গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত অধ্যাপক গৌৰ গোপাল বণিকৰ উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’ উন্মোচন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত সোমবাৰে বিশ্ববিদ্যালয়খনৰ স্কুল অৱ মেনেজমেণ্ট এণ্ড কমাৰ্চৰ ডীন অধ্যাপক গৌৰ গোপাল বণিকৰ নতুন উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’ আজি উন্মোচন কৰা হয়। এই উপলক্ষে বিশ্ববিদ্যালয়ৰ শিক্ষক- শিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ গ্ৰন্থখন উন্মোচন কৰে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অমলেন্দু চক্ৰৱৰ্তীয়ে । ভাষণ প্ৰসংগত অধ্যাপক চক্ৰৱৰ্তীয়ে কয় যে অধ্যাপক বণিকৰ উপন্যাসখনে গভীৰ আৱেগৰ এক বিস্তৃত বৰ্ণালী ধৰি ৰাখিছে ।

অনুষ্ঠানত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে চমু ভাষণত অধ্যাপক বণিকৰ উল্লেখযোগ্য কলাত্মক প্ৰতিভা আৰু সৃষ্টিশীল দৃষ্টিভংগীৰ বাবে প্ৰশংসা কৰে। অনুষ্ঠানত অধ্যাপক গৌৰ গোপাল বণিকে উপন্যাসখন সন্দৰ্ভত নিজৰ অভিজ্ঞতা আৰু অনুভৱ ব্যক্ত কৰে। উল্লেখ্য যে কেইবাখনো কল্পকাহিনী ৰচনা কৰা অধ্যাপক বনিকে সাহিত্যিক সাধনাৰ উপৰিও বিত্তীয় হিচাপ, কৰ, নিৰীক্ষণ, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ আদি বিষয়ত তিনি দশকৰো অধিক সময়ৰ শিক্ষকতাৰ অভিজ্ঞতা আছে।

গুৱাহাটী কমাৰ্চ কলেজৰ একাউণ্টেন্সি বিভাগৰ প্ৰাক্তন মুৰব্বী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ ডিষ্টেন্স এণ্ড অ’পেন লাৰ্নিঙৰ উপ-সঞ্চালক হিচাপে দায়িত্ব পালন কৰা অধ্যাপক বণিক বাণিজ্য, আইন, ইংৰাজী, আৰু সংগীতৰ ডিগ্ৰীৰ লগতে তেওঁ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় গীতা আলোচনা চক্ৰত “শ্ৰেষ্ঠ গৱেষণা পত্ৰ বঁটা” (২০২৩), থাইলেণ্ডত “একাউণ্টেন্সিৰ শ্ৰেষ্ঠ শিক্ষক আৰু গৱেষক বঁটা” (২০২৪), আৰু চৰকাৰৰ পৰা “গৱেষণা উৎকৃষ্টতা বঁটা”কে ধৰি বঁটা লাভ কৰিছে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *