Piyali Poddar

117 Posts
শিশুয়ে মাটি খোৱা অভ্যাস আঁতৰাবলৈ কৰিব লগা কাম

শিশুয়ে মাটি খোৱা অভ্যাস আঁতৰাবলৈ কৰিব লগা কাম

সৰুতে অধিকাংশ শিশুয়েই কেতবোৰ বেয়া অভ্যাসৰ চিকাৰ হয়। পিতৃ-মাতৃৰ কঠোৰ প্ৰচেষ্টাৰ পাছতো তেওঁলোকে এই অভ্যাসবোৰ ত্যাগ কৰাৰ নাম নলয়।শিশু এনে এক অতি স্বাভাৱিক বেয়া অভ্যাস হৈছে মাটি খোৱা।মাটি খোৱাৰ ফলত শিশুৰ শৰীৰত বেক্টেৰিয়া সংক্ৰমণৰ লগতে পেটৰ গুৰুতৰ সমস্যা হ'ব পাৰে। যদি আপোনাৰ সন্তানেও মাটি খায়, তেন্তে কিছুমান বিশেষ পদ্ধতি গ্ৰহণ কৰি আপুনি এই অভ্যাসৰ পৰা তেওঁলোকক হাত সৰাব পাৰে। আজি সেই বিষয়ে জানো আহক-এই অভ্যাসৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আপোনাৰ সন্তানক মৌ আৰু কল খুওৱা আৰম্ভ কৰক। এনে কৰাৰ ফলত শিশুৱে খুব সোনকালে মাটি খোৱা বন্ধ কৰিব।লঙৰ পানী খুৱালে শিশুৰ মাটি খোৱাৰ আসক্তি কমি যায়। ইয়াৰ বাবে ৬-৭ টা লং…
Read More
ট্ৰাম্পৰ ওচৰত কেতিয়াও হেও নামানে ভাৰতে!

ট্ৰাম্পৰ ওচৰত কেতিয়াও হেও নামানে ভাৰতে!

টেৰিফৰ জৰিয়তে ভাৰতক ধাৰাবাহিকভাৱে হেচাঁ প্ৰদান কৰি অহা আমেৰিকাক এইবাৰ সকিয়নী প্ৰদান কৰিলে ৰাছিয়াই। কোনো কাৰণতে আমেৰিকাৰ আগত ভাৰত তল পৰি দিয়াৰ প্ৰয়োজন নাই । ভাৰত আৰু চীনৰ ওপৰত আমেৰিকাৰ শুল্ক সন্দৰ্ভত ৰাছিয়াই এক উল্লেখযোগ্য বিবৃতি প্ৰকাশ কৰিছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভ্ৰভে কয় যে এই দুটা প্ৰাচীন সভ্যতাই আমেৰিকাৰ আগত কেতিয়াও হেও নহয়। ৰাছিয়াৰ জনপ্ৰিয় টিভি অনুষ্ঠান “দ্য গ্ৰেট গেম”ত ভাষণ দি চাৰ্গেই লাভৰভে কয় যে ৰাছিয়াৰ শক্তি ক্ৰয় বন্ধ কৰাৰ বাবে আমেৰিকাৰ দাবীয়ে দেশসমূহক নতুন শক্তি বজাৰ, নতুন সম্পদ আৰু অধিক ধন বিচাৰিবলৈ বাধ্য কৰাইছে।
Read More
জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ। কিয়নো সেই সময়ত এইগৰাকী অভিনেত্ৰীও ছিংগাপুৰত আছিল। কিন্তু এতিয়ালৈকে তেওঁ মৌনতা অৱলম্বন কৰি আছে। অসমৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। কিন্তু এই মৃত্যু যেন এতিয়াও মানি ল’ব পৰা নাই অসমবাসীয়ে। কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ যিসমূহ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে সেইসমূহে এতিয়া তেওঁৰ মৃত্যু অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে।অসমৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত নাম সাঙোৰ খাইছে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ণ, নিশিতা গোস্বামী আদিৰ। এতিয়ালৈকে এই বিষয়টোৰ ওপৰত বহু অভিযুক্তই কোনো মত প্ৰকাশ কৰা নাই। কিন্তু আশ্চৰ্যজনকভাৱে নিশিতা গোস্বামীয়েও এই বিষয়টোত মৌনতা অৱলম্বন কৰি আছে। কিন্তু সত্য…
Read More
জুবিন অনুৰাগীয়ে গ্ৰহণ কৰিছে চৰম পন্থা

