Dipshikha

3401 Posts

ধনশিৰি জীয়াৰী ৰিয়াই আকৌ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে

ধনশিৰি মহকুমাৰ অন্যান্য প্ৰতিভাৰ লগতে ক্ৰিয়া জগতটো বিভিন্ন শিতানত খিতাপ অৰ্জন কৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ধনশিৰি মহকুমাৰ বৰপথাৰৰ বৰপাভজান গাওঁৰ ৰিয়া মণি বঢ়োৱে অসম যুৱ অলিম্পিকত ভাৰ উত্তোলনৰ ৪৫ কেজি শাখাত ব্ৰঞ্জ পদক লৈ গৌৰৱ কঢ়িয়াই আনে ৷ ৰিয়া এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ দশম শ্ৰেণীৰ ছাত্ৰী ৷ ৰিয়াৰ মাক দেউতাকে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দিয়াৰ লগতে ৰিয়াৰ ক্ৰিয়া জগততো আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে ৷ ৰিয়া ভাৰ উত্তোলনৰ উপৰিও সংগীততো ৰাপ আছে ৷ ৰিয়াই যাতে ৰাষ্ট্ৰীয় পয্যায়টো খেলি অসমৰ লগতে ধনশিৰি মহকুমালৈয়ো সুনাম কঢ়িয়াই আনিব পাৰে তাৰে কামনা কৰিছোঁ ৷
Read More

টকা নিদিলে PMAY ৰ গৃহৰ ধন নাপায় হিতাধিকাৰীয়ে

বঙাইগাঁৱৰ গোলাপাৰা বাংলাপাৰ গাওঁ পঞ্চায়তত GPC আৰু GRS ৰ লুন্ঠনৰাজ। টকা নিদিলে PMAY ৰ গৃহৰ ধন নাপায় হিতাধিকাৰীয়ে। জিলা উপায়ুক্তক ইতিমধ্যে অভিযোগ দাখিল কৰিছে ভুক্তভোগী ৰাইজে।বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত গোলাপাৰা - বাংলাপাৰ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ধন মোকলাই দিয়াৰ নামত GRS আৰু GPC য়ে লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। GRS শ্বাহিদুল ইছলাম আৰু GPC ৰুহুল আমিনে গোলাপাৰা ১ম খণ্ডৰ হিতাধিকাৰীৰ ধন মোকলাই দিয়াৰ নামত 1/2 হাজাৰ কৈ টকা উৎকোচ বিচৰা বুলি অভিযোগ উত্থাপন হৈছে। যিসকল হিতাধিকাৰীয়ে উৎকোচৰ ধন আদায় নিদিয়ে সেইসকলৰ ধন মোকলাই নিদিয়ে GPC আৰু GRS য়ে। ফলত হিতাধিকাৰী সকলে দুয়োজন পঞ্চায়ত কৰ্মচাৰীৰ বিৰুদ্ধে বঙাইগাঁও…
Read More

বাক্সাত “হৰ ঘৰ তিৰংগ” কাৰ্য্যসূচী পালন

বাক্সাত "হৰ ঘৰ তিৰংগ" কাৰ্য্যসূচী পালন। বাক্সাৰ ভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰে "আজাদীৰ অমৃত মহোৎসৱত"।বাক্সাৰ ভাৰত ভুটান সীমান্তত দিনে নিশাই পহৰা দি অহা ২৭ নং বাহিনী সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ "এ" সমবায় মইনাগুৰিৰ উদ্যোগত আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ অন্তৰ্গত অৰ্নেবিলৰ বাহাদুৰ সিং ব্ৰহ্ম এম্ ভি স্কুলত পালন কৰা হয় "হৰ ঘৰ তিৰংগ" কাৰ্য্যসূচী । সীমান্ত অঞ্চলত সাধাৰণ ৰাইজৰ লগতে প্ৰাথমিক, মাধ্যমিক বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীক এক গোট কৰি এছ এছ বিৰ জোৱান সকলে দেশভক্তি মূলক কাৰ্যক্ৰমৰ আয়োজন কৰে । উক্ত কাৰ্যক্ৰমৰ জৰিয়তে জোৱানসকলে ছাত্ৰ ছাত্ৰীৰ আৰু স্থানীয় ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ চেষ্টা কৰে। ২৭ নং…
Read More

