Piyali Poddar

117 Posts
কামাখ্যা মন্দিৰসহ গুৱাহাটীৰ দহটা স্থানত হিৰো এছিয়ান কাপ হকীৰ ট্ৰফী প্ৰদৰ্শন

কামাখ্যা মন্দিৰসহ গুৱাহাটীৰ দহটা স্থানত হিৰো এছিয়ান কাপ হকীৰ ট্ৰফী প্ৰদৰ্শন

বিহাৰৰ ৰাজগীৰত অহা ২৯ আগষ্টৰ পৰা আৰম্ভ হব এছিয়ান কাপ হকী - ২০২৫ প্ৰতিযোগিতা । প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ প্ৰাকমুহূৰ্তত ২৫ আগষ্টত ৰাজধানী নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে ট্ৰফীটো শুভ উদ্বোধন কৰিছিল ৷ এই ট্ৰফীটো দেশৰ ৬ খন ৰাজ্যৰ ৰাজধানী চহৰৰ ভিতৰত গুৱাহাটীৰ ১০ টা স্থানত মঙলবাৰে প্ৰথম প্ৰদৰ্শন কৰা হয়। আজি পুৱা ৮.২০ বজাত নতুন দিল্লীৰ পৰা বিমানত ট্ৰফীটো বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আহি পোৱাৰ পাছত বিমানবন্দৰত অসম অলিম্পিক সন্থাৰ কোষধ্যক্ষ অশোক কুমাৰ ভৰালীকে ধৰি সন্থাৰ একাংশ বিষয়ববীয়াই ট্ৰফীটো লৈ অনা বিহাৰ অলিম্পিক সন্থাৰ দলটোক আদৰণি জনায়। তাৰ পাছত পোনে পোনে ট্ৰফীটো শক্তিপীঠ কামাখ্যা মন্দিৰলৈ…
Read More
২৫ আগষ্টৰ পৰা বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত মহিলা ক্ৰীড়া সমাৰোহ

২৫ আগষ্টৰ পৰা বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত মহিলা ক্ৰীড়া সমাৰোহ

সীমান্ত নিৰাপত্তা বাহিনী ( বি এছ এফ ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাওঁস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত ২৫ আগষ্টৰ পৰা ২৭ আগষ্টলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হব বি এছ এফৰ আন্তঃ কমাণ্ড মহিলা ক্ৰীড়া সমাৰোহ। বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি সমাৰোহত জুদো, ৱেটলিফটিং, আৰ্মৰেষ্টলিং আৰু বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হব। আনহাতে সমাৰোহত মুঠ বি এছ এফৰ ১৪০ গৰাকী মহিলা খেলুৱৈয়ে ভাগ লব। য'ত কেবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈ আছে। ২৫ আগষ্টৰ দিনা পুৱা ৯ বজাত ক্ৰীড়া সমাৰোহখন আৰম্ভ হব ।
Read More
জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ বৰাদৰাজন-কৰণ থাপাৰলৈ চমন গুৱাহাটী আৰক্ষীৰ

জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ বৰাদৰাজন-কৰণ থাপাৰলৈ চমন গুৱাহাটী আৰক্ষীৰ

দেশদ্ৰোহৰ অভিযোগত ৰুজু হোৱা গোচৰৰ সৈতে জড়িত জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ বৰাদৰাজন আৰু কৰণ থাপাৰক চমন কৰিছে গুৱাহাটী আৰক্ষীয়ে। ডিজিটেল মিডিয়া ‘দ্য ৱায়াৰ’ৰ দুয়োগৰাকী সাংবাদিককে ২২ আগষ্টত গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ হ’বলৈ কোৱা হৈছে। চমনত কোৱা হৈছে যে বৰ্তমানৰ তদন্তৰ সৈতে জড়িত তথ্য আৰু পৰিস্থিতি নিৰ্ণয় কৰিবলৈ আপোনাক প্ৰশ্ন কৰাৰ যুক্তিসংগত ভিত্তি আছে বুলি পোহৰলৈ আহিছে। 'দ্য ৱায়াৰ’ৰ এজন বিষয়াই অৱশ্যে কয় যে অভিযুক্ত সাংবাদিকসকলক চমনৰ লগতে কোনো এফআইআৰ বা চাৰ্জশ্বীট প্ৰদান কৰা হোৱা নাছিল। তেওঁ কয় যে আৰক্ষীয়ে এই গোচৰৰ কোনো তথ্য শ্বেয়াৰ কৰা নাই আৰু গোচৰৰ তথ্য বিচাৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়াক বাৰে বাৰে কৰা ফোন কলৰ কোনো উত্তৰ…
Read More
৭৮ নে ৭৯ এইবাৰ কিমান সংখ্যক স্বাধীনতা দিৱস পালন কৰিব দেশবাসীয়ে ?

