পশ্চিম বংগৰ নিৰ্বাচনী যুঁজত ধৰ্মীয় মেৰুকৰণৰ মছলা ব্যৱহাৰ কৰাৰ অভিযোগত এতিয়া বিমোৰত পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হৈ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ দাখিল কৰে। কোচবিহাৰৰ এক নিৰ্বাচনী জনসভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উচটনিমূলক আৰু বিভাজনমূলক মন্তব্যৰে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছে টিএমচিয়ে।
তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ’ব্ৰাইনে দাখিল কৰা এই অভিযোগ পত্ৰত উল্লেখ কৰা মতে, যোৱা ১৬ এপ্ৰিলত কোচবিহাৰৰ প্ৰচাৰ সভাত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে কেইবাটাও মানহানিকাৰক মন্তব্য আগবঢ়াইছিল। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত ধৰ্মীয় মেৰুকৰণৰ লক্ষ্যৰে অসমৰ মুখ্যমন্ত্ৰীজনে ভোটাৰক উদ্দেশ্যি এনে বক্তব্য দিয়া বুলি দলটোৱে দাবী কৰে। বিশেষকৈ গো-মাংসৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ চেষ্টা কৰা বুলিও আৱেদনখনত উল্লেখ কৰা হয়।
অভিযোগ পত্ৰৰ মতে, মমতা বেনাৰ্জীয়ে ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ আশংকা কৰিছে বুলি দাবী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বিজেপি ক্ষমতালৈ আহিলে বংগত গো-মাংস নিষিদ্ধ হ’ব পাৰে বুলি উল্লেখ কৰি শৰ্মাই কথিতভাৱে এই খাদ্যক এক বিশেষ সম্প্ৰদায় আৰু চোৰাং ব্যৱসায়ৰ সৈতে জড়িত কৰিছিল। তৃণমূল কংগ্ৰেছে এই মন্তব্যক ‘ভিত্তিহীন আৰু ক্ষতিকাৰক’ বুলি অভিহিত কৰি এয়া ৰাজনৈতিক সমালোচনাৰ পৰিসৰৰ বাহিৰলৈ যোৱা বুলি দাবী কৰিছে।
অসমৰ মুখ্যমন্ত্ৰীৰ এনে ভাষণে সাম্প্ৰদায়িক সংঘৰ্ষৰ জুই জ্বলাব পাৰে বুলিও আশংকা ব্যক্ত কৰে মমতা বেনাৰ্জীৰ দলটোৱে। নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ লগতে ভাৰতীয় ন্যায় সংহিতা আৰু জনপ্ৰতিনিধিত্ব আইনৰ অধীনত বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে টিএমচিয়ে। গোটৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা আৰু ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে অবিলম্বে গোচৰ ৰুজু কৰিবলৈ আয়োগক আহ্বান জনোৱা হৈছে।
এই সংবেদনশীল বিষয়টোত নিৰ্বাচন আয়োগৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰি হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিবলৈ দাবী কৰিছে তৃণমূল কংগ্ৰেছে। নিৰ্বাচনী প্ৰচাৰৰ বাকী থকা সময়ছোৱাত যাতে কোনো পক্ষই এনে উচটনিমূলক বক্তব্য দিব নোৱাৰে, তাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবেও দলটোৱে আবেদন জনাইছে কৰে। পশ্চিম বংগত বিজেপি আৰু তৃণমূলৰ এই আইনী যুঁজে এতিয়া ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ অধিক উত্তপ্ত কৰি তুলিছে।
