Piyali Poddar

117 Posts
গৰ্ভৱতী হৈ অভিলেখ গঢ়িলে সোণাক্ষীয়ে

গৰ্ভৱতী হৈ অভিলেখ গঢ়িলে সোণাক্ষীয়ে

শেহতীয়াকৈ স্বামী জাহীৰৰ সৈতে ফেশ্বন ইভেণ্টত উপস্থিত হৈছিল সোণাক্ষী সিনহা। চাৰ পৰা আৰম্ভ হৈছিল বিতৰ্কৰ। কেমেৰাৰ সন্মুখত পোজ দি থাকোঁতে ঘটিল আচৰিত ঘটনা, যিয়ে বলীউডত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে।কেমেৰাৰ সন্মুখত পোজ দি থকাৰ সময়তে সোণাক্ষীয়ে পেটত হাত থৈ এখন ফটো উঠিছিল। সকলোৱে ভাবিছিল সোণাক্ষীয়ে বেবী বাম্প ঢাকিব বিচাৰিছে। লগে লগে সোণাক্ষী সন্দৰ্ভত উৰাবাতৰি বিয়পি পৰিল। সকলোৱে ভাবিলে অভিনেত্ৰীগৰাকী অন্তঃসত্বা। এই খবৰ বিয়পি পৰাৰ লগে লগে সোণাক্ষীয়েও উত্তৰ দিবলৈ সাজু হ’ল। গোটেই ঘটনাটোক লৈ ছ’চিয়েল মিডিয়াত কৰিলে আচৰিত পোষ্ট।সোণাক্ষীয়ে ইনষ্টাগ্ৰামত নিজৰ কেইখনমান ফটো পোষ্ট কৰি লিখিছে, “মানৱ সভ্যতাৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিন ধৰি গৰ্ভৱতী হোৱাৰ অভিলেখ গঢ়িবলৈ পাইছো। ১৬ মাহ হৈছে…” ইয়াৰ…
Read More
শৰৎ মানেই শেৱালিৰ সুবাস!অপূৰ্ব গোন্ধৰ অধিকাৰী এই ফুলৰো আছে অনেক উপকাৰিতা

শৰৎ মানেই শেৱালিৰ সুবাস!অপূৰ্ব গোন্ধৰ অধিকাৰী এই ফুলৰো আছে অনেক উপকাৰিতা

শেৱালী ফুলৰ সুবাসেৰে আমোলমোলাইছে চৌদিশ, অপূৰ্ব গোন্ধৰ অধিকাৰী এই ফুলৰো আছে অনেক উপকাৰিতা।শেৱালী ফুল কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, কিন্তু ইয়াৰ ঔষধি গুণাগুণবোৰো অতি আশ্চৰ্যজনক, জাৰ্নেল অৱ মেডিচিনেল প্লান্টৰ অধ্যয়নৰ মতে, শেৱালী ফুলৰ পাত আৰু ৰসে তেজৰ প্ৰবাহ শৰীৰত সঠিকভাৱে ৰাখে আৰু তেজ পৰিষ্কাৰ কৰাত সহায় কৰে ৷ প্ৰকৃতিয়ে আমাক এনে বহু উপহাৰ দিছে যিবোৰে কেৱল পৰিৱেশ সেউজীয়া কৰি ৰখাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। শেৱালি ফুলৰ উপকাৰিতা-বয়স বৃদ্ধিৰ লগে লগে বাতবিষ হোৱাটো সাধাৰণ কথা, কিন্তু আজিকালি যুৱক-যুৱতীসকলেও এই সমস্যাৰ সন্মুখীন হৈছে। এনে অৱস্থাত শেৱালি ফুলৰ পাতৰ পৰা তেল উলিয়াই তাত নাৰিকল তেল কেইটোপালমান দিব। শেষত…
Read More
বাংলাদেশৰ ৰাজধানী ঢাকাৰ মিৰপুৰৰ ৰূপনগৰৰ এটা বস্ত্ৰ কাৰখানাত অগ্নিকাণ্ড

