Paromita

898 Posts
ধুবুৰীত আৰক্ষীৰ অভিযান; নিষিদ্ধ গো-মাংসসহ ৫ জনক গ্ৰেপ্তাৰ

ধুবুৰীত আৰক্ষীৰ অভিযান; নিষিদ্ধ গো-মাংসসহ ৫ জনক গ্ৰেপ্তাৰ

গোপন সূত্ৰৰ ভিত্তিত চলোৱা আৰক্ষীৰ অভিযানত পোহৰলৈ আহিল অবৈধ গো-মাংস বিক্ৰীৰ সন্দেহজনক কাৰ্যকলাপ। ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত চাৰালডাঙা গাঁৱত শুকুৰবাৰে চলোৱা এই অভিযানত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উপ-পৰিদৰ্শক (প্ৰশিক্ষণৰত) প্ৰভাষ কৰ্মকাৰৰ নেতৃত্বত ৰমজান আলীৰ বাসগৃহত অভিযান চলোৱা হৈছিল। আৰক্ষীৰ দলটো দেখি পলায়নৰ চেষ্টা কৰিছিল অভিযুক্তসকলে যদিও ঘটনাস্থলৰ পৰাই পাঁচোজনকে আটক কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে ৰমজান আলী, মেহেদী হুছেইন, মেহবুব হুছেইন, আতিকুল আলম আৰু ছাহিদ আলম। তালাচীৰ সময়ত ঘৰৰ ভিতৰত তেজৰ দাগ, হাড়ৰ টুকুৰা, মাংস কটা কাঠৰ কুণ্ডা, এটা ডাঙৰ পাত্ৰ আৰু বিতৰণৰ বাবে প্ৰস্তুত কৰি ৰখা কেঁচা মাংসৰ পেকেট উদ্ধাৰ হয়।…
Read More
আম্বুবাচীৰ নিবৃত্তি; ভক্তৰ বাবে পুনৰ মুকলি হ’ল কামাখ্যা মন্দিৰৰ দুৱাৰ

আম্বুবাচীৰ নিবৃত্তি; ভক্তৰ বাবে পুনৰ মুকলি হ’ল কামাখ্যা মন্দিৰৰ দুৱাৰ

চাৰি দিনীয়া ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ অন্তত পুনৰ মুকলি হ'ল মা কামাখ্যা মন্দিৰৰ দুৱাৰ। পুৱাই পৰা হাজাৰ হাজাৰ ভক্তই শাৰী পাতি মা কামাখ্যাৰ দৰ্শন আৰু পূজাৰ বাবে সমবেত হয় নীলাচল পাহাৰত। সোমবাৰে সন্ধিয়াৰ পৰা বাৰ্ষিক আম্বুবাচী উপলক্ষে বন্ধ ৰখা হৈছিল মন্দিৰৰ দুৱাৰ। ধৰ্মীয় বিশ্বাস অনুসৰি এই সময়ছোৱাত মা কামাখ্যাই ঋতুচক্ৰত অৱতীৰ্ণ হয়। পৰম্পৰাগত স্নান আৰু পূজা-অৰ্চনা সম্পন্ন কৰাৰ পাছতে শুকুৰবাৰে পুৱা পুনৰ মুকলি কৰা হয় মন্দিৰ। মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, দুৱাৰ মুকলি হোৱাৰ বহু আগৰে পৰাই নীলাচল পাহাৰত ভক্তৰ ভিৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰে। সূৰ্যাস্তলৈকে মন্দিৰ খোলা থাকিব আৰু সকলো ভক্তই শান্তিপূৰ্ণভাৱে দৰ্শনৰ সুযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে কৰ্তৃপক্ষই।…
Read More
ৰাজপথত বেহেলা বজাই জীৱন নিৰ্বাহ কৰা অশীতিপৰ ভগৱান মাল্লিকলৈ সহায়ৰ হাত আনন্দ মহিন্দ্ৰাৰ

ৰাজপথত বেহেলা বজাই জীৱন নিৰ্বাহ কৰা অশীতিপৰ ভগৱান মাল্লিকলৈ সহায়ৰ হাত আনন্দ মহিন্দ্ৰাৰ

