Sonakshi Sarkar

1402 Posts
বাংলাদেশত সংৰক্ষণৰ ব্যৱস্থাৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদত ৩৯ জনৰ মৃত্যু

বাংলাদেশত সংৰক্ষণৰ ব্যৱস্থাৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদত ৩৯ জনৰ মৃত্যু

বাংলাদেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনাত কমেও ৩৯ জন লোক নিহত হৈছে। এতিয়ালৈকে আসন সংৰক্ষণৰ বিৰুদ্ধে চুবুৰীয়া দেশখনত আন্দোলন অব্যাহত আছে। ইয়াৰ উপৰিও শ শ লোক আহত হৈছে। আন্দোলন আৰু হিংসা নিৰন্তৰভাৱে বাঢ়িছে। প্ৰতিবাদকাৰীসকলে বহু ঠাইত আৰক্ষী বাহিনীৰ সৈতে হোৱা হিংসাত্মক সংঘৰ্ষত মুখামুখি হৈছে। দেশৰ বহু ঠাইত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে।প্ৰতিবাদকাৰীসকলে দাবী কৰে যে চৰকাৰী চাকৰিত চলি অহা আসন সংৰক্ষণৰ ব্যৱস্থা বাতিল হ'ব লাগে। বাংলাদেশত যিসকলে ১৯৭১ চনত পাকিস্তানৰ পৰা স্বাধীনতাযুদ্ধত জপিয়াই পৰিছিল তেওঁলোকক দেশখনত স্বাধীনতা যোদ্ধা বুলি কোৱা হয়। দেশৰ এক-তৃতীয়াংশ চৰকাৰী চাকৰি তেওঁলোকৰ সন্তানৰ বাবে সংৰক্ষিত। এই ব্যৱস্থা বাতিলৰ দাবীৰে শিক্ষাৰ্থীসকলে আন্দোলন অব্যাহত ৰাখিছে। শিক্ষাৰ্থীসকলে কয় যে…
Read More
আপৰ সাংগঠনিক তৎপৰতা বৃদ্ধি

আপৰ সাংগঠনিক তৎপৰতা বৃদ্ধি

আপৰ শীৰ্ষ নেতৃত্বই চলিত জুলাই মাহৰ ভিতৰতে দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটি গঠন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাজ্যখনত আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ইতিমধ্যে ৰাজ্যৰ সকলো জিলাতে আপৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। সদস্য ভৰ্তি অভিযানৰ লগে লগে অনুষ্ঠিত কৰা হৈছে আপৰ কৰ্মকৰ্তা সন্মিলন। সেই অনুসৰি ২০ জুলাইত পশ্চিম কাৰ্বি আংলং আৰু দৰং জিলাত আপৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব। দৰঙৰ মঙলদৈ সাহিত্য সভা ভৱনত অনুষ্ঠিত হ'ব আপৰ জিলা সন্মিলন । মঙলদৈত অনুষ্ঠিত হ'বলগীয়া কৰ্মকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰিব দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী…
Read More
চৰাইদেউ মৈদামক্ষেত্ৰ বিতৰ্ক ৯ সংগঠনৰ সংবাদমেল