বাংলাদেশৰ ৰাজধানী ঢাকাৰ মিৰপুৰৰ ৰূপনগৰৰ এটা বস্ত্ৰ কাৰখানাত অগ্নিকাণ্ড

বাংলাদেশৰ ৰাজধানী ঢাকাৰ মিৰপুৰৰ ৰূপনগৰৰ এটা বস্ত্ৰ কাৰখানাত অগ্নিকাণ্ড । এই ঘটনাত ষোল্লজন লোকে প্ৰাণ হেৰুৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে ।তালহা বিন জাছিমে উল্লেখ কৰা মতে, এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে এতিয়াও অব্যাহত আছে জুই নিৰ্বাপনৰ প্ৰচেষ্টা । বিষয়াসকলে এই অগ্নিকাণ্ডৰ মূল কাৰণটো নিৰ্ণয় কৰাৰ বাবে চেষ্টা চলাই আছে । লগতে এই জুইৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণো মূল্যায়ন কৰি আছে ।তথ্য অনুসৰি, কাপোৰৰ কাৰখানাটোৰ প্ৰথম আৰু দ্বিতীয় মহলাৰ পৰা উদ্ধাৰ হৈছে ১৬ টা মৃতদেহ । বিভাগীয় কৰ্তৃপক্ষই সন্দেহ কৰিছে যে এই লোকসকলৰ মৃত্যু কাৰণ হ’ব পাৰে বিষাক্ত গেছ । বিষাক্ত গেছ সেৱন কৰাৰ ফলতে কেবাজনো লোক…
Read More
ট্ৰাম্পে চীনৰ ওপৰত অতিৰিক্ত ১০০% শুল্ক ঘোষণা

ট্ৰাম্পে চীনৰ ওপৰত অতিৰিক্ত ১০০% শুল্ক ঘোষণা

ট্ৰাম্পে চীনৰ ওপৰত অতিৰিক্ত ১০০% শুল্ক ঘোষণা কৰিছে, যিটো ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। তেওঁ চফটৱেৰ ৰপ্তানিৰ ক্ষেত্ৰতো কঠোৰ নিয়ন্ত্ৰণৰ আহ্বান জনায়।আমেৰিকাৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ট্ৰাম্পে ইচ্ছাৰ দ্বাৰা পৰিচালিত হৈ বিশ্বৰ দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰি আমেৰিকাৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। কিছুদিন ধৰি ট্ৰাম্পে শান্ত হৈ আছিল যদিও আজি হঠাতে তেওঁৰ দীৰ্ঘদিনীয়া শুল্ক প্ৰতিদ্বন্দ্বী চীনৰ ওপৰত ১০০% অতিৰিক্ত শুল্ক ঘোষণা কৰে। তেওঁৰ বিবৃতিত তেওঁ চীনক ধমক দি তেওঁৰ শৈলীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন শুল্ক।
Read More
ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম?

ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম?

ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় লীগ আই পি এল। এই প্ৰতিযোগিতাৰ খেলুৱৈ নিলামত প্ৰতিবাৰেই উঠে ধনৰ উজান। সেয়ে সমগ্ৰ ক্ৰিকেট বিশ্বৰে চকু থাকে এই খেলুৱৈৰ নিলামত। আই পি এল ২০২৫ৰ মেগা নিলামত খেলুৱৈৰ দৰে সৃষ্টি কৰিছিল ইতিহাস। এতিয়া পোহৰলৈ আহিছে আই পি এল ২০২৬ৰ খেলুৱৈ নিলাম সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট। প্ৰকাশ পাইছে প্ৰতিযোগিতাৰ আগন্তুক সংস্কৰণৰ খেলুৱৈ নিলামৰ তাৰিখ। লগতে খেলুৱৈৰ ৰিটেনশ্যন সন্দৰ্ভতো আহিছে এক ডাঙৰ আপডেট।উল্লেখ্য যে আই পি এল ২০২৫ৰ বাবে খেলুৱৈৰ নিলাম চৌদি আৰৱৰ জেদ্দাহ চহৰত অনুষ্ঠিত হৈছিল। ২০২৪ চনৰ ২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হৈছিল এই মেগা নিলাম।এই নিলাম বিগত ভাৰতত হ’ব নে বিদেশত অনুষ্ঠিত হ’ব, সেই…
Read More
গৌৰৱ গগৈয়ে মিঠাতেলৰ মূল্য বুজি নাপায়-মুখ্যমন্ত্ৰী

গৌৰৱ গগৈয়ে মিঠাতেলৰ মূল্য বুজি নাপায়-মুখ্যমন্ত্ৰী

গৌৰৱ গগৈয়ে মিঠাতেলৰ মূল্য বুজি নাপায়। যদি চানফ্লা’ৱাৰ অইল বুলি কোৱা হয়, তেন্তে তেওঁ হয়তো বুজিব পাৰে। এই মন্তব্যৰে শুকুবাৰে ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ চৰকাৰে ৰেচন কাৰ্ডধাৰীক মিঠাতেল প্ৰদান কৰাৰ কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইলৈ বিৰোধীয়ে সমালোচনা কৰি অহাৰ সময়তে এই মন্তব্য মুখ্যমন্ত্ৰীৰ।তেওঁ কয়, গৌৰৱ গগৈৰ সন্তান ইংলেণ্ডত থাকে আৰু ইংৰাজ নাগৰিক। গতিকে তেওঁ সৰিয়হৰ তেলৰ(মিঠাতেল) দাম নাজানে বা মূল্য বুজি নাপায়।
Read More
আচৰিত গুণেৰে ভৰপূৰ মধুৰিআম