বয়সে ভৰ কৰা শৰীৰ, চকুৰ দুৰ্বল দৃষ্টি আৰু পুৰণি বেহেলাখনেই এতিয়াও জীৱন যুঁজৰ একমাত্ৰ সম্বল ৮০ বছৰীয়া ভগৱান মাল্লিকৰ। কেইবাদশক ধৰি কলকাতাৰ ৰাজপথত বেহেলা বজাই প্ৰতিদিনে পেটৰ ভাতমুঠি যোগাৰ কৰি আহিছে তেওঁ। কিন্তু তেওঁৰ এই সংগ্ৰামৰ কাহিনী সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত এতিয়া সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়িছে উদ্যোগপতি আনন্দ মহিন্দ্ৰা। জীৱিকাৰ বাবে বৃদ্ধ বয়সতো প্ৰতিদিনে ৰাজপথত সংগীত পৰিৱেশন কৰি অহা ভগৱান মাল্লিকৰ এটা ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হয়। ভিডিঅ’টোত দেখা যায়, চকুৰ দৃষ্টিশক্তি কমি অহাৰ পাছতো পুৰণি বেহেলাখন লৈ তেওঁ সংগীত পৰিৱেশন কৰি আছে। কাষতে বহি থাকে তেওঁৰ পত্নী। দশকৰ পাছত দশক ধৰি কলকাতাৰ ৰাজপথত বেহেলা বজাই জীৱন…
Read More
তাই সাৰি যাব নালাগে, তাইকো শাস্তি দিয়কঃ কেতন হত্যাকাণ্ড গোচৰৰ অভিযুক্ত ছিয়াৰ পিতৃৰ দাবী

তাই সাৰি যাব নালাগে, তাইকো শাস্তি দিয়কঃ কেতন হত্যাকাণ্ড গোচৰৰ অভিযুক্ত ছিয়াৰ পিতৃৰ দাবী

যদি মোৰ কন্যা কেতন আগৰৱালাৰ হত্যাকাণ্ডত দোষী প্ৰমাণিত হয়, তেন্তে তাইকো কঠোৰতম শাস্তি দিয়া উচিত। যি দ খাৱৈৰ পৰা কেতনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল, সেই একেই ঠাইৰ পৰাই তাইকো পেলাই দিয়া উচিত। - পুনেৰ চাঞ্চল্যকৰ কেতন হত্যাকাণ্ডত এইদৰেই নিজ কন্যাৰ শাস্তিৰ দাবী তুলিলে অভিযুক্ত বাগদত্তা ছিয়া গোৱেলৰ পিতৃ প্ৰবীণ গোৱেলে। বিয়ালৈ মাত্ৰ কেইমাহমান বাকী থকা অৱস্থাত বাগদত্তা কেতন আগৰৱালৰ মৃত্যুৰ ঘটনাই দুটা পৰিয়াললৈ নমাই আনিছে অন্ধকাৰ। কেতনক নিজৰ পুত্ৰৰ দৰেই মৰম কৰিছিল বুলি উল্লেখ কৰি ছিয়াৰ পিতৃয়ে কয় যে, এই ঘটনাই তেওঁলোকক গভীৰ আঘাত দিছে। নিজৰ জীয়েকৰ বিৰুদ্ধে উঠা অভিযোগৰ মাজতো কেতনৰ পৰিয়ালে ন্যায় পোৱাটো বিচাৰে বুলি তেওঁ স্পষ্ট কৰে।…
Read More
অপাৰেচন সেন্দূৰত প্ৰাণ উৎসৰ্গা কৰা ছয়গৰাকী বীৰ জোৱানৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কেন্দ্ৰৰ

অপাৰেচন সেন্দূৰত প্ৰাণ উৎসৰ্গা কৰা ছয়গৰাকী বীৰ জোৱানৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কেন্দ্ৰৰ

অপাৰেচন সেন্দুৰত পাকিস্তানৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা ছয়গৰাকী বীৰ জোৱানৰ নাম অৱশেষত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। ২০২৫ চনৰ মে’ মাহত সংঘটিত এই সামৰিক অভিযানত শ্বহীদ হোৱা জোৱানসকলৰ নাম এতিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত স্থায়ীভাৱে সংযোজন কৰা হৈছে। শ্বহীদসকল হৈছে ছুবেদাৰ মেজৰ পৱন কুমাৰ (মুখ্য কাৰ্যালয়, ১০ ইনফেণ্ট্ৰী ব্ৰিগেড), ৰাইফলমেন সুনীল কুমাৰ (৪ৰ্থ বেটেলিয়ন, জম্মু-কাশ্মীৰ লাইট ইনফেণ্ট্ৰী), লেন্স নায়ক দিনেশ কুমাৰ (৫ ফিল্ড ৰেজিমেণ্ট), অগ্নিবীৰ মুণ্ডা মুৰলী নায়ক (৮৫১ লাইট ৰেজিমেণ্ট), হাবিলদাৰ সুনীল কুমাৰ সিং (২৩৭ ফিল্ড ৱৰ্কশ্বপ) আৰু ছাৰ্জেণ্ট সুৰেন্দ্ৰ কুমাৰ (৩৯ উইং, ভাৰতীয় বায়ুসেনা)। ভাৰত চৰকাৰে জনোৱা মতে, শ্বহীদসকলৰ সন্মানত ৰাষ্ট্ৰীয় যুদ্ধ…
Read More
‘মা, মোক ক্ষমা কৰি দিবা…’! ভিডিঅ’ত ক্ষমা খুজি চৰম সিদ্ধান্ত নীট পৰীক্ষাৰ্থীৰ

