Paromita

898 Posts
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; ২০ জনক দোষী সাব্যস্ত আদালতৰ, ২৫ জনক দোষমুক্ত ঘোষণা

অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; ২০ জনক দোষী সাব্যস্ত আদালতৰ, ২৫ জনক দোষমুক্ত ঘোষণা

অৱশেষত প্ৰদান কৰা হ'ল ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ চূ়ড়ান্ত ৰায়দান। কাৰ্বি আংলঙৰ ডকমকাত ছয় বছৰ পূৰ্বে সংঘটিত হোৱা সেই নৃশংস গণপ্ৰহাৰৰ ঘটনাই আজিও জোকাৰি যায় প্ৰতিজন অসমীয়াৰ বিবেক। সোমবাৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই ঐতিহাসিক গোচৰৰ ৰায়দান কৰি ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰে। ইফালে পৰ্যাপ্ত সাক্ষ্য-প্ৰমাণৰ অভাৱত আন ২৫ জন অভিযুক্তক আদালতে মুক্তি প্ৰদান কৰিছে। হত্যাকাণ্ডৰ এই সংবেদনশীল গোচৰৰ শুনানিৰ অন্তত দোষী সাব্যস্ত হোৱা ২০ জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ লগতে বেআইনী জনতা গঠন আৰু চৰকাৰী কৰ্তব্যত বাধা প্ৰদানৰ দৰে কেইবাটাও গুৰুতৰ ধাৰা প্ৰয়োগ কৰে আদালতে। জিলা চৰকাৰী অধিবক্তা জিয়াউল কামাৰে কয়, "মই মোৰ ফালৰ পৰা…
Read More
ৰাহুল গান্ধীৰ নাগৰিকত্বৰ গোচৰত নতুন মোৰ; লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীৰ অব্যাহতি

ৰাহুল গান্ধীৰ নাগৰিকত্বৰ গোচৰত নতুন মোৰ; লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীৰ অব্যাহতি

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বৰ বিতৰ্কই এতিয়া এক বিশেষ নাট্যৰূপ ধাৰণ কৰিছে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীয়ে সোমবাৰে এই স্পৰ্শকাতৰ গোচৰৰ পৰা নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গোচৰকাৰী বিজেপি কৰ্মীগৰাকীয়ে আদালতৰ ওপৰত আস্থা হেৰুওৱা বুলি ছ’চিয়েল মিডিয়াত কৰা মন্তব্যৰ পাছতেই বিচাৰকগৰাকীয়ে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। ৰাহুল গান্ধী কেৱল ভাৰতৰে নহয়, বৰঞ্চ ব্ৰিটেইনৰো নাগৰিক বুলি অভিযোগ উত্থাপন কৰিছিল বিজেপি কৰ্মী বিঘ্নেশ শিশিৰে। এই অভিযোগৰ ভিত্তিত ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীয়ে প্ৰথমে এফআইআৰ দাখিলৰ নিৰ্দেশ দিয়ে যদিও মাত্ৰ ২৪ ঘণ্টাৰ পাছতেই তেওঁ নিজৰ ৰায় সলনি কৰিবলগীয়া হয়। ন্যায়াধীশ বিদ্যাৰ্থীয়ে স্বীকাৰ কৰে যে পূৰ্বৰ ৰায়টোত পদ্ধতিগত ত্ৰুটি ৰৈ…
Read More
স্কৰ্পিয়নছ বেণ্ডৰ ভাৰত ভ্ৰমণ বাতিল; শ্বিলঙৰ সংগীতানুষ্ঠানক লৈ নিৰাশ সংগীত অনুৰাগী

স্কৰ্পিয়নছ বেণ্ডৰ ভাৰত ভ্ৰমণ বাতিল; শ্বিলঙৰ সংগীতানুষ্ঠানক লৈ নিৰাশ সংগীত অনুৰাগী

