22
Jul
চিৰাঙৰ পাণবাৰীত মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত প্ৰৱেশ মাচুল বৃদ্ধিৰ প্ৰতিবাদত গ্ৰেটাৰ মানাস কনজাৰভেছন এণ্ড টুৰি'জম্ ডেভল'পমেণ্ট ছছাইটিৰ প্ৰতিবাদ। উল্লেখযোগ্য যে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু পৰ্যটনৰ উন্নয়নৰ বাবে চৈধ্যটা সংগঠনৰ উমৈহতীয়া মঞ্চ গ্ৰেটাৰ মানাস কনজাৰভেছন এণ্ড টুৰি'জম ডেভলপ'মেণ্ট ছছাইটিৰ উদ্যোগত বিজনীৰ পাণবাৰীস্থিত বন বিভাগৰ পাণবাৰী ৰেঞ্জ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। বিটিচি প্ৰশাসনে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত অত্যধিক হাৰত প্ৰৱেশ মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদত তিনি ঘণ্টীয়া গণ প্ৰতিবাদ সাব্যস্ত কৰে। বিটিচি প্ৰশাসনে পৰ্যটকৰ বাবে জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে।বিটিচি প্ৰশাসনৰ এই বৰ্ধিত মাচুলৰ বাবে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত পৰ্যটকৰ…