‘মা, মোক ক্ষমা কৰি দিবা…’! ভিডিঅ’ত ক্ষমা খুজি চৰম সিদ্ধান্ত নীট পৰীক্ষাৰ্থীৰ

“মা, মোক ক্ষমা কৰি দিবা, পুনৰ যদি জনম লও, মই তোমাৰে গৰ্ভত জন্ম ল’ব বিচাৰিম!’’ - জীৱনৰ শেষটো ভিডিঅ’ত মাতৃৰ ওচৰত এইদৰেই ক্ষমা খুজি চিৰদিনৰ বাবে হেৰাই গ’ল এগৰাকী ১৮ বছৰীয়া ছাত্ৰই। চিকিৎসক হোৱাৰ সপোন দেখি সেই সপোন অপূৰ্ণ হোৱাৰ আশাতে চৰম হতাশাত শেষ সিদ্ধান্ত গ্ৰহণ কৰে সুশীল ধাগে নামৰ ছাত্ৰজনে। মহাৰাষ্ট্ৰৰ হিংগোলি জিলাত সংঘটিত এই ঘটনাই নীট পৰীক্ষাৰ প্ৰস্তুতিত জড়িত শিক্ষাৰ্থীৰ ওপৰত থকা মানসিক চাপৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে। পৰিয়াললৈ মোবাইলত ভিডিঅ’ প্ৰেৰণ কৰাৰ পাছতে কুঁৱাত জঁপিয়াই আত্মহনন কৰে সুশীলে। উল্লেখ্য যে, সুশীলে ২১ জুনত নীট (ইউজি) ২০২৬ৰ পুনৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ পাছত ৩ মে’ত অনুষ্ঠিত…
Read More
ডিজিটেল এৰেষ্ট কেলেংকাৰিৰ বিৰুদ্ধে দেশজুৰি চিবিআইৰ অভিযান; শিৱসাগৰ-চৰাইদেউতো তালাচী

ডিজিটেল এৰেষ্ট কেলেংকাৰিৰ বিৰুদ্ধে দেশজুৰি চিবিআইৰ অভিযান; শিৱসাগৰ-চৰাইদেউতো তালাচী

অনলাইন জালিয়াতিৰ নতুন কৌশল ‘ডিজিটেল এৰেষ্ট’ৰ জৰিয়তে দেশজুৰি প্ৰতাৰণা চলোৱা চক্ৰৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। অপাৰেচন চক্ৰ-৬ৰ অধীনত দেশৰ ১৬খন ৰাজ্যত একেলগে অভিযান চলাই ৮০ৰো অধিক স্থানত তালাচী চলায় সংস্থাটোৱে। এই অভিযানৰ অংশ হিচাপে চিবিআইয়ে ৬০টা বিশেষ দল গঠন কৰি সন্দেহযুক্ত চাইবাৰ অপৰাধী চক্ৰৰ সৈতে জড়িত বিভিন্ন স্থানত একে সময়তে অভিযান চলায়। অভিযানত বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ, ম’বাইল ফোন, ডিজিটেল সঁজুলি আৰু আৰ্থিক লেনদেনৰ সৈতে জড়িত তথ্য উদ্ধাৰ কৰা হৈছে। অসমতো এই অভিযানৰ প্ৰভাৱ পৰে। ৰাজ্যখনৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কেইবাটাও স্থানত চিবিআইৰ দল উপস্থিত হৈ চাইবাৰ জালিয়াতি চক্ৰৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত তালাচী চলায়। চিবিআইৰ…
Read More
পুনৰ অৰণ্যত মুকলি বন্যপ্ৰাণী সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ কৰা ৭টা সোণালী বান্দৰ

পুনৰ অৰণ্যত মুকলি বন্যপ্ৰাণী সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ কৰা ৭টা সোণালী বান্দৰ

বন্যপ্ৰাণী সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰৰ পাছত দীঘলীয়া চিকিৎসা, পুনৰ সংস্থাপন আৰু বৈজ্ঞানিক পৰ্যবেক্ষণৰ অন্তত নতুন জীৱন লাভ কৰিলে সাতটা বিপন্ন সোণালী বান্দৰে। ছিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছে উদ্ধাৰ হোৱা এই সোণালী বান্দৰকেইটা। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। উদ্ধাৰৰ পাছত নিৰ্দিষ্ট পদ্ধতিৰে চলোৱা পুনৰ সংস্থাপন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ অন্তত প্ৰাকৃতিক বাসস্থানলৈ ঘূৰাই পঠোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে চিৰাং জিলাত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে চলোৱা এক অভিযানত আঠটা বিপন্ন সোণালী বান্দৰ উদ্ধাৰ কৰা হৈছিল। এই অভিযানৰ জৰিয়তে এটা আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহ চক্ৰ উৎখাত কৰাৰ লগতে নজন সন্দেহযুক্ত…
Read More
পাছপ’ৰ্ট নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়ঃ বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ

পাছপ’ৰ্ট নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়ঃ বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ

নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰা নহয় পাছপ’ৰ্টক। বিদেশ মন্ত্ৰালয়ৰ শেহতীয়া মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে এই স্পষ্টীকৰণ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। এক চৰকাৰী বিবৃতিযোগে কেন্দ্ৰই সদৰী কৰে যে, পাছপ’ৰ্টক নাগৰিকত্বৰ একমাত্ৰ বা চূড়ান্ত প্ৰমাণ হিচাপে ধৰা নহয়। উল্লেখ্য যে, বুধবাৰে বিদেশ মন্ত্ৰালয়ে ভাৰতীয় পাছপ’ৰ্ট মূলতঃ ভ্ৰমণৰ নথি আৰু ইয়াক নাগৰিকত্বৰ নিৰ্ণায়ক প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি মন্তব্য কৰিছিল। এই মন্তব্যৰ পাছতেই বিৰোধী দলৰ নেতাসকলে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন উত্থাপন কৰে। বিদেশ মন্ত্ৰালয়ৰ মন্তব্যৰ পাছত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে কেন্দ্ৰই প্ৰকাশ কৰা স্পষ্টীকৰণত উল্লেখ কৰে যে, পাছপ’ৰ্টক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য নকৰাটো কোনো নতুন সিদ্ধান্ত নহয়। বিগত ১২ বছৰতো…
Read More
ইমাৰ্জেন্সি ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ এক অন্ধকাৰ অধ্যায়ঃ হিমন্ত বিশ্ব শৰ্মা

ইমাৰ্জেন্সি ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ এক অন্ধকাৰ অধ্যায়ঃ হিমন্ত বিশ্ব শৰ্মা

দেশৰ গণতান্ত্ৰিক মূল্যবোধ আৰু নাগৰিক স্বাধীনতাক দমন কৰাৰ উদ্দেশ্যেৰে ১৯৭৫ চনত আৰোপ কৰা হৈছিল ইমাৰ্জেন্সি। ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত সেই সময়ছোৱা এক অন্ধকাৰ অধ্যায় বুলি অভিহিত কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইমাৰ্জেন্সি আৰোপৰ বাৰ্ষিকী উপলক্ষে বৃহস্পতিবাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গণতন্ত্ৰ সুৰক্ষিত ৰাখিবলৈ সংগ্ৰাম কৰা লোকসকলকো এই উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁ। হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, দেশৰ গণতান্ত্ৰিক মূল্যবোধ আৰু নাগৰিক স্বাধীনতাক পদদলিত কৰাৰ প্ৰচেষ্টাৰে সেই সময়ত ইমাৰ্জেন্সি জাৰি কৰা হৈছিল। গণতন্ত্ৰ ৰক্ষাৰ বাবে যিসকল সাহসী যুঁজাৰুৱে সংগ্ৰাম কৰিছিল, তেওঁলোকৰ ত্যাগ আৰু অৱদানকো স্মৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে, গণতন্ত্ৰ সুৰক্ষাৰ বাবে…
Read More