বিশ্ববিখ্যাত জাৰ্মান ৰক বেণ্ড স্কৰ্পিয়নছৰ বহু প্ৰত্যাশিত ভাৰত ভ্ৰমণক কেন্দ্ৰ কৰি গঢ়ি উঠা ব্যাপক উছাহ এতিয়া নিৰাশাত পৰিণত হ’ল। বেণ্ডটোৰ সদস্যসকলৰ হঠাৎ হোৱা শাৰীৰিক অসুস্থতাৰ বাবে মেঘালয়ৰ শ্বিলংসহ দেশৰ চাৰিখনকৈ চহৰত অনুষ্ঠিত হ’বলগীয়া আটাইকেইখন সংগীতানুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অহা ২১ এপ্ৰিলৰ পৰা শ্বিলঙৰ জে এন ষ্টেডিয়ামৰ পৰা আৰম্ভ হ’বলগীয়া এই ভ্ৰমণসূচীত এতিয়া অনাকাংক্ষিত স্বাস্থ্যজনিত কাৰণত যতি পৰিছে। আয়োজনকাৰী প্ৰতিষ্ঠান বুক মাই শ্ব' লাইভে সামাজিক মাধ্যমৰ এক পোষ্টৰ জৰিয়তে এই দুৰ্ভাগ্যজনক ঘোষণা কৰে। বেণ্ডৰ সদস্যসকলৰ চিকিৎসা সংক্ৰান্তীয় জটিলতাৰ বাবে শ্বিলঙৰ উপৰি দিল্লী-এন চি আৰ, বাংগালুৰু আৰু মুম্বাইত অনুষ্ঠিত হ’বলগীয়া কামিঙ হোম ট্যুৰ সম্পূৰ্ণৰূপে বাতিল কৰা হয়। অনুৰাগীৰ মাজত সৃষ্টি…
Read More
আই আই টি গুৱাহাটীত সংঘটিত শক্তি চে জন আপডা সুৰক্ষা শীৰ্ষক মকড্ৰিল

আই আই টি গুৱাহাটীত সংঘটিত শক্তি চে জন আপডা সুৰক্ষা শীৰ্ষক মকড্ৰিল

ভাৰতীয় সেনা আৰু SDRF, NDRFৰ উদ্যোগত শণিবাৰে আই আই টি গুৱাহাটীত "সংঘটিত শক্তি চে জন আপডা সুৰক্ষা" শীৰ্ষক এক মকড্ৰিলৰ আয়োজন কৰা হয়। পানীৰ মাজত আবদ্ধ লোকক কি দৰে উদ্ধাৰ কৰিব পৰা যায় তাক প্ৰদৰ্শন কৰা হয়। বিপদকালীন সময়ত দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ লোক উপস্থিত হোৱাৰ পুৰ্বে উপস্থিত সাধাৰণ লোকে যাতে উদ্ধাৰ কৰিব পাৰে তাক সাধাৰণ ভাৱে প্ৰদৰ্শন কৰি দেখুৱাই দিয়া হয়। এই মকড্ৰিল প্ৰদৰ্শনে সাধাৰণ লোক আৰু শিক্ষাৰ্থীক এই উপকৃত কৰিব ।
Read More
কামাখ্যা মন্দিৰত বিশ্ব ঐতিহ্য দিৱস উদযাপন

কামাখ্যা মন্দিৰত বিশ্ব ঐতিহ্য দিৱস উদযাপন

North East Zone Cultural Centre-ৰ উদ্যোগত আৰু Nirbaak-ৰ সহযোগিতাত বিশ্ব ঐতিহ্য দিৱস উপলক্ষে আজি গুৱাহাটীৰ কামাখ্যা মন্দিৰ প্ৰাঙ্গনত এক সমন্বিত স্বচ্ছতা অভিযান আৰু মূকাভিনয় প্ৰদৰ্শিত হয়।কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল স্বচ্ছতা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত অধিক সচেতনতা সৃষ্টি কৰা। এই উপলক্ষে আয়োজিত চাফাই অভিযানত অংশগ্ৰহণকাৰীসকলে মন্দিৰ চৌহদত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ এক দায়িত্বশীল দৃষ্টান্ত স্থাপন কৰে।ইয়াৰ লগতে, যুৱ মুকাভিনেতা মিনাংক ডেকাৰ পৰিচালনাত ‘স্বচ্ছতা’ শীৰ্ষক এক সাৰগৰ্ভিত মূকাভিনয় প্ৰদৰ্শন কৰা হয়।
Read More
মণিপুৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ; ৰাষ্ট্ৰীয় ঘাইপথত গুলীয়াই হত্যা অৱসৰপ্ৰাপ্ত সেনা জোৱানসহ দুই ব্যক্তিক

মণিপুৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ; ৰাষ্ট্ৰীয় ঘাইপথত গুলীয়াই হত্যা অৱসৰপ্ৰাপ্ত সেনা জোৱানসহ দুই ব্যক্তিক

মণিপুৰত অব্যাহত থকা কূটাঘাতমূলক কাৰ্যকলাপৰ মাজতে শনিবাৰে ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ড। উক্ৰুল অভিমুখে গৈ থকা যাত্ৰীবাহী বাহনক লক্ষ্য কৰি অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই চলোৱা অতৰ্কিত গুলীচালনাত এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানসহ দুজন লোক থিতাতে নিহত হয়। ইম্ফলৰ পৰা নিজ গৃহলৈ উভতি অহাৰ পথতে টি এম কাছোম গাঁৱৰ সমীপত নিৰীহ লোক দুগৰাকী এই ভয়াৱহ আক্ৰমণৰ বলি হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, এই গুলীচালনাত প্ৰাণ হেৰুওৱা লোক দুজন হ’ল টাশাৰ গাঁৱৰ বাসিন্দা তথা নগা ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত জোৱান এছ ডব্লিউ চিনাওচাং আৰু খাৰাচোমৰ ইয়াৰুংগাম ভাছুম। অচিনাক্ত হত্যাকাৰীৰ দলটোৱে ঘাইপথৰ এক নিৰ্জন স্থানত খাপ পিটি বহি আছিল আৰু…
Read More
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ; ধৰ্মীয় মেৰুকৰণ আৰু বিভাজনমূলক মন্তব্যৰ অভিযোগ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ; ধৰ্মীয় মেৰুকৰণ আৰু বিভাজনমূলক মন্তব্যৰ অভিযোগ

পশ্চিম বংগৰ নিৰ্বাচনী যুঁজত ধৰ্মীয় মেৰুকৰণৰ মছলা ব্যৱহাৰ কৰাৰ অভিযোগত এতিয়া বিমোৰত পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হৈ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ দাখিল কৰে। কোচবিহাৰৰ এক নিৰ্বাচনী জনসভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উচটনিমূলক আৰু বিভাজনমূলক মন্তব্যৰে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছে টিএমচিয়ে। তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ’ব্ৰাইনে দাখিল কৰা এই অভিযোগ পত্ৰত উল্লেখ কৰা মতে, যোৱা ১৬ এপ্ৰিলত কোচবিহাৰৰ প্ৰচাৰ সভাত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে কেইবাটাও মানহানিকাৰক মন্তব্য আগবঢ়াইছিল। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত ধৰ্মীয় মেৰুকৰণৰ…
Read More
মুখ্যমন্ত্ৰীৰ পত্নীৰ মানহানি গোচৰ; উচ্চতম ন্যায়ালয়ত খাৰিজ পৱন খেৰাৰ অগ্ৰিম জামিন আবেদন

মুখ্যমন্ত্ৰীৰ পত্নীৰ মানহানি গোচৰ; উচ্চতম ন্যায়ালয়ত খাৰিজ পৱন খেৰাৰ অগ্ৰিম জামিন আবেদন

উচ্চতম ন্যায়ালয়ৰ মজিয়াত পুনৰবাৰ মুখ থেকেচা খালে কংগ্ৰেছ নেতা পৱন খেৰাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই তৰা মানহানিৰ গোচৰত খেৰাৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰে শীৰ্ষ আদালতে। অসমৰ আদালতসমূহ বন্ধ থকাৰ দোহাই দি অহা মঙলবাৰ পৰ্যন্ত সময় বিচাৰি খেৰাই যি আবেদন দাখিল কৰিছিল, তাক আজি পোনপটীয়াকৈ খাৰিজ কৰে আদালতে। পৱন খেৰাক অবিলম্বে অসমৰ সংশ্লিষ্ট আদালতত জামিনৰ বাবে আবেদন কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে। আদালতৰ নথি আৰু তথ্যৰ ওপৰত ভিত্তি কৰি অসমৰ আদালতে স্বতন্ত্ৰভাৱে এই বিষয়ত সিদ্ধান্ত ল’ব বুলি কয় শীৰ্ষ আদালতে। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ কোনো পৰ্যবেক্ষণে এই আইনী প্ৰক্ৰিয়াত প্ৰভাৱ নেপেলায় বুলিও বিচাৰপীঠে…
Read More
ত্ৰিপুৰাত বিজেপিৰ শোচনীয় পৰাজয়; পাহাৰীয়া পৰিষদত তিপ্ৰা মোথাৰ একছত্ৰী আধিপত্য