চৰাইদেউ মৈদামক্ষেত্ৰ বিতৰ্ক ৯ সংগঠনৰ সংবাদমেল

চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণক লৈ সৃষ্টি হৈছে এই বিতৰ্ক | ২০১৪ চনত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল | কিন্তু ২০১৬ চনত চৰাইদেউ জিলা গঠন হয় |  ছশ বছৰীয়া আহোম ৰাজত্বকালৰ সোণোৱালী ইতিহাস বহন কৰি থকা ঐতিহাসিক চৰাইদেউ মৈদাম অঞ্চল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত সন্নিবিষ্ট হোৱাৰ সময়তে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে | গতিকে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যদা লাভ নকৰা পৰ্যন্ত এই বিষয়টো বিতৰ্কলৈ অনাৰ পৰিৱৰ্তে চৰাইদেউ মৈদাম ক্ষেত্ৰ শিৱসাগৰ জিলাতে ৰখাৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান মিডিয়া মেনেজমেন্ট আৰু ৰিচাৰ্চ এচচিয়েচনৰ সভাপতি জাকিৰুল আলমৰ |চৰাইদেউ মৈদাম ক্ষেত্ৰ শিৱসাগৰ জিলাত থাকিব নে চৰাইদেউ জিলাত অন্তৰ্ভুক্ত…
Read More
হাৰ্দিক পাণ্ডিয়াই পত্নী নাতাশা ষ্টানকোভিকৰ পৰা পৃথক হোৱাৰ ঘোষণা

হাৰ্দিক পাণ্ডিয়াই পত্নী নাতাশা ষ্টানকোভিকৰ পৰা পৃথক হোৱাৰ ঘোষণা

ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই বৃহস্পতিবাৰে চাৰি বছৰৰ সম্পৰ্কৰ পিছত পত্নী নাতাশা ষ্টানকোভিকৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰে। দুয়োজনে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এক যুটীয়া বিবৃতিত সিদ্ধান্তটো প্ৰকাশ কৰে। দুয়োজনে ২০২০ চনৰ ৩১ মে'ত বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ পুত্ৰ আগাষ্টিয়াৰ জন্ম এই বছৰৰ ৩০ জুলাইত হয়। তেওঁলোকে ২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীত উদয়পুৰত ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ উপস্থিতিত এক বিশাল অনুষ্ঠানত পুনৰ বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকে ইনষ্টাগ্ৰামত লিখিছে, "৪ বছৰ একেলগে থকাৰ পিছত, নাতাশা আৰু মই একেলগে পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি একেলগে যথাসাধ্য চেষ্টা কৰিছিলো আৰু আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছিলো। এতিয়া আমি অনুভৱ কৰোঁ যে আমাৰ…
Read More
৭ বছৰত ৰে’ল সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিলে ৮৪,১১৯ টি শিশুক

৭ বছৰত ৰে’ল সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিলে ৮৪,১১৯ টি শিশুক

ৰে'ল সুৰক্ষা বাহিনীয়ে যোৱা সাত বছৰত ৮৪,১১৯ টি শিশুক ৰে'ল ষ্টেচন আৰু ৰে'লত অপৰাধীৰ পৰা উদ্ধাৰ কৰিছে। ৰে'ল মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কয় যে আৰপিএফে যোৱা সাত বছৰ ধৰি 'নানহে ফাৰিষ্টে' নামৰ অভিযান চলাই আছে। এই অভিযানটো বিভিন্ন ভাৰতীয় ৰে'লৱে মণ্ডলত যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হোৱা শিশুসকলৰ বাবে চলোৱা হৈ আছে। মন্ত্ৰালয়ে কয় যে 'অপাৰেচন নানহে ফাৰিষ্টে' ২০১৮ চনত আৰম্ভ হৈছিল। এই বছৰ, আৰপিএফে মুঠ ১৭,১১২ টি শিশু উদ্ধাৰ কৰিছিল, যাৰ ভিতৰত আছে ল'ৰা আৰু ছোৱালী দুয়োটা। উদ্ধাৰ কৰা ১৭,১১২ টা শিশুৰ ভিতৰত ১৩,১৮৭ টিক পলাতক শিশু বুলি চিনাক্ত কৰা হৈছে, আনহাতে ২,১০৫ টি সন্ধানহীন, ১,০৯১টি বিচ্ছিন্ন হোৱা,…
Read More
২০২৫ৰ জুলাইত অন্ত পৰিব মিজোৰামত ৰে’লৱে প্ৰজেক্টৰ কাম