গৌৰীপুৰত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

গৌৰীপুৰত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান । আকৌ আৰক্ষীৰ তীব্ৰ অভিযানত পাচঁজনকৈ জুৱাৰী আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।উল্লেখযোগ্য যে পুনৰ গৌৰীপুৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আটক কৰিলে পাঁচজনকৈ জুৱাৰীক।গৌৰীপুৰৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি শুক্ৰবাৰে নিশা গৌৰীপুৰ আৰক্ষীয়ে মধুশৌলমাৰী ১ম খণ্ড গাওঁত অভিযান চলাই জুৱাৰী কেইজনক আটক কৰাৰ লগতে তাশপাত, তিনিটা মোবাইল ফোন আৰু নগদ ১৮,৭৮০টকা জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইজন হৈছে মজিজুল ৰহমান, আনিছুৰ আলী, আব্দুল মান্নান, আব্দুল আজিজ আৰু ৰফিকুল আলী।জুৱাৰী কেইজনে প্ৰতি নিশা লাখ - লাখ টকাৰ জুৱাৰ আড্ডা বহুৱাই আহিছিল দীৰ্ঘ দিনৰ পৰা ৷ক্ষন্তেক পৃৰ্ৱ জুৱাৰী কেইজনক গৌৰীপুৰ আৰক্ষীয়ে ধুবুৰী…
Read More

এজন ব্যক্তিৰ চিকিৎসাৰ বাবে সহায়ৰ আহবান পৰিয়ালৰ লোকৰ

দুই সন্তানৰ পিতৃ যুৱক জনৰ চিকিৎসাৰ বাবে সহায় বিচাৰি পৰিয়ালৰ লোকৰ কাতৰ আহ্বান।কাৰ জীৱনত কেতিয়া নামি আহে অন্ধকাৰ সেয়া কোনেও কব নোৱাৰে। তেনেই এক দুখলগা ঘটনা সংঘটিত হল বাহাৰুল ইছলামৰ জীৱনত।! এবছৰ পূৰ্বে লহৰীয়া ডিপ চৰৰ বাহাৰুলইছলাম আছিল এগৰাকী সুস্থ-সৱল ডেকা।কিন্তু আজি এই বাহাৰুলৰ ইছলামৰ চাওক কি অৱস্থা ।বাহাৰুল ইছলামৰ আছে দুটা কৈ সন্তান বিগত এবছৰ ধৰি এক অচিন ৰোগত আক্ৰান্ত হৈছে বাহাৰুল । বাহাৰুলৰ চিকিৎসাৰ বাবে যত যি আছিল সকলো সম্বলেই শেষ কৰি মাটি ঘৰ বিক্ৰি কৰি বৰ্তমান থাকে আনৰ ঘৰত ।এতিয়া বাহাৰুলৰ প্ৰয়োজন এক উন্নত চিকিৎসাৰ গতিকে বাহাৰুলক যাতে সকলোৱে সহায়ৰ হাত আগবঢ়াই বাহাৰুলক সুস্থ কৰি তোলাত সহায়…
Read More

হাজোত উপস্থিত কামৰূপ জিলা অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী 

হাজোত উপস্থিত কামৰূপ জিলা অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী হাজোত উপস্থিত পৰিবহন উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।হাজো ৰাজহ চক্ৰ কাৰ্যলয়ত উপস্থিত হয় মন্ত্ৰীগৰাকী।হাজোৰ বান পৰিস্থিতি উন্নত হৈছে যদিও বহু অঞ্চলত বান বিভীষিকাৰ অন্তত সৰ্বস্বান্ত হৈ বহু লোক বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । আজি হাজোৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লবলৈ হাজোত উপস্থিত হ'য় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
Read More

লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত হ’ব একেলগে ৬০০ যোৰা দম্পত্তীৰ সামুহিক বিবাহ

লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত হ'ব একেলগে ৬০০ যোৰা দম্পত্তীৰ সামুহিক বিবাহ। আয়তীৰ উৰুলি-পুৰুহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত হব লখিমপুৰৰ আকাশ বতাহ। লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত ছশ জোৰা দম্পতীৰ সামুহিক বিবাহ উপলক্ষে অহা তিনি আগষ্টত সৃষ্টি হব এনে উখল মাখল পৰিবেশ। লখিমপুৰৰ সামুহিক বিবাহ সংষ্কাৰ অনুষ্ঠানৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দা হান্স ফাউন্ডেচনৰ সহযোগত আয়োজন কৰা হৈছে এই সামুহিক বিবাহ অনুষ্ঠান। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত বিবাহ সংষ্কাৰ সমিতিয়ে এই অনুষ্ঠানৰ উপৰি জিলাখনত অহা ১৬ আগষ্টত হব লগীয়া আন দুটা সামুহিক বিবাহ সংষ্কাৰ অনুষ্ঠানৰ বিষয়েও সদৰি কৰে। এই বিবাহ সংষ্কাৰ অনুষ্ঠানত দা হান্স ফাউন্ডেচনৰ প্ৰতিষ্ঠাপকৰ লগতে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰে…
Read More