ত্ৰিপুৰাত বিজেপিৰ শোচনীয় পৰাজয়; পাহাৰীয়া পৰিষদত তিপ্ৰা মোথাৰ একছত্ৰী আধিপত্য

ত্ৰিপুৰাৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে ধূলিস্যাৎ হৈ পৰিল পৰাক্ৰমী ভাৰতীয় জনতা পাৰ্টি। শেহতীয়াকৈ ৰাজ্যখনৰ জনজাতীয় স্বায়ত্তশাসিত পৰিষদৰ (TTAADC) নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰি এক বিশাল বিজয় সাব্যস্ত কৰে তিপ্ৰা মোথা পাৰ্টিয়ে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২৮ খন আসনৰ ভিতৰত ১৬ খনতে ইতিমধ্যে জয়লাভ কৰিছে প্ৰদ্যোত বিক্ৰম মাণিক্য দেৱবৰ্মাৰ দলটোৱে। ৰাজ্যখনৰ শাসকীয় দল হোৱাৰ পাছতো বিজেপিৰ এনে লজ্জাজনক পতনত এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। জনজাতীয় বেল্টত বিজেপিয়ে কেৱল দুখন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন দুখন আসনতহে মাত্ৰ আগবাঢ়ি আছে। তিপ্ৰা মোথাৰ এই প্ৰচণ্ড জোৱাৰৰ সন্মুখত বিজেপিৰ সকলো ৰণকৌশল এতিয়া চুৰমাৰ হৈ পৰিছে। ত্ৰিপুৰাৰ মিত্ৰজোঁট চৰকাৰত একেলগে থাকিলেও এই নিৰ্বাচনত দুয়োটা…
Read More
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে আধৰুৱা ৰঙালী; ৰাজ্যবাসীৰ বুকুত কেৱল বিষাদৰ স্মৃতি

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে আধৰুৱা ৰঙালী; ৰাজ্যবাসীৰ বুকুত কেৱল বিষাদৰ স্মৃতি

এইবাৰৰ ৰঙালীয়েও ধাৰণ কৰিছে কঙালীৰ বেশ! অসমীয়া সংগীতৰ ভোটাতৰা জুবিন গাৰ্গবিহীন প্ৰথমটো ব'হাগত যেন শূন্যতাই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত। ৰঙালী বুলি ক'লেই গাত উছাহৰ ধল অনুভৱ কৰা প্ৰতিজন অসমীয়াৰ মনত এইবাৰৰ বিহুৱে সিঁচি দিছে বিশাল শূন্যতা। আগৰ দৰে এইবেলিৰ বিহু মঞ্চত নুঠিব প্ৰাণৰ শিল্পীৰ সংগীতৰ লহৰ। এইবাৰ দেখা নাযাব জুবিন প্ৰেমীৰ উন্মাদ 'বোকা নৃত্য'ও! যোৱাটো বছৰৰ অভিশপ্ত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত চিৰবিদায় লোৱা মহানায়কৰ স্মৃতিয়ে আজিও ব্যথিত কৰি ৰাখিছে প্ৰতিজন জুবিন অনুৰাগীক। কেৱল মঞ্চৰ গায়ক বুলিয়েই নহয়, বিহুৰ সুৰক এক অনন্য মাত্ৰা প্ৰদান কৰা জুবিন গাৰ্গ আছিল আধুনিক অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। গাঁৱৰ ধূলিয়ৰি বাটৰ পৰা চহৰৰ বিশাল মঞ্চলৈকে তেওঁৰ…
Read More