২০২৫ৰ জুলাইত অন্ত পৰিব মিজোৰামত ৰে’লৱে প্ৰজেক্টৰ কাম

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ (এনএফ ৰে'লৱে) পৰামৰ্শদাতা আৰ হৰংটাৱনাই কয় যে আইজলৰ ওচৰৰ ছাইৰাঙলৈ ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ অসম সীমান্ত বৈৰাবি ৰে'ল ষ্টেচনৰ নিৰ্মাণ অহা বছৰৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, যদিহে অপ্ৰত্যাশিত পৰিস্থিতিয়ে নিৰ্মাণৰ অগ্ৰগতিত বাধা নিদিয়ে। নিৰ্মাণাধীন ৰে'লৱেৰ কাম-কাজ চাবলৈ ঘটনাস্থলী ভ্ৰমণ কৰা নৱনিৰ্বাচিত লোকসভা সদস্য ৰিচাৰ্ড ভানলালহমংগৈহাৰ সৈতে যোৱা হৰংটাৱনাই কয় যে কোলাচিব জিলাৰ বাইৰাবিৰ পৰা কৱনপুই ৰে'ল ষ্টেচনলৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পৰ্যায়ত আছে। তেওঁ কয়-অৱশ্যে, বাইৰাবিৰ পৰা কৱনপুই ষ্টেচনলৈ ৰেলপথটো এতিয়াও ব্যৱহাৰ কৰা হোৱা নাই কিয়নো পথ সংযোগ এতিয়াও সম্পূৰ্ণ হোৱা নাই।  বৈৰাবিৰ পৰা হৰ্টোকি ৰে'ল ষ্টেচনলৈকে পৰিদৰ্শন কৰাৰ বাবে ৰে'ল সুৰক্ষাৰ বাবে আয়ুক্তৰ ওচৰত…
Read More
পেট্ৰল পাম্পত বৰপেটা প্ৰশাসনৰ তালাচী

পেট্ৰল পাম্পত বৰপেটা প্ৰশাসনৰ তালাচী

জিলা আয়ুক্ত আয়ুষ নিৰ্দেশ মৰ্মে খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু জোখ মাফ পৰিদৰ্শকৰ কাৰ্যালয়ৰ যুটীয়া অভিযানত বৰপেটা জিলাৰ মন্দিয়াৰ দুটা পেট্ৰল পাম্পত অভিযান চলাই পেট্ৰল পাম্পৰ পেট্ৰলিয়াম সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ লগতে যাৱতীয় নথি পত্ৰ পৰীক্ষা কৰে ৷ বৰপেটা জিলাৰ কাৰ্যবাহী দন্ডাধীশ জুৰি কলিতাৰ উপস্থিতিত দুয়োটা বিভাগে যুটীয়া অভিযান চলাই পেট্ৰল পাম্প দুটাৰ পৰা পেট্ৰল আৰু ডিজেলৰ নমুনা সংগ্ৰহ কৰে আৰু পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হয়। যদি এই পেট্ৰলজাত সামগ্ৰীৰ কিবা বিসংগতি ধৰা পৰে তেতিয়া আইন অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনৰ এটি সূত্ৰই জানিবলৈ দিয়ে ৷ সময়ে সময়ে জিলা খনৰ পেট্ৰল পাম্প…
Read More
ৰাজ্যজুৰি ‘বিদুৰভাই’ৰ মুক্তি