জুবিন অনুৰাগীয়ে গ্ৰহণ কৰিছে চৰম পন্থা

জুবিন গাৰ্গৰ মৃত্যুই এতিয়াও শোকস্তব্ধ কৰি ৰাখিছে ৰাজ্য। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। জানিব পৰা মতে এজন জুবিন অনুৰাগীয়ে গ্ৰহণ কৰিছে চৰম পন্থা।জুবিন দাৰ বিৰহত শৰাইঘাটত জাপ দিলে এজনে। আমিনগাঁৱৰ পৰা জালুকবাৰী অহা দিশত পৰা দুশ মিটাৰৰ পৰিসীমাত দলঙৰ ওপৰৰ পৰা জাপ দিয়ে জুবিন অনুৰাগী গৰাকীয়ে। এই সময়চোৱাত তেওঁ নিজ নিজক কাপোৰ, পইচা আদি ফালি পানীত জাপ দিয়ে।জানিব পৰা মতে, জাপ দিয়াৰ পূৰ্বে যুৱকজনে “জুবিন দাই যেতিয়া নাই আমি থাকি কি কৰিম? জয় জুবিন দা” বুলি কৈ জাপ দিয়ে ব্ৰহ্মপুত্ৰৰ বুকুত। এই ঘটনাৰ পাছত লগে লগে পাণ্ড নদী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।শুৱালকুছিৰ দাঁতিত থকা…
Read More
মাতৃ হ’বলৈ ওলাইছে কেটৰিনা কাইফ

মাতৃ হ’বলৈ ওলাইছে কেটৰিনা কাইফ

অৱশেষত উৰাবাতৰি শেষ হ’ল। মাতৃ হ’বলৈ ওলাইছে কেটৰিনা কাইফ। বিগত এবছৰ ধৰি কেটৰিনাই মাতৃ হোৱা বুলি উৰাবাতৰিৰ বিয়পি পৰিছিল। মাহৰ পিছত মাহ ধৰি চলি অহা জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বলীউডৰ জনপ্ৰিয় দম্পতী কেটৰিণা কাইফ আৰু বিকী কৌশলে প্ৰথম সন্তানৰ আশা কৰা বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ।বছৰ বছৰ ধৰি ডেট কৰাৰ পিছত ২০২১ চনৰ ডিচেম্বৰ মাহত এক বৃহৎ অথচ অন্তৰংগ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হোৱা দম্পতীটোৱে ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰে । তেওঁলোকৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁলোকে কেপশ্যনত লিখিছে, "আমাৰ জীৱনৰ শ্ৰেষ্ঠ অধ্যায়টো আনন্দ আৰু কৃতজ্ঞতাৰেপূৰ্ণ হৃদয়েৰে আৰম্ভ কৰাৰ পথত ।"বিকিআৰু কেটৰিনাৰ প্ৰেমে পূৰ্বে সকলোকে আচৰিত কৰিছিল।…
Read More
ভয়াৱহ বানৰ কবলত পশ্চিম বংগ

ভয়াৱহ বানৰ কবলত পশ্চিম বংগ

ভয়াৱহ বানৰ কবলত পশ্চিম বংগ । হাহাকাৰ লাগিছে লাখ লাখ জনতাৰ ।ভয়াৱহ বানৰ কবলত পৰা পশ্চিম বংগৰ কিছু অংশ বিশেষকৈ ৰাজধানী কলকাতা আৰু ইয়াৰ আশে-পাশে হোৱা মুষলধাৰ বৰষুণৰ ফলত ইতিমধ্য়ে কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে । মঙলবাৰে নিশা ৮:৩০ বজালৈকে বৰষুণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে । ইয়াৰে ৮ জনৰ মৃত্যু হৈছে কেৱল ৰাজধানী চহৰখনতেই ।বৰষুণৰ ফলত ৰে'ল আৰু মেট্ৰ’ সেৱা ব্যাহত হৈ পৰে । তদুপৰি কলকাতাৰ প্ৰায় প্ৰতিটো পথ ডুব যোৱাত যাতায়ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে । ধাৰাসাৰ বৰষুণৰ ফলত কলকাতা আৰু ইয়াৰ উপকণ্ঠ বৃহৎ অঞ্চলতো বিদ্যুৎ আৰু ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰে ।কলকাতাৰ আলিপুৰস্থিত আঞ্চলিক…
Read More
আজিৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫

আজিৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫

ক্ৰিকেটপ্ৰেমীৰ দীৰ্ঘদিনীয়া প্ৰতিক্ষাৰ আজি অন্ত পৰিব। সংযুক্ত আৰব আমিৰশ্বাহীত (ইউ এ ই) আজিৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫। আজি প্ৰতিযোগিতাৰ প্ৰথমখন মেচত মুখামুখি হ’ব আফগানিস্তান আৰু হংকং। আজি নিশা ৮ বজাৰ পৰা আবুধাবিত আৰম্ভ হ’ব এই মেচখন। গ্ৰুপ বিৰ এই মেচখনত আফগানিস্তানকে জয়ৰ দাবীদাৰ হিচাপে দেখা গৈছে যদিও বেট-বলৰ যুঁজত যিকোনো ক্ষণতে হ’ব পৰা অঘটনৰ বাবে হংকঙকো নিশ্চয় সহজে লোৱা নহ’ব। গতিকে এই মেচখনত দৃষ্টি নিবদ্ধ হ’ব সকলোৰে।
Read More
ভাৰতীয় হকীৰ জয়জয়কাৰঃপুল বিৰ এই মেচখনত ভাৰতীয় দলৰ এই বৃহৎ জয়ৰ অন্যতম প্ৰধান নায়িকা হৈ পৰে নৱনীত কৌৰ আৰু মুমতাজ খান