৭৮ নে ৭৯ এইবাৰ কিমান সংখ্যক স্বাধীনতা দিৱস পালন কৰিব দেশবাসীয়ে ?

আজি এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক এইবাৰ দেশবাসীয়ে ৭৮ সংখ্যক নে ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিব, তথা এই দিনটোৰ তাৎপৰ্য, ইতিহাস আৰু মহৎ বাণীসমূহ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰে ভাৰতে ৷ এইবাৰ স্বাধীনতা দিৱস শুকুৰবাৰে পৰিছে ৷ অৰ্থাৎ অহা শুকুৰবাৰে দেশবাসীয়ে গৌৰৱেৰে পালন কৰিব স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ দিনটোৱে প্ৰায় ২০০ বছৰৰ পাছত ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভৰ বাবে কৰা দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু ত্যাগক সোঁৱৰাই দিয়ে ৷কিমান বৰ্ষত ভৰি দিলে স্বাধীন ভাৰতে ? ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে ৷ স্বাধীনতাৰ প্ৰথমটো বৰ্ষপূৰ্তি ১৯৪৮ চনৰ ১৫ আগষ্টত উদযাপন কৰা হয় ৷গতিকে, ২০২৫…
Read More
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত অধ্যাপক গৌৰ গোপাল বণিকৰ উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’ উন্মোচন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত অধ্যাপক গৌৰ গোপাল বণিকৰ উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’ উন্মোচন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত সোমবাৰে বিশ্ববিদ্যালয়খনৰ স্কুল অৱ মেনেজমেণ্ট এণ্ড কমাৰ্চৰ ডীন অধ্যাপক গৌৰ গোপাল বণিকৰ নতুন উপন্যাস 'চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই' আজি উন্মোচন কৰা হয়। এই উপলক্ষে বিশ্ববিদ্যালয়ৰ শিক্ষক- শিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ গ্ৰন্থখন উন্মোচন কৰে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অমলেন্দু চক্ৰৱৰ্তীয়ে । ভাষণ প্ৰসংগত অধ্যাপক চক্ৰৱৰ্তীয়ে কয় যে অধ্যাপক বণিকৰ উপন্যাসখনে গভীৰ আৱেগৰ এক বিস্তৃত বৰ্ণালী ধৰি ৰাখিছে । অনুষ্ঠানত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে চমু ভাষণত অধ্যাপক বণিকৰ উল্লেখযোগ্য কলাত্মক প্ৰতিভা আৰু সৃষ্টিশীল দৃষ্টিভংগীৰ বাবে প্ৰশংসা কৰে। অনুষ্ঠানত অধ্যাপক গৌৰ গোপাল বণিকে…
Read More
পশ্চিম গুৱাহাটীত ৰাষ্ট্ৰীয় হস্ততাত দিৱসত শিপিনীক সম্বৰ্ধনা