পখিলা খেলা সময়ত এগৰাকী কণমানি দেৱ শিশু কৰ্কট ৰোগত আক্ৰান্ত।

পখিলা খেলা সময়ত এগৰাকী কণমানি দেৱ শিশু কৰ্কট ৰোগত আক্ৰান্ত।যোৱা এবছৰ ধৰি দিন হাজিৰা কৰা পিতৃ মাতৃয়ে চিকিৎসা কৰি ভাগৰি পৰিছে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ দিন হাজিৰা কৰা পিতৃ মাতৃ উন্নত চিকিৎসা বাবে।উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মটক চাহ বাগিচাৰ খেলমাটি লাইনৰ অজিত তাতী আৰু সুমিত্ৰা মিৰ্ধা তাতীৰ একমাত্ৰ কন্যা সন্তান ৩ বছৰীয়া সন্তান যোহী তাতী বিগত এটা বছৰৰ পৰা আক্ৰান্ত হৈছে গুৰুতৰ কৰ্কট ৰোগত। কণমানি জনীৰ দৰিদ্ৰ পিতৃ মাতৃয়ে প্ৰায় এটা বছৰ ধৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত তাইৰ চিকিৎসা কৰি আছে যদিও তাইৰ অৱস্থা বৰ্তমান অধিক গুৰুতৰ হৈ পৰাত চিকিৎসকে পৰিয়ালটোক পৰামৰ্শ দিছে শীঘ্ৰেই তাইক অসমৰ বাহিৰৰ…
Read More

ধিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান

ধিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযানফ ।আটক কৰিলে একে দিনাই দুটাকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ।আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে লালিপথাৰৰ মিৰাজ আলি আৰু টুকটুকিৰ ৰফিকুল ইছলাম (নাপিট) ।আটকাধীন ৰফিকুল ইছলামে নাপিটৰ কাম কৰি সংগুপনে ড্ৰাগছৰ বেহা চলাই আহিছিল দীৰ্ঘদিন ধৰি ।স্থানীয় ৰাইজৰ মূৰৰ কামোৰণি হৈ পৰা ৰফিকুলৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ আছিল বহু অভিযোগ ।অভিযোগৰ ভিত্তিত তিনিবাৰ অভিযানৰ পিছত ধিং আৰক্ষী আৰু আহোম গাওঁ আৰক্ষী পহৰা চকীৰ যুতীয়া অভিযানত আটক কৰিবলৈ সক্ষম হয় নাপিট ৰূপী কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰফিকুল ইছলামক ।আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা এটা চাবোনৰ বাকচৰ পৰা ৪০.৭৭ গ্ৰাম হিৰ'ইন আৰু ৬টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়…
Read More

অসম যুৱ অলিম্পিক ২০২২চনত মৰিগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰাৰ্থ প্ৰতিম ৰায়

অসম যুৱ অলিম্পিক ২০২২চনত মৰিগাঁও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰাৰ্থ প্ৰতিম ৰায়অসম যুৱ অলিম্পিক(২০২২) কাৰাটেৰ -৬১ কে.জি শাখাত মৰিগাঁও জিলা পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ অন্তৰ্গত ৰজাগাও নিবাসী শ্ৰী সুনিল ৰায় আৰু শ্ৰীমতী লোনা দেৱীৰ সুযোগ্য সন্তান শ্ৰী পাৰ্থ প্ৰতিম ৰায়ে সোণৰ পদক অৰ্জন কৰি অঞ্চলবাসীৰ লগতে সমগ্ৰ মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে । পাৰ্থ প্ৰতিম ৰায় ক্ৰীড়া ক্ষেত্ৰত আগুৱাই যাবলৈ আৰু সহায় কৰিৱ‌ লাগে বুলি চৰকাৰলৈ অনুৰোধ জনায়। উক্ত প্ৰতিভাৱান খেলুৱৈ গৰাকীয়ে মৰিগাঁও জিলাৰখনলৈ সোণৰ পদকেৰে গৌৰৱ কঢ়িয়াই অনা বাবে মৰিগাঁও জিলাৰ ক্ৰীড়া সন্থাৰ লগতে মৰিগাঁও সকলো দল সংগঠন লগতে মৰিগাঁও জিলাৰ পৌৰসভাৰ উপপৌৰপতি পিংকু দাসে খেলুৱৈ গৰাকী উস্ম আদৰণি…
Read More