Sonakshi Sarkar

1402 Posts
মদন চন্দ্ৰ দাসৰ দেহাৱসানত শোক

মদন চন্দ্ৰ দাসৰ দেহাৱসানত শোক

কামৰূপ(ম)জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মদন চন্দ্ৰ দাসে ১৯৮৬ চনত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত ডাফটৰী পদত যোগদান কৰি পৰবৰ্তী সময়ত বিভিন্ন জিলাত কাৰ্যনিৰ্বাহ কৰিছিল । একেদৰে ২০১৫ চনত কামৰূপ মহানগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত যোগদান কৰি ২০২২ চনত অৱসৰ গ্ৰহণ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী সহিতে দুজনী কন্যা আৰু এজন পুত্ৰ সন্তানসহ অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় । কামৰূপ মহানগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত অনুস্থিত এক শোকসভাত মদন চন্দ্ৰ দাসৰ বিদেহ আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনোৱা হয়।
Read More
গুৱাহাটীত পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী

গুৱাহাটীত পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী

হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত আয়োজক ৰাজ্য অসমসহ মুঠ সাতখন ৰাজ্যৰ ল’ৰা-ছোৱালীৰ দলে অংশগ্ৰহণ কৰিব৷ ইতিমধ্যে ঝাৰখণ্ড, মিজোৰাম আৰু বিহাৰৰ দল আজি আহি গুৱাহাটীত উপস্থিত হৈছে৷ অসম হকী সন্থাৰ সম্পাদক তপন কুমাৰ দাসে জনোৱা অনুসৰি প্ৰতিযোগিতাৰ সকলো খেল ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ অসম হকী সন্থাই প্ৰতিযোগিতাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ সন্থাৰ সম্পাদক তপন কুমাৰ দাসে জনোৱা অনুসৰি প্ৰতিযোগিতাত অংশ ল’বলগা অসমৰ ল’ৰা-ছোৱালী দলৰ অনুশীলন শিবিৰটো সম্প্ৰতি ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত চলি আছে৷ ঘৰত খেলাৰ সুযোগ লাভ কৰি অসমৰ উভয় দলে প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী অসম হকী সন্থাৰ সম্পাদকজন৷ মণিপুৰ,…
Read More
অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা চাৰি সাংবাদিকক

অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা চাৰি সাংবাদিকক

অলিম্পিক গেমছ ক’ভাৰ কৰা ৰাজ্যৰ চাৰিগৰাকী ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা জনায় অসম অলিম্পিক সন্থাই ৷ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰৰ সঞ্চালনাত এ অ’ এৰ সভাকক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানত আসন্ন পেৰিছ অলিম্পিকলৈ যাবলগা সাংবাদিক সুবোধ মল্ল বৰুৱা আৰু দুই ফটো সাংবাদিক ৰিতুৰাজ কোৱৰ তথা গিতিকা তালুকদাৰৰ লগতে ২০১২ চনৰ লণ্ডন অলিম্পিক ক’ভাৰ কৰা কুল প্ৰদীপ ভাগৱতী আৰু ২০১৬ চনৰ ৰিঅ’ অলিম্পিকলৈ যোৱা পবিত্ৰ গগৈক সম্বৰ্ধনা জনায়৷ অৱশ্যে অসুস্থতাৰ বাবে গগৈ আজিৰ অনুষ্ঠানত উপস্থিত নাছিল৷ সভাত অসম অলিম্পিক সন্থাৰ অনূপ চৌধুৰী, ভৱজ্যোতি গোস্বামী, ৰাজীৱ প্ৰকাশ বৰুৱা, অলক ত্ৰিপাঠী, ৰনজিত বড়ো, মুৰুলীধৰ চৌধুৰী, অৰূপ ঠাকুৰীয়া, দেৱজিত গগৈ, ইমটিয়াজ…
Read More
অন্ধ্ৰ প্ৰদেশক ১৫,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা নিৰ্মলা সীতাৰমণৰ

অন্ধ্ৰ প্ৰদেশক ১৫,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা নিৰ্মলা সীতাৰমণৰ

নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ পূৰ্ণাংগ বাজেটখন মঙলবাৰে পুৱা সংসদ ভৱনত উত্থাপন কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেট ভাষণৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে অন্ধ্ৰ প্ৰদেশক ১৫,০০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। নিৰ্মলা সীতাৰমণে কয় যে বিহাৰে পথ প্ৰকল্পৰ বাবে ২৬ হাজাৰ কোটি টকাৰ পেকেজ লাভ কৰিব, আনহাতে ২১ হাজাৰ কোটি টকাৰ এটা বিদ্যুৎ প্ৰকল্পও তেঁওলোকৰ বাবে ঘোষণা কৰা হৈছে। উল্লেখ্য যে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে সাধাৰণ নিৰ্বাচনত ১৬ খন আসন লাভ কৰিছিল। আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডি(ইউ) ১২ খন আসন লাভ কৰিছিল। এই দুয়োটা দল এনডিএৰ অংশীদাৰ। এই দুটা দলৰ সমৰ্থনত নৰেন্দ্ৰ…
Read More
আৰণ্যকৰ উদ্যোগত গোৱালপাৰা সংমণ্ডলৰ বনকৰ্মীক সৌৰ শক্তি চালিত বেৰা পৰিচালনাৰ প্ৰশিক্ষণ

আৰণ্যকৰ উদ্যোগত গোৱালপাৰা সংমণ্ডলৰ বনকৰ্মীক সৌৰ শক্তি চালিত বেৰা পৰিচালনাৰ প্ৰশিক্ষণ

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত গোৱালপাৰা জিলাত অনুষ্ঠিত এখন কৰ্মশালাত গোৱালপাৰা বন সংমণ্ডলৰ সকলো ৰেঞ্জৰ বন ক্ষেত্ৰ কৰ্মীসকলক মানৱ-হাতী সংঘাত প্ৰশমনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা সৌৰ শক্তি চালিত বেৰা স্থাপন পদ্ধতি, পৰিচালনা আৰু ইয়াৰ কাম-কাজৰ বিষয়ে হাতে কামে প্ৰশিক্ষণ দিয়া হয় । আৰণ্যকৰ এটা সমল গোটে পৰিচালনা কৰা এই দিনজোৰা প্ৰশিক্ষণ কৰ্মশালাখনত গোৱালপাৰা বন সংমণ্ডলৰ ছটা ৰেঞ্জ ক্ৰমে – গোৱালপাৰা সদৰ, ৰংজুলি, কৃষ্ণাই, লক্ষীপুৰ, প্ৰটেকশ্যন ৰেঞ্জ আৰু কনছলিডেশ্যন ৰেঞ্জৰ প্ৰায় ৫০ জন ফ্ৰন্টলাইন বনকৰ্মীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহনকাৰী সকলক শ্ৰেণী কোঠাত দিয়া সজাগতা প্ৰশিক্ষণৰ লগতে সৌৰ শক্তি চালিত বেৰা এখনৰ সকলো উপাদান, এইবোৰৰ কাম আৰু সৰ্বাধিক কাৰ্য্যকাৰিতাৰ…
Read More
ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ

ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ

প্ৰাণ ৰক্ষা কৰি বাংলাদেশৰ পৰা সু-কলমে স্বগৃহত উপস্থিত হ'লহি শিৱসাগৰ জেঙনিকটীয়াৰ চিকিৎসা বিজ্ঞানৰ এজন বিশেষ ছাত্ৰ। ভয়াবহ সংঘৰ্ষৰ সাক্ষী শিৱসাগৰ জেঙনীকটীয়াৰ ৰফিক আলি আৰু য়াছমিন বেগমৰ পুত্ৰ আব্বাছ আলি।বাংলাদেশৰ এখন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত চাব্বাছ আলিয়ে আন ১৩ গৰাকী ভাৰতীয়ৰ সৈতে কথমপি প্ৰাণ ৰক্ষা কৰি সুকলমে স্বদেশলৈ উভতি আহিবলৈ সক্ষম হৈছে। আব্বাছ থকা বাংলাদেশৰ হোষ্টেলটো হৈছিল আক্ৰমণ। বিমান বন্দৰলৈ গোপনে অহাৰ পথটো হৈছিল ভয়ানক আক্ৰমণ। ভাঙি দিয়া হৈছিল চাব্বাছ আলিহঁত উঠি অহা গাড়ী। চকুৰ সন্মুখতে বিদ্ৰোহীয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ। স্বগৃহলৈ আহি এই শিহৰনকাৰী বৰ্ণনা দিছে শিৱসাগৰৰ ছাত্ৰজনে
Read More
হোজাইত আপৰ কৰ্মকৰ্তা সন্মিলন