ভাৰতীয় হকীৰ জয়জয়কাৰঃপুল বিৰ এই মেচখনত ভাৰতীয় দলৰ এই বৃহৎ জয়ৰ অন্যতম প্ৰধান নায়িকা হৈ পৰে নৱনীত কৌৰ আৰু মুমতাজ খান

পুল বিৰ এই মেচখনত ভাৰতীয় দলৰ এই বৃহৎ জয়ৰ অন্যতম প্ৰধান নায়িকা হৈ পৰে নৱনীত কৌৰ আৰু মুমতাজ খান। দুয়ো ছিংগাপুৰৰ ৰক্ষণ বিভাগক থকাসৰকা কৰি তুলি হেট্ৰিক অৰ্জন কৰে।পুল বিৰ এই মেচখনত ভাৰতীয় দলৰ এই বৃহৎ জয়ৰ অন্যতম প্ৰধান নায়িকা হৈ পৰে নৱনীত কৌৰ আৰু মুমতাজ খান। দুয়ো ছিংগাপুৰৰ ৰক্ষণ বিভাগক থকাসৰকা কৰি তুলি হেট্ৰিক অৰ্জন কৰে।হাংঝৌত চলি থকা মহিলা হকী এছিয়া কাপ ২০২৫ত নিজৰ পুল মেচত কালি ভাৰতে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি ছিংগাপুৰক বিধ্বস্ত কৰি তোলে। প্ৰথমৰ পৰাই আগ্ৰাসী খেল প্ৰদৰ্শনেৰে ভাৰতীয় দলে তোলে গ’লৰ বন্যা আৰু প্ৰতিপক্ষ ছিংগাপুৰক ১২-০ গ’লত বৃহৎ ব্যৱধানত পৰাস্ত কৰে।
Read More
ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নতুন নাম ‘সমন্বয় তীৰ্থ’

ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নতুন নাম ‘সমন্বয় তীৰ্থ’

এবছৰীয়া কাৰ্যসূচীৰে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আয়োজন কৰিছে চৰকাৰে। ইয়াৰ মাজতে হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নাম সলনি কৰে চৰকাৰে। এতিয়াৰ পৰা নতুন নাম সমন্বয় তীৰ্থ।এতিয়াৰ পৰা সমাধি ক্ষেত্ৰখনক ‘সমন্বয় তীৰ্থ’ হিচাপে জনা যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।হাজৰিকাৰ জন্মতিথি উপলক্ষে আজি চৰকাৰৰ উদ্যোগত সমাধিস্থলীত এক বিশেষ অনুষ্ঠানৰ আয়োজন হয়। য’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী বিমল বৰাকে ধৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই বিভিন্ন দিশৰ ওপৰত মন্তব্য প্ৰদান কৰে।
Read More
সাংস্কৃতিক কাৰ্যসূচীৰে সৰগম সংগীত বিদ্যালয়ৰ প্রতিষ্ঠা দিৱস পালন

সাংস্কৃতিক কাৰ্যসূচীৰে সৰগম সংগীত বিদ্যালয়ৰ প্রতিষ্ঠা দিৱস পালন

গুৱাহাটীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্রিক মহাবিদ্যালয় চৌহদৰ সৰগম সংগীত বিদ্যালয়ৰ ২৪ সংখ্যক বার্ষিক প্রতিষ্ঠা দিবস দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। বিদ্যালয় প্রাঙ্গনত পতাকা উত্তোলন কৰে প্রতিষ্ঠা দিবস উদযাপন সমিতিৰ সভাপতি ডঃ অৰূপ কুমাৰ শর্মাই। বিদ্যালয়ৰ অধ্যক্ষ নিৰেন চন্দ্র বৈশ্যই সঞ্চালনা কৰা পতাকা উত্তোলন কার্যসূচীত উদযাপন সমিতিৰ মুখ্য উপদেষ্টা ডঃ যোগেন চন্দ্ৰ কলিতা, উপদেষ্টা ৰমাকান্ত শৰ্মা বৰদলৈ আৰু কার্যকৰী সভাপতি ডঃ প্রশান্ত শর্মা উপস্থিত আছিল। প্রতিষ্ঠা দিৱসৰ দ্বিতীয় দিনৰ বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক কার্যসূচী ৩০ আগষ্টত গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিস্থিত ফ্রেমাৰ প্রেক্ষাগৃহত অনুষ্ঠিত হয়। বস্তি প্রজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিল্পী ডঃ ৰমেন চৌধুৰী, সাহিত্য অকাডেমি বঁটাপ্রাপক শিশু-সাহিত্যিক…
Read More