25
Jul
বটদ্ৰৱাত ত্ৰিৰংগা বিক্রী কেন্দ্ৰ মুকলি।৭৫তম্ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে ‘ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী হাতত ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানৰ লগত সংগতি ৰাখি বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বটদ্ৰৱা উন্নয়ন খণ্ডৰ ১৫ টা পঞ্চায়তত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ দ্বাৰা পতাকা বিক্ৰী ব্যবস্থা কৰা হৈছে। তদুপলক্ষে মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনে নিৰ্মান কৰা ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ আজি বটদ্ৰৱা পুৰণি বাছ আস্থানত মুকলি কৰে বটদ্ৰৱা খণ্ড উন্নয়ন বিষয়া দিলীপ কুমাৰ চৰকাৰে। উল্লেখ্য যে শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰ যোগে সকলোকে ১৩ৰ পৰা ১৫ আগষ্টলৈকে নিজৰ ঘৰত ত্ৰিৰংগা উত্তোলন কৰি ৰাখিবলৈ আহ্বান জনায়।…