পশ্চিম গুৱাহাটীত ৰাষ্ট্ৰীয় হস্ততাত দিৱসত শিপিনীক সম্বৰ্ধনা

পশ্চিম গুৱাহাটীৰ বৰঝাৰ আৰু সৰু আগছিয়া প্ৰাথমিক বোৱা কটা সমবায় সমিতি লিমিটেডৰ উদ্যোগত ৭ আগষ্টত গুমেইবৰী গাঁৱত ৰাষ্ট্ৰীয় হস্ততাত দিৱস পালন কৰা হয়।। আনহাতে এই উপলক্ষে অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ সভানেত্ৰী অৰুণিমা দাসে । সভাত ভাগ লৈ সমিতিখনৰ সভানেত্ৰী গীতা মণ্ডল ডেকাই ৰাষ্ট্ৰীয় হস্ততাত দিৱসৰ তাৎপৰ্য দাঙি ধৰি কিদৰে আধুনিক পদ্ধতি অৱলম্বন কৰি এগৰাকী মহিলা বা যুৱতীয়ে তাতশালত কাপোৰ বৈ আৰ্থিকভাবে স্বাৱলম্বী হব পাৰে তাৰ আলোকপাত কৰে। সভাত ধৰিত্ৰী দাস, লীলা বৈশ্যকে ধৰি কেবাজনেও চমু ভাষণত হস্ততাত আসমীয়া জনজীৱনৰ এক অভিন্ন অংগ বুলি অভিহিত কৰে। সভাত আইজনী দাস, দিপালী কলিতা, পুতুল দাসকে ধৰি ১১ জনী শিপিনীক সম্বৰ্ধনা…
Read More
ইউ এছ অ’পেনৰ বিজেতাই লাভ কৰিব ৪৪ কোটি টকা

ইউ এছ অ’পেনৰ বিজেতাই লাভ কৰিব ৪৪ কোটি টকা

বছৰৰ অন্তিমটো গ্ৰেণ্ড শ্লেম প্ৰতিযোগীতা ইউ এছ অ’পেন ২০২৫ এইবাৰ ২৪ আগষ্টৰ পৰা নিউয়ৰ্কত আৰম্ভ হ’ব আৰু ৭ ছেপ্টেম্বৰত সমাপ্ত হ’ব।এইবাৰ এই গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ ইতিহাসৰ সৰ্বোচ্চ পুৰস্কাৰৰ ধন ঘোষণা কৰা হৈছে, যিটো হ’ল ৯০ মিলিয়ন ডলাৰ। আনহাতে, যোৱা বছৰ পুৰস্কাৰৰ ধন আছিল ৭৫ মিলিয়ন ডলাৰ। ২০ শতাংশ বৃদ্ধি কৰি খেলুৱৈসকলৰ উৎসাহ আৰু অধিক বৃদ্ধি কৰা হৈছে। ইউ এছ অ’পেন ২০২৫ৰ পুৰস্কাৰৰ ধন ৯ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৭৯০ কোটি টকা। এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলা একক শাখাৰ বিজয়ীক ৫ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৪৪ কোটি টকা দিয়া হ’ব। একে সময়তে ৰানাৰ্ছ আপক ২.৫ মিলিয়ন ডলাৰ অৰ্থাৎ ২২ কোটি টকা…
Read More
এইচ আই ভিৰ মহিলাৰ দেহত প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?

এইচ আই ভিৰ মহিলাৰ দেহত প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?

HIV এক গুৰুতৰ ৰোগ। যদি সময়মতে চিকিৎসা গ্ৰহণ কৰা নহয় ই গুৰুতৰ হৈ পৰিব পাৰে। গতিকে সময়মতে ইয়াৰ চিনাক্ত কৰা দৰকাৰ। এই ৰোগ হ'লে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে।এইচ আই ভিৰ সময়মতে চিকিৎসা নকৰিলে ই এইডছ (Acquired Immunodeficiency Syndrome)লৈ পৰিণত হ’ব পাৰে। যি অতি গুৰুতৰ অৱস্থা।মহিলাৰ এইচ আই ভি মূলতঃ অসুৰক্ষিত যৌন সম্পৰ্ক, সংক্ৰমিত তেজ বা বেজীৰ সংস্পৰ্শ, আৰু গৰ্ভাৱস্থা বা স্তনপানৰ সময়ত এইচ আই ভি আক্ৰান্ত মাতৃৰ পৰা শিশুলৈ বিয়পিব পাৰে।যদি গৰ্ভাৱস্থাত মহিলা এই ৰোগত আক্ৰান্ত হয় তেতিয়া গৰ্ভৰ সন্তানলৈও ই বিয়পিব পাৰে। অনিয়মিত মাহেকীয়া, সঘনাই সংক্ৰমণ আৰু ভাগৰুৱা অনুভৱ হোৱাটো সাধাৰণ লক্ষণ। মহিলাসকলে বহু সময়ত মানসিক চাপ, ভয়,…
Read More
অপৰাজিতা ফুলৰ আছে যাদুকৰী গুণ,বিভিন্ন ৰোগত মহৌষধ অপৰাজিতা, এইসমূহ গুণ জানিলে আপুনিও হ’ব আচৰিত