আচৰিত গুণেৰে ভৰপূৰ মধুৰিআম

মধুৰিআমত ভিটামিন চি, খনিজ লৱণ, আয়ৰন আৰু ফলিক এচিডৰ দৰে পুষ্টিগুণে ভৰপূৰ, যাৰ ফলত ই কোষ্ঠকাঠিন্য দূৰ কৰে, হাড় ও দাঁত শক্তিশালী কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ উপৰিও, মধুৰি আমৰ পাতো ঔষধি গুণত সমৃদ্ধ আৰু বহু ৰোগৰ চিকিৎসাত ব্যৱহৃত হয়। মধুৰিআমৰ উপকাৰিতা:------পুষ্টিৰ ভাণ্ডাৰ: মধুৰি আমত কমলাতকৈ বেছি ভিটামিন চি আৰু অন্যান্য খনিজ লৱণ থাকে, লগতে আয়ৰন আৰু ফলিক এচিডও পোৱা যায়।কোষ্ঠকাঠিন্য দূৰ কৰে: ইয়াত থকা ফাইবাৰৰ বাবে মধুৰি আম খালে কোষ্ঠকাঠিন্যৰ সমস্যা কমে।হাড় ও দাঁত শক্তিশালী কৰে: মধুৰি আম শৰীৰৰ হাড় আৰু দাঁতবোৰক শক্তিশালী কৰাত সহায় কৰে।ৰক্তচাপ নিয়ন্ত্ৰণ: নিয়মিত মধুৰি আম সেৱনে উচ্চ ৰক্তচাপ কমাবলৈ সহায় কৰে।আঁহৰ উৎস:…
Read More
বিজেপি ত্যাগ কৰিলে জ্যোষ্ঠ নেতা ৰাজেন গোঁহাইয়ে

বিজেপি ত্যাগ কৰিলে জ্যোষ্ঠ নেতা ৰাজেন গোঁহাইয়ে

বিজেপি ত্যাগ কৰিলে জ্যোষ্ঠ নেতা ৰাজেন গোঁহাইয়ে। আজি বাজপেয়ী ভৱনত উপস্থিত হৈ তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। দীৰ্ঘ সময় ধৰি তেওঁ বিজেপিৰ বহু কেইটা গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল।৯ অক্টোবৰ,২০২৫ ত গুৱাহাটীস্থিত বাজপেয়ী ভৱনলৈ আহি তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। এইগৰাকী জ্যেষ্ঠ নেতাই বিগত সময়চোৱাত বিজেপিৰ হৈ বহু দায়িত্ব পালন কৰিছে। গোহাঁই বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি হোৱাৰ লগতে নগাঁৱৰ চাৰিবাৰৰ সাংসদ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত গোঁহাই আছিল ৰাজ্যিক ৰেল মন্ত্ৰী।
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ এজাহাৰ দাখিল

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ এজাহাৰ দাখিল

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে এই এফ আই আৰ দাখিল কৰিছে। ভাষণৰ সময়ত মুখ্যমন্ত্ৰীয়ে কৰা এক মন্তব্য সন্দৰ্ভত এই এফ আই আৰ।কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ (KADCC) মাধ্যম অধ্যক্ষ চৰিশ্মা ৰঙপিপিৰে নেতৃত্ব বুধবাৰে দিনৰ ২ বজাত ডিফু থানাত এই এজাহাৰ দাখিল কৰে। তেওঁলোকে অভিযোগ কৰিছে যে, ‘অৰুণোদয় ৩.০’ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কিছুমান বিৰূপ মন্তব্য কৰিছিল। এনে মন্তব্য কৰাৰ তেওঁৰ অধিকাৰ নাই। যাৰ বাবে এই এজাহাৰ দাখিল কৰে।
Read More
গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিব ৰাজ্য চৰকাৰে

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিব ৰাজ্য চৰকাৰে

গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ কথিত পাকিস্তান লিংকৰ তদন্ত কৰা এছ আই টিৰ প্ৰতিবেদন ৰাজহুৱা কৰিব ৰাজ্য চৰকাৰে। সোমবাৰে এই কথা সংবাদমেলত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে প্ৰতিবেদনত ভয়ংকৰ নিন্দাসূচক তথ্য আছে যিবোৰ দেশৰ সকলো ৰাইজে জানিব লাগিব।
Read More