ৰাজ্যজুৰি ‘বিদুৰভাই’ৰ মুক্তি

কেইবছৰমান আগতে আমি সৃষ্টি কৰা বিদুৰভাইৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু সমৰ্থন দেখি আচৰিত হৈছিলোঁ। মই এই চিনেমাখন মোৰ ৰাজ্যৰ লোকসকললৈ উৎসৰ্গা কৰিছোঁ কিয়নো কেৱল মাথো ৰাইজৰ চাহিদাৰ বাবেই বিদুৰভাই আজি বৃহৎ পৰ্দালৈ আহিবলৈ সক্ষম হৈছে, ইউটিউবৰ পৰা বৃহৎ পৰ্দালৈ এই যাত্ৰাৰ অনুভৱ মোৰ আৰু বিদুৰভাইৰ গোটেই দলটোৰ বাবে এটি সপোনৰ সাৰ্থকতাতকৈয়ো অধিক।" সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ কাহিনীৰে প্ৰাণ পাই উঠা চলচ্চিত্ৰখনৰ চিত্ৰনাট্যকাৰ হৈছে সুব্ৰত কাকতি; আনহাতে, সহকাৰী পৰিচালক হৈছে হেমন্ত গগৈ আৰু জ্যোতিষ্মান চেতিয়া, সংগীত পৰিচালক হৈছে প্ৰণয় দত্ত, চিত্ৰগ্ৰহণকাৰী হৈছে বিতুল দাস, সহকাৰী চিনেমেট’গ্ৰাফাৰ হৈছে উত্তম কলিতা, ৰূপসজ্জা বিজেইতা পাটগিৰিৰ আৰু সাজসজ্জা জুৰি কলিতাৰ। বিদুৰভাই শীৰ্ষক বহুচৰ্চিত…
Read More
দাৰুল হিকমাহ একাডেমীৰ অভিভাৱক সভা

দাৰুল হিকমাহ একাডেমীৰ অভিভাৱক সভা

কয়াকুছিস্থিত দাৰুল হিকমাহ একাডেমীৰ এখন অভিভাৱক সভা  অনুষ্ঠিত হৈ যায়।  ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজৰ যি গুৰু শিষ্যৰ সম্পৰ্ক সেই সন্দৰ্ভত বিচ্যুতি হোৱা বুলি উদ্বেগ প্ৰকাশ কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে । বিশিষ্ট সাংবাদিক ছাহেদ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিধি বিকাশ সন্দৰ্ভত বিশদভাৱে বক্তব্য  আগবঢ়ায় কয়াকুছি মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ড ০ হান্নান আলী আহমেদৰ লগতে বিশিষ্ট সাংবাদিক তথা কয়াকুছি প্ৰেছ এচোছিয়েশ্যনৰ সভাপতি আব্দুল জলিলে । সভাখনত উপস্থিত বিশিষ্ট ব্যক্তিসকলে বিদ্যালয়ৰ পৰিৱেশ তথা  ছাত্ৰ-শিক্ষক আৰু অভিভাৱকৰ সম্পৰ্কই শিশুৰ বিকাশত অৰিহণা যোগাব বুলি মন্তব্য প্ৰকাশ কৰে। সভাখনত…
Read More
সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত জম্মু-কাশ্মীৰত ৫ জন জোৱান শ্বহীদ

সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত জম্মু-কাশ্মীৰত ৫ জন জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ ডোডা জিলাত সন্ত্ৰাসবাদীৰ সৈতে সোমবাৰে সন্ধিয়াৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত হোৱা এজন বিষয়াসহ পাঁচজন জোৱানৰ মঙলবাৰে পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। খবৰ অনুসৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সোমবাৰে সন্ধিয়া ডোডা চহৰৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ দূৰত দেশা বনাঞ্চলত ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোটৰ (এছঅ'জি) কৰ্মীয়ে যুটীয়া তালাচী অভিযান আৰম্ভ কৰাৰ সময়তে এই সংঘৰ্ষ সংঘটিত হয়। অভিযানৰ অলপ সময়ৰ পিছত গুলি চালনা কৰি সন্ত্ৰাসবাদীয়ে উক্ত স্থানৰ পৰা পলাবলৈ চেষ্টা কৰে। এজন বিষয়াৰ নেতৃত্বত সাহসী জোৱানসকলে তেওঁলোকক প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলত ঘন অৰণ্যৰ মাজেৰে সন্ত্ৰাসবাদীক পিচা কৰে। তাৰ পিছত নিশা প্ৰায় ৯ বজাত বনাঞ্চলত আন এটা সংঘৰ্ষ হয়। এই সংঘৰ্ষত পাঁচজন সৈনিক গুৰুতৰভাৱে…
Read More