ বাবে কাম কৰিবলৈ সকলোকে আহ্বান জনায়। নতুনকৈ যোগদান কৰা সকলক দললৈ আদৰণি জনায় তেওঁ কয়,…
Read More
জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈ,পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, আৰক্ষীৰ যানবাহন শাখাৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব-অভিযন্তা হেমন্ত দেউৰী ভৰালী, আৱকাৰী অধীক্ষক দেৱজিৎ নাথ, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ, যানবাহন পৰিদৰ্শক পংকজ দাসকে ধৰি এনএইচএআই, লোকনিৰ্মাণ, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ বিগত সময়ত মহানগৰ জিলাখনৰ পথ-সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ কাৰ্যপন্থা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। কামৰূপ…
Read More
শ্ৰমিকৰ প্ৰতিবাদত উত্তাল বামুণপুখুৰী আৰু হাতীপটি চাহ বাগিচা

শ্ৰমিকৰ প্ৰতিবাদত উত্তাল বামুণপুখুৰী আৰু হাতীপটি চাহ বাগিচা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ বামুণপুখুৰী আৰু হাতীপটি বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদত | নিজ নিজ বাগানত আজি শ্ৰমিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত এই প্ৰতিবাদ চাহ শ্ৰমিকৰ | য'ত বাগিচা মেনেজমেণ্টেও শ্ৰমিকক সহযোগ আগবঢ়াই | মেকিপুৰস্থ KANCO TEA & INDUSTRIES LIMITEDৰ মুখ্য কাৰ্যালয়ৰ অধীনত থকা এই সমূহ বাগিচা পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা দেখা গৈছে | আনহাতে সমস্যা সমাধানৰ দাবীৰে বামুণপুখুৰী আৰু হাতীপটি বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী কৰাৰ অন্তত বাগিচা সমূহৰ পৰিচালক হাতত দাবীৰ স্মাৰক পত্ৰ প্ৰদান কৰে | লগতে বামুণপুখুৰী চাহ বাগিচাৰ মুখ্য পৰিচাল উমেশ কুমাৰ তিৱাৰীয়ে শ্ৰমিকৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে |…
Read More
খাৰবাল্লীত খহনীয়াগ্ৰস্থ পৰিয়ালক সাহায্য বিতৰণ

খাৰবাল্লীত খহনীয়াগ্ৰস্থ পৰিয়ালক সাহায্য বিতৰণ

জনিয়াৰ বেঁকী নৈৰ খহনীয়াগ্ৰস্থ পৰিয়ালক স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান ডনেটকাৰ্ট, হাইৰ উদ্যোগত আৰু জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সৌজন্যত কাদংত ২০ টা আৰু  খাৰবাল্লীত ৪০ টা পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়। উল্লেখ্য যে, খহনীয়াগ্ৰস্থ স্থানত সাহায্য বিতৰণৰ বাবে জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদে গঠন কৰি দিয়া কমিটিৰ জৰিয়তে প্ৰতিটো পৰিয়ালক ২ খনকৈ তিৰ্পাল, ৰচি আদি সামগ্ৰী খহনীয়াগ্ৰস্থ পৰিয়ালক বিতৰণ কৰা হয়।
Read More
বিশ্ব জনসংখ্যা দিৱসপ্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ

বিশ্ব জনসংখ্যা দিৱসপ্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ

জনসংখ্যা সমাধান ফাউণ্ডেছন (JSF), অসমৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ১১ জুলাই, ২০২৪ তাৰিখ বৃহস্পতি বাৰৰ দিনাখন বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গুৱাহাটী হেঙেৰাবাৰীস্থিত কামৰূপ (মহানগৰ) জিলাৰ জিলাধিকাৰী কাৰ্য্যালয়ত জিলাধিকাৰীৰ জড়িয়তে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। দেশৰ ২৩ খন ৰাজ্যৰ ৪০০ ৰো অধিক জিলাৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা এই কাৰ্য্যসূচীত ভাগ লোৱা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF), অসমৰ কাৰ্য্যকৰ্তা সকলে অসন্তুলনীয় জনসংখ্যা বৃদ্ধিৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ ৰোধ কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ সম্বোধিত স্মাৰক পত্ৰখনত দেশৰ ভৱিষ্যতৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিভিন্ন দিশ উল্লেখ কৰে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্য্যকাৰিনী সদস্য তথা…
Read More