হোজাইত আপৰ কৰ্মকৰ্তা সন্মিলন

হোজাই চহৰৰ হোটেল অশোকত অনুষ্ঠিত হয় আপৰ হোজাই জিলা কৰ্মকৰ্তা সন্মিলন। দিনজোৰা বিস্তৃত কাৰ্যসূচীত দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই অসমত ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত আম আদমী পাৰ্টিৰ গণভিত্তি শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়। দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ বাবে আপৰ স্বেচ্ছাসেৱক সকলক ত্যাগৰ মনোভাৱেৰে কাম কৰিবলৈ আপৰ নেতাগৰাকীয়ে আহ্বান জনায় । কাৰ্যসূচীত আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী, জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়া, সমীক সেনগুপ্তা, ৰমেন বৰঠাকুৰ আৰু অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে। দলৰ নেতা সকলে আপৰ কৰ্মকৰ্তা সকলক ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হ'বলৈ আহ্বান জনায় ।সন্মিলনত হোজাই জিলাৰ…
Read More
ডিমৰীয়াত বান সাহায্য বিতৰণ আম আদমি পাৰ্টীৰ

ডিমৰীয়াত বান সাহায্য বিতৰণ আম আদমি পাৰ্টীৰ

ডিমৰীয়া বিধান সভা সমষ্টিত আম আদমী পাৰ্টিৰ একাংশ সক্ৰিয় কৰ্মীয়ে বান সাহায্য বিতৰণ কৰে। ডিমৰীয়াৰ অতিকৈ পিছপৰা জনজাতীয় গাওঁ তপাতলী, কুৰকুৰীয়া আৰু জাৰীকুছিৰ বানপীড়িত চাৰি শতাধিক পৰিয়ালৰ মাজত আপৰ নেতা - কৰ্মী সকলে প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। দলৰ জ্যেষ্ঠ নেতা প্ৰবীন শৰ্মা আৰু নৃপেন খাখলাৰীৰ নেতৃত্বত বানপীড়িত তথা দৰিদ্ৰ লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয় । আপৰ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ বাবে অঞ্চলটোৰ ৰাইজে উদ্যোক্তা সকলৰ শলাগ লয়।
Read More
ৱৰ্ল্ড পেয়াৰ্ছ ল’নবল ভাৰতীয় দল ছিংগাপুৰলৈ ৰাওনা

ৱৰ্ল্ড পেয়াৰ্ছ ল’নবল ভাৰতীয় দল ছিংগাপুৰলৈ ৰাওনা

ছিংগাপুৰৰ লায়ন চিটি ক্লাবত ২১-২৭ জুলাইত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড পেয়াৰ্ছ ল'নবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলটো আজি ছিংগাপুৰ অভিমুখে ৰাওনা হয়। দলটোৰ খেলুৱৈসকল হ'ল- নয়নমণি শইকীয়া, বংগিতা হাজৰিকা, পুতুল সোণোৱাল, দীপাংকৰ শৰ্মা, স্কিয়ন শিৱ মহন্ত, ছানজিঅ পাণ্ডে, কৰীণা পাটোৱাৰী আৰু শ্বেইষ্টা শৰ্মা। দলটোৰ মেনেজাৰৰ দায়িত্বত আছে অংশুমান দত্ত।
Read More
ভাৰতীয় শিক্ষণ মণ্ডলৰ স্মাৰক বক্তৃতা সম্পন্ন

ভাৰতীয় শিক্ষণ মণ্ডলৰ স্মাৰক বক্তৃতা সম্পন্ন

উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত এই মহতী অনুষ্ঠান দীপ প্ৰজ্জ্বলন আৰু  দীপমন্ত্ৰেৰে আৰম্ভ কৰা হয়৷  সভাত মুখ্য অতিথিৰূপে বিনায়কজীৰ স্মৃতিচাৰণ কৰে ৰাঃস্বঃসংঘৰ অসমক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰান্তমন্ত্ৰী দীপক কুমাৰ শৰ্মাই আৰু নিৰ্দিষ্ট বক্তাৰ চমু পৰিচয় আগবঢ়ায় ড° সমীৰ সৰকাৰে৷ 'ভাৰতবোধ: এক প্ৰত্যাহ্বান'-শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাংবাদিক ,লেখক প্ৰফুল্ল কেতকাৰে৷ প্ৰায় আঢ়ৈশ শ্ৰোতাই তেওঁৰ বক্তৃতা শুনি মন্ত্ৰমুগ্ধ হৈ পৰে৷ সভাত বৈদিক সূক্ত পৰিবেশন কৰে নাৰায়ণী ৰায় আৰু বেলা ধৰে৷ সংগঠনৰ ধ্যেয়মন্ত্ৰ আৰু ধ্যেয়বাক্য পাঠ কৰে ক্ৰমে মীনা কুমাৰী মণ্ডল আৰু দুৰ্লভ চন্দ্ৰ পালে৷ ড° সুদেষ্ণা ভট্টাচাৰ্যই গায় কল্যাণমন্ত্ৰ ৷…
Read More