অপৰাজিতা ফুলৰ আছে যাদুকৰী গুণ,বিভিন্ন ৰোগত মহৌষধ অপৰাজিতা, এইসমূহ গুণ জানিলে আপুনিও হ’ব আচৰিত

অপৰাজিতা ফুল বহুতো উপকাৰিতা থকা এক উদ্ভিদ। ইয়াৰ পাত, শিপা, আৰু ফুল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। অপৰাজিতা ফুলে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে বিভিন্ন ধৰণৰ লাভালাভ প্ৰদান কৰে। অপাৰাজিতাৰ গুণ যথেষ্ঠ বেছি। এই লতাজাতীয় ফুলে ঘৰটো শুৱনি কৰাৰ লগতে পৰিৱেশো শুদ্ধ কৰে। আজি জানো আহক এই উদ্ভিদে আমাৰ ছালৰ উপকাৰ কেনেকৈ সাধন কৰে।কেৱল ঔষধি গুণেই নহয়, অপৰাজিতাই সৌন্দৰ্যৰ ক্ষেত্ৰতো অৰিহণা যোগায়। আজি জানক কিদৰে অপৰাজিতা ফুলে আপোনাৰ মুখৰ উজ্জ্বলতা বৃদ্ধি কৰে। প্ৰথমে, ৫-৬ টা সতেজ ফুল লওঁক আৰু সেইবোৰক পানীত উতলাওক। ঠাণ্ডা হোৱাৰ পিছত ইয়াক চেকি লওক। এই পানীৰে মুখখন ধুলে ছালখন জিলিকি থকাত সহায় হয়। আপুনি ইয়াক কপাহৰ…
Read More
কিছুমান প্ৰাকৃতিক স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ঘৰটো মহমুক্ত কৰিব পাৰে। পিছে কিদৰে ?

কিছুমান প্ৰাকৃতিক স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ঘৰটো মহমুক্ত কৰিব পাৰে। পিছে কিদৰে ?

মহ, বহুতৰ বাবে এক আতংকৰ নাম। বিশেষকৈ, বৰষুণৰ দিনকেইটাত মহে সকলোকে যান্ত্ৰণা দিয়ে। মহে কামুৰিলে বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়। বৰষুণৰ পানী য'তে-ত'তে পানী জমা হোৱাৰ ফলত মহৰ সংখ্যা বৃদ্ধি হয়।যাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। মানুহে প্ৰায়ে মহৰ পৰা বাচিবলৈ আঠুৱা তথা বিভিন্ন মহ মৰা ঔষধ ব্যৱহাৰ কৰে। কিন্তু ৰাসায়নিক পদাৰ্থযুক্ত মহ মৰা ঔষধসমূহ স্বাস্থ্যৰ পক্ষে খুবেই ক্ষতিকাৰক। ৰাসায়নিক পদাৰ্থযুক্ত স্প্ৰে ব্যৱহাৰৰ ফলত পৰিৱেশৰো অভাৱনীয় ক্ষতি হয়। কিন্তু, কিছুমান প্ৰাকৃতিক স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ঘৰটো মহমুক্ত কৰিব পাৰে। পিছে কিদৰে এই প্ৰাকৃতিক স্প্ৰে ঘৰতে তৈয়াৰ কৰিব পাৰি, জানো আহক- লেভেণ্ডাৰ তেল মহক প্ৰতিহত কৰাৰ এক উৎকৃষ্ট প্ৰাকৃতিক